এডাপল্লী (ইংৰাজী ভাষা: Edappally) হৈছে ভাৰতৰ কোচি চহৰৰ এটা নগৰীয়া অঞ্চল। কেৰালাৰ এক অন্যতম প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত এই অঞ্চলটো কেৰালাৰ আটাইতকৈ ব্যস্ত সংযোগস্থলসমূহৰ ভিতৰত অন্যতম। ইয়াৰ দ্ৰুত নগৰীকৰণ, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা কেন্দ্ৰ, ধৰ্মীয় স্থান আৰু বৃহৎ পৰিসৰৰ খুচুৰা ব্যাৱসায়িক কেন্ৰসমূহৰ বাবে এই অঞ্চলটো জনাজাত। ভাৰতৰ অন্যতম বৃহত্তম শ্বপিং মল লুলু মল কোচি ইয়াতেই অৱস্থিত।
ইতিহাস
“এডাপল্লী” নামটো চেইণ্ট জৰ্জৰ বিখ্যাত তীৰ্থস্থানৰপৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়, যিখন উদয়মপেৰুৰ আৰু অংগামালীৰ প্ৰাচীন গীৰ্জাসমূহৰ মাজত প্ৰতিষ্ঠা কৰা হৈছিল। শ্বহীদ চেইণ্ট জৰ্জৰ নামত উছৰ্গিত বিখ্যাত চেইণ্ট জৰ্জ ফৰেন চাৰ্চ, এডাপল্লী ঐতিহাসিক উদয়মপেৰুৰ গীৰ্জা আৰু অংগামালী গীৰ্জাৰ ঠিক সোঁমাজত স্থাপন কৰা হৈছিল। যিহেতু এই গীৰ্জাখন “মাজত” (মালয়ালম ভাষাত 'idappil') প্ৰতিষ্ঠা কৰা হৈছিল, সেয়েহে এই ঠাইখন পিছলৈ এডাপল্লী নামেৰে জনাজাত হয়।
অৰ্থনীতি
এডাপল্লীক কোচি চহৰৰ আটাইতকৈ দ্ৰুতগতিত বিকাশশীল অঞ্চলসমূহৰ ভিতৰত অন্যতম বুলি কোৱা হয়। এডাপল্লী এই অঞ্চলৰ শাসক এডাপল্লী ৰজাসকলৰ আসন আছিল। কোচি পৌৰ নিগমত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে এডাপল্লী এখন পঞ্চায়ত আছিল। কোচি পৌৰ নিগমৰ সীমা ইয়াৰ ট্ৰাফিক চিগনেল (লুলু মল চিগনেল)ৰপৰা এৰ্নাকুলাম আৰু পালাৰিভাট্টোমৰ দিশলৈ আৰম্ভ হয়। এডাপল্লী টোল আৰু লুলু মল সামৰি লোৱা অঞ্চলটো কালামাছেৰী পৌৰসভাৰ সীমাৰ ভিতৰত পৰে। এই ঠাইখন আংশিকভাৱে থ্ৰীকাৰা বিধানসভা সমষ্টি আৰু আংশিকভাৱে এৰ্নাকুলাম সমষ্টিৰ অধীনত পৰে।
শিক্ষানুষ্ঠানসমূহ
এডাপল্লীত প্ৰখ্যাত অমৃতা বিশ্ব বিদ্যাপীঠম বিশ্ববিদ্যালয়ৰ চৌহদ অৱস্থিত, য’ত ইয়াৰ অমৃতা স্কুল অৱ মেডিচিনৰ লগতে অমৃতা হাস্পতাল, কোচিও আছে।১
এডাপল্লীৰ প্ৰধান শিক্ষানুষ্ঠানসমূহ হ’ল:
- অমৃতা বিশ্ব বিদ্যাপীঠম
- চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এডাপল্লী
- চৰকাৰী বৃত্তিমূলক আৰু উচ্চ মাধ্যমিক বিদ্যালয় – উত্তৰ এডাপল্লী
- আল আমীন পাব্লিক স্কুল২
- ভাৰতীয় বিদ্যা ভৱন, ইলামাক্কৰা
- কেম্পিয়ন স্কুল
- চেইণ্ট জৰ্জ ল’ৰাৰ উচ্চ বিদ্যালয়
- চেইণ্ট পায়াছ ছোৱালীৰ উচ্চ বিদ্যালয়
