অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পম্বা নদী

পম্বা নদী (ইয়াকে পম্পা নদী বুলিও কোৱা হয়) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ পেৰিয়াৰ আৰু ভাৰতপুঝা নদীৰ পিছতে তৃতীয় দীৰ্ঘতম নদী, আৰু পূৰ্বৰ পুৰণি ৰাজকীয় ৰাজ্য ট্ৰাভাংকুৰৰ আটাইতকৈ দীঘল নদী। ভগৱান আয়্যাপ্পাৰ নামত উৎসৰ্গিত প্ৰখ্যাত শবৰীমালা মন্দিৰ এই পম্বা নদীৰ পাৰতে অৱস্থিত।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৭৮৯ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পম্বা নদী (ইয়াকে পম্পা নদী বুলিও কোৱা হয়) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ পেৰিয়াৰ আৰু ভাৰতপুঝা নদীৰ পিছতে তৃতীয় দীৰ্ঘতম নদী, আৰু পূৰ্বৰ পুৰণি ৰাজকীয় ৰাজ্য ট্ৰাভাংকুৰৰ আটাইতকৈ দীঘল নদী। ভগৱান আয়্যাপ্পাৰ নামত উৎসৰ্গিত প্ৰখ্যাত শবৰীমালা মন্দিৰ এই পম্বা নদীৰ পাৰতে অৱস্থিত।

পম্বা নদীখনে ঘাইকৈ পথনমিঠট্টা জিলা আৰু আলাপ্পুঝা জিলাৰ কুত্তানাদ অঞ্চলৰ ভূমিভাগক সাৰুৱা কৰি তুলিছে।

গতিপথ

পম্বা নদীখন পশ্চিম ঘাট পৰ্বতমালাৰ পীৰমেড মালভূমিৰ পুলাচিমালাই পাহাৰৰপৰা প্ৰায় 1670 মিটাৰ উচ্চতাত উৎপত্তি হৈছে। পথনমিঠট্টা জিলাৰপৰা আৰম্ভ কৰি পথনমিঠট্টা আৰু আলাপ্পুঝা জিলাৰ মাজেৰে 176 কি.মি. দূৰত্ব অতিক্ৰম কৰি নদীখন কেইবাটাও শাখাৰ জৰিয়তে আৰৱ সাগৰত মিলিত হৈছে। কাক্কিয়াৰ নদীৰ সৈতে সংগমৰ পিছত ই পশ্চিম দিশলৈ বৈ যায় আৰু অৱশেষত অৰুন্ধাই আৰ নদীৰ সৈতে মিলিত হয়। পম্বা নদীখন নাৰায়ণমুঝীৰপৰা দক্ষিণ-পূব দিশলৈ গতি কৰি কাক্কাত্তাৰ নদীৰ সংগমস্থললৈ আহে, যাৰ পিছত ই দক্ষিণলৈ বদচেৰীকৰালৈ বৈ যায় আৰু তাত কাল্লাৰ নদীৰ (পম্বা) পানী গ্ৰহণ কৰে।১

পম্বাৰ বৰাট্টাৰ নামৰ এটা শাখা আৰাট্টুপুঝা/পুথেনকাভৰপৰা ওলাই ইডানাড, ওথেৰা, থিৰুভানভাণ্ডুৰ, ইৰামাল্লীকৰাৰ মাজেৰে বৈ গৈ কাল্লুমকাল পূব দিশত মনিমালা নদীত পৰে।

পম্বাৰ আন এটা শাখা কুঠিয়াথোডৰপৰা বৈ গৈ কাল্লুমকাল পশ্চিম দিশত মনিমালা নদীৰ সৈতে মিলিত হয় আৰু নেদুমপুৰমত মনিমালা নদীৰপৰা পুনৰ বিভক্ত হৈ থালাভাদী, ইডাটুৱা, চম্পাকুলাম, পুল্লাংগাড়ী, নেদুমুডীৰ মাজেৰে বৈ গৈ কাইনাকৰীত ভেম্বনাড হ্ৰদত পৰে। এই শাখাখন ভেম্বনাড হ্ৰদলৈ বৈ থকাৰ সময়তে পুল্লাংগাড়ীত মূল সুঁতিৰ পম্বা নদীৰ সৈতে সংযোজিত হয়। আচানকোভিল নদীৰ এটা শাখা পাইপ্পাড/ভীয়াপুৰমত পম্বাৰ সৈতে মিলিত হয়, আনহাতে আন এটা শাখা কাৰিচল আৰু চেৰুথানাৰ মাজেৰে গৈ পুনৰ পম্বাত পৰে। ভেচোচিৰা আৰু অথিক্কায়ামৰ মাজত থকা পেৰুণ্থেনাৰুৱী হৈছে পম্বা নদীৰ প্ৰধান জলপ্ৰপাত।২

