

ওট্টান থুলাল বা অট্টামথুল্লাল ( Ottan Thullal) ভাৰতৰ কেৰালাৰ এটা আবৃত্তি-নৃত্য(নৃত্য-নাটিকা)ৰ এক কলা-ৰূপ। অষ্টাদশ শতিকাৰ প্ৰাচীন কবিত্ৰয়ম(তিনিজন বিখ্যাত মালয়ালম ভাষাৰ কবি)ৰ মাজৰ এজন, কুঞ্চন নাম্বিয়াৰে এই কলাৰ প্ৰৱৰ্তন কৰিছিল। সমাজৰ বিভিন্ন দিশক সমালোচনাৰ উদ্দেশ্যেৰে প্ৰায়ে হাস্যৰসৰ সৈতে লেতেৰা শব্দ প্ৰয়োগ কৰা লোকসংগীতৰ লগত অভিনয় কৰি, মৃদংগম (বেৰেল আকৃতিৰ দুটা মূৰৰ ঢোল) আৰু হাতত লৈ বজোৱা ইদাক্কাৰ উপৰিও কেতিয়াবা ইলাথালামৰ যোৰা বাদ্য হিচাপে সংগত কৰে৷
ইতিহাস
ভাৰতীয় প্ৰায়বোৰ পৰিৱেশন শিল্প কলাৰ দৰেই অট্টামথুল্লালৰো নীতিসমূহ ভৰতমুনিৰ দ্বাৰা ৰচিত নাট্য শাস্ত্ৰৰ দ্বাৰা প্ৰভাৱিত (খ্ৰীষ্টপূৰ্ব প্ৰায় ২য় শতিকা) আৰু ইয়াত নীতিবোৰ মানি চলা হয়৷ থুল্লাল শব্দৰ অৰ্থ মালয়ালম ভাষাত "জঁপিয়াই যোৱা" বা "জাঁপ মাৰি যোৱা।" ১এক কিংবদন্তি অনুসৰি চাক্কিয়াৰ কুত্থু প্ৰদৰ্শনৰ বাবে মিঝাভু ঢোল বজাই থাকোঁতে কবি নাম্বিয়াৰৰ টোপনি গৈছিল আৰু চাক্কিয়াৰ পৰিৱেশন কৰা শিল্পীয়ে তেওঁক জগাবলৈ উপহাসসূচক আমন্ত্ৰণ জনাইছিল। পৰৱৰ্তীকালত ইয়াৰ উত্তৰত নাম্বিয়াৰে অট্টামথুল্লালৰ বিকাশ ঘটায়৷ এই কলাৰ দ্বাৰা তেওঁ প্ৰচলিত সামাজিক-ৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰিছিল আৰু মানৱ বংশবৃক্ষ আৰু পক্ষপাতিত্বৰ ওপৰত ব্যংগ কৰিছিল। চাক্কিয়াৰে নাম্বিয়াৰৰ সৃষ্টিৰ ওপৰত চেম্বাকাছেৰীৰ ৰজাৰ ওচৰত অভিযোগ কৰিছিল। ৰজাই আম্বালাপুঝা মন্দিৰ চৌহদৰ ভিতৰত অট্টামথুল্লালৰ পৰিৱেশন নিষিদ্ধ কৰি দিছিল। এই কলাৰ সৈতে ওতপ্ৰোত সম্পৰ্ক থকা আন শিল্পৰূপসমূহ হ’ল সীথানকন থুল্লাল আৰু পৰায়ণ থুল্লাল। এই দুই নৃত্যৰ লগত গীত আৰু শৰীৰৰ ভংগীমা আৰু কবিতাৰ পাৰ্থক্য আছে৷ ইয়াৰ দুখীয়া মানুহৰ কথাকলি নৃত্য বুলিও কোৱা হয়৷ প্ৰথম থুল্লালখনৰ নাম আছিল, সম্ভৱতঃ কল্যাণসৌগন্ধিকম, এইখন ওঠৰ শতিকাত ৰচনা কৰা হৈছিল৷২ মাথুৰ পানিকাৰে আধুনিক দৰ্শকৰ বাবে অট্টামথুল্লাল জনপ্ৰিয় কৰি তুলিছিল। বৰ্তমান অট্টামথুল্লালৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৩ আৰু এই শিল্পৰূপটোৰ সহায়ত সামাজলৈ কোনো বাৰ্তা প্ৰচাৰ কৰিব পাৰি।৪
