কেৰালাৰ ব্যক্তি
৫৭ প্ৰবন্ধ
-
চি এছ ৰাধাদেৱী
চি এছ ৰাধাদেৱী (মালয়ালম: സി.എസ്. രാധാദേവി; ১৯৩১ ৭ জুলাই ২০২৫) আছিল ভাৰতৰ কেৰালাৰ এগৰাকী নেপথ্য কণ্ঠশিল্পী, ডাবিং শিল্পী, ৰেডিঅ' শিল্পী আৰু অভিনেত্ৰী। ৰাধাদেৱী সাতটা দশক ধৰি মালয়ালম ৰেডিঅ' সম্প্ৰচাৰৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল। ৩০বছৰীয়া কেৰিয়াৰত তেওঁ ত্ৰিছখনতকৈও অধিক চলচ্চিত্ৰত কণ্ঠদান কৰিছিল।
-
চি কে জানু
চি কে জানু (C. K. Janu) (জন্ম ১৯৭০) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। ২০০১ চনৰ পৰা কেৰালাৰ ভূমিহীন জনজাতীয় লোকসকলক ভূমি পুনৰ বিতৰণৰ বাবে আন্দোলন চলাই অহা আদিবাসী গোথৰা মহাসভাৰ তেওঁ নেত্ৰী। দলিত-আদিবাসী একচন কাউন্সিলৰ তত্বাৱধানত এই আন্দোলনটোৱে গতি লৈছে।
-
চি শংকৰা নায়াৰ
ছাৰ চেট্টুৰ শংকৰা নায়াৰ চি আই ই (C. Sankaran Nair: ১১ জুলাই ১৮৫৭ – ২৪ এপ্ৰিল ১৯৩৪) এজন ভাৰতীয় অধিবক্তা আৰু ন্যায়াধীশ আছিল৷ তেওঁ ১৯০৬ চনৰ পৰা ১৯০৮ চনলৈকে মাদ্ৰাজৰ এডভোকেট জেনেৰেল হিচাপে, ১৯০৮ চনৰ পৰা ১৯১৫ চনলৈকে মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ত puisne ন্যায়াধীশ হিচাপে আৰু ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ…
-
জানকী আম্মা
ন্যায়াধীশ পি জনাকী আম্মা (Justice P. Janaki Amma(১৯২০–২০০৫)), কেৰেলা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী মহিলা। ১৯৮২ চনৰ ২২ এপ্ৰিললৈকে ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
জি দেৱৰাজন
পৰাভুৰ গোবিন্দন দেৱৰাজন (মালয়ালম: പരവൂർ ഗോവിന്ദൻ ദേവരാജൻ; ১৯২৭–২০০৬) সাধাৰণতে জি দেৱৰাজন বা দেৱৰাজন মাষ্টাৰ নামেৰে জনাজাত এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু কৰ্ণাটকী সংগীত কণ্ঠশিল্পী আছিল।
-
জে. দেৱিকা
জয়কুমাৰী দেৱিকা (J. Devika; ജെ. ദേവിക) কেৰালাৰ এগৰাকী মালয়ালী ইতিহাসবিদ, নাৰীবাদী, সমাজ সমালোচক আৰু শিক্ষাবিদ। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট ষ্টাডিজত অধ্যাপিকা হিচাপে গৱেষণা আৰু অধ্যাপনা কৰে। কেৰালাৰ পুৰণি সমাজৰ লিংগ সম্পৰ্কৰ বিষয়ে তেওঁ কেইবাখনো গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছে।
-
জেভিয়াৰ পুলপাট
জেভিয়াৰ পুলপাট হৈছে এজন ভাৰতীয় নাট্য ব্যক্তিত্ব যিয়ে নাটকৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াইছে। তেওঁ ২০২৪ চনৰ কেৰেলা সংগীত নাটক একাডেমী ফেলোশ্বিপ, নাট্য ৰচনা, পৰিচালনা আৰু উপস্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ বঁটা, নাট্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত কেৰেলা সংগীত নাটক একাডেমী বঁটা, শ্ৰেষ্ঠ…
-
ডন পালাথাৰা
ডন পালাথাৰা (Don Palathara; জন্ম: ২২ আগষ্ট ১৯৮৬) হৈছে কেৰালাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। কম বাজেটত কাম কৰাৰ বাবে পৰিচিত তেওঁৰ চলচ্চিত্ৰসমূহ স্থানীয় কেৰালাৰ সংস্কৃতিৰ প্ৰদৰ্শন আৰু মানৱ প্ৰকৃতিৰ অধ্যয়ন।