নদীখন পেৰুণাদ, চিত্তৰ, বদচেৰীকৰা, ৰন্নী, আয়ৰুৰ, চেৰুকোল, কিঝুকাৰা, কঝেনচেৰী, মাৰামন, আৰানমুলা, আৰাট্টুপুঝা, ইডানাড, পুথেনকাভ, চেংগান্নুৰ, কাল্লিচেৰী, পাণ্ডানাদ, পৰুমালা, মান্নাৰ, কডাপ্ৰা, মেলপাডোম, থেভেৰী, ভীয়াপুৰম, থকাঝী, পুল্লাংগাড়ী আৰু পাল্লাথুৰুথীৰ মাজেৰে বৈ গৈ ভেম্বনাড হ্ৰদত পৰে; আনহাতে আন এটা শাখা কাৰুভাট্টাৰ মাজেৰে পোনপটীয়াকৈ থোট্টাপ্পাল্লী স্পিলৱেলৈ বৈ যায়।

পম্বা অববাহিকা 2235 বৰ্গ কি.মি. ক্ষেত্ৰফল জুৰি বিস্তৃত হৈ আছে আৰু ইয়াৰ সমগ্ৰ জলনিষ্কাষণ অঞ্চল কেৰালা ৰাজ্যৰ ভিতৰতে অৱস্থিত। এই অৱবাহিকাটো পূবে পশ্চিম ঘাট পৰ্বতমালা আৰু পশ্চিমে আৰৱ সাগৰেৰে পৰিবেষ্টিত। নদীখনে ইয়াৰ উত্তৰ সীমা মনিমালা নদী অৱবাহিকাৰ সৈতে আৰু দক্ষিণ সীমা আচানকোভিল নদী অৱবাহিকাৰ সৈতে ভাগ-বতৰা কৰে।

উপনৈসমূহ

  • আজুথাইয়াৰ
  • কাক্কিয়াৰ
  • কাক্কাত্তাৰ
  • কাল্লাৰ নদী (পম্বা)|কাল্লাৰ
  • আদি পম্বা
  • বৰাট্টাৰ নদী (পম্বা)|বৰাট্টাৰ
  • কুত্তেম্পেৰুৰ
  • উথৰাপ্পাল্লী নদী|উথৰাপ্পাল্লীয়াৰ
  • কোলাৰায়াৰ
  • নজু নুংগাৰ
  • মদথাৰুৱী
  • কঝিথোডু
  • থানুংগাত্তিলথোডু
  • মূঝীয়াৰ

অৱবাহিকাৰ ভূ-প্ৰকৃতি, জলাশয় আৰু কমাণ্ড এৰিয়া

কেৰালাৰ আন সকলো নদী অববাহিকাৰ দৰে পম্বা অৱবাহিকাকো উচ্চতাৰ ওপৰত ভিত্তি কৰি তিনিটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি; সেইসমূহ হ’ল— নিম্নভূমি বা উপকূলীয় অঞ্চল, মধ্যভূমি আৰু উচ্চভূমি। হ্ৰদসমূহৰ সীমান্তৰ সমান্তৰালভাৱে থকা উপকূলীয় অংশটো কিছু দূৰলৈ সমতল, ইয়াৰ পিছৰ অংশটো ক্ৰমে ঢালযুক্ত হৈ পূব দিশত পাহাৰ-পৰ্বতৰ ৰূপ লৈছে। সাগৰীয় উপকূলৰ সমান্তৰালভাৱে থকা নিম্নভূমি অঞ্চলটো সাধাৰণতে জলাহভূমি আৰু বাৰিষাৰ সময়ত বানপানীৰদ্বাৰা প্লাৱিত হোৱাৰ প্ৰৱণতা থাকে। নিম্নভূমিৰ পিছত ক্ৰমে ঢালযুক্ত সমভূমি/মধ্যভূমি আৰু তাৰ মাজত কিছুমান সৰু পাহাৰ পোৱা যায়। পূব অংশত থকা উচ্চভূমি অঞ্চলটো দীঘলীয়া পাহাৰীয়া ঢাল, ঘন অৰণ্য, গভীৰ গিৰিপথ আৰু জোপোহা জংঘলেৰে ভৰি আছে। এই সকলোবোৰ ঢালৰ ওপৰত থিয় হৈ আছে পশ্চিম ঘাট পৰ্বতমালা, যিয়ে এই অৱবাহিকাৰ পূব সীমা গঠন কৰিছে।৩

