ভি. আৰ. প্ৰবোধচন্দ্ৰন নায়াৰ (ইংৰাজী ভাষা: V. R. Prabodhachandran Nayar, জন্ম: ৪ আগষ্ট ১৯৩৮) হৈছে কেৰালাৰ এজন বিশিষ্ট ধ্বনিবিজ্ঞান বিশেষজ্ঞ। তেওঁ ধ্ৰুপদী মালয়ালম ভাষা ভাষাৰ ধ্বনিবিজ্ঞান অধ্যয়নৰ এজন অগ্ৰগামী গৱেষক। ধ্বনিবিজ্ঞানৰ উপৰি তেওঁ বাক্যবিন্যাস আৰু শৈলীবিজ্ঞান বিষয়ৰ গৱেষণাৰ সৈতেও জড়িত।
কৰ্মজীৱন
ভিআৰপি নায়াৰে মাত্ৰ ২০ বছৰ বয়সতে ১৯৫৯ চনত দক্ষিণ ট্ৰাভাংকুৰ হিন্দু কলেজ, নাগৰকয়িল (কন্যাকুমাৰী জিলা, তামিলনাডু)ত মালয়ালম ভাষা ভাষাৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল; যিখন সেই সময়ত ভাৰতৰ একেবাৰে দক্ষিণ প্ৰান্তত অৱস্থিত মহাবিদ্যালয় আছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৯৮ চনৰ আগষ্ট মাহত কেৰালা বিশ্ববিদ্যালয় (তিৰুৱনন্তপুৰম)ৰ ভাষাবিজ্ঞান বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো তেওঁ এজন শিক্ষক হিচাপে সক্ৰিয় ভূমিকা পালন কৰি আহিছে আৰু ২০১২-২০১৩ চনত কেৰালা কেন্দ্ৰীয় বিশ্ববিদ্যালয় (কাচৰগড়)ৰ ভাষাবিজ্ঞান বিভাগত এজন অতিথি অধ্যাপক তথা সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
দক্ষিণ ট্ৰাভাংকুৰ হিন্দু কলেজৰ সৈতে জড়িত থকাৰ বাবে তেওঁ প্ৰথমে কথিত তামিল ভাষা আৰু পিছলৈ তামিল ধ্ৰুপদী ভাষা তথা সাহিত্যৰ সান্নিধ্যলৈ অহাৰ সুযোগ পাইছিল।১ ইয়াৰ সমান্তৰালভাৱে তেওঁ কেৰালা বিশ্ববিদ্যালয়ৰ প্ৰাচ্য বিদ্যা (Oriental Studies) বিভাগৰ মুৰব্বী অধ্যাপক ড° পি কে নাৰায়ণ পিল্লাইৰ তত্ত্বাৱধানত এজন অংশকালীন গৱেষক হিচাপে পিএইচডি কাৰ্যসূচী চলাই নিছিল।২ তেওঁ উক্ত বিশ্ববিদ্যালয়ৰ প্ৰাচ্য বিদ্যা শাখাত বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগ (UGC)-ৰ জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (JRF) লাভ কৰা প্ৰথমগৰাকী গৱেষক আছিল।৩ ১৯৬৩ চনৰ মে’ মাহত তেওঁ বিশ্ববিদ্যালয়খনৰ নবীন ভাষাবিজ্ঞান বিভাগৰ একমাত্ৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু ১৯৬৫ চনত ডেস্ক্ৰিপ্টিভ গ্ৰামাৰ অৱ কৃষ্ণগাথা’ শীৰ্ষক গৱেষণা পত্ৰ দাখিল কৰি পিএইচডি ডিগ্ৰী লাভ কৰে। কৃষ্ণগাথা হৈছে কিংবদন্তি মালয়ালম কবি চেৰুছেৰী নাম্বুথিৰীৰদ্বাৰা ৰচিত এখন প্ৰাচীন তথা ধ্ৰুপদী কাব্যগ্ৰন্থ। ১৯৬৭ চনত ড° নায়াৰে লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ (SOAS)-ত ধ্বনিবিজ্ঞান আৰু ভাষাবিজ্ঞানৰ উচ্চতৰ গৱেষণাৰ বাবে কমনৱেল্থ বৃত্তি লাভ কৰে। লণ্ডনত তেওঁৰ অধ্যয়ন কেৱল নিৰ্ধাৰিত লক্ষ্যতে সীমাৱদ্ধ নাথাকিল, বৰঞ্চ তেওঁ মালয়ালম ভাৰ্বেল ফৰ্মচ– এ ফোনেটিক এণ্ড ফোনলজিকেল ষ্টাডী ছাপ’ৰ্টেড বাই এক্সপেৰিমেণ্টেল ফাইণ্ডিংছ শীৰ্ষক আন এখন গৱেষণা পত্ৰ সফলতাৰে সম্পূৰ্ণ কৰি দ্বিতীয়বাৰৰ বাবে পিএইচডি ডিগ্ৰী অৰ্জন কৰে।৪ এই গৱেষণাৰ সময়ছোৱাত তেওঁ যুক্তৰাজ্যৰ লগতে ফ্ৰান্স, নেদাৰলেণ্ড, বেলজিয়াম আৰু জাৰ্মানীৰ কেইবাটাও পুথিভঁৰাল আৰু স্পীচ-লেবৰেটৰী ভ্ৰমণ কৰি গৱেষণা চলাইছিল।