- চৰকাৰী শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান (TTC), দেৱনকুলাংগাৰা
- জয় ভাৰত বি.এড ট্ৰেনিং কলেজ, থ্ৰীকাৰা
- আই.চি.এছ ইণ্ডিয়া গ্ৰুপ অৱ ইনষ্টিটিউশ্যন, এডাপল্লী টোল
- ট্ৰম একাডেমী ফৰ জাৰ্মান এণ্ড ফ্ৰেন্স লেংগুৱেজেছ
- কম্পিউটাৰ বিজ্ঞান আৰু এপ্লিকেচনৰ বাবে মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ আঞ্চলিক কেন্দ্ৰ।
মনোৰঞ্জন
- ওবেৰন মল – ওবেৰন মল হৈছে কেৰালাৰ প্ৰথমটো সম্পূৰ্ণ আৰ্হিৰ মল, যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ ৰোডত এডাপল্লী জংচনৰপৰা মাত্ৰ এক কিলোমিটাৰ দূৰত অৱস্থিত। ওবেৰন মল ৩,৫০,০০০ বৰ্গফুটতকৈ অধিক এলেকাত নিৰ্মাণ কৰা হৈছে আৰু অট্টালিকাটো প্ৰায় ২ একৰ মাটিত থিয় হৈ আছে। ওবেৰন মলত কেৰালাৰ প্ৰথমটো মাল্টিপ্লেক্স ছবিগৃহৰ সুবিধাও আছে।
- লুলু ইণ্টাৰনেশ্যনেল শ্বপিং মল – লুলু মল ভাৰতৰ বৃহত্তম শ্বপিং মলসমূহৰ ভিতৰত অন্যতম, যিটো কোচিৰ এডাপল্লী চুবুৰীয়া অঞ্চলত অৱস্থিত। ই ১৭ একৰ এলেকাত নিৰ্মিত, য’ত কেৱল মলটোৱে আগুৰি থকা মুঠ মাটি-কালি ১,৮৫০,০০০ বৰ্গফুট। মলটোৰ ওচৰতে জে.ডব্লিউ মেৰিয়ট হোটেলছৰদ্বাৰা পৰিচালিত এখন বিলাসী তাৰকাযুক্ত ৩০০টা কোঠাৰ হোটেল আছে।
- চাংগম্পুঝা সাংস্কৃতিক কেন্দ্ৰ – ইয়াত এখন সৰু শিশু উদ্যন আৰু দুটা মুকলি প্ৰেক্ষাগৃহ আছে, য’ত প্ৰতিদিনে প্ৰায় কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীসমূহত বিভিন্ন কলা, সাহিত্যিক ক্ৰিয়াকলাপ আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান অন্তৰ্ভুক্ত থাকে।
- ৰাঘৱন পিল্লাই পাৰ্ক – পোনেক্কাৰাৰ ওচৰত অৱস্থিত শিশুৰ খেলা-ধূলাৰ ব্যৱস্থা থকা এটা সৰু পাৰ্ক।
- ২০১২ চনৰ ৪ ফেব্ৰুৱাৰীত এডাপল্লী ৰে’লৱে অভাৰব্ৰীজ মুকলি কৰা হয়। এৰ্নাকুলামৰপৰা গুৰুভায়ুৰলৈ যোৱাৰ পথত এডাপল্লী জংচনৰ পিছৰ প্ৰধান জংচনটো হ’ল উত্তৰ এডাপল্লী (কুন্নুমপুৰম জংচন)। এডাপল্লী কুন্নুমপুৰম জংচন হৈছে অমৃতা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ ( বাঁওফালে), অমৃতা স্কুল অৱ আৰ্টছ এণ্ড ছায়েন্স (সোঁফালে), মাঞ্জুম্মেল (পূবফালে) আৰু পাৰুৰ (পোনকৈ) যোৱাৰ প্ৰধান সংযোগস্থল। পোয়ছা ৰেচিডেণ্টছ এছ’চিয়েচন (PRA), কুন্নুমপুৰম চেণ্ট্ৰেল ৰেচিডেণ্টছ এছ’চিয়েচন (KCRA), আম্বেদকাৰ ৰোড ৰেচিডেণ্টছ এছ’চিয়েচন (ARRA), মান্নাম ৰোড ৰেচিডেণ্টছ এছ’চিয়েচন (MRRA) আৰু বিবেকানন্দ ৰোড ৰেচিডেণ্টছ এছ’চিয়েচন (VRRA) আদি ইয়াৰ প্ৰধান আৱাসিক সংস্থাসমূহ।
