কেৰালা
৭৮ প্ৰবন্ধ
-
ওট্টান থুল্লাল
ওট্টান থুলাল বা অট্টামথুল্লাল ( Ottan Thullal) ভাৰতৰ কেৰালাৰ এটা আবৃত্তি-নৃত্য(নৃত্য-নাটিকা)ৰ এক কলা-ৰূপ। অষ্টাদশ শতিকাৰ প্ৰাচীন কবিত্ৰয়ম(তিনিজন বিখ্যাত মালয়ালম ভাষাৰ কবি)ৰ মাজৰ এজন, কুঞ্চন নাম্বিয়াৰে এই কলাৰ প্ৰৱৰ্তন কৰিছিল।
-
কাদালুণ্ডি পক্ষী অভয়াৰণ্য
কাদালুণ্ডি পক্ষী অভয়াৰণ্য ( Kadalundi Bird Sanctuary} ভাৰতৰ কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ কাদালুণ্ডি গ্ৰাম পঞ্চায়ত আৰু মালাপ্পুৰম জিলাৰ ভাল্লিক্কুন্নু গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত। এই ঠাই কাদালুণ্ডি নদী আৰব সাগৰত মিলিত হোৱা ঠাইত অৱস্থিত আৰু কেইবাটাও দ্বীপপুঞ্জৰ সমষ্টি লগ হৈ বহুদূৰলৈকে বিস্তৃত।
-
কোচিন বন্দৰ
কোচিন বন্দৰ বা কোচি বন্দৰ হ'ল আৰৱ সাগৰ – লাক্ষাদ্বীপ সাগৰ – ভাৰত মহাসাগৰ সামুদ্ৰিক পথত অৱস্থিত এক গুৰুত্বপূৰ্ণ প্ৰধান বন্দৰ। এই বন্দৰটো কেৰালা ৰাজ্যৰ এৰ্নাকুলম জিলাৰ কোচি চহৰত অৱস্থিত আৰু ই ভাৰতৰ অন্যতম বৃহত্তম বন্দৰ।
-
কোলাট্টম
কোলাট্টম ( Kolattam) হৈছে প্ৰধানকৈ তামিলনাডু আৰু কেৰালাত প্ৰচলিত এক প্ৰাচীন লোকনৃত্য। সাধাৰণতে মহিলাসকলে প্ৰতিখন হাতত এটাকৈ দুটা সৰু কাঠৰ লাঠি ব্যৱহাৰ কৰি সম্পন্ন কৰে। সাধাৰণতে নৃত্যশিল্পীসকলে বৃত্তৰ দৰে থিয় হৈ লোকগীত গোৱাৰ সময়ত লাঠিবোৰ ইটোৱে সিটোৰ ওপৰত ক্ৰিছক্ৰছ কৰি এটা নিৰ্দিষ্ট ছন্দ সৃষ্টি কৰে।
-
চলিয়াৰ নদী
চলিয়াৰ নদী (Chaliyar River) হৈছে কেৰালা, ভাৰতৰ চতুৰ্থ দীঘলীয়া নদী। ইয়াৰ দৈৰ্ঘ্য ১৬৯ কিলোমিটাৰ। চলিয়াৰ নদীখনক চুলিকা নদী, নীলাম্বুৰ নদী বা সাগৰৰ ওচৰত অৱস্থিত হোৱাৰ বাবে বেইপোৰ নদী বুলিও কোৱা হয়। ইয়াৰ উপনৈসমূহ মালাপ্পুৰম আৰু কোজিকোড় দুয়োখন জিলাৰ মাজেৰে বৈ গৈছে।
-
চালাকুডী নদী
চালাকুডী নদী বা চালাকুডী পুঝা (Chalakudy River or Chalakudy Puzha) কেৰালা, ভাৰতৰ পঞ্চম দীঘল নদী। এই নদীখন কেৰালাৰ থ্ৰিছুৰ, পালাক্কাড আৰু এৰ্ণাকুলাম জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ মুঠ জলনিৰ্গমন (drainage) অঞ্চল ১,৭০৪ বৰ্গ কিলোমিটাৰ। ইয়াৰে ১,৪০৪ বৰ্গ কিলোমিটাৰ কেৰালাত আৰু বাকী অংশ তামিলনাডুত অৱস্থিত।
-
চেৰামন জুমা মছজিদ
চেৰামন জুমা মছজিদ (ചേരമാൻ ജുമാ മസ്ജിദ്, Cheraman Juma Mosque) ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিচুৰৰ মেথালা, কোডুংগাল্লুৰত অৱস্থিত এটা মছজিদ। কিংবদন্তী অনুসৰি এই মছজিদক প্ৰথমবাৰৰ বাবে ৬২৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ই ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি মছজিদ।
