অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পদ্মনাভপুৰম প্ৰাসাদ

পদ্মনাভপুৰম প্ৰাসাদ ট্ৰাভাংকোৰ যুগৰ এক প্ৰাসাদ। ইয়াক কলকুলাম প্ৰাসাদ নামেৰেও জনা যায়। এই প্ৰাসাদটো ভাৰতৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰী জিলাৰ পদ্মনাভপুৰমত অৱস্থিত। এই প্ৰসাদটো কেৰালা চৰকাৰৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণত আছে আৰু তেওঁলোকেই ইয়াৰ চোৱা-চিতা কৰে।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৫১৬ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পদ্মনাভপুৰম প্ৰাসাদ ট্ৰাভাংকোৰ যুগৰ এক প্ৰাসাদ। ইয়াক কলকুলাম প্ৰাসাদ নামেৰেও জনা যায়। এই প্ৰাসাদটো ভাৰতৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰী জিলাৰ পদ্মনাভপুৰমত অৱস্থিত। এই প্ৰসাদটো কেৰালা চৰকাৰৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণত আছে আৰু তেওঁলোকেই ইয়াৰ চোৱা-চিতা কৰে।

পদ্মনাভপুৰম তাহানিৰ ট্ৰাভাংকোৰ ৰাজ্যৰ প্ৰাক্তন ৰাজধানী চহৰ। এই ঠাইডোখৰ নাগৰকোইলৰপৰা প্ৰায় ২০ কিলোমিটাৰ, কন্যাকুমাৰী চহৰৰপৰা ৩৯ কিলোমিটাৰ আৰু কেৰালাৰ তিৰুৱনন্তপুৰমৰপৰা ৫২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।১ প্ৰাসাদৰ চৌহদটো প্ৰায় চাৰি কিলোমিটাৰ দীঘল এটা পুৰণি গ্ৰেনাইট দুৰ্গৰ ভিতৰত অৱস্থিত। এই প্ৰাসাদটো পশ্চিমঘাট পৰ্বতমালাৰ অংশ ভেলী পাহাৰৰ পাদদেশত অৱস্থিত। ইয়াৰ কাষেৰে বল্লী নদী বৈ গৈছে।২

ইতিহাস

১৫৯২ চনৰপৰা ১৬০৯ চনৰ ভিতৰত ভেনাদ শাসন কৰা ইৰাভি বৰ্মা কুলশেখৰ পেৰুমলে ১৬০১ খ্ৰীষ্টাব্দৰ আশে-পাশে এই প্ৰাসাদটো নিৰ্মাণ কৰিছিল। আধুনিক ট্ৰাভাংকোৰৰ প্ৰতিষ্ঠাপক ৰজা অনিঝাম তিৰুনাল মাৰ্তণ্ড বৰ্মাই (১৭০৬–১৭৫৮), যিয়ে ১৭২৯ চনৰপৰা ১৭৫৮ চনলৈ ট্ৰাভাংকোৰ শাসন কৰিছিল, ১৭৫০ চনৰ আশে-পাশে এই প্ৰাসাদটো পুনৰ নিৰ্মাণ কৰে। ৰজা মাৰ্তণ্ড বৰ্মাই নিজৰ ৰাজ্যখন তেওঁৰ বংশগত দেৱতা ভগৱান বিষ্ণুৰ এক ৰূপ শ্ৰী পদ্মনাভৰ চৰণত উছৰ্গা কৰিছিল আৰু পদ্মনাভ দাস অৰ্থাৎ ভগৱান পদ্মনাভৰ সেৱক হিচাপে ৰাজ্য শাসন কৰিছিল। সেইবাবেই এই ঠাইৰ নাম পদ্মনাভপুৰম অৰ্থাৎ ভগৱান পদ্মনাভৰ নগৰী ৰখা হয়।

১৭৯৫ চনত ট্ৰাভাংকোৰৰ ৰাজধানী ইয়াৰপৰা তিৰুৱনন্তপুৰমলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াৰ ফলত এই ঠাইডোখৰে পূৰ্বৰ গৌৰৱ হেৰুৱাই পেলায়। ১৮৩৯ চনৰপৰা প্ৰাসাদটোত নৱৰাত্ৰি উৎসৱ উদ্‌যাপন কৰা বন্ধ হয়, যাৰ ফলত ইয়াৰ অধিক অৱনতি ঘটে।৩

১৯৩৫ চনত ট্ৰাভাংকোৰ ৰাজপৰিয়ালৰ সহযোগত এই প্ৰাসাদটোক এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়। ভাষাৰ ভিত্তিত যেতিয়া ভাৰতৰ ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিল আৰু কন্যাকুমাৰীক তামিলনাডুৰ অন্তৰ্ভুক্ত কৰা হৈছিল, তেতিয়াও এই প্ৰাসাদটো কেৰালা চৰকাৰৰ মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণতে থাকি গৈছিল। বৰ্তমান কেৰালা চৰকাৰৰ পুৰাতত্ত্ব বিভাগে এই প্ৰাসাদটোৰ চোৱা-চিতা কৰে।৩