- গ্ৰেণ্ড মল – গ্ৰেণ্ড মলৰ মালিকীস্বত্ব লেণ্ডমাৰ্ক গ্ৰুপৰ হাতত আছে, যিসকল স্প্লেছ, হোমচেণ্টাৰ, লাইফষ্টাইল আদিৰ দৰে জনপ্ৰিয় বিপণীৰো গৰাকী। ই ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ ৰোডত, ভিটিলাৰ দিশে লুলু মলৰ ঠিক বিপৰীতে অৱস্থিত।
উপাসনা স্থলসমূহ
- এডাপল্লী গণপতি মন্দিৰ হৈছে ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ গণপতি মন্দিৰ, য’ত সমগ্ৰ ৰাজ্যৰ ভক্তসকলে ভিৰ কৰে। এই মন্দিৰটোৰ উল্লেখ কোট্টাৰাথিল শংকুন্নীৰ ঐতিহ্য মালাত পোৱা যায়। ৰাতিপুৱা দৰ্শনৰ সময় ৫.০০ বজাৰপৰা ৭.৩০ বজাৰ ভিতৰত। এডাপল্লী ৰাজপৰিয়ালৰ সদস্যসকলে এই সময়ৰ পাছত উপাসনা কৰে, কিয়নো ই তেওঁলোকৰ পাৰিবাৰিক মন্দিৰ। সন্ধিয়াৰ সময়তো মন্দিৰটো খোলা ৰখা হয়। গণপতি হোম আৰু উন্নিয়াপ্পম ইয়াৰ প্ৰধান প্ৰসাদ। উন্নিয়াপ্পম মাহিলি আগতীয়াকৈ বুকিং কৰা হয়। বিশ্বাস কৰা হয় যে যিকোনো প্ৰকল্প আৰম্ভ কৰাৰ পূৰ্বে এটা নাৰিকল ভাঙিলে সেই কাম সফলতাৰে সম্পন্ন হয়।৩
- পেৰান্দূৰ ভগৱতী মন্দিৰ, পুন্নাডেইনেমিক ভগৱতী মন্দিৰ, থ্ৰীকোভিল শ্ৰী কৃষ্ণ মন্দিৰ, পোনেক্কাৰা ভগৱতী মন্দিৰ, চন্দনকুলাংগাৰা শ্ৰী কৃষ্ণ স্বামী মন্দিৰ, এডাপল্লী মৰিয়ম্মান মন্দিৰ, পুথুকুলাংগাৰা ভগৱতী মন্দিৰ, পুথুক্কালাভাট্টম মহাদেৱ মন্দিৰ বা কুন্নুমপুৰম জংচনত থকা পুথুকুলাংগাৰা মহাবিষ্ণু মন্দিৰ হৈছে এই অঞ্চলৰ অন্যান্য গুৰুত্বপূৰ্ণ উপাসনা স্থল।
- চেইণ্ট জৰ্জ চিৰো-মালাবাৰ কেথলিক ফৰেন চাৰ্চ, এডাপল্লী – ড্ৰেগন বধ কৰা চেইণ্ট জৰ্জ হৈছে এই গীৰ্জাৰ প্ৰধান সন্ত। ই চিৰিয়ান কেথলিক এৰ্নাকুলাম-অংগামালীৰ আৰ্চিপাৰ্চীৰ নিয়ন্ত্ৰিত। যিকোনো যাত্ৰাৰ পথত এই তীৰ্থস্থানত প্ৰাৰ্থনা কৰাটো আন ধৰ্মৰ লোকসকলেও মংগলজনক বুলি গণ্য কৰে।৪ ইয়াত কেৱল মমবাতি আৰু মুদ্ৰা দান বাকচত উছৰ্গ কৰা হয়।
- ব্লীচিং টুডে ইণ্টাৰনেশ্যনেল চাৰ্চ, পাঠাদিপ্পালাম
- ইলামাক্কৰা লুৰ্দ মাথা গীৰ্জা হৈছে আন এক উল্লেখযোগ্য উপাসনা স্থল, যাৰ ইতিহাস ১০০ বছৰতকৈও পুৰণি।
- ১৯২৭ চনত প্ৰতিষ্ঠিত পোনেল চেইণ্ট ফ্ৰান্সিল জেভিয়াৰ্ছ গীৰ্জা – ভাৰত ৰত্ন (ভাৰত বঁটা) বিজয়ী চলচ্চিত্ৰ অভিনেতা পি. জে. এণ্টনীক এই গীৰ্জাৰ কবৰস্থানত সমাধিস্থ কৰা হৈছে।
