অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কুমাৰাকম পক্ষী অভয়াৰণ্য

কুমাৰাকম পক্ষী অভয়াৰণ্য,:Kumarakom Bird Sanctuary ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টায়ম জিলাৰ কোট্টায়ম তালুকৰ কুমাৰাকমত অৱস্থিত। ইয়াক ভেম্বানাদ পক্ষী অভয়াৰণ্য বুলিও কোৱা হয়। এই অভয়াৰণ্যটো ভেম্বানাদ হ্ৰদৰ পাৰত অৱস্থিত আৰু কেৰালাৰ বিখ্যাত ব্যাকৱাটাৰ অঞ্চলৰ এক অংশ।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কুমাৰাকম পক্ষী অভয়াৰণ্য,:Kumarakom Bird Sanctuary ভাৰতৰ কেৰালা ৰাজ্যৰ কোট্টায়ম জিলাৰ কোট্টায়ম তালুকৰ কুমাৰাকমত অৱস্থিত। ইয়াক ভেম্বানাদ পক্ষী অভয়াৰণ্য বুলিও কোৱা হয়।১ এই অভয়াৰণ্যটো ভেম্বানাদ হ্ৰদৰ পাৰত অৱস্থিত আৰু কেৰালাৰ বিখ্যাত ব্যাকৱাটাৰ অঞ্চলৰ এক অংশ। বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমনৰ বাবে এই অভয়াৰণ্য বিশেষভাৱে পৰিচিত।২

ইতিহাস

এই কুমাৰাকম পক্ষী অভয়াৰণ্য খন জৰ্জ আলফ্ৰেড বেকাৰ নামৰ এজন ইংৰাজ ব্যক্তিয়ে এখন ৰবাৰ বাগিচাক ৰূপান্তৰিত কৰি পক্ষী অভয়াৰণ্য হিচাবে গঢ়ি তুলিছিল।৩ সেই সময়ত ইয়াক বেকাৰ্চ ইষ্টেট নামেৰে জনা গৈছিল।৪ বৰ্তমান এই অভয়াৰণ্যৰ পৰিচালনাৰ দায়িত্ব কেৰেলা পৰ্যটন উন্নয়ন নিগমে বহন কৰি আছে।

ভূগোল

মীনাচিল নদীৰ দক্ষিণ পাৰত এই অভয়াৰণ্যখন প্ৰায় ১৪ একৰ (৫.৭ হেক্টৰ)৪ মাটিকালিত বিস্তৃত হৈ আছে। ৫ ই কুমাৰাকম পক্ষী অভয়াৰণ্য কোট্টায়ম চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰত অৱস্থিত। ১ নং ৰাজ্যিক ঘাইপথৰ পৰা কুমাৰাকম পক্ষী অভয়াৰণ্যক দুটা বিপৰীত দিশত কোচি আৰু তিৰুৱনন্তপুৰমৰ সৈতে সংযোগ কৰিছে। নেডুম্বাছেৰীত থকা কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কুমাৰাকমৰ পৰা প্ৰায় ১০৬ কিলোমিটাৰ দূৰত অৱস্থিত।৬

ইয়াৰ ওচৰৰ কাইপুঝা মুট্টু, পাথিৰামানাল, নাৰাকাথাৰা, থোল্লাইৰাম কায়াল আৰু পুথানপাণ্ডি কায়াল অঞ্চলসমূহো বিভিন্ন প্ৰজাতিৰ চৰাই পৰ্যবেক্ষণৰ বাবে উৎকৃষ্ট স্থান হিচাপে পৰিচিত।৪

প্ৰাণীকুল

কাৱনাৰ নদীৰ পৰা অভয়াৰণ্য
কাৱনাৰ নদীৰ পৰা অভয়াৰণ্যছবি: P.K.Niyogi (talk) · Public domain

কুমাৰাকম পক্ষী অভয়াৰণ্যৰ মুখ্য আকৰ্ষণ হৈছে ইয়াত বাস কৰা বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই। স্থানীয় চৰাইসমূহৰ ভিতৰত জলচৰ চৰাই, কুলী, ফেঁচা, বগলী, হেৰন, কৰ্ম'ৰেণ্ট, মূৰহেন, ডাৰ্টাৰ আৰু ব্ৰাহ্মণী চিল উল্লেখযোগ্য।

পৰিভ্ৰমী চৰাইসমূহৰ ভিতৰত টীল, গুল, টাৰ্ণ, ফ্লাইকেচাৰ আদি বিভিন্ন প্ৰজাতিৰ চৰাই নিজ নিজ পৰিভ্ৰমণ ঋতুত এই অভয়াৰণ্যলৈ আহে। এই চৰাইসমূহৰ কিছুমান হিমালয় অঞ্চলৰ পৰা আহে, আনহাতে কেইবাটাও প্ৰজাতি সুদূৰ চাইবেৰিয়াৰ পৰাও ইয়ালৈ পৰিভ্ৰমণ কৰি আহে।৪৭

২০০৮ চনত চনত ডব্লিউ ডব্লিউ এফ–ভাৰতে বিশ্ব জলাভূমি দিৱস উপলক্ষে এই অভয়াৰণ্যত দুদিনীয়া চৰাই পৰ্যবেক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছিল।<ref>Two camps for bird watchers. The Hindu, 13 January 2008 </ref

তথ্যসূত্ৰ

  1. ↑ Kumarakom
  2. ↑ Radhakrishnan, S. Anil. KTDC to construct hotel in Chennai. The Hindu, 16 November 2006
  3. ↑ "Kumarakom Bird Sanctuary." Kerala Tourism. Department of Tourism, Government of Kerala, n.d. Web. 10 Nov. 2017. <http://www.keralatourism.org/kumarakom/kumarakom-bird-sanctuary.php >
  4. ↑ Ayub, Akber (ed), Kerala: Maps & More, Kumarakom, 2006 edition 2007 reprint, p. 53, Stark World Publishing, Bangalore
  5. ↑ Ayub, Akber. Seductive symphony. The Hindu, 7 January 2007
  6. ↑ Kumarakom Bird Sanctuary. shubhyatra.com
  7. ↑ Kumarakom Bird Sanctuary. kumarakom.com

সম্পৰ্কিত শ্ৰেণী

কেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমাৰাকম পক্ষী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৪৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।