নিৰ্মাণ

এই প্ৰাসাদ চৌহদটো পৰম্পৰাগত কেৰালা স্থাপত্যশৈলীৰ অন্যতম শ্ৰেষ্ঠ উদাহৰণ হিচাপে পৰিগণিত হৈ আহিছে। এই বিশাল চৌহদৰ কিছুমান অংশ পৰম্পৰাগত কেৰালা শৈলীৰ স্থাপত্যৰ এক উৎকৃষ্ট নিদৰ্শন।

অনন্য কক্ষসমূহ

মন্ত্ৰশালা (ৰজাৰ মন্ত্ৰণাকক্ষ)
মন্ত্ৰশালা (ৰজাৰ মন্ত্ৰণাকক্ষ)ছবি: This Photo was taken by Timothy A. Gonsalves. Feel free to use my photos, but pl · CC BY-SA 4.0
নৃত্যশালা, নাটকশালা
নৃত্যশালা, নাটকশালাছবি: This Photo was taken by Timothy A. Gonsalves. Feel free to use my photos, but pl · CC BY-SA 4.0
তেক্কে কট্টাৰাম ঐতিহ্য সংগ্ৰহালয় (পূৰ্বৰ গ্ৰীষ্মকালীন প্ৰাসাদ)
তেক্কে কট্টাৰাম ঐতিহ্য সংগ্ৰহালয় (পূৰ্বৰ গ্ৰীষ্মকালীন প্ৰাসাদ)ছবি: This Photo was taken by Timothy A. Gonsalves. Feel free to use my photos, but pl · CC BY-SA 4.0

পদ্মনাভপুৰম প্ৰাসাদ চৌহদটো কেইবাটাও গাঁথনিৰে গঠিত:

  • মন্ত্ৰশালা, ৰজাৰ মন্ত্ৰণাকক্ষ
  • থাই কট্টাৰাম (തായ് കൊട്ടാരം), ১৫৫০ চনৰ আগতে নিৰ্মিত
  • নাটকশালা, প্ৰদৰ্শনী গৃহ বা নাট্যশালা
  • চৌহদৰ কেন্দ্ৰভাগত অৱস্থিত এটা চাৰি মহলীয়া অট্টালিকা
  • তেক্কে কট্টাৰাম, দক্ষিণ প্ৰাসাদ
  • ইন্দিৰা বিলাস সম, অতিথি আৰু বিদেশী গণ্য-মান্য ব্যক্তিসকলক আদৰিবলৈ নিৰ্মাণ কৰা এটা অতিথিশালা

কেন্দ্ৰীয় অট্টালিকা

এই চাৰি মহলীয়া ভৱনটো প্ৰাসাদ চৌহদৰ ঠিক মাজভাগত অৱস্থিত। ইয়াৰ ভূমিতলত ৰাজকীয় কোষাগাৰ আছে। প্ৰথম মহলত ৰজাৰ শুব পৰা কোঠা আছে। ইয়াৰ অলংকৃত পালেংখন ৬৪প্ৰকাৰৰ ঔষধি কাঠেৰে তৈয়াৰ কৰা হৈছিল, যিখন ওলন্দাজ (ডাচ) ব্যৱসায়ীসকলে উপহাৰ দিছিল। এই কোঠাবোৰৰ আৰু প্ৰাসাদ চৌহদৰ অন্যান্য অংশৰ বেৰত তৰোৱাল আৰু কটাৰৰ দৰে অস্ত্ৰ-শস্ত্ৰ সংৰক্ষণ কৰিবলৈ বিশেষ ব্যৱস্থা আছিল। দ্বিতীয় মহলত ৰজাৰ জিৰণি আৰু অধ্যয়ন কোঠা আছে। ইয়াত ৰজাই উপবাসৰ দিনবোৰত সময় কটাইছিল। আটাইতকৈ ওপৰৰ মহলাটোক (যাক 'উপ্পৰিক্কা মালিকা' বুলি কোৱা হয়) ৰাজপৰিয়ালৰ উপাসনা কক্ষ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বেৰবোৰ অষ্টাদশ শতিকাৰ উৎকৃষ্ট দেৱালচিত্ৰৰে সজোৱা হৈছে। ইয়াত পুৰাণৰ দৃশ্য আৰু সেই সময়ৰ ট্ৰাভাংকোৰৰ সামাজিক জীৱনৰ কিছু দৃশ্য অংকন কৰা হৈছে। ওপৰৰ মহলাটো শ্ৰী পদ্মনাভ স্বামীৰ কোঠা বুলি ধৰা হৈছিল। এই ভৱনটো ৰজা মাৰ্তণ্ড বৰ্মাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। তেওঁ নিজকে পদ্মনাভ দাস বুলি ঘোষণা কৰিছিল আৰু শ্ৰী পদ্মনাভ স্বামীৰ সেৱক হিচাপে ট্ৰাভাংকোৰ ৰাজ্য শাসন কৰিছিল।