তিৰুৱনন্তপুৰমৰ নিজৰ পুৰণি বিভাগলৈ ঘূৰি অহাৰ পাছত ড° নায়াৰক প্ৰথমে ৰীডাৰ আৰু পৰৱৰ্তী সময়ত অধ্যাপক পদলৈ পদোন্নতি দিয়া হয়। ১৯৮১ চনত তেওঁ চেয়াৰ-প্ৰফেচৰ হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৯৮ চনত অৱসৰ লৈকে এই পদত থাকে। এই দীৰ্ঘ সময়ছোৱাত তেওঁ বিভিন্ন সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল, যেনে— ভাষাবিজ্ঞানৰ বৰ্ড অৱ ষ্টাডিজৰ সদস্য/অধ্যক্ষ, প্ৰাচ্য বিদ্যা শাখাৰ ডীন/সদস্য, আন্তঃৰাষ্ট্ৰীয় কেৰালা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক,৫ প্ৰাচ্য গৱেষণা প্ৰতিষ্ঠান আৰু পাণ্ডুলিপি পুথিভঁৰাল তথা মালয়ালম লেক্সিকন (অভিধান) বিভাগৰ উপদেষ্টা সমিতিৰ সদস্য। ইয়াৰ উপৰি তেওঁ কেৰালাৰ যিকোনো বিশ্ববিদ্যালয়তে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা চয়েচ-বেচড ক্ৰেডিট এণ্ড চেমেষ্টাৰ চিষ্টেম (CBCS) পৰিচালনা কৰা পৰিষদৰ প্ৰথমগৰাকী উপ-সভাপতি আছিল।৬
কেৰালা বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞানৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত ড° নায়াৰে আঞ্চলিক, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো আলোচনাচক্ৰ, সন্মিলন আৰু কৰ্মশালাৰ আয়োজন কৰিছিল আৰু কেইবাটাও গৱেষণা প্ৰকল্প সফলতাৰে সম্পূৰ্ণ কৰিছিল। কেৰালা বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ড° নায়াৰে অতিথি অধ্যাপক হিচাপে আৰু বিভিন্ন মৰ্যাদাৰে তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহক সেৱা আগবঢ়াইছিল:
| বৰ্ষ | প্ৰতিষ্ঠান / দায়িত্ব |
|---|---|
| ১৯৯৮–২০০৩ | স্কুল অৱ লেটাৰ্ছ, মহাত্মা গান্ধী বিশ্ববিদ্যালয়, কোট্টায়ম (MGU)৭ |
| ২০০৩–২০০৮ | তুলনামূলক সাহিত্য আৰু ভাষাবিজ্ঞান বিভাগ, শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়, কালাডী (আদি শংকৰৰ নামত)৮ |
| ২০১২–২০১৩ | ভাষাবিজ্ঞান বিভাগ, কেৰালা কেন্দ্ৰীয় বিশ্ববিদ্যালয়,৯ কাচৰগড় |
| ২০০১–২০০৬ | অধ্যক্ষ, কেৰালা কলামণ্ডলম |
| ২০০১–২০০৬ | অধ্যক্ষ (জুৰী বোৰ্ড): এঝুথাচান বঁটা, কথাকলি আৰু নৃত্যৰ বাবে প্ৰদান কৰা ৰাজ্যিক বঁটা আদি কেইবাটাও মৰ্যাদাপূৰ্ণ বঁটাৰ জুৰী বোৰ্ডৰ মুৰব্বী |