- এডাপল্লী জুমা মছজিদ
ৰাজহুৱা পুথিভঁৰালৰ তালিকা
এডাপল্লীত চাংগম্পুঝা স্মাৰক পুথিভঁৰাল আৰু উত্তৰ এডাপল্লী ফ্ৰেণ্ডছ লাইব্ৰেৰী অৱস্থিত। উত্তৰ এডাপল্লী ফ্ৰেণ্ডছ লাইব্ৰেৰীয়ে ২০০৭ চনৰ জানুৱাৰী মাহত সুবৰ্ণ জয়ন্তী উদ্যাপন কৰে। ইয়াৰ সুবৰ্ণ জয়ন্তী উদ্যাপনৰ অংশ হিচাপে শিক্ষা আৰু কেৰিয়াৰ গাইডেন্স সন্দৰ্ভ পুথিভঁৰাল আৰম্ভ কৰা হয়।
চাংগম্পুঝা সাংস্কৃতিক কেন্দ্ৰই বিভিন্ন সাংস্কৃতিক আৰু শৈক্ষিক কাৰ্যসূচীৰ আয়োজন কৰে, যাৰ ভিতৰত কথাকলি, নাটক, সংগীত, শিশু কাৰ্যসূচী, অক্ষৰ শ্লোক, বিভিন্ন সাংস্কৃতিক সভা, আলোচনা আদি অন্তৰ্ভুক্ত। এই কেন্দ্ৰৰ সৈতে এটা জ্যেষ্ঠ নাগৰিক মঞ্চও সুন্দৰভাৱে সক্ৰিয় হৈ আছে।
এডাপল্লীৰ আন এক প্ৰতিষ্ঠান হৈছে চাংগম্পুঝা স্মাৰক গ্ৰন্থশালা, যিটো ১৯৫০ চনত মালয়ালম কবি চাংগম্পুঝা কৃষ্ণ পিল্লাইৰ স্মৃতিসৌধ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। এই পুথিভঁৰালত প্ৰায় ৩৬,০০০টা শিৰোনামৰ সংগ্ৰহ আৰু এটা সন্দৰ্ভ শাখা আছে (যিটো কানায়ন্নুৰ তালুক ৰেফাৰেন্স লাইব্ৰেৰী হিচাপে অনুমোদিত)। ইয়াৰ এটা কলা শাখা আছে য’ত বিভিন্নপ্ৰকাৰৰ নৃত্য, সংগীত (কণ্ঠ আৰু বাদ্যযন্ত্ৰ), চিত্ৰকলা আৰু অংকন আদিৰ প্ৰশিক্ষণ দিয়া হয়। ইয়াত প্ৰায় ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ লৈ আছে। ইয়াৰ উপৰি ইয়াত এম. এন. এফ. চিত্ৰ আৰু ভাস্কৰ্যৰ কলা প্ৰদৰ্শনী (M N F Art gallery) আছে।
আৱাসিক অঞ্চলসমূহৰ তালিকা
যাতায়াত
কোচি বাইপাছে এডাপল্লীক কোচিৰ দক্ষিণ প্ৰান্তত থকা এক ঔদ্যোগিক চহৰ আৰোৰৰ সৈতে সংযোগ কৰে। এডাপল্লীৰ বাইপাছ জংচনটো কোচি বাইপাছৰ উত্তৰ প্ৰান্ত, যিটো আৰোৰলৈকে বিস্তৃত। এই সমগ্ৰ পথটো ডাঙৰ ডাঙৰ বিপণী আৰু পঞ্চ-তাৰকাযুক্ত হোটেলৰ সৈতে এক প্ৰধান ব্যাৱসায়িক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে। বিশ্ববিখ্যাত কেৰালা ইতিহাস আৰু ভাস্কৰ্য সংগ্ৰহালয়ো এডাপল্লীত (চহৰৰ সীমাৰ বাহিৰত) অৱস্থিত। থ্ৰীকাৰা মন্দিৰ এডাপল্লী টোল জংচনৰপৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত অৱস্থিত, আৰু ভাট্টেকুন্নম গাঁওখন এটা ৰে’ল সুৰংগৰদ্বাৰা সংযোজিত।