-
ডি শ্ৰীদেৱী
ডি শ্ৰীদেৱী (২৮ এপ্ৰিল ১৯৩৯ – ৫ মাৰ্চ ২০১৮)এগৰাকী ভাৰতীয় অধিবক্তা, ন্যায়াধীশ আৰু সমাজ কৰ্মী। তেওঁ দুবাৰকৈ কেৰালা মহিলা আয়োগৰ অধ্যক্ষ আছিল।
-
নেথা হুছেইন
নেথা হুছেইন (Netha Hussain;; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৱিকিপিডিয়ান। কৰ’ণা ভাইৰাছৰ উৎপত্তি সম্পৰ্কে ৱিকিপিডিয়াত বিয়পা ভুল তথ্যসমূহ ৰোধ কৰিবলৈ তেওঁ আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
পাৰ্ল মানে
পাৰ্ল মানে (ইংৰাজী: Pearle Maaney; জন্ম: ২৮ মে' ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গীতিকাৰ, ইউটিউবাৰ আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মূলতঃ মালয়ালম অনুষ্ঠানসমূহত কাৰ্যনিৰ্বাহ কৰে। মালয়ালম নৃত্যভিত্তিক ৰিয়েলিটি শ্ব’ ডি ৪ ডান্সৰ তিনিটা ছিজনৰ সহ-উপস্থাপনা কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
পি এচ নটৰাজ পিল্লাই
পি এছ নটৰাজ পিল্লাই ( P. S. Nataraja Pillai; মাৰ্চ, ১৮৯১ – ১৯৬৬)
-
ববী এলয়চিয়াছ
ববী এলয়চিয়াছ (জন্ম: ২২ জুন ১৯৭৪) কেৰালাৰ এগৰাকী ভাৰতীয় এথলীট, যিয়ে ওখ জাঁপ (high jump) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বৰ্তমান তেওঁ কেৰালাৰ তিৰুৱনন্তপুৰমত বাস কৰে। ১৯৯৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ ১.৯১ মিটাৰ উচ্চ জম্পৰ সৈতে ভাৰতীয় আৰু দক্ষিণ এছিয়াৰ অভিলেখ গঢ়িছিল।
-
বিনীশ বাষ্টিন
বিনীশ বাষ্টিন ( Bineesh Bastin ); (জন্ম: ১৫ জুন ১৯৯০) এজন ভাৰতীয় অভিনেতা। বিনীশ বাষ্টিনে মালয়ালম আৰু তামিল ছবিত কাম কৰে। থেৰীত অভিনয় কৰা চৰিত্ৰৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
বিনু শশীধৰন
বিনু শশীধৰণ (Binu Sasidharan) (জন্ম: ১৭ নৱেম্বৰ ১৯৭৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কৰা কামৰ বাবে পৰিচিত। ২০১৩ চনত মুক্তিপ্ৰাপ্ত ৱান্স আপন এ টাইম চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰে।
-
ভি. আৰ. প্ৰবোধচন্দ্ৰন নায়াৰ
ভি. আৰ. প্ৰবোধচন্দ্ৰন নায়াৰ (ইংৰাজী: V. R. Prabodhachandran Nayar, জন্ম: ৪ আগষ্ট ১৯৩৮) হৈছে কেৰালাৰ এজন বিশিষ্ট ধ্বনিবিজ্ঞান বিশেষজ্ঞ। তেওঁ ধ্ৰুপদী মালয়ালম ভাষাৰ ধ্বনিবিজ্ঞান অধ্যয়নৰ এজন অগ্ৰগামী গৱেষক। ধ্বনিবিজ্ঞানৰ উপৰি তেওঁ বাক্যবিন্যাস আৰু শৈলীবিজ্ঞান বিষয়ৰ গৱেষণাৰ সৈতেও জড়িত।
-
ভৰতন
ভৰতন পৰমেশ্বৰ মেনন পালিছেৰী (১৪ নৱেম্বৰ ১৯৪৬ ৩০ জুলাই ১৯৯৮) সাধাৰণতে কেৱল ভৰতন নামেৰে জনাজাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু কলা নিৰ্দেশক আছিল। ১৯৮০ৰ দশকত পদ্মৰাজন আৰু কে জি জৰ্জৰ সৈতে মালয়ালম চলচ্চিত্ৰত এক নতুন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণশৈলীৰ সূচনা কৰাৰ বাবে ভৰতন বিশেষভাৱে পৰিচিত।