| ১৯৯৩–২০০৯ | সমন্বয়ক: আমেৰিকাৰ উইছকনচিন বিশ্ববিদ্যালয় (মেডিচন)ৰ ছামাৰ ইন কেৰালা কাৰ্যসূচী১০ |
| ২০০৩–২০০৯ | ভাষাবিজ্ঞান উপদেষ্টা: C-DAC আৰু CDiT (চেণ্টাৰ ফৰ ডেভেলপিং এডভান্সড কম্পিউটিং এণ্ড ফৰ ইমেজিং টেকন’লজী), তিৰুৱনন্তপুৰম১১ |
| ২০০৭–২০১১ | সদস্য: কেন্দ্ৰীয় সংগীত নাটক একাডেমী (নতুন দিল্লী)ৰ কুটিয়াত্তম কেন্দ্ৰৰ উপদেষ্টা সমিতি |
| ২০০৭-ৰপৰা বৰ্তমান | অধ্যক্ষ: সংস্কৃতি (শাত্ৰীয় সংগীতত কেৰালাৰ ঐতিহ্যক প্ৰসাৰ কৰা এক বহুজাতিক সংগঠন) |
| ১৯৯৮-ৰপৰা বৰ্তমান | অধ্যক্ষ: বিবেকানন্দ সাংস্কৃতিক প্ৰতিষ্ঠান,১২ তিৰুৱনন্তপুৰম |
| ২০০০-ৰপৰা বৰ্তমান | অধ্যক্ষ: থুঞ্চন স্মাৰক সমিতি,১৩ তিৰুৱনন্তপুৰম |
| ২০০৫-ৰপৰা বৰ্তমান | অধ্যক্ষ: এঝুথাচান নেচনেল একাডেমী,১৪ তিৰুৱনন্তপুৰম |
| ২০০৬-ৰপৰা বৰ্তমান | অধ্যক্ষ: ‘কিলিপ্পাট্টু’ মাহেকীয়া আলোচনীৰ সম্পাদনামণ্ডলী,১৫ তিৰুৱনন্তপুৰম |
| ২০১১–২০১৪ | বিশেষজ্ঞ সদস্য: ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (ICCR),১৬ তিৰুৱনন্তপুৰম |
| ২০০৫–২০০৯ | বিশেষজ্ঞ সদস্য: তথ্য প্ৰযুক্তি বিভাগৰ প্ৰকল্প সমীক্ষা আৰু পৰিচালনা গোট,১৭ মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়,১৮ ভাৰত চৰকাৰ |
প্ৰকাশিত গ্ৰন্থসমূহ
মালয়ালম গ্ৰন্থাৱলী
- বিৱৰ্তনথিনতে ভাষাশাস্ত্ৰভূমিকা (অনুবাদৰ ভাষাতাত্ত্বিক পটভূমি) — ষ্টেট ইনষ্টিটিউট অৱ লেংগুৱেজেছ, তিৰুৱনন্তপুৰম, ১৯৭৪।১৯
- স্বনবিজ্ঞানম (ধ্বনিবিজ্ঞান) — ষ্টেট ইনষ্টিটিউট অৱ লেংগুৱেজেছ, তিৰুৱনন্তপুৰম, ১৯৮০।২০
- লোকভাষাকল (বিশ্বৰ ভাষাসমূহ) — ডিচি বুকচ, ১৯৮৭।২১
- এঝুথিনতে কথা (লিপি বা লিখনৰ ইতিহাস) — দ্য ইনষ্টিটিউট অৱ চিলড্ৰেনছ লিটাৰেচাৰ, তিৰুৱনন্তপুৰম, ১৯৯৬।২২
- মালয়ালম মালায়ালীওলাম (মালয়ালম আৰু মালায়ালী) — ষ্টেট ইনষ্টিটিউট অৱ লেংগুৱেজেছ, তিৰুৱনন্তপুৰম, ১৯৯৯।২০
- চেৰুছেৰী (কৃষ্ণগাথাৰ ৰচক চেৰুছেৰীৰ সাহিত্যিক জীৱনী) — প্ৰকাশন বিভাগ, কেৰালা বিশ্ববিদ্যালয়, ১৯৯৯।২৩
- উচ্চাৰণম নান্নাৱান (শুদ্ধ উচ্চাৰণৰ নিয়ম) — ষ্টেট ইনষ্টিটিউট অৱ লেংগুৱেজেছ, তিৰুৱনন্তপুৰম, ২০০০।২১
- শৈলীভংগিকল (শৈলীৰ সৌন্দৰ্য) — ষ্টেট ইনষ্টিটিউট অৱ লেংগুৱেজেছ, তিৰুৱনন্তপুৰম, ২০০৩।২১
- হৰি নাম কীৰ্তনম (১৬ শতিকাৰ বিখ্যাত স্তোত্ৰৰ ব্যাখ্যা-সহ সংস্কৰণ) — থুঞ্চন স্মাৰক সমিতি, তিৰুৱনন্তপুৰম, ২০০৯।১৩
- ভাষাশাস্ত্ৰদৃষ্টিয়িলূদে (ভাষাবিজ্ঞানৰ দৃষ্টিভংগীৰে) — ষ্টেট ইনষ্টিটিউট অৱ লেংগুৱেজেছ, তিৰুৱনন্তপুৰম, ২০০৯।২০
