কেৰালাৰ সংস্কৃতি
২৫ প্ৰবন্ধ
-
কুডিয়াট্টম
কুডিয়াট্টম ( കൂടിയാട്ടം; IAST: kūṭiyāṭṭaṁ; ) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা পৰম্পৰাগত পৰিৱেশ্য কলা ৰূপ। এয়া হৈছে প্ৰাচীন সংস্কৃত নাট্যশালা আৰু সংগম যুগৰ এক প্ৰাচীন পৰিৱেশ্য কলা কুথুৰ উপাদানসমূহৰ এক সংমিশ্ৰণ।
-
কেৰালাৰ সংস্কৃতি
কেৰালাৰ সংস্কৃতি বহু হাজাৰ বছৰ ধৰি গঢ়ি উঠিছে। ইয়াৰ ওপৰত ভাৰতৰ অন্যান্য অংশ আৰু বিদেশৰ প্ৰভাৱ পৰিছে। এই সংস্কৃতি ইয়াৰ প্ৰাচীনতা আৰু মালয়ালী লোকসকলৰ ধাৰাবাহিকতাৰ বাবে জনাজাত। প্ৰাচীন কালত ভাৰতৰ বিভিন্ন প্ৰান্ত আৰু বিদেশৰপৰা অহা প্ৰব্ৰজনৰ বাবে আধুনিক কেৰালা সমাজখন গঢ়ি উঠিছিল।
-
কালৰিপায়াট্টু
কালৰিপায়াট্টু (Kalaripayattu, ), যাক চমুকৈ কালৰি বুলিও জনা যায়, হৈছে এক ভাৰতীয় সমৰকলা। ই খ্ৰীষ্টীয় ১১-১২ শতিকাৰ সময়ছোৱাত আধুনিক কেৰালাত উৎপত্তি হৈছিল।
-
কুম্মাট্টিকলি
কুম্মাট্টিকলি (ইংৰাজী: Kummattikali) হৈছে কেৰালাৰ এক বিখ্যাত আৰু ৰঙীন মুখা-নৃত্য। এই নৃত্য প্ৰধানকৈ ত্ৰিছূৰ জিলা, পালক্কাড জিলা আৰু দক্ষিণ মালাবাৰৰ কিছু অংশত প্ৰচলিত। ওনাম উৎসৱৰ সময়ত কুম্মাট্টিকলি শিল্পীসকলে মানুহৰ ঘৰে ঘৰে গৈ সৰু সৰু উপহাৰ সংগ্ৰহ কৰে আৰু লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।
-
পদ্মনাভপুৰম প্ৰাসাদ
পদ্মনাভপুৰম প্ৰাসাদ ট্ৰাভাংকোৰ যুগৰ এক প্ৰাসাদ। ইয়াক কলকুলাম প্ৰাসাদ নামেৰেও জনা যায়। এই প্ৰাসাদটো ভাৰতৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰী জিলাৰ পদ্মনাভপুৰমত অৱস্থিত। এই প্ৰসাদটো কেৰালা চৰকাৰৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণত আছে আৰু তেওঁলোকেই ইয়াৰ চোৱা-চিতা কৰে।
-
কুথু
কুথু বা থেৰুকুথু এক প্ৰাচীন তামিল শিল্পকলা। ইয়াত শিল্পীসকলে নৃত্য আৰু সংগীতৰ মাধ্যমেৰে মহাকাব্য তথা লোককথাৰ দৃশ্যসমূহ ৰূপায়ণ কৰে। এইটো গল্প কোৱাৰ এক কলা মাধ্যম, যাৰ উৎপত্তি প্ৰাচীন তামিলকামত হৈছিল। ই মনোৰঞ্জনৰ মাধ্যম হোৱাৰ লগতে মানুহক ধৰ্ম আৰু ইতিহাসৰ শিক্ষা দিয়াৰো এটা আহিলা আছিল।
-
কেৰালা নটনম