দক্ষিণ প্ৰাসাদ

পুৰণি গ্ৰামোফোন টাৰ্নটেবল
পুৰণি গ্ৰামোফোন টাৰ্নটেবলছবি: This Photo was taken by Timothy A. Gonsalves. Feel free to use my photos, but pl · CC BY-SA 4.0
পুৰণি ঘৰুৱা সামগ্ৰীসমূহ
পুৰণি ঘৰুৱা সামগ্ৰীসমূহছবি: This Photo was taken by Timothy A. Gonsalves. Feel free to use my photos, but pl · CC BY-SA 4.0

থেক্কে কট্টাৰাম বা নিৰাপ্পূৰা নামেৰে জনাজাত দক্ষিণ প্ৰাসাদটো এক ৰাজহুৱা পথৰদ্বাৰা মূল প্ৰাসাদ চৌহদৰপৰা পৃথক হৈ আছে। এই আৱাসিক চৌহদটো তিনিটা ভৱনেৰে গঠিত। মূল আৱাসিক ভৱনটোক 'থাই ভিডু' বুলি কোৱা হয়। পশ্চিমমুখী মূল প্ৰাসাদৰ বিপৰীতে ই পূবমুখী। ইয়াৰ প্ৰৱেশদ্বাৰৰ সন্মুখত 'থেক্কথ' (ব্যক্তিগত উপাসনা স্থল) আছে। তৃতীয়টো ভৱন হৈছে এটা পুখুৰীৰ কাষত থকা 'কুলাপ্পুৰা' (স্নান ঘাট আৰু আশ্ৰয়স্থল)।৪

১৯৯৩ চনত থেক্কে কট্টাৰামক এটা ঐতিহ্য সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়। ইয়াত প্ৰাচীন ঘৰুৱা সামগ্ৰী আৰু বিৰল বস্তুসমূহ প্ৰদৰ্শন কৰা হৈছে। এই সামগ্ৰীসমূহৰ সংগ্ৰহে পূৰ্বৰ সময়ৰ পৰম্পৰাগত কেৰালাৰ ঘৰুৱা সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ এক আভাস দিয়ে।৪

উপ্পিৰিক্কা মালিকা

উপ্পিৰিক্কা মালিকা
উপ্পিৰিক্কা মালিকাছবি: This Photo was taken by Timothy A. Gonsalves. Feel free to use my photos, but pl · CC BY-SA 4.0

থাই কট্টাৰামৰ উত্তৰ-পশ্চিম দিশত এই ৰাজকীয় চৌহদৰ অন্যতম উল্লেখযোগ্য অংশ উপ্পিৰিক্কা মালিকা (ഉപ്പിരിക്ക മാളിക) অৱস্থিত। এই চৌহদটো ১৭৪৫ চনত ৰজা মাৰ্তণ্ড বৰ্মাই নিৰ্মাণ কৰিছিল। এই ভৱনৰ ভূমিতলত ট্ৰাভাংকোৰৰ ৰাজকীয় কোষাগাৰ আছিল। এই কোষাগাৰৰ ওপৰত ৰজাৰ শয়নকক্ষ আছিল আৰু ইয়াতেই বিখ্যাত চপ্ৰমঞ্চ খাট (സപ്രമഞ്ച കട്ടിൽ) আছে। ধৰা হয় যে ঔষধি গুণসম্পন্ন ৬৪প্ৰকাৰৰ কাঠেৰে এই বিশাল খাটখন তৈয়াৰ কৰা হৈছে। ৰজাৰ কোঠাৰপৰা এটা চিৰি তেওঁৰ উপবাস কক্ষলৈ গৈছে, য’ত ৰজাই ভক্তিসহকাৰে ব্ৰত ৰাখিলে বাস কৰিছিল।৫

অন্যান্য বৈশিষ্ট্যসমূহ

thumb|250px|right|কোলাচেলৰ যুদ্ধৰ পিছত ট্ৰাভাংকোৰৰ মহাৰাজ মাৰ্তণ্ড বৰ্মাৰ ওচৰত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইউষ্টেচিয়াছ ডি লনয়ৰ আত্মসমৰ্পণৰ দৃশ‍্য

