ডি শ্ৰীদেৱী (২৮ এপ্ৰিল ১৯৩৯ – ৫ মাৰ্চ ২০১৮)এগৰাকী ভাৰতীয় অধিবক্তা, ন্যায়াধীশ আৰু সমাজ কৰ্মী। তেওঁ দুবাৰকৈ কেৰালা মহিলা আয়োগৰ অধ্যক্ষ আছিল।১২৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ডি শ্ৰীদেৱীৰ ১৯৩৯ চনত তিৰুৱনন্তপুৰমৰ চিৰায়িংকিজুত দামোদৰন আৰু জনকী আম্মাৰ কন্যা হিচাপে জন্ম হৈছিল। তিৰুৱনন্তপুৰমৰ এন এছ এছ কলেজৰ পৰা প্ৰাক্-স্নাতক লাভ কৰে৷ ইয়াৰ পিছত কোল্লামৰ শ্ৰী নাৰায়ণ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তিৰুৱনন্তপুৰমৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা তেওঁ এল এল বি লাভ কৰে।৪
কৰ্মজীৱন
দেৱীয়ে অধিবক্তা হিচাপে নামভৰ্তি কৰি ১৯৬২ চনত তিৰুৱনন্তপুৰমত অনুশীলন আৰম্ভ কৰে। তেওঁ কেৰালাৰ নিম্ন ন্যায়পালিকাত কৰ্মজীৱনৰ আৰম্ভ কৰে। ১৯৭১ চনত তেওঁক কেৰেলাৰ অধীনস্থ ন্যায়িক সেৱাৰ কোটৰাকাৰাত মুনচিফ নিযুক্তি দিয়া হয়।৫ ১৯৮৪ চনত তেওঁক জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হয়।৬ ইয়াৰ পিছত ১৯৯৭ চনৰ ১৪ জানুৱাৰীত কেৰালাৰ উচ্চ ন্যায়ালয়লৈ ন্যায়াধীশ হিচাপে উন্নীত হয়।২০০১ চনৰ ২৮ এপ্ৰিলত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে।৭
কেৰেলা নাৰী আয়োগৰ অধ্যক্ষ
পৰৱৰ্তী সময়ত ২০০১ চনৰ ২১ মাৰ্চত তেওঁ কেৰেলা মহিলা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০০২ চনৰ ১২ মে'লৈকে তেওঁ টি দেৱী, অধিবক্তা নফিছাথ বিৱী, অধিবক্তা কে সন্থাকুমাৰী, শ্ৰীমতী পি কে চাইনাবা, অধ্যাপক পি গৌৰী আৰু অধ্যাপক মনাম্মা কোক্কাডক আয়োগৰ সদস্য হিচাপে লৈ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ পুনৰবাৰ ২০০৭ চনৰ ২ মাৰ্চৰ পৰা ২০১২ চনৰ ১ মাৰ্চলৈ ৫ বছৰৰ বাবে আয়োগৰ অধ্যক্ষ হিচাপে টি দেৱী, পি কে চাইনাবা, ৰুগমিনি ভাস্কৰণ, অধ্যাপক মীনাক্ষী থাম্পান আৰু এডভ নূৰবিনা ৰছিদক সদস্য হিচাপে লৈ আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।৮
এম চি জোচেফিনৰ মতে ন্যায়াধীশ শ্ৰীদেৱীৰ আইনী বিশেষজ্ঞতাই দুৰ্দশাগ্ৰস্ত মহিলাসকলৰ ন্যায় নিশ্চিত কৰাত সহায়ক আছিল আৰু তেওঁৰ এই প্ৰচেষ্টা নাৰী সবলীকৰণৰ ক্ষেত্ৰত আনৰ বাবে এক আদৰ্শ।৯
ব্যক্তিগত জীৱন
এজন সুপৰিচিত অধিবক্তা ইউ বালাজীৰ সৈতে শ্ৰীদেৱীৰ বিবাহ হৈছিল। ২০২১ চনত তেওঁৰ পুত্ৰ বসন্ত বালাজীক কেৰালাৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।১০
আত্মজীৱনী
শ্ৰীদেৱীৰ আত্মজীৱনীৰ শিৰোনাম হৈছে আজন্ম নিয়গম যাৰ অনুবাদ হৈছে এটা দীৰ্ঘদিনীয়া অভিযান।৯১১
বঁটা
- শ্ৰেষ্ঠ সমাজকৰ্মীৰ বাবে আক্কাম্মা চেৰিয়ান বঁটা (২০০৯)
- আচন ইনষ্টিটিউটৰ দ্বাৰা প্ৰতিষ্ঠা কৰা গুৰু বন্দনাম বঁটা
- পি.এন.পেনিকাৰ পৰিয়াল কল্যাণ বঁটা৫
মৃত্যু
২০১৮ চনৰ ৫ মাৰ্চত যকৃত বিকল হৈ শ্ৰীদেৱীৰ আকস্মিক মৃত্যু হয়। তেখেতৰ বয়স আছিল ৭৮ বছৰ। তেওঁ যকৃতৰ ৰোগত কিছুদিন চিকিৎসাধীন হৈ আছিল।৪
তথ্যসূত্ৰ
- ↑ Former Commissions. Kerala Women's Commission. Kerala Women's Commission, Thiruvananthapuram, Kerala State
- ↑ (7 February 2011). Kerala Women's Commission chief Justice D Sreedevi today demanded capital punishment for the man who raped a girl after pushing her off a moving train in Shornur last week. - Times of India. The Times of India
- ↑ Network, Live Law News. (2018-03-05). Former Kerala HC Judge Justice D Sreedevi Passes away. Live Law.in
- ↑ (2018-03-05). Women's commission former chief Justice D Sreedevi dies. kaumudiglobal.com
- ↑ (2018-03-06). Former chairperson of the Kerala Women's Commission Justice Sreedevi passes away. The New Indian Express
- ↑ (2018-03-06). ജസ്റ്റിസ് ഡി.ശ്രീദേവി അന്തരിച്ചു. Mathubhumi
- ↑ Former Judges of High Cour of Kerala. High Court of Kerala. NIC
- ↑ Former commissions. Kerala Women's Commission. NIC
- ↑ (2018-03-06). Justice D Sreedevi passes away. The Times of India
- ↑ Correspondent, Special. (2021-10-06). Basant Balaji appointed as additional judge of Kerala high Court. The Hindu
- ↑ D Sreedevi, Justice. www.indulekha.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডি শ্ৰীদেৱী” প্ৰবন্ধৰ সংশোধন ৫০৩৭৯৪ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।