-
দক্ষিণ এছিয়ান আচাৰ
দক্ষিণ এছিয়ান আচাৰ (অন্যান্য নামৰ ভিতৰত আচাৰ বুলিও জনাজাত) হৈছে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল নিমখ-পানী, ভিনেগাৰ, ভোজ্য তেল আৰু দক্ষিণ এছিয়ান মচলা ব্যৱহাৰ কৰি সংৰক্ষণ কৰা একপ্ৰকাৰৰ আচাৰ কৰা আৰু প্ৰায়ে অতি জ্বলা-মচলাযুক্ত অনুষংগিক খাদ্য।
-
দক্ষিণ নৌসেনাৰ কমাণ্ড
ভাৰতীয় নৌসেনাৰ তিনিটা, কমাণ্ড পৰ্যায়ৰ গঠনৰ ভিতৰত দক্ষিণ নৌসেনাৰ আদেশ অন্যতম। দক্ষিণ নৌসেনাৰ কমাণ্ড ভাৰতৰ সৰ্ববৃহৎ নৌসেনাৰ কমাণ্ড আৰু ইয়াৰ মুখ্য কাৰ্যালয় কেৰেলাৰ কোচিত আই এন এছ ভেণ্ডুৰুথিত আছে। ই ভাৰতীয় নৌসেনাৰ ট্ৰেইনিং কমাণ্ড।
-
নীলাভিলাক্কু
নীলাভিলাক্কু বা কুথুভিলাক্কু (Nilavilakku) দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুত প্ৰচলিত পাৰম্পৰিক ঐতিহ্যবাহী চাকি বা প্ৰদীপ। ইয়াক কেৰালাত নীলাভিলাক্কু আৰু তামিলনাডুত কুথুভিলাক্কু বুলি কোৱা হয়। পৰম্পৰাগত চাকিবিধ প্ৰতিটো শুভ অনুষ্ঠানৰ আৰম্ভণিত জ্বলোৱা হয়।
-
নেয়াৰ নদী
নেয়াৰ নদী (Neyyar River) কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ মাজেৰে বৈ যোৱা প্ৰায় ৫৬ কিলোমিটাৰ দীঘল এখন নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাটৰ অগস্ত্য মালা (অগস্ত্যাৰকূডম) অঞ্চলত। তিৰুৱনন্তপুৰম জিলাৰ নেয়্যাট্টিনকাৰা চহৰখন এই নদীৰ পাৰত অৱস্থিত আৰু নদীখনৰ নাম অনুসৰিয়েই চহৰখনৰ নামকৰণ কৰা হৈছে।
-
পম্বা নদী
পম্বা নদী (ইয়াকে পম্পা নদী বুলিও কোৱা হয়) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ পেৰিয়াৰ আৰু ভাৰতপুঝা নদীৰ পিছতে তৃতীয় দীৰ্ঘতম নদী, আৰু পূৰ্বৰ পুৰণি ৰাজকীয় ৰাজ্য ট্ৰাভাংকুৰৰ আটাইতকৈ দীঘল নদী। ভগৱান আয়্যাপ্পাৰ নামত উৎসৰ্গিত প্ৰখ্যাত শবৰীমালা মন্দিৰ এই পম্বা নদীৰ পাৰতে অৱস্থিত।
-
পুলিচেৰী
পুলিচেৰী (ইংৰাজী: Pulissery) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ দৈ বা মাখন তোলা গাখীৰ ভিত্তিক তৰকাৰী। টেঙা দৈ বা বুটাৰমিল্কৰ সৈতে বটা নৰিকল, জিৰা, হালধি আৰু কেঁচা জলকীয়াৰ মিশ্ৰণ ৰান্ধি এই ব্যঞ্জন তৈয়াৰ কৰা হয়।
-
মাৰ্গামকালি নৃত্য
মাৰ্গামকালি (মালয়ালম:മാർഗ്ഗംകളി ) হৈছে কেৰালা ৰাজ্যকে ধৰি চেণ্ট থমাছ খ্ৰীষ্টান সম্প্ৰদায়ৰ এটা প্ৰাচীন ভাৰতীয় ঘূৰণীয়া নৃত্য, মূলতঃ ক্নানায়া বা দক্ষিণবাদী খ্ৰীষ্টান নামেৰে জনাজাত এণ্ডোগেমছ উপ-পন্থাই অনুশীলন কৰে।
-
ৱায়নাড় জিলা
ৱায়নাড় জিলা হ’ল ভাৰতৰ কেৰালা ৰাজ্যৰ উত্তৰ-পূব দিশত অৱস্থিত এখন জিলা। ইয়াৰ প্ৰশাসনিক সদৰ দপ্তৰ কেলপেট্টা পৌৰসভাত অৱস্থিত। এইখন কেৰালাৰ একমাত্ৰ মালভূমি।