-
লিচি
লিচি (ইংৰাজী: Lissy) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু, হিন্দী, তামিল আৰু কন্নড় ছবিত অভিনয় কৰিছে। ১৯৮২ চনত ইথিৰি নেৰাম ওথিৰি কাৰ্যম ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
লিলি থমাছ
লিলি ইছাবেল থমাছ (৫ মাৰ্চ ১৯২৮ – ১০ ডিচেম্বৰ ২০১৯) এগৰাকী ভাৰতীয় অধিবক্তা৷ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু আঞ্চলিক আদালতত আবেদন দাখিল কৰি বৰ্তমানৰ আইনসমূহৰ উন্নতি আৰু পৰিৱৰ্তনৰ সূচনা কৰিছিল।
-
সাজিন গোপু
' সাজিন গোপু (Sajin Gopu) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কাম কৰে। আলুভাৰ বাসিন্দা সাজিন গোপুৱে ২০১৫ চনত মুম্বাই টেক্মী চলচ্চিত্ৰত এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
সাৱিত্ৰী ৰাজীৱন
সাৱিত্ৰী ৰাজীৱন (ইংৰাজী: Savithri Rajeevan; জন্ম: ১৯৫৬) এগৰাকী ভাৰতীয় কবি, চুটিগল্প লেখিকা আৰু চিত্ৰশিল্পী। মালয়ালম ভাষাৰ এগৰাকী আগশাৰীৰ মহিলা লেখিকা হিচাপে তেওঁ সাহিত্য আৰু চিত্ৰকলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ চাৰিখন কবিতা সংকলন আৰু এটা চুটিগল্পৰ খণ্ড প্ৰকাশ কৰিছে।
-
সীতাৰা এছ
সীতাৰা এছ (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী কেৰালাৰ মালয়ালম ভাষাৰ ভাৰতীয় লেখিকা আৰু অনুবাদক। তেওঁৰ গ্ৰন্থসমূহত প্ৰায়ে মহিলাৰ সমস্যা, লিংগ-সংঘাত আৰু লেছবিয়ান অধিকাৰৰ বিষয়সমূহ উত্থাপন কৰা দেখা যায়। তেওঁ অনুবাদক হিচাপেও পৰিচিত।
-
সুবি সুৰেশ
সুবি সুৰেশ (Subi Suresh) (২৩ আগষ্ট ১৯৮১ – ২২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় মালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী, দূৰদৰ্শনৰ ঘোষিকা, হাস্যৰসাত্মক শিল্পী আৰু মঞ্চ-অনুষ্ঠানৰ পৰিৱেশিকা আছিল।
-
সুশীলা গোপালন
সুশীলা গোপালন (২৯ ডিচেম্বৰ ১৯২৯, মুহাম্মা, আলাপ্পুজা, কেৰালা – ১৯ ডিচেম্বৰ ২০০১, তিৰুৱনন্তপুৰম, কেৰালা) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেতা৷ তেওঁ ভাৰত কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।
-
ৰম্যা নাম্বীচান
ৰম্যা নাম্বীচান (ইংৰাজী: Remya Nambessan) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ৭১খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰাহুল সদাশিৱন
ৰাহুল সদাশিৱন (Rahul Sadasivan) এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ যি মালয়ালম ভাষাৰ চিনেমাত কাম কৰে। তেওঁ হ'ৰৰ ছবি পৰিচালনাৰ বাবে পৰিচিত।
-
ৰেমা মেনন
ৰেমা মেনন এগৰাকী কেৰালাৰ ভাৰতীয় মালয়ালম ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ পাউলো কোয়েলহোৰ উপন্যাস দ্য এলকেমিষ্টৰ মালায়ালম অনুবাদৰ জৰিয়তে বিশেষভাৱে পৰিচিত। এই অনুবাদখন যিকোনো ভাৰতীয় ভাষালৈ কৰা প্ৰথম অনুবাদ আছিল।