ভেলাকালি ভাৰতৰ কেৰালা ৰাজ্যৰ নায়াৰ সমাজৰ এক পৰম্পৰাগত যুদ্ধ নৃত্য। ইয়াক সাধাৰণতে কেৰালাৰ মন্দিৰ উৎসৱসমূহৰ সময়ত প্ৰদৰ্শন কৰা হয়। এই নৃত্যৰ সময়ত উজ্জ্বল সাজ-পোছাক পিন্ধা নৰ্তকসকলে হাতত তৰোৱাল আৰু ঢাল লৈ পাণ্ডৱ আৰু কৌৰৱৰ মাজৰ যুদ্ধৰ দৃশ্য ৰূপায়ণ কৰে।১
পৌৰাণিক কাহিনী
ভেলাকালিৰ উৎপত্তি আৰু ইতিহাসক লৈ বহুতো পৌৰাণিক কাহিনী আছে। তেনে এটা কাহিনী অনুসৰি নাৰদ মুনিয়ে কৃষ্ণ আৰু তেওঁৰ সখিসকলক কালিন্দী নদীৰ পাৰত এক নকল যুদ্ধ কৰা দেখিছিল। তেওঁলোকে পদুম ফুলৰ ঠাৰি আৰু পাতবোৰক তৰোৱাল আৰু ঢাল হিচাপে ব্যৱহাৰ কৰিছিল। নাৰদে তেতিয়া বিল্লুমংগলম মুনীক এই নকল যুদ্ধৰ খেলখনক শ্ৰীকৃষ্ণৰ বাবে এটা ধৰ্মীয় অনুষ্ঠান ৰূপে গঢ়ি তুলিবলৈ অনুৰোধ কৰে। বিল্লুমংগলমে ইয়াৰ পিছত আম্বালাপুঝাৰ ৰজাক যুৱকসকলক এই নৃত্য শিকাবলৈ অনুৰোধ জনায়। সেইবাবে ৰজাই তেওঁৰ সেনা প্ৰধান মাথুৰ পনিকৰ আৰু বেল্লুৰ কুৰুপক ভেলাকালি প্ৰদৰ্শনকাৰীৰ এটা দল তৈয়াৰ কৰিবলৈ কয়। যিহেতু নৰ্তকসকল আচলতে যোদ্ধা আছিল, গতিকে এই নৃত্যৰ সৈতে কালৰিপায়াট্টু নামৰ যুদ্ধ কলাৰ বহু মিল আছে।২
এইদৰে চেম্পাকাছেৰী (বৰ্তমানৰ আম্বালাপুঝা) নামৰ সৰু ৰাজ্যখনত ভেলাকালিৰ জন্ম হৈছিল। আজিও আম্বালাপুঝা শ্ৰী কৃষ্ণ মন্দিৰৰ পূৰম উৎসৱত এই নৃত্য নিয়মিতভাৱে কৰা হয়। পৰৱৰ্তী সময়ত আম্বালাপুঝা অঞ্চলটো ট্ৰাভাংকোৰ ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। তেতিয়াৰেপৰা তিৰুৱনন্তপুৰমৰ পদ্মনাভস্বামী মন্দিৰৰ বাৰ্ষিক পড়য়নি উৎসৱৰ আৰম্ভণিতে ভেলাকালি প্ৰদৰ্শন কৰাটো এটা নিয়ম হৈ পৰিল।৩৪
প্ৰদৰ্শন
ভেলাকালি প্ৰদৰ্শনৰ সময়ত পদ্মনাভস্বামী মন্দিৰৰ পূব দুৱাৰত পাণ্ডৱসকলক বুজাবলৈ ডাঙৰ মূৰ্তি স্থাপন কৰা হয়। আম্বালাপুঝাত এই নৃত্য আম্বালাপুঝা ৰাজপৰিয়ালৰ মন্ত্ৰী মাথুৰ পনিকৰৰ তত্ত্বাৱধানত পৰিচালনা কৰা হয়।৫ ভেলাকালিৰ নৰ্তকসকলে কৌৰৱৰ ৰূপ লয়। এই নৃত্যই বংশধৰসকলৰ মাজৰ যুদ্ধখনক বুজায়। নৰ্তকসকলে যুধিষ্ঠিৰৰ মূৰ্তিটোৰ ওচৰ পালেই স্তব্ধ হয় আৰু পিছ হুহকি আহে। এই প্ৰদৰ্শনৰদ্বাৰা অধৰ্মৰ ওপৰত ধৰ্মৰ জয় আৰু বনবাসৰ সময়ত কৌৰৱৰ ওপৰত ভীমৰ জয়ৰ কথা দেখুওৱা হয়।৬ কম বয়সীয়া শিল্পীসকল সন্মুখত থাকে আৰু জ্যেষ্ঠসকল পিছফালে থাকে। একেবাৰে শেষৰ শাৰীত পতাকা লোৱা লোকসকল থাকে। কেতিয়াবা শিল্পীসকলৰ সৈতে পুৰণি কালৰ যুদ্ধত ব্যৱহাৰ কৰা গৰু বা ম’হৰ দৰে কৃত্ৰিম প্ৰাণীও অনা হয়। এজন বিশেষজ্ঞ আল্ফ হিল্টবেইটেলৰ মতে মধ্য ট্ৰাভাংকুৰৰ ভেলাকালি প্ৰদৰ্শনসমূহ মহাভাৰতৰ যুদ্ধতকৈ পুৰণি কালৰ কোনো ঐতিহাসিক যুদ্ধৰহে পুনৰ অভিনয়। এই অনুষ্ঠানটো পড়য়নি নামৰ আন এক ধৰ্মীয় নিয়মৰ সৈতে জড়িত। কেৱল পদ্মনাভস্বামী মন্দিৰৰ প্ৰদৰ্শনটোহে মহাভাৰতৰ ভাই-ককাইৰ যুদ্ধৰ সৈতে জড়িত কৰা হয়।৭