-
অঞ্জৰাকণ্ডী
অঞ্জৰাকণ্ডী (ইংৰাজী: Anjarakandy) ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাত অৱস্থিত এখন পিয়ল চহৰ আৰু গ্ৰাম পঞ্চায়ত। অঞ্জৰাকণ্ডী চহৰৰ মাজেৰে অঞ্জৰাকণ্ডী নদী বৈ গৈছে।
-
আডা প্ৰধমন
আডা প্ৰধমন (ইংৰাজী: Ada pradhaman) হৈছে এক পৰম্পৰাগত কেৰালেট মিঠাই, যি চাউলৰ আডা (চাউলৰ পাষ্টা বা ফ্লেকছ) আৰু সিজাই লোৱা নাৰিকলৰ গাখীৰ তথা গুড়ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ভাৰতৰ কেৰালা ৰাজ্যৰ ঘৰবোৰত বিশেষকৈ ওনাম উৎসৱৰদিনা আডা প্ৰধমন প্ৰস্তুত কৰা হয়।
-
আদিমালী
আদিমালী ভাৰতৰ দক্ষিণ-পশ্চিম কেৰালাৰ ইডুক্কি জিলাৰ এখন চহৰ। আদিমালী ৮৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত, যাক কোচি-থোণ্ডি ৰাষ্ট্ৰীয় ঘাইপথ বুলি জনা গৈছিল, পূৰ্বতে কোচি মাধুৰা ঘাইপথ (বা পুৰণি অলৱেই মুন্নাৰ পথ) নামেৰে জনাজাত, যিয়ে কোচি আৰু মাদুৰাই সংযোগ কৰে।
-
আদূৰ
আদূৰ ভাৰতৰ কেৰালা ৰাজ্যৰ পত্তনমথিট্টা জিলাৰ এখন পৌৰসভা। ই আদূৰ তালুক আৰু আদূৰ ৰাজহ সংমণ্ডলৰ সদৰ ঠাই। আদূৰ জিলা সদৰ পত্তনমথিট্টাৰপৰা ১৮ কিমি (১১.২ মাইল) দক্ষিণ-পশ্চিমত আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা ৯০ কিমি (৫৫.৯ মাইল) উত্তৰত অৱস্থিত।
-
আলাকোডে
আলকোডে (Alakode) ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ এখন বিকাশশীল চহৰ আৰু গাঁও পঞ্চায়ত। এই চহৰ তালিপৰাম্বা-মানাকাডাভু–কুৰ্গ পথত অৱস্থিত আৰু জিলা সদৰ কান্নুৰৰপৰা প্ৰায় ৪৬ কিলোমিটাৰ (২৯ মাইল) উত্তৰত অৱস্থিত। আলকোডে মালাবাৰ প্ৰব্ৰজনৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল।
-
উপ্পালা নদী
উপ্পালা নদী (Uppala River) কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ মাজেৰে বৈ গৈছে।উপ্পালা নদীখনৰ দৈৰ্ঘ্য ৫০ কিলোমিটাৰ আৰু ই কেৰালাৰ ২৬সংখ্যক দীৰ্ঘতম নদী। নদীখন কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ বীৰাকাম্বা পাহাৰৰ পৰা সাগৰপৃষ্ঠৰ পৰা ১৫০ মিটাৰ উচ্চতাত উৎপত্তি হৈছে।
-
এডাপল্লী
এডাপল্লী (ইংৰাজী: Edappally) হৈছে ভাৰতৰ কোচি চহৰৰ এটা নগৰীয়া অঞ্চল। কেৰালাৰ এক অন্যতম প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত এই অঞ্চলটো কেৰালাৰ আটাইতকৈ ব্যস্ত সংযোগস্থলসমূহৰ ভিতৰত অন্যতম।
-
এৰুথুকালি
এৰুথুকালি (ইংৰাজী: Erutukali, কেতিয়াবা এৰুথু কালি বুলিও লিখা হয়) হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত প্ৰচলিত এটা লোকশিল্প। এই লোকনৃত্য আৰু লোকানুষ্ঠানটো মূলতঃ মাভিলাৰ জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়।