কুত্তানাদ হৈছে কেৰালাৰ এক নদী বদ্বীপ (River delta) অঞ্চল, যি ইয়াৰ বিশাল ধাননি পথাৰ আৰু ভৌগোলিক বৈশিষ্ট্যৰ বাবে জনাজাত।৪ এই অঞ্চলটো আলাপ্পুঝা, কট্টায়ম আৰু পথনমিঠট্টা জিলাত অৱস্থিত। এই অঞ্চলটোৰ উচ্চতা ভাৰতৰ ভিতৰতে আটাইতকৈ কম, আৰু বিশ্বৰ ভিতৰতে এনে এক বিৰল স্থান য’ত সাগৰ পৃষ্ঠৰপৰা প্ৰায় ৪ৰপৰা ১০ ফুট তলত কৃষি কাৰ্য কৰা হয়। বদ্বীপৰ মাজত থকা উদ্ধাৰ কৰা ভূমিত ঘাইকৈ এই ধানখেতি কৰা হয়।৪ দক্ষিণ ভাৰতৰ প্ৰাচীন ইতিহাসত কুত্তানাদৰ ঐতিহাসিক গুৰুত্ব আছে আৰু ই ৰাজ্যখনৰ প্ৰধান ধান উৎপাদক অঞ্চল। কুত্তানাদৰ খেতিয়কসকল বায়’ছেলাইন কৃষিৰ বাবে বিখ্যাত। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই ২০১৩ চনত কুত্তানাদৰ কৃষি প্ৰণালীক এক ‘গোলকীয়ভাৱে গুৰুত্বপূৰ্ণ কৃষি ঐতিহ্য প্ৰণালী’ হিচাপে ঘোষণা কৰিছে। কেৰালাৰ চাৰিখন প্ৰধান নদী— পম্বা, মীনক্ষিল, আচানকোভিল আৰু মনিমালা এই অঞ্চললৈ বৈ আহিছে।

বিপন্ন অৱস্থা

পম্বা নদী নিকা কৰি ৰাখিবলৈ শবৰীমালাৰ নাডাপ্পান্থালৰ ওচৰত স্থাপন কৰা এখন তথ্য ফলক
পম্বা নদী নিকা কৰি ৰাখিবলৈ শবৰীমালাৰ নাডাপ্পান্থালৰ ওচৰত স্থাপন কৰা এখন তথ্য ফলকছবি: Effulgence108 · CC0

খৰাং পৰিস্থিতি আৰু চৰকাৰৰ সংৰক্ষণ তথা সুৰক্ষাৰ অভাৱৰ বাবে পম্পা নদীখন বৰ্তমান এটি সৰু জুৰিলৈ সংকুচিত হৈ পৰিছে আৰু বহু ঠাইত সম্পূৰ্ণৰূপে শুকাই গৈছে। ইয়াৰ ফলত কাষৰীয়া কুঁৱাবোৰো শুকাই গৈছে। ধাননি পথাৰৰ দৰে কৃষিকাৰ্যৰ বাবে পানীৰ নাটনি দেখা গৈছে। বিশেষজ্ঞসকলে এই ভয়াবহ পৰিস্থিতিৰ প্ৰতি চৰকাৰী সজাগতা বৃদ্ধি কৰিবলৈ আৰু পৰিৱেশ ধ্বংস কৰা উন্নয়নমূলক কাৰ্যকলাপসমূহ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে।৫

কেৰালা উচ্চ ন্যায়ালয়ে শবৰীমালা ভ্ৰমণ কৰা একাংশ দৰ্শকে নদীত কাপোৰ পেলাই দিয়াৰ ফলত হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।৬ ‘পুণ্যম পুংকাৱনম’ প্ৰকল্পৰ অংশ হিচাপে পম্বা নদীত গা-ধোৱাৰ সময়ত তীৰ্থযাত্ৰীসকলক চাবোন আৰু তেল ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে। তেওঁলোকক এই পৱিত্ৰ নদীত কাপোৰকে ধৰি কোনো সামগ্ৰী নেপেলাবলৈও অনুৰোধ জনোৱা হৈছে। এক বহল পৰিসৰত এই প্ৰকল্পৰ লক্ষ্য হৈছে পম্বা আৰু শবৰীমালাৰ বাহিৰেও সমগ্ৰ অঞ্চলটোত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সেউজীয়াৰ বাৰ্তা প্ৰসাৰ কৰা।৭

হিন্দু ধৰ্মত তাৎপৰ্য

সবৰীমালাৰ ওচৰত পম্বা নদী
সবৰীমালাৰ ওচৰত পম্বা নদীছবি: Adarshjchandran · CC BY-SA 4.0