সাজ-পোছাক
উৎসৱৰ সময়ত ভেলাকালি]]
ভেলাকালি কেৱল পুৰুষসকলেহে প্ৰদৰ্শন কৰে। শিল্পীসকলে পৰম্পৰাগত কাপোৰ আৰু মধ্যযুগীয় নাইৰ সৈন্যৰ দৰে ৰঙীন ৰঙا টুপী পিন্ধে। তেওঁলোকে বুকুত মণিৰ মালা পিন্ধে। তেওঁলোকৰ হাতত ৰঙীন ঢাল আৰু দীঘল লাখুটি বা তৰোৱাল থাকে। তেওঁলোকে পাঞ্চবাদ্যম বজোৱা বাদ্যকৰসকলৰ তালে তালে নাচে আৰু তৰোৱাল খেলৰ সুন্দৰ কৌশল দেখুৱায়।২৪৮
সংগীত
ভেলাকালি নৃত্যৰ বাবে পঞ্চবাদ্যম সংগত কৰা হয়। ইয়াত মাদ্দালম, থাভিল, ইলাতালম, কম্বু আৰু কুঝাল আদি বাদ্য ব্যৱহাৰ কৰা হয়। এই সংগীতত কোনো গীত বা ভাষা নাথাকে। শিল্পীসকলে কেৱল বাদ্যযন্ত্ৰৰ তালে তালে খোজ চলায়। বেছিভাগ নৃত্য শৈলীৰ দৰে ভেলাকালিত কোনো ভাৱ বা মুখৰ প্ৰকাশৰ স্থান নাই। ইয়াত কেৱল তালৰ ওপৰতহে গুৰুত্ব দিয়া হয়। ভেলাকালিত পিডিচাকালি, পাদাকালি আৰু ভেলা ওট্টাম আদি কেইবাটাও বিশেষ খোজ ব্যৱহাৰ কৰা হয়।২৪
সাম্প্ৰতিক ধাৰা
ভেলাকালি কৰিবলৈ শিল্পীসকলৰ যথেষ্ট শাৰীৰিক প্ৰশিক্ষণ আৰু অস্ত্ৰ চালনাৰ জ্ঞান থকাটো প্ৰয়োজন।৯ শিক্ষা আৰু চাকৰিৰ সুযোগ বৃদ্ধি পোৱাৰ বাবে আজিকালি যুৱকসকলে এই নৃত্য কমকৈ শিকা হৈছে। ইয়াৰ ফলত এই কলা লাহে লাহে ক’মি আহিছিল। কিন্তু অলপতে মোহনানকুঞ্জু পনিকৰৰ প্ৰচেষ্টাৰ বাবে ই পুনৰ জনপ্ৰিয় হৈ উঠিছে। প্ৰায় ৪০ বছৰৰ বিৰতিৰ পিছত ২০১১ চনত তিৰুৱনন্তপুৰমৰ শ্ৰী পদ্মনাভস্বামী মন্দিৰত এই নৃত্য পুনৰ প্ৰদৰ্শন কৰা হয়।২
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Gupta, Shobhna. (2002). Dances Of India. Har Anand Publications. পৃ. 62. ISBN 9788124108666
- ↑ Nagarajan, Saraswathy. (27 December 2012). In step with the times. The Hindu
- ↑ Menon, A. Sreedhara. (2007). A Survey of Kerala History. D C Books. পৃ. 354. ISBN 978-8-12641-578-6
- ↑ (15 April 2011). Reviving a temple tradition. দ্য হিন্দু
- ↑ Menon, A Sreedhara. (2008). Cultural heritage of Kerala. D C Books. পৃ. 120. ISBN 9788126419036
- ↑ (31 March 2012). Martial artistry. The Hindu
- ↑ Hiltebeitel, Alf. (1991). The Cult of Draupadi, Volume 2: On Hindu Ritual and the Goddess. University of Chicago Press. পৃ. 179. ISBN 9780226340470
- ↑ Devi, Ragini. (1972). Dance Dialects Of India. Motilal Banarsidass. পৃ. 199. ISBN 9788120806740
- ↑ Menon, A Sreedhara. (2008). A Survey Of Kerala History. DC Books. পৃ. 354. ISBN 9788126415786
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলাকালি” প্ৰবন্ধৰ সংশোধন ৬২৯০২৫ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।