নীলাভিলাক্কু বা কুথুভিলাক্কু (Nilavilakku) দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুত প্ৰচলিত পাৰম্পৰিক ঐতিহ্যবাহী চাকি বা প্ৰদীপ। ইয়াক কেৰালাত নীলাভিলাক্কু আৰু তামিলনাডুত কুথুভিলাক্কু বুলি কোৱা হয়। পৰম্পৰাগত চাকিবিধ প্ৰতিটো শুভ অনুষ্ঠানৰ আৰম্ভণিত জ্বলোৱা হয়। বিশেষকৈ উপাসনা আৰম্ভ কৰাৰ আগতে মন্দিৰত বা আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কাৰ্যত এই চাকি জ্বলাই কামৰ শুভাৰম্ভ কৰা হয়।১
নামৰ উৎপত্তি
মালায়ালম আৰু তামিল ভাষাত নীলাম মানে মজিয়া আৰু ভিলাক্কু মানে চাকি বা প্ৰদীপ। ইয়াৰ নামৰ আক্ষৰিক অৰ্থ হৈছে মজিয়াত ৰখা প্ৰদীপ বা চাকি।১
ব্যৱহাৰ
নীলাভিলাক্কু কেৰালাৰ সংস্কৃতিৰ অংশ। সেয়ে ইয়াক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ব্যৱহাৰ কৰা হয়।
হিন্দু ধৰ্মত ব্যৱহাৰ
নীলাভিলাক্কু কেৰালাৰ হিন্দু পৰিয়ালৰ কেইবাটাও ৰীতি আৰু অনুষ্ঠানৰ অবিচ্ছেদ্য অংশ। সূৰ্য ডুব যোৱাৰ লগে লগে পৰিয়ালৰ যুৱতীসকলে পোহৰৰ চাকিবোৰ ঘৰৰ বাৰাণ্ডালৈ আনি সন্ধিয়াৰ প্ৰাৰ্থনা আৰম্ভ কৰে। সন্ধিয়াৰ প্ৰাৰ্থনাৰ সৈতে অনুষ্ঠানটো পুনৰাবৃত্তি কৰা হয়। হিন্দু মন্দিৰত বিভিন্ন প্ৰকাৰৰ নীলাভিলাক্কু যেনে 'কুথুভিলাক্কু', 'থুক্কুভিলাক্কু' আদি ব্যৱহাৰ কৰা হয় আৰু কেৰালাৰ পৰম্পৰাগত বিশ্বাস আৰু কাৰ্যকলাপৰ সৈতে ওতপ্ৰোত ভাৱে সম্পৰ্কিত।
যিকোনো সময়ত নীলাভিলাক্কু জ্বলোৱাটো শুভ বুলি বিশ্বাস কৰা হয়। বিভিন্ন কলা প্ৰকাৰৰ উপস্থাপনত নীলাভিলাক্কুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চাকিৰ পোহৰত কলা প্ৰদৰ্শন কৰা হয়। কেৰালাত নীলাভিলাক্কু জ্বলাই বহুতো অনুষ্ঠান উদ্বোধন কৰা হয়।২
নীলাভিলাক্কু সাধাৰণতে ব্ৰঞ্জ বা পিতলৰে তৈয়াৰ কৰা হয়। সাধাৰণতে তেল বা ঘিঁউ আৰু কপাহৰ শলিতা চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা হয়। চাকি জ্বলাবলৈ তিনিটা পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয়। প্ৰথম পদ্ধতিত কেৱল এডাল শলিতা জ্বলোৱা হয় আৰু ইয়াক পৱিত্ৰ দিশলৈ বা দেৱ-দেৱীৰ ফালে নিৰ্দেশিত কৰা হয়। দ্বিতীয় পদ্ধতি অনুসৰি দুটা দিশত শলিতা জ্বলাই দিয়া হয়। তৃতীয় পদ্ধতিত পাঁচটা দিশত গোটেইকেইটা শলিতা জ্বলাই দিয়া হয়।
খ্ৰীষ্টান ধৰ্মত ব্যৱহাৰ
কেৰালাত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ সৈতে চেণ্ট থমাছ খ্ৰীষ্টান বা চিৰিয়াৰ খ্ৰীষ্টান ধৰ্মালম্বী সকলেও নীলাভিলাক্কুক তেওঁলোকৰ গীৰ্জা আৰু ঘৰত ৰাখিবলৈ আৰম্ভ কৰিছিল। পৰম্পৰাগতভাৱে নীলাভিলাক্কু জ্বলাই ঘৰৰ মুখ্য সন্মুখৰ প্ৰৱেশদ্বাৰত ৰখা হয়। মাৰ্গামকলি আৰু পাৰিচামুত্তুকলীৰ দৰে চিৰিয়াৰ খ্ৰীষ্টান কলা প্ৰকাৰবোৰ নীলাভিলাক্কুৰ চাৰিওফালে কৰা হয়। দক্ষিণ ভাৰতৰ মন্দিৰত বিশেষকৈ কেৰালাত আল ভিলাক্কু নামৰ এক বিশেষ প্ৰকাৰৰ নীলাভিলাক্কু ব্যৱহাৰ কৰা হয়।৩
ইছলাম ধৰ্মত ব্যৱহাৰ
নীলাভিলাক্কু চাকি কিছুমান মুছলিম মছজিদ যেনে পোনানি আল মাকতোম জুমা মছজিদ আৰু কেৰালাৰ জাৰাম বা পবিত্ৰ গুহাত পোৱা যায়।
তথ্যসূত্ৰ
- ↑ RRV. South Indian Traditional Nilavilakku 12 Inch tall. www.DanceCostumesAndJewelry.com
- ↑ (2017-06-21). Nilavilakku - The Kerala's Traditional Oil Lamp - Neokerala. Neokerala
- ↑ |www.jaya-he.com/aal-vilakku
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলাভিলাক্কু” প্ৰবন্ধৰ সংশোধন ৪৬৩৬৮৯ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।