- দ্ৰাৱিড়ভাষাকল (এম. এছ. আন্দ্ৰনভৰ ৰাছিয়ান গ্ৰন্থৰ ইংৰাজী অনুবাদৰপৰা কৰা দ্ৰাবিড় ভাষাসমূহৰ মালয়ালম অনুবাদ) — ষ্টেট ইনষ্টিটিউট অৱ লেংগুৱেজেছ, তিৰুৱনন্তপুৰম, ১৯৭৫।২১
- চিত্তপেডুথিয়া কৰ্থকলিপদংগল (টোকাবদ্ধ কথাকলি গীত) — কেৰালা কলামণ্ডলম, ২০০৪।
- শ্ৰীললিতা সহস্ৰনাম স্তোত্ৰম (ললিতা সহস্ৰনামৰ আক্ষৰিক ব্যাখ্যা আৰু টোকা-সহ সংস্কৰণ) — থুঞ্চন স্মাৰক সমিতি, তিৰুৱনন্তপুৰম, ২০১১।
- ভাষাশাস্ত্ৰ নিঘণ্টু (ভাষা বিজ্ঞানৰ এক পুঙ্খানুপুঙ্খ অভিধান) — কেৰালা ভাষা প্ৰতিষ্ঠান, তিৰুৱনন্তপুৰম, ২০১২।২৪
ইংৰাজী গ্ৰন্থাবলী
- মালয়ালম ভাৰ্বেল ফৰ্মচ — দ্ৰাবিড় ভাষাবিজ্ঞান সংস্থা (Dravidian Linguistics Association), তিৰুৱনন্তপুৰম, ১৯৭২।
- মালয়ালম: এ লিংগুইষ্টিক ডেচক্ৰিপশ্বন — নেচনেল ৰিচাৰ্চ পাব্লিকেচন্স, কাজাকুট্টম, ১৯৭৩।২৫
- মালয়ালম ফৰ বিগিনাৰ্ছ — স্বন্তম বুকচ, তিৰুৱনন্তপুৰম, ১৯৯৯।
- কথাকলি টেক্সটছ ইন ট্ৰান্সলেশ্বন — ফিলিপ বি. জাৰিলিৰ কথাখলি-ডেন্স ড্ৰামা গ্ৰন্থত প্ৰকাশিত, ২০০৩।২৬
- বিদ্যাৰম্ভম চিডি ফৰ মালয়ালম চেল্ফ - ষ্টাডী (২০০১)।
- ভিজন, ইনচাইটছ এণ্ড ইন’ভেশ্বন (২০০০)।
- মালয়ালম ফৰ অল ইণ্ডিয়া চাৰ্ভিচ অফিচাৰ ট্ৰেইনীজ — ইনষ্টিটিউট অৱ মেনেজমেণ্ট ইন গভৰ্ণমেণ্ট (IMG), তিৰুৱনন্তপুৰম, ২০২০।
- ড° কে. ৰাঘৱন পিল্লাই - এ লিটাৰেৰী বায়’গ্ৰাফী — ষ্টেট ইনষ্টিটিউট অৱ লেংগুৱেজেছ, ২০২০।
- ললিতা গানংগল প্ৰবোধ সংগীথম ভল্যুম-২ — নেচনেল বুকষ্টল, কোট্টায়ম, ২০২১।
- প্ৰবোধসংগীথম — কুৰুক্ষেত্ৰ প্ৰকাশন, কোচি, ২০২৩।
- কথাকলি, এন ওশ্বেন অৱ পচিবিলিটিজ, হেৰিটেজ এণ্ড প্ৰেজেণ্ট চিনেৰিঅ’’ — NYR ভেঞ্চাৰ্ছ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ২০২৫।
বঁটা আৰু সন্মানসমূহ
- ড° কে. গোদাবৰ্মা মেমৰিয়েল স্বৰ্ণ পদক (১৯৫৯)
- লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ (SOAS)-ত পোষ্ট ডক্টৰেট গৱেষণাৰ বাবে কমনৱেল্থ বৃত্তি (১৯৬৭)
- বৈজ্ঞানিক সাহিত্যৰ শ্ৰেষ্ঠ গ্ৰন্থ (গ্ৰন্থ: স্বনবিজ্ঞানম)ৰ বাবে কেৰালা সাহিত্য একাডেমীৰ আই. চি. চাকো বঁটা (প্ৰশস্তিপত্ৰসহ) (১৯৮১)
- ত্ৰিছূৰ সহৃদয় বীথিৰ চি. এল. এণ্টনি বঁটা (প্ৰশস্তিপত্ৰসহ) (১৯৯৮)
- পাকলকুৰিৰ এম. কে. কে. নায়াৰ মেমৰিয়েল সাংস্কৃতিক প্ৰতিষ্ঠানৰ এম. কে. কে. নায়াৰ বঁটা (প্ৰশস্তিপত্ৰসহ) (২০০২)
- বৈজ্ঞানিক সাহিত্যৰ বাবে এন. ভি. কৃষ্ণ বাৰিয়াৰ বঁটা (২০১১)
- বৈজ্ঞানিক সাহিত্যৰ বাবে শক্তি থায়াট বঁটা (২০১১)
- বৈজ্ঞানিক সাহিত্যৰ বাবে অধ্যাপক চি. পি. মেনন বঁটা (প্ৰশস্তিপত্ৰসহ) (২০১৩)
