অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাজিন গোপু

' সাজিন গোপু (Sajin Gopu) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কাম কৰে। আলুভাৰ বাসিন্দা সাজিন গোপুৱে ২০১৫ চনত মুম্বাই টেক্মী চলচ্চিত্ৰত এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

' সাজিন গোপু (Sajin Gopu) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, তেওঁ মূলতঃ মালয়ালম ভাষা চলচ্চিত্ৰ উদ্যোগত কাম কৰে। আলুভাৰ বাসিন্দা সাজিন গোপুৱে ২০১৫ চনত মুম্বাই টেক্মী চলচ্চিত্ৰত এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।১ ২০২১ চনত চুৰুলী চলচ্চিত্ৰৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে বিশেষ পৰিচিতি লাভ কৰে। একে বছৰতে জান.ই.মেন চলচ্চিত্ৰতো অভিনয় কৰে। ইয়াৰ পিছত ২০২৩ চনত ৰোমাঞ্চম চলচ্চিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰে।২

প্ৰাৰম্ভিক জীৱন

সাজিন গোপুৰ জন্ম কেৰালাৰ আলুভাত। দেউতাক গোপালকৃষ্ণন আৰু মাতৃ প্ৰমিলাৰ জ্যেষ্ঠ পুত্ৰ। তেওঁ আলুভাৰ এছ.এন.ডি.পি. (SNDP) বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত আলুভা বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুলৰপৰা উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত তেওঁ আংগামালিৰ ডি পল ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজিত মহাবিদ্যালয়ীয়া শিক্ষা গ্ৰহণ কৰে।৩

কৰ্মজীৱন

সাজিন গোপুৱে ২০১৫ চনত মুম্বাই টেক্সি চলচ্চিত্ৰৰ জৰিয়তে ডাঙৰ পৰ্দাত অভিনয়ৰ আৰম্ভণি কৰে।৪ এই চলচ্চিত্ৰখনত তেওঁ এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ থিলোথামা চলচ্চিত্ৰতো এটা সৰু চৰিত্ৰত অভিনয় কৰে। ২০২১