ভাতুৰা ( bhatoora, batoora, batura, বা pathora ) ভাৰতীয় উপমহাদেশৰ খাদ্যাভ্যাসৰ পৰা উৎপত্তি হোৱা এবিধ ফুলি উঠা বেকিং মিশ্ৰিত টেঙা আটা বা ময়দাৰে কৰা ৰুটি।১ উত্তৰ আৰু পূব ভাৰতত ইয়াক সাধাৰণতে দুপৰীয়াৰ আহাৰ বা ব্ৰেকফাষ্টৰ খাদ্য হিচাপে পৰিৱেশন কৰা হয়।১ ডাঙৰ বুটৰ তৰকাৰী (চোলে বা চানে বুলি কোৱা হয়)ৰ সৈতে লগ কৰিলে ই চোলে ভাতুৰে নামৰ পৰম্পৰাগত খাদ্য গঠন কৰে।
ভতুৰা পুৰিৰ সৈতে মিল আছে যদিও দৈ যুক্ত ময়দা বা আটাৰ গুড়িৰে তৈয়াৰ কৰা হয়।২
প্ৰস্তুতি
এটা সাধাৰণ ৰেচিপিত সৰ্বকাৰ্যকৰী আটা ( বা ময়দা), দৈ, ঘিউ বা তেল আৰু চেনি আৰু বেকিং পাউদাৰ আদি মিহলি কৰা হয়। এবাৰ ভালদৰে মিহলি কৰি লডা কৰি লডাটো ভালদৰে কোমল হ’বলৈ দিয়া হয়, আৰু তাৰ পিছত এই লডাটোৰ পৰা সৰু সৰু বলবোৰ হয় হাতেৰে গোল কৰি লোৱা হয় আৰু বেলনা মাৰি ব্যৱহাৰ কৰি সমান কৰা হয়। তাৰ পিছত ৰুটিৰ টুকুৰাবোৰ ডিপ ফ্ৰাই কৰা হয়, যেতিয়ালৈকে সেইবোৰ ফুলি উঠি লাহে লাহে ব্ৰাউন হোৱালৈ ভাজিব লাগে। কোমল আৰু ফুলি উঠা ৰুটি ৰবৰৰ দৰে হয় আৰু চোবাই খোৱা হয়।৩
ভাতুৰা প্ৰায়ে দৈ, আচাৰ, বা শাক-পাচলিৰ লগত খোৱা হয়। চোলেৰ সৈতে খালে ই চোলে ভাতুৰে নামেৰে জনাজাত জনপ্ৰিয় পৰম্পৰাগত খাদ্যৰ সৃষ্টি কৰে।১৪
ভিন্নতা
এই খাদ্যৰ এটা ভিন্নতাত সৰ্বকাৰ্যকৰী আটাৰ পৰিৱৰ্তে চেমোলিনাৰ আটা ব্যৱহাৰ কৰা হয়।৫ আন আন ভিন্নতাসমূহ হ'ল আলু ভাতুৰা (আলুৰে ভৰোৱা ভাতুৰা) আৰু পনীৰ ভতুৰা (পনীৰেৰে ভৰোৱা ভতুৰা)।
এটা ননফ্ৰাইড ভেৰিয়েন্ট হ’ল কুলচা, যিটো চেপেটা কেৰাহীত বেক বা ৰান্ধিব পাৰি আৰু ধনীয়াৰ পাতেৰে সজাই লোৱা হয়।
তথ্যসূত্ৰ
- ↑ Bhanwar, Seema; Bamnia, Meenakshi; Ghosh, Moushumi. (2012). Use of Lactococcus lactis to enrich sourdough bread with g-aminobutyric acid. International Journal of Food Sciences and Nutrition. পৃ. 1–5
- ↑ Ramineni, Shubhra. (28 February 2012). Entice With Spice: Easy Indian Recipes for Busy People. Tuttle. ISBN 9781462905270
- ↑ Gadia, Madhu. (2009). The Indian Vegan Kitchen. Penguin Publishing Group. পৃ. 300
- ↑ Patel, Varsha. (2013). Recipes from My Home Kitchen. Xlibris Corporation. পৃ. 28
- ↑ Godbole, Nandita. (2014). A Dozen Ways to Celebrate: Twelve Decadent Feasts for the Culinary Indulgent. Curry Cravings
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাতুৰা” প্ৰবন্ধৰ সংশোধন ৬৩২০৪২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।