ভগৱান আয়েপ্পা শ্ৰী ধৰ্মশাস্তা পন্দলমৰ ৰজাৰ সন্মুখত পম্বা নদীৰ পাৰত এজন শিশু হিচাপে আৱিৰ্ভাৱ হৈছিল। পম্বা নদীক কেৰালাৰ গংগা হিচাপে শ্ৰদ্ধা কৰা হয় আৰু ভগৱান আয়েপ্পাৰ ভক্তসকলে বিশ্বাস কৰে যে পম্বা নদীত ডুব দিয়াটো পৱিত্ৰ গংগা নদীত স্নান কৰাৰ সমতুল্য।৮ নদীত স্নান কৰিলে এজন ব্যক্তিৰ পাপ মোচন হয় বুলি বিশ্বাস কৰা হয় আৰু সবৰীমালা পাহাৰৰ ওপৰত থকা আয়েপ্পা মন্দিৰলৈ অৰণ্যৰ মাজেৰে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে এই স্নান কৰাটো বাধ্যতামূলক। বাল্মীকি ৰামায়ণতো পম্বাৰ উল্লেখ পোৱা যায় য’ত ৰামে বৃদ্ধ ভক্ত সবৰীক দৰ্শন কৰিছিল।৯ এই সংযোগৰ বাবেই এই পাহাৰটোৰ নাম সবৰীমালা ৰখা হৈছিল যাৰ অৰ্থ হৈছে সবৰীৰ পাহাৰ।

ধৰ্মীয় সন্মিলনসমূহ

চেৰুকোলপুঝা সন্মিলন নামৰ এক গুৰুত্বপূৰ্ণ বাৰ্ষিক হিন্দু ধৰ্মীয় সন্মিলন চেৰুকোলত পম্বা নদীৰ বালিময় পাৰত অনুষ্ঠিত হয়। আনহাতে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ খ্ৰীষ্টান ধৰ্মীয় সন্মিলন মাৰামন সন্মিলন পম্বা নদীৰ পাৰৰ মাৰামনত অনুষ্ঠিত হয়।১০

নাও খেল

বল্লাম কালী যাক সাপ নাও খেল বুলিও জনা যায় হৈছে কেৰালাৰ পুন্নমদা হ্ৰদ আৰু ইয়াৰ আশে-পাশে থকা নদীসমূহত অনুষ্ঠিত হোৱা পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। ১৫৪৫ খ্ৰীষ্টাব্দৰ পুৰণি চম্পাকুলাম মূলম নাও খেল হৈছে কেৰালাৰ অন্যতম পুৰণি বল্লাম কালী।১১১২১৩১৪ এই প্ৰতিযোগিতাখন পম্বা নদীৰ চম্পাকুলামত অনুষ্ঠিত হয়। আনহাতে পল্লিয়োডাম নামৰ বিশেষ নাও ব্যৱহাৰ হোৱা আৰণমুলা নাও খেল হৈছে আৰণমুলাত ওণম উৎসৱ আৰু বল্লাসাধ্য উৎসৱৰ অংশ হিচাপে অনুষ্ঠিত হোৱা এক বাৰ্ষিক প্ৰতিযোগিতা।১৫

তথ্যসূত্ৰ

  1. ↑ Integrated Hydrological Data Book. Central Water Commission. পৃ. 35–36
  2. ↑ Home page of Pampa Parirakshana Samithy Kerala State India. savepampa.org
  3. ↑ Report made by National Water Development Agency on Interlinking of Pamba with Vaippar
  4. ↑ Kuttanad Below Sea Level Farming System · FAO. www.fao.org
  5. ↑ Kuttoor, Radhakrishnan. (7 March 2014). As Pampa shrinks, life ebbs away. The Hindu
  6. ↑ (21 November 2015). Temple plans to challenge ban on throwing clothes in Pamba river. Mathrubhumi
  7. ↑ VSC supports Sabarimala Clean Drive 'Punyam Poonkavanam'
  8. ↑ পম্বা নদীক ইয়াৰ ধৰ্মীয় পৱিত্ৰতাৰ বাবে কেৰালাৰ গংগা বুলি অভিহিত কৰা হয়।
  9. ↑ ৰামায়ণ মহাকাব্যৰ কিষ্কিন্ধা কাণ্ডত পম্বা নদী আৰু সবৰীৰ আশ্ৰমৰ বিতং বৰ্ণনা পোৱা যায়।
  10. ↑ River Pamba, a veritable signature of a rich culture Kerala Tourism
  11. ↑ Champakulam Moolam Boat race at Champakulam, Alappuzha (Alleppey) Kerala state, India. alappuzhaonline.com
  12. ↑ Moolam Boat Race Champakulam - My-Kerala.com
  13. ↑ Champakulam Moolam Boat Race at zonkerala.com
  14. ↑ Champakulam Moolam Boat Race video
  15. ↑ Aranmula - Unique Heritage Village in Pathanamthitta, Kerala Kerala Tourism

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নদীকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পম্বা নদী” প্ৰবন্ধৰ সংশোধন ৬২২২১২ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।