- কেৰালা কলামণ্ডলমৰ মুকুন্দ ৰাজা স্মৃতি পুৰস্কাৰ (৯ নৱেম্বৰ ২০১৪)
- ভাৰত চৰকাৰৰ শ্ৰেষ্ঠ মালয়ালম ভাষা পুৰস্কাৰ (৪ এপ্ৰিল ২০১৯)
- তপস্যা কলা-সাহিত্য বীথিৰ অধ্যাপক পি. বিশ্বম্বৰণ পুৰস্কাৰ (ডিচেম্বৰ ২০২৫)
- অধ্যাপক এছ. গুপ্তন নায়াৰ ফাউণ্ডেচন পুৰস্কাৰ (ফেব্ৰুৱাৰী ২০২৬)
তথ্যসূত্ৰ
প্ৰসংগ পুথি আৰু সংযোগসমূহ
- www.getcited.com/mbrz/11124027. getcited.com
- Mallassery, S.R. (1994). Postpositions in a Dravidian Language: Transformational Analysis of Malayalam. Mittal Publications. ISBN 9788170995746
তথ্যসূত্ৰ
- ↑ history. sthinducollege.in
- ↑ www.keralauniversity.ac.in/departments. keralauniversity.ac.in
- ↑ Welcome to UGC, New Delhi, India. ugc.ac.in
- ↑ (January 1972). Malayalam verbal forms. Dravidian Linguistics Association
- ↑ University of Kerala. kerala.gov.in
- ↑ departments-centres-and-other-institutions. keralauniversity.ac.in
- ↑ Cosmic. MG university. mguniversity.edu
- ↑ Sree Sankaracharya University of Sanskrit, India. ssus.ac.in
- ↑ Department of Linguistics. cukerala.ac.in
- ↑ coursefever.com/india/university-of-wisconsin-madison-international-academic-programs-iap-summer-india/. coursefever.com
- ↑ C-DAC: Centre for Development of Advanced Computing, India. cdac.in
- ↑ Vivekananda Cultural Institute - General Entertainment. foursquare.com
- ↑ Thunchan Smaraka Samithi. thunchan.org
- ↑ www.charity.org.in/view_charity_org.php?lid=12666&name=Ezhuthachan%20National%20Academy. charity.org.in
- ↑ Thunchan Smaraka Samithi. thunchan.org
- ↑ Iccrindia.net. iccrindia.net
- ↑ deity.gov.in/
- ↑ mhrd.gov.in/
- ↑ official website of silkerala. keralabhashainstitute.org
- ↑ tvpm. pagelamp.com
- ↑ books&reports - vrpnayar
- ↑ KERALA STATE INSTITUTE OF CHILDREN'S LITERATURE. ksicl.org
- ↑ (1988). Indian Literature. Prabhat Prakashan
- ↑ https://publiclibrarykozhikode.com/bib/85780
- ↑ www.alibris.com/Malayalam-a-linguistic-description. alibris.com
- ↑ (5 March 2015). Pride comes before a fall - The Hindu. The Hindu. thehindu.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি. আৰ. প্ৰবোধচন্দ্ৰন নায়াৰ” প্ৰবন্ধৰ সংশোধন ৬২৬৬৬২ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।