অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনু শশীধৰন

বিনু শশীধৰণ (Binu Sasidharan) (জন্ম: ১৭ নৱেম্বৰ ১৯৭৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কৰা কামৰ বাবে পৰিচিত। ২০১৩ চনত মুক্তিপ্ৰাপ্ত ৱান্স আপন এ টাইম চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিনু শশীধৰণ (Binu Sasidharan) (জন্ম: ১৭ নৱেম্বৰ ১৯৭৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মালয়ালম ভাষা চলচ্চিত্ৰ উদ্যোগত কৰা কামৰ বাবে পৰিচিত।১ ২০১৩ চনত মুক্তিপ্ৰাপ্ত ৱান্স আপন এ টাইম চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰে। এই চলচ্চিত্ৰখনক মালয়ালম ভাষাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ এনিমেটেড চলচ্চিত্ৰ হিচাপে অভিহিত কৰা হয়। ইয়াৰ পূৰ্বে বিনু শশীধৰণে চিআইডি মুছা চলচ্চিত্ৰখনৰ এনিমেটেড সংস্কৰণ চিআইডি মুছা ০০৭ (ঘৰুৱা ভিডিঅ’ৰ বাবে) পৰিচালনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কুট্টিচাথান নামৰ মালয়ালম ভাষাৰ প্ৰথম এনিমেটেড ষ্টেৰিঅ’স্কোপিক ত্ৰিমাত্ৰিক ভিডিঅ’ চলচ্চিত্ৰখন নিৰ্মাণ কৰে। এই চলচ্চিত্ৰখন ঘৰুৱা থিয়েটাৰত প্ৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা হৈছিল।২ ৩

প্ৰাথমিক জীৱন

বিনুৰ জন্ম হৈছিল তিতা কেৰেলাৰ এৰ্নাকুলাম জিলাৰ আলুভাৰ দেশোমত। ১৯৯৯ চনত কালাডীৰ শ্ৰী শংকৰা মহাবিদ্যালয়ৰপৰা বাণিজ্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪

কেৰিয়াৰ

১৯৯৯ চনত শিক্ষা সমাপ্ত কৰাৰ পাছত বিনুৱে ফ্ৰীলান্স ডিজাইনাৰ আৰু এনিমেটৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০২ চনত তেওঁ অলপ সময়ৰ বাবে আলুৱাৰ ইউনিয়ন খ্ৰীষ্টান কলেজত ৱেব বিষয়ৰ অতিথি শিক্ষক হিচাপেও কাম কৰিছিল। ২০০৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰভিত্তিক এটা বহুজাতিক কোম্পানীত গ্ৰাফিক ডিজাইনাৰ হিচাপে যোগদান কৰে। ইয়াৰ পিছত ২০০৫ চনত তেওঁ নিজৰ জন্মস্থানত ৱায়াৰফ্ৰেম এনিমেচন নামৰ এটা এনিমেচন ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে আৰু একে সময়তে স্বাধীন ক্ৰিয়েটিভ পৰামৰ্শদাতা হিচাপে কাম আৰম্ভ কৰে। প্ৰায় ১৪বছৰীয়া তেওঁৰ চমু কৰ্মজীৱনত তেওঁ বিভিন্ন চলচ্চিত্ৰ, বিজ্ঞাপন আৰু টেলিভিছন প্ৰকল্পত কাম কৰিছে।৫ ৬ ৭

ফিল্মগ্ৰাফী

  • ৱান্স আপন এ টাইম (২০১৩ ছবি)
  • চিআইডি মুছা ০০৭
  • কুট্টিচাথান

তথ্যসূত্ৰ

  1. ↑ Nambidi, Parvathy. (22 April 2013). Once upon a time... The New Indian Express
  2. ↑ Once Upon A Time (Animation). দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (23 May 2013). Adventures of Rahul. The Hindu
  4. ↑ Manorama News
  5. ↑ (2007-03-31). Animated 'CID Moosa'. দ্য হিন্দু
  6. ↑ (2007-03-02). 'CID Moosa' in animation series. দ্য হিন্দু
  7. ↑ 'Featured Artist - Binu Sasidharan'. Reallusion

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰ পৰিচালককেৰালাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনু শশীধৰন” প্ৰবন্ধৰ সংশোধন ৬৪০০৭৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।