-
কদালুণ্ডী নদী
কদালুণ্ডী নদী (কদলুণ্ডীপুঝা) (Kadalundi River(Kadalundipuzha) ) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ মাজেৰে বৈ যোৱা চাৰিখন প্ৰধান নদীৰ ভিতৰত অন্যতম। আন তিনিখন নদী হৈছে চালিয়াৰ, ভাৰতপুঝা আৰু তিৰুৰ নদী। এই বৰষুণনিৰ্ভৰ নদীখনৰ দৈৰ্ঘ্য ১৩০ কিলোমিটাৰ (৮১ মাইল) আৰু ই জিলাখনৰ অন্যতম গুৰুত্বপূৰ্ণ নদী।
-
কাংগিলু
কাংগিলু বা কাংগীলু ( Kangilu) দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উড়ুপি আৰু দক্ষিণ কানাড়া অঞ্চলৰ এক পৰম্পৰাগত লোকনৃত্য। তুলু পঞ্জিকাৰ মে’ মাহৰ পূৰ্ণিমাৰ দিনা পৰিৱেশন কৰা ই এক আধ্যাত্মিক নৃত্য।
-
কাঞ্জিৰাপল্লী
কাঞ্জিৰাপল্লী (Kanjirappally) ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টাইম জিলাৰ এখন তালুক আৰু এখন প্ৰধান চহৰ। ই জিলা সদৰ কোট্টায়মৰপৰা প্ৰায় ৩৮ কি.মি.(২৪ মাইল) পূব দিশত অৱস্থিত।
-
কুটিয়াদি
কুটিয়াডি (Kuttiady) কেৰালা ৰাজ্যৰ কোঝিকোড জিলাৰ অন্যতম বৃহৎ চহৰ। কুটিয়াদি কেৰালাৰ কুটিয়াডি নদীৰ পাৰত অৱস্থিত। চহৰখন পশ্চিমঘাট পৰ্বতমালাৰ ঢালত অৱস্থিত। কুটিয়াডি কেৰালাৰ ১৪০টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম।
-
কুমাৰাকম পক্ষী অভয়াৰণ্য
কুমাৰাকম পক্ষী অভয়াৰণ্য,:Kumarakom Bird Sanctuary ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টায়ম জিলাৰ কোট্টায়ম তালুকৰ কুমাৰাকমত অৱস্থিত। ইয়াক ভেম্বানাদ পক্ষী অভয়াৰণ্য বুলিও কোৱা হয়। এই অভয়াৰণ্যটো ভেম্বানাদ হ্ৰদৰ পাৰত অৱস্থিত আৰু কেৰালাৰ বিখ্যাত ব্যাকৱাটাৰ অঞ্চলৰ এক অংশ।
-
কেৰালা ফোকলোৰ একাডেমী
কেৰালা ফোকলোৰ একাডেমী (Kerala Folklore Academy) হৈছে কেৰালা চৰকাৰৰ দ্বাৰা গঠিত সাংস্কৃতিক পৰিক্ৰমাৰ এক স্বায়ত্বশাসিত কেন্দ্ৰ আৰু ই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত কাম কৰে। কেৰালাৰ পৰম্পৰাগত কলাসমূহৰ প্ৰসাৰ আৰু প্ৰদৰ্শনৰ বাবে ১৯৯৫ চনৰ ২৮ জুনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ই কান্নুৰৰ চিৰাক্কলত অৱস্থিত।
-
কেৰালা ললিতকলা একাডেমী
কেৰালা ললিতকলা একাডেমী (Kerala Lalithakala Akademi) হৈছে ১৯৬২ চনত ভাৰতৰ কেৰালাত প্ৰতিষ্ঠা কৰা এক স্বায়ত্বশাসিত সাংস্কৃতিক সংগঠন। ইয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে ৰাজ্যখনত চিত্ৰকলা, ভাস্কৰ্য আৰু দৃশ্যকলাৰ দৰে চাৰু কলাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা।