কেৰালা
৭৮ প্ৰবন্ধ
-
কেৰালাৰ মুছলমানসকলৰ মাজত বাল্য বিবাহ
কেৰালাৰ শাসকীয় দল সংযুক্ত প্ৰগতিশীল মৰ্চাৰ অংশ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে ২০১৩ চনৰ ১৪ জুনৰ দিনা এখন চাৰ্কুলাৰৰ যোগেৰে কেৰালাৰ মুছলমানৰ মাজত বাল্য বিবাহৰ বিষয়টোৰ ওপৰত দৃষ্টিপাত কৰিছিল।
-
কোচিন শ্বিপয়াৰ্ড লিমিটেড
কোচিন শ্বিপয়াৰ্ড লিমিটেড (Cochin Shipyard Limited) বা চমূকৈ CSL হৈছে ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু মেৰামতি প্ৰতিষ্ঠান। এয়া বিশ্বৰ অতি কমসংখ্যক শ্বিপয়াৰ্ডৰ ভিতৰত অন্যতম, যিয়ে এখন বিমানবাহী যুদ্ধজাহাজ নিৰ্মাণ কৰে।
-
চোঝিকালী
চোঝিকালী (চোঝি কালি বুলিও কোৱা হয়) ভাৰতৰ মধ্য কেৰালাৰ এটা জনপ্ৰিয় লোকনৃত্য। তিৰুৱতীৰাচোঝি আৰু কুদাচোঝি হৈছে চোঝিকালীৰ দুটা প্ৰকাৰ। কেৰালাৰ পালাক্কাড আৰু থ্ৰিছুৰ জিলাৰ হিন্দু সম্প্ৰদায়ে ইয়াক পৰিৱেশন কৰে।
-
তিৰুৱথিৰকালী
তিৰুৱথিৰকালী কেৰালাৰ মহিলাৰ এক অনন্য গোট নৃত্য। ধৰ্মীয় অনুষ্ঠানৰ অংশ হিচাপে আৰু ইয়াৰ বাহিৰেও মহিলাসকলে সৰু সৰু গোটত এই নৃত্য পৰিৱেশন কৰে। সাধাৰণতে ধনুমা মাহৰ ওনাম আৰু তিৰুৱতীৰদিনা মহিলাসকলে শিৱ মন্দিৰ আদিত শিৱ পাৰ্বতীৰ প্ৰশংসা গীত গাই এই শিল্পৰূপ প্ৰদৰ্শন কৰে।
-
থোপ্পুম্পাড়ী
থোপ্পুম্পাড়ী (തോപ്പുംപടി) হৈছে কোচি, কেৰালাৰ অন্তৰ্গত এখন নগৰ। থোপ্পুম্পাড়ী দলঙে উইলিংডন দ্বীপক ফ’ৰ্ট কোচি উপদ্বীপৰ সৈতে সংযোগ কৰে।
-
নীলগিৰি ফুলটোকা
নীলগিৰি ফুলটোকা (Nilgiri flowerpecker; বৈজ্ঞানিক নামঃ Dicaeum concolor) ফুলটোকা চৰাই পৰিয়ালৰ এবিধ ক্ষুদ্ৰ চৰাই। পূৰ্বতে সাধাৰণ ফুলটোকা (Plain flowerpecker) বুলি কোৱা এটা উপপ্ৰজাতি আছিল যদিও সেই নাম এতিয়া Dicaeum minullumৰ বাবে সংৰক্ষিত।
-
নেডুম্বাছেৰী
নেডুম্বাছেৰী ( IPA: [n̪eɖumbɐːeːɾi]) ভাৰতৰ কেৰালাৰ কোচি চহৰৰ উপকণ্ঠ অঞ্চল আৰু ইয়াত কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে। প্ৰশাসনৰ ক্ষেত্ৰত ই এৰ্নাকুলাম জিলাৰ আলুভা তালুকৰ নেডুম্বাছেৰী পঞ্চায়তৰ অন্তৰ্গত। আংগামালি আৰু আলুভাৰ মাজত অৱস্থিত ইয়াত কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে।
-
পল্লুৰুথী সাহায্য বন্দোবস্ত
পল্লুৰুথী সাহায্য বন্দোবস্তু (পল্লুৰুথী ৰিলীফ চেটেলমেণ্ট') হৈছে কোচিন আৱাৰা আইনৰ (কোচিন ভেগ্ৰেন্সি আইন) অধীনত কেৰালাৰ এৰণাকুলম জিলাত অৱস্থিত এটা পুনৰসংস্থাপন আশ্ৰয়গৃহ, যিটো ১৯৪১ চনত কোচিনৰ মহাৰাজই অঘৰী-মাগনীসকলৰ বাবে আৰম্ভ কৰিছিল।
-
পালঘাট জিলা
পালঘাট জিলা (মালয়ালম: [pɐːlɐkːɐːɖɨ̆] ⓘ) ভাৰতৰ কেৰালা ৰাজ্যৰ ১৪খন জিলাৰ ভিতৰত এখন। ১৯৫৭ চনৰ ১ জানুৱাৰীত মাদ্ৰাজ ৰাজ্যৰ পূৰ্বৰ মালাবাৰ জিলাৰ দক্ষিণ-পূব অংশ পৃথক কৰি এই জিলাখন গঠন কৰা হৈছিল। কেৰালাৰ মধ্য অংশত অৱস্থিত এই জিলাখন ইডুক্কি জিলাৰ পাছতেই ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম জিলা।
-
পূমালা ভাগৱতী
পূমালা ভাগৱতীআৰ্যপুমালা বুলিও কোৱা হয়) ভাৰতৰ কেৰালা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত পূজা কৰা এগৰাকী দেৱী। পূমালাক থিয়্যা সম্প্ৰদায়ৰ কুলাদেৱতা হিচাপে পূজা কৰা হয়। এই দেৱীৰ মূল মন্দিৰসমূহ কান্নুৰ জিলা আৰু কাছাৰগোড জিলা জিলাত বিস্তৃত।
-
পোক্কালি ধান
পোক্কালি (ইংৰাজী: Pokkali) হৈছে এবিধ একক লৱণাক্ততা সহনশীল ধানৰ জাত। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ আলাপ্পুঝা, কোট্টায়াম, ত্ৰিশূৰ আৰু এৰ্নাকুলাম জিলাৰ জলমগ্ন উপকূলীয় অঞ্চলৰ প্ৰায় ৫০০০ হেক্টৰ মাটিত এক জৈৱিক পদ্ধতিৰে ব্যাপক জলজ পালন ব্যৱহাৰ কৰি ইয়াৰ খেতি কৰা হয়।
-
বেকাল
বেকাল (Bekal) ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিম উপকূলৰ কাছাৰগোড জিলাৰ এখন সৰু চহৰ।
-
ভল্লা সাদ্যা
ভল্লা সাদ্যা (ইংৰাজী: Valla Sadya) হৈছে ভাৰতৰ কেৰালাৰ আৰনমুলাত অৱস্থিত হিন্দু মন্দিৰত উদ্যাপন কৰা এটা উৎসৱ। এই উৎসৱৰ সময়ত গাঁৱৰ লোকসকলে পাম্পা নদীত সৰ্প নৌকা দৌৰ আয়োজন কৰে আৰু মন্দিৰত এক ভোজৰ ব্যৱস্থা কৰা হয়। অষ্টমীৰোহিণীৰদিনা এই ভল্লা সাদ্যা অনুষ্ঠিত হয়।
-
ভিটিলা
ভিটিলা (ইংৰাজী: Vyttila) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল। ই দক্ষিণ কোচিৰ এক প্ৰধান কেন্দ্ৰবিন্দু। ইয়াৰ ভিটিলা জংচন কেৰালাৰ আটাইতকৈ ব্যস্ত আৰু সৰ্ববৃহৎ পথ সংযোগস্থল। এই জংচনটোৱে কেৰালাৰ প্ৰধান উত্তৰ-দক্ষিণ ধমনী স্বৰূপ কোচি বাইপাছক চহৰখনৰ আন তিনখন প্ৰধান পথ— এছ. এ.
-
মণিমালা নদী
মণিমালা নদী বা মণিমালায়াৰ হৈছে দক্ষিণ কেৰালাৰ মাজেৰে বৈ যোৱা এখন ৯২ কিলোমিটাৰ দীঘল নদী। উপগ্ৰহীয় মানচিত্ৰ জনপ্ৰিয় হোৱাৰ পূৰ্বে এই নদীখনক ভুলবশতঃ পাম্বা নদীৰ উপনৈ বুলি গণ্য কৰা হৈছিল।
-
মীনচিল নদী
মীনচিল নদী বা মীনচিলাৰ (মালয়ালম: മീനച്ചിലാർ), যাক কাভাড্ৰপ আৰু ভালঞ্জাৰ নামেৰেও জনা যায়, ভাৰতৰ কেৰালা ৰাজ্যৰ এখন নদী। নদীখনত সৃষ্টি হোৱা আকস্মিক বানপানী, তীব্ৰ পানীৰ সোঁত আৰু পৰ্বতৰ পৰা উটুৱাই অনা কাঠ-আৱৰ্জনাৰ বাবে ইয়াক কেৰালাৰ আটাইতকৈ বিপদজ্জনক নদীসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
-
৯৪.৩ ক্লাব এফএম
ক্লাব এফএম (ইংৰাজী: Club FM) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ব্যক্তিগত এফএম ৰেডিঅ' ষ্টেচন। কেৰালাৰ মাতৃভূমি সংবাদ পত্ৰৰদ্বাৰা পৰিচালিত এই ষ্টেচনটোৱে দিনটোৰ বিভিন্ন সময়ত জনপ্ৰিয় সংগীতৰ ওপৰত গুৰুত্ব দিয়ে।
-
ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য
ৱায়ানাড বন্যপ্ৰাণী অভয়াৰণ্য (Wayanad Wildlife Sanctuary) হৈছে ভাৰতৰ কেৰালাৰ ৱায়ানাডত ৩৪৪.৪৪ বৰ্গকিলোমিটাৰ (১৩২.৯৯ বৰ্গমাইল) সামৰি বিস্তৃত আৰু ই চাৰিটা পাহাৰ ক্ৰমে চুলথান বাথেৰী, মুথাংগা, কুৰিচিয়াট আৰু থলপেট্টি বিস্তৃত হৈ আছে৷ তাত মেঠোন, ভাৰতীয় হাতী, হৰিণ আৰু ঢেঁকীয়াপতীয়া বাঘ আদি বিভিন্ন…