অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভিল্লু পাট্টু

ভিল্লু পাট্টু (Villu Paatu) হৈছে দক্ষিণ ভাৰতৰ এবিধ প্ৰাচীন সংগীতধৰ্মী সাধু কোৱা পদ্ধতি। ইয়াক 'ভিল্লাডিচ্চান পাট্টু' বুলিও কোৱা হয়। ইয়াৰ পৰিৱেশনত গীতৰ মাজে মাজে কাহিনী বৰ্ণনা কৰা হয়। এই পৰম্পৰাগত কলাবিধ মূলত তামিলনাডু আৰু কেৰালা ৰাজ্যৰ উপৰি শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চলতো প্ৰচলিত।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভিল্লু পাট্টু (Villu Paatu) হৈছে দক্ষিণ ভাৰতৰ এবিধ প্ৰাচীন সংগীতধৰ্মী সাধু কোৱা পদ্ধতি। ইয়াক 'ভিল্লাডিচ্চান পাট্টু' বুলিও কোৱা হয়। ইয়াৰ পৰিৱেশনত গীতৰ মাজে মাজে কাহিনী বৰ্ণনা কৰা হয়। এই পৰম্পৰাগত কলাবিধ মূলত তামিলনাডু১ আৰু কেৰালা ৰাজ্যৰ উপৰি শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চলতো প্ৰচলিত।২ এই শিল্পৰ সুৰ আৰু পদসমূহ অতি সৰল হয়। সেইবাবে দৰ্শকে কাহিনীটো সহজে বুজি পায়। ইয়াত যোদ্ধাসকলৰ পুৰণি অস্ত্ৰ ধেনুখনক (ভিল্লু) মুখ্য বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়।

১৯ শতিকাৰ সংগীতশিল্পীসকল: তেওঁলোকে পৰম্পৰাগত ভিল্লাডিচ্চান পাট্টু পৰিৱেশন কৰিছে।
১৯ শতিকাৰ সংগীতশিল্পীসকল: তেওঁলোকে পৰম্পৰাগত ভিল্লাডিচ্চান পাট্টু পৰিৱেশন কৰিছে।ছবি: Aaroamal (talk) · CC BY 3.0

চমু আভাস

তামিল লোকশিল্পীসকলে এটা মন্দিৰৰ উৎসৱৰ সময়ত ভিল্লু পাট্টু প্ৰদৰ্শন কৰিছে।
তামিল লোকশিল্পীসকলে এটা মন্দিৰৰ উৎসৱৰ সময়ত ভিল্লু পাট্টু প্ৰদৰ্শন কৰিছে।ছবি: Sundar · CC BY-SA 3.0

তামিলনাডুৰ গাঁৱৰ শিল্পীসকলে ইয়াৰ জৰিয়তে বিভিন্ন পৌৰাণিক আৰু সামাজিক কাহিনী কটি কয়। ঘাই গায়কজনে ধেনুখনক কোবাই কোবাই কাহিনী বৰ্ণনা কৰে। ধেনুখন মাটিৰ কলহ এটাৰ ডিঙিত ভেজা দি থোৱা হয়। আন এজন সহযোগী শিল্পীয়ে গান গাই গাই কলহটোত কোবায়। ইয়াত সাধাৰণতে আন এজন সহযোগী গায়ক থাকে। তেওঁ কাহিনীটো মনোযোগেৰে শুনে আৰু মাজে মাজে সঁহাৰি জনায়। চৰকাৰে কেতিয়াবা ইয়াৰ সহায়ত সামাজিক বাৰ্তা আৰু প্ৰচাৰ চলায়। এই শিল্পী দলসমূহে সাধাৰণতে চুদলাই মদন, মুথুৰাম্মান, পেচিয়াম্মান আদি থলুৱা দেৱ-দেৱীৰ উৎসৱত গীত পৰিৱেশন কৰে।

quote=}}</ref>
quote=}}</ref>ছবি: Praveenp · Public domain

এই অনুষ্ঠানত উডুক্কাই, কুডম, থালম আৰু কাট্টাই আদি বাদ্য সহযোগী হিচাপে ব্যৱহাৰ হয়। উডুক্কৈ হৈছে এটা সৰু ঢোল। ইয়াৰ মাজৰ অংশটো সৰু হয়। ইয়াক বাঁওহাতেৰে ধৰি সোঁহাতৰ আঙুলিৰে বজোৱা হয়। কেতিয়াবা এই শিল্পী দলটো দুটা ভাগত বিভক্ত হয়। তেওঁলোকে এটা বিষয়ৰ সপক্ষে আৰু বিপক্ষে যুক্তি দৰ্শাই গান গায়। ইয়াক 'লাভানী পাট্টু' বোলে। ভিল্লু পাট্টুত ঘাইকৈ পৰম্পৰাগত লোকগীত ব্যৱহাৰ হয়। গাঁৱৰ মন্দিৰৰ উৎসৱৰ সময়ত এইবোৰ বজোৱা হয়। এই গীতসমূহত ঈশ্বৰৰ স্তুতি কৰা হয় বা কোনো কাহিনী কোৱা হয়। আজিকালি ইয়াৰপৰা পৰ্যাপ্ত উপাৰ্জন নহয়। সেইবাবে এই কলা পৰিৱেশন কৰা শিল্পীৰ সংখ্যা বহুত কমি গৈছে।

গ্ৰন্থৰাজি

  • Manohar Laxman Varadpande (1992). History of Indian theatre, Volume 2. Abhinav Publications. ISBN 9788170172789.

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ JOHN, S SIMON. (2013). Origin, Myth and Rituals: An Ethnographic Account of Muthu Pattan. South Asian Anthropologist. পৃ. 149–156
  2. ↑ (26 February 2013). Arts - Villu Paatu. Tamilnadu. Tamilnadu.com

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিল্লু পাট্টু” প্ৰবন্ধৰ সংশোধন ৬২৫৭৮০ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।