কেৰালা নটনম (, অৰ্থাৎ কেৰালা নৃত্য এক নতুন নৃত্য শৈলী। ইয়াক বৰ্তমান এক সুকীয়া কলা হিচাপে স্বীকৃতি দিয়া হৈছে। এই কলাবিধ ভাৰতীয় নৃত্য-নাটিকাৰ এটা ৰূপ কথাকলিৰ পৰা বিকশিত হৈছে।
-
ভেলাকালি
ভেলাকালি ভাৰতৰ কেৰালা ৰাজ্যৰ নায়াৰ সমাজৰ এক পৰম্পৰাগত যুদ্ধ নৃত্য। ইয়াক সাধাৰণতে কেৰালাৰ মন্দিৰ উৎসৱসমূহৰ সময়ত প্ৰদৰ্শন কৰা হয়। এই নৃত্যৰ সময়ত উজ্জ্বল সাজ-পোছাক পিন্ধা নৰ্তকসকলে হাতত তৰোৱাল আৰু ঢাল লৈ পাণ্ডৱ আৰু কৌৰৱৰ মাজৰ যুদ্ধৰ দৃশ্য ৰূপায়ণ কৰে।
-
কৃষ্ণনাট্টম
কৃষ্ণনাট্টম ভাৰতৰ কেৰালা ৰাজ্যৰ এটা মন্দিৰৰ এবিধ নৃত্য-নাট্য কলা।। ইয়াত কৃষ্ণৰ কাহিনী অভিনয় কৰি দেখুওৱা হয়। কেৰালাৰ কোঝিকোডৰ ৰজা মানৱেদে ইয়াক সৃষ্টি কৰিছিল। কেৰালাৰ ত্ৰিশূৰৰ জিলাৰ গুৰুৱায়ুৰ শ্ৰীকৃষ্ণ মন্দিৰত এই শিল্প আজীৱন জীয়াই আছে। ই কথাকলি নৃত্যৰ মূল প্ৰাচীন ৰূপ।
-
কেৰালাৰ সংগীত
কেৰালা ৰাজ্যৰ এক অতি ব্যাপক আৰু চহকী সংগীত পৰম্পৰা আছে। ইয়াৰ গীতসমূহৰ মাজত নৱম শতিকাৰ মালয়ালম সাহিত্যৰ সমল পোৱা যায়। মালয়ালম ভাষাৰ মাজেৰে লোক-কবিতা আৰু সংগীতৰ গুৰুত্ব প্ৰতিষ্ঠা হৈছিল। এই অঞ্চলৰ সংগীত কেইবাটাও বেলেগ বেলেগ দিশত বিকশিত হৈছিল।
-
চাক্যাৰ কুথু
চাক্যাৰ কুথু (Chakyar Koothu) ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত প্ৰদৰ্শনকাৰী কলা। ই মূলত এবিধ একক অভিনয় বা একক নাট্য যত অভিনেতাগৰাকীয়ে বিভিন্ন হিন্দু ধৰ্মগ্ৰন্থ (যেনে— ৰামায়ণ আৰু মহাভাৰত) আৰু পুৰাণৰ আখ্যানসমূহ বৰ্ণনা কৰে।
-
পৰদেশী ইহুদী উপাসনাগৃহ
পৰদেশী ইহুদী উপাসনাগৃহ বা মাট্টানচেৰী ইহুদী উপাসনাগৃহ (പരദേശി ജൂതപള്ളി) এটা ইহুদী উপাসনাগৃহ। এইটো ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ মাট্টানচেৰী জু টাউনত অৱস্থিত। ইয়াক ১৫৬৮ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ইয়াক চামুৱেল কাষ্টিয়েল, ডেভিদ বেলিলে আৰু জোচেফ লেভীয়ে নিৰ্মাণ কৰিছিল।
-
সোপানা সংগীতম
সোপানা সংগীতম এবিধ ভাৰতীয় শাস্ত্ৰীয় সংগীত। এই সংগীত ধাৰা দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ মন্দিৰসমূহৰ ভিতৰত গঢ়ি উঠিছিল। জয়দেৱৰ 'গীত গোবিন্দম' বা অষ্টপদীসমূহ গায়ন কৰাৰ এক শাস্ত্ৰীয় শৈলী হিচাপে ইয়াৰ বিকাশ ঘটে।
-
কাক্কাৰিচ্ছি নাটকম
কাক্কাৰিচ্ছি নাটকম দক্ষিণ ভাৰতৰ এবিধ পৰম্পৰাগত লোকনাট্য বা নৃত্য-নাটিকা। ইয়াত সংগীতৰ প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ। এই শিল্পৰ উৎপত্তি ঘাইকৈ কেৰালা আৰু তামিলনাডু ৰাজ্যৰপৰা হৈছিল। ই মূলত কেৰালা ৰাজ্যৰ সৈতে আটাইতকৈ বেছি জড়িত।
-
কালামপাট্টু
কালামপাট্টু ভাৰতৰ কেৰালা ৰাজ্যৰ এটা পৰম্পৰাগত পৰিৱেশ্য কলা। এই অনুষ্ঠানটো এটা ধৰ্মীয় উছৰ্গা হিচাপে কৰা হয়। পাট্টু কুৰুপ নামৰ এটা পৰম্পৰাগত সমাজে এই কামৰ দায়িত্ব লয়। ভদ্ৰকালী, আয়াপ্পান আৰু ভেট্টাক্কোৰুমাকান আদি দেৱ-দেৱীৰ আশীৰ্বাদ পাবলৈ এই পূজা কৰা হয়।
-
কুথিয়োট্টম
কুথিয়োট্টম দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত প্ৰচলিত এক পৰম্পৰাগত ধৰ্মীয় লোককলা আৰু আধ্যাত্মিক নৃত্য শৈলী। এই ধৰ্মীয় অনুষ্ঠানটো মূলতঃ কেৰালাৰ বিভিন্ন দেৱী মন্দিৰত উদযাপিত বাৰ্ষিক পোংগল উৎসৱৰ এক অপৰিহাৰ্য অংগ হিচাপে পৰিৱেশন কৰা হয়।
-
কেৰালাৰ দেৱাল চিত্ৰকলা
কেৰালাৰ দেৱাল চিত্ৰকলা কেৰালাৰ হিন্দু পুৰাণৰ আখ্যানসমূহক ফুটাই তোলা এক বিশেষ ধৰণৰ ফ্ৰেছক’ বা ভিত্তিচিত্ৰ। [ভাৰত]]ৰ কেৰালাত থকা প্ৰাচীন মন্দিৰ আৰু প্ৰাসাদসমূহত এই দেৱাল চিত্ৰকলাৰ এক চহকী পৰম্পৰা দেখিবলৈ পোৱা যায়। এই চিত্ৰসমূহ মূলতঃ নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ।
-
কেৰালাৰ সংস্কৃতিত হাতী
কেৰালাৰ থলুৱা হাতীবোৰ হৈছে ভাৰতীয় হাতী (Elephas maximus indicus)। ই এছিয়ান হাতীৰ তিনিটা স্বীকৃত উপপ্ৰজাতিৰ ভিতৰত অন্যতম। ১৯৮৬ চনৰপৰা এছিয়ান হাতীক আইইউচিএন (IUCN)ৰদ্বাৰা বিলুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিগত তিনিটা প্ৰজন্মত বিশ্বজুৰি এই হাতীৰ জনসংখ্যা প্ৰায় ৫০% হ্ৰাস পাইছে।
-
কোচিৰ সংস্কৃতি
কোচি, ভাৰতৰ কেৰালা ৰাজ্যৰ এটা চহৰ আৰু বন্দৰ। চহৰখনৰ সংস্কৃতি মূলতঃ দক্ষিণ ভাৰতীয়। কোচিৰ বাসিন্দাসকলক কোচিটিছ বুলি কোৱা হয়। তেওঁলোক দক্ষিণ ভাৰতীয় সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ। কেৰালাৰ সৰ্ববৃহৎ চহৰ হিচাপে, কোচিৰ সংস্কৃতি ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট নগৰীয়া।
-
চাভিট্টু নাদকম
চাভিট্টু নাদকম (Chavittu Nadakam) হৈছে ভাৰতৰ কেৰালা ৰাজ্যত উৎপত্তি হোৱা এক বিশেষ নাট্যশৈলী। ইয়াৰ উৎপত্তিস্থল হিচাপে সাধাৰণতে কোচিৰ ফ'ৰ্ট কোচি অঞ্চলক ধৰা হয়, আৰু ই মূলতঃ সেই অঞ্চলৰ লেটিন খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে জড়িত।
-
থোলপাভাকুথু
থলপাভাকুথু ( মালয়ালম:തോൽപ്പാവക്കൂത്ത്, তামিল:தோல்பாவைக்கூத்து) ভাৰতৰ কেৰেলা আৰু তামিলনাডুত প্ৰচলিত এক প্ৰকাৰৰ ছাঁয়া পুতলা নাটক। চামৰাৰ সহায়ত নিৰ্মিত পুতলা ব্যৱহাৰ কৰি মন্দিৰত বা গাঁৱে-ভূঞে বিশেষভাৱে নিৰ্মিত থিয়েটাৰ মঞ্চত এই নাট পৰিবেশন কৰা হয়।
-
বিষ্ণুমূৰ্তি থেয়্যাম
বিষ্ণুমূৰ্তি থেয়্যাম ভাৰতৰ কেৰালা আৰু কৰ্ণাটক ৰাজ্যৰ এবিধ পৰম্পৰাগত ধৰ্মীয় নৃত্য উপাসনা। থেয়্যাম কৃষ্টিৰ অন্তৰ্গত এই শিল্পৰ ইতিহাস কেইবা হাজাৰ বছৰ পুৰণি। ইয়াৰ পৰিৱেশনত অত্যন্ত জটিল নিয়ম আৰু আচাৰ-অনুষ্ঠান পালন কৰা হয়।
-
ভিল্লু পাট্টু
ভিল্লু পাট্টু (Villu Paatu) হৈছে দক্ষিণ ভাৰতৰ এবিধ প্ৰাচীন সংগীতধৰ্মী সাধু কোৱা পদ্ধতি। ইয়াক 'ভিল্লাডিচ্চান পাট্টু' বুলিও কোৱা হয়। ইয়াৰ পৰিৱেশনত গীতৰ মাজে মাজে কাহিনী বৰ্ণনা কৰা হয়। এই পৰম্পৰাগত কলাবিধ মূলত তামিলনাডু আৰু কেৰালা ৰাজ্যৰ উপৰি শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চলতো প্ৰচলিত।
-
মাপ্পিলা সংগীত
মাপ্পিলা সংগীত (বা মাপ্পিলা পাট্টু) (Mappila songs) হৈছে ভাৰতৰ কেৰালাৰ মালাবাৰ অঞ্চলত বসবাস কৰা মাপ্পিলা ( মুছলমান) সম্প্ৰদায়ৰ এক লোকসংগীতধাৰা৷ এই গীতসমূহ আৰবী মালায়ালম ভাষাত ৰচিত গীতিকাৰৰ ওপৰত ভিত্তি কৰি, এক বিশেষ সুৰৰীতি বা ইশান অনুসৰি পৰিৱেশন কৰা হয়৷ মাপ্পিলা গীতৰ এক স্বকীয় সাংস্কৃতিক পৰিচয়…
-
ৱাডাক্কান পাট্টুকল
ৱাডাক্কান পাট্টুকল (Vadakkan Pattukal, উত্তৰৰ মালিতাসমূহ) মধ্যযুগৰ দ্বাদশৰপৰা বিংশ শতিকালৈকে মালয়ালম ভাষাৰ মালিতাসমূহৰ এটা সংগ্ৰহ। ইয়াৰ কাহিনীসমূহত "বীৰত্ব আৰু ত্যাগ" প্ৰদৰ্শনৰ জৰিয়তে মূলতঃ 'বীৰ ৰস' প্ৰকাশ পাইছে।