পৰিৱেশন
অট্টামথুল্লাল নৃত্যৰ বেশভূষা কথাকলি নৃত্যৰ সমপৰ্যায়ৰ৷৫ মুখমণ্ডলত সেউজীয়া মেক-আপ, ওঁঠ ৰঙা, চকুৰ চাৰিওফালে ক’লা-বগা ৰেখা অঁকা হয় আৰু ৰঙীন সাজ-পোছাক যেনে৷ দীঘল ৰঙা আৰু বগা ঘাগৰা জাতীয় পোছাক পিন্ধে আৰু কাঠৰ মুকুট আৰু অলংকাৰেৰে সজোৱা হয়, ভৰিত নূপুৰ পিন্ধা হয়। এজন একক নৃত্য পৰিৱেশকে নৃত্য (থুল্লাল) গীতৰ কথা আবৃত্তি কৰি অভিনয় আৰু নৃত্য কৰে।৬ বাকীসকলে কোৰাছ গায় বা এজন বা ততোধিক শিল্পীয়ে প্ৰতিটো বাক্য সম্পূৰ্ণ হোৱাৰ লগে লগে সমিধান দিয়া অৰ্থত আওৰাই থাকে। শেহতীয়াকৈ, অট্টামথুল্লাল একক মহিলা অভিনেতাৰ সৈতে আৰু উপস্থিত সহযোগীসকলৰ সৈতে পৰিৱেশন কৰা হয় আৰু ওট্টান থুল্লালত বংগ্যাত্মক গীত, কবিতাৰ আৰু নৃত্যৰ মাজেৰে বিষয়বস্তু উপস্থাপন কৰা হয়৷ ৭
কাহিনী
নাম্বিয়াৰে ওট্টানথুল্লালত ঘৰৰ মালিক আৰু অন্যান্য বিশিষ্ট নাগৰিক অথবা কেতিয়াবা ৰজাৰ আচাৰ-ব্যৱহাৰৰো ব্যংগ উপস্থাপন কৰে। উদাহৰণস্বৰূপে, মহাভাৰত মহাকাব্যৰ ভীমৰ চৰিত্ৰটোক ঋণাত্মক চৰিত্ৰ হিচাপে চিত্ৰিত কৰা হৈছে। ব্ৰাহ্মণকে ধৰি উচ্চ জাতিৰ লোককো ৰেহাই দিয়া নহয়।
লোকৰঞ্জনৰ বাবে স্থানীয় মালয়ালম ভাষাত ওট্টানথুল্লাল পৰিৱেশন কৰা হয়, যিয়ে স্থানীয় দৰ্শকক সন্তুষ্ট কৰে। ইয়াত পুৰণি প্ৰবাদ-প্ৰবচন আৰু লোককথাৰ উপাদান ব্যৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
- ↑ "Thullal." Malayalam Resource Centre website. Accessed 27 February 2014
- ↑ লোকনৃত্য
- ↑ Nidheesh M. K. "Sunny brothers outshine in Ottamthullal." The New Indian Express. 8 January 2014. Accessed 27 February 2014
- ↑ "Spreading the goodness of ayurveda through Kerala's performing art, ottamthullal." Ithoozhiay website. 29 September 2012. Accessed 27 February 2014
- ↑ ওট্টানথুল্লাল
- ↑ "Ottan thullal". Kerala's 64 Art Forms website. Accessed 27 February 2014
- ↑ কেৰালাৰ লোকনৃত্য
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওট্টান থুল্লাল” প্ৰবন্ধৰ সংশোধন ৬০২০২৩ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।