[[চিত্ৰ:Bed 64 Woods Padmanabhapuram Mar24 A7C 10140.jpg|৬৪প্ৰকাৰৰ কাঠেৰে নিৰ্মিত পালেং

চীনদেশীয় আচাৰৰ বৈয়ামসমূহ
চীনদেশীয় আচাৰৰ বৈয়ামসমূহছবি: This Photo was taken by Timothy A. Gonsalves. Feel free to use my photos, but pl · CC BY-SA 4.0

পদ্মনাভপুৰম প্ৰাসাদ চৌহদত আন কেইবাটাও আকৰ্ষণীয় বৈশিষ্ট্য আছে:

  • এই প্ৰাসাদটো তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰী জিলাৰ তাকলেৰ ওচৰত অৱস্থিত, কিন্তু ইয়াক কেৰালা ৰাজ্য চৰকাৰে পৰিচালনা কৰে।
  • প্ৰাসাদ চৌহদত থকা ঘড়ী স্তম্ভটোত এটা ৩০০ বছৰ পুৰণি ঘড়ী আছে, যিয়ে এতিয়াও সঠিক সময় দিয়ে।
  • এটা ডাঙৰ প্ৰেক্ষাগৃহ, যি বৰ্তমান খালী হৈ আছে। ইয়াত একেলগে প্ৰায় ১০০০ গৰাকী অতিথি বহিব পাৰিছিল আৰু শুভ ক্ষণত ইয়াত আনুষ্ঠানিক ভোজৰ আয়োজন কৰা হৈছিল।
  • এটা গুপ্ত পথ, যি বৰ্তমান বন্ধ কৰা হৈছে। জৰুৰীকালীন অৱস্থাত ৰজা, তেওঁৰ পৰিয়ালৰ সদস্য আৰু তেওঁলোকৰ সংগীসকল ইয়াৰপৰা কেইবামাইলও দূৰত থকা আন এটা প্ৰাসাদলৈ পলাই যাব পাৰিছিল। এই প্ৰাসাদটোৰ নাম আছিল চাৰোট্টু কট্টাৰাম।
  • এখন খট‌খটীয়ে এটা স্নান পুখুৰীলৈ লৈ যায়। অৱহেলা আৰু বহু বছৰ ধৰি ব্যৱহাৰ নোহোৱাৰ বাবে বৰ্তমান ই লেতেৰা হৈ পৰিছে।
  • প্ৰাসাদ চৌহদত বিৰল আৰু কেইবাটাও আকৰ্ষণীয় সামগ্ৰীৰ এটা বিভাগো আছে:
    • এটা গোটেই কোঠা পুৰণি চীনদেশীয় বৈয়ামেৰে ভৰি আছে, যিবোৰ চীনৰ ব্যৱসায়ীসকলে উপহাৰ দিছিল।
    • বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ (যিবোৰ প্ৰকৃততে যুদ্ধত ব্যৱহাৰ কৰা হৈছিল), যাৰ ভিতৰত তৰোৱাল আৰু কটাৰ অন্যতম
    • পিতলৰ চাকি, কাঠ আৰু শিলৰ ভাস্কৰ্য, বিভিন্ন ধৰণৰ আচ-বাব আৰু পালিছ কৰা ধাতুৰে নিৰ্মিত ডাঙৰ দাপোণ
    • ট্ৰাভাংকোৰৰ ইতিহাসৰ বিভিন্ন ঘটনাৰ চিত্ৰ প্ৰদৰ্শন কৰা এখন চিত্ৰশালা
    • বিভিন্ন ঔষধি গছৰ কুণ্ডৰপৰা তৈয়াৰী প্ৰায় ৬৪ টুকুৰা কাঠেৰে নিৰ্মিত এখন কাঠৰ পালেং
    • শীতল অনুভৱৰ বাবে পলিছ কৰা শিলৰ খাট।
    • শৌচালয় আৰু কুঁৱা

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Distance between Trivandrum and Padmanabhapuram
  2. ↑ Padmanabhapuram Palace - Padmanabhapuram Palace Trivandrum Kerala, Padamanabha Puram Palace Thiruvananthapuram India. Iloveindia.com
  3. ↑ Department of Archaeology, Govt of Kerala. (2018). Padmanabhapuram Palace: History. PadmanabhapuramPalace.org
  4. ↑ Department of Archaeology, Govt of Kerala. (2018). Padmanabhapuram Palace: Thekkae Kottaram. PadmanabhapuramPalace.org
  5. ↑ Abraham, Sharon. (2021-08-21). Padmanabhapuram palace: An ornate marvel made of wood. Mittai Stories

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংস্কৃতিতামিলনাডু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মনাভপুৰম প্ৰাসাদ” প্ৰবন্ধৰ সংশোধন ৬২৬৫৮১ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।