দুটা ৰাষ্ট্ৰীয় ঘাইপথ — NH 544 আৰু NH 66 এডাপল্লীৰ কোচি বাইপাছ জংচনত মিলিছে। এডাপল্লীত ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ পাৰ হৈ গৈছে আৰু ই মহাৰাষ্ট্ৰৰ পানভেললৈকে বিস্তৃত। এডাপল্লী ৰে’লৰদ্বাৰাও সংযোজিত, আৰু এডাপল্লীত এটা ৰে’ল ষ্টেচন আছে।৮ ২০১২ চনৰ ৪ ফেব্ৰুৱাৰীত এডাপল্লী ৰে’লৱে অভাৰব্ৰীজ উদ্বোধন কৰা হয়।৯ ই যাত্ৰীসকলক এৰ্নাকুলাম-গুৰুভায়ুৰ পথত (NH 66) সুচলভাৱে যাত্ৰা কৰাত সহায় কৰে। এডাপল্লীৰ যান-জঁট হ্ৰাস কৰিবলৈ ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত এডাপল্লী ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছিল।
এৰ্নাকুলামৰপৰা গুৰুভায়ুৰলৈ যোৱাৰ পথত এডাপল্লী জংচনৰ পিছৰ প্ৰধান জংচনটো হ’ল উত্তৰ এডাপল্লী (কুন্নুমপুৰম জংচন)। এডাপল্লী কুন্নুমপুৰম জংচন হৈছে অমৃতা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (বাঁওফালে), অমৃতা স্কুল অৱ আৰ্টছ এণ্ড ছায়েন্স (সোঁফালে), মাঞ্জুম্মেল (পূবফালে) আৰু পাৰুৰ (পোনকৈ) যোৱাৰ প্ৰধান সংযোগস্থল।
ইয়াৰ উপৰি ষ্টেচন কাভালাৰ ওচৰত এডাপল্লী মেট্ৰ’ ষ্টেচন অৱস্থিত।১০
বিশিষ্ট ব্যক্তিসকল
- আশান্থন – চিত্ৰশিল্পী আৰু ভাস্কৰ্যশিল্পী১১
- চাংগম্পুঝা কৃষ্ণ পিল্লাই – কবি
- এডাপল্লী ৰাঘৱন পিল্লাই – কবি
- বিজয়লক্ষ্মী – কবি
- এ. চি. জোচ – ৰাজনীতিবিদ
- আশিক আবু – চলচ্চিত্ৰ নিৰ্মাতা
- চিজয় ভাৰ্গীছ – অভিনেতা আৰু বিজ্ঞাপন চলচ্চিত্ৰ নিৰ্মাতা
- থোপ্পিল এণ্টো – গায়ক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2019-06-07). Kochi Campus · Amrita Vishwa Vidyapeetham. www.amrita.edu
- ↑ al-ameen.ac
- ↑ Edappally Ganapathy Temple
- ↑ Across the country, in a scooter
- ↑ Amrita Nagar Profiles · Facebook. www.facebook.com
- ↑ Ponekkara, Kochi Corporation, Ernakulam District, Kerala, India. Kerala Tourism
- ↑ Elamakkara Map · Elamakkara, Kochi Google Map · Location Map of Elamakkara · MagicBricks. www.magicbricks.com
- ↑ Idaplli Railway Station (IPL): Station Code, Time Table, Map, Enquiry. www.ndtv.com
- ↑ Staff Reporter. (2016-09-08). Edappally flyover to be opened on Sunday. The Hindu
- ↑ Home - Kochi Metro Rail Ltd.. kochimetro.org
- ↑ (31 December 2001). ARTIST DIRECTORY
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডাপল্লী” প্ৰবন্ধৰ সংশোধন ৬২৭০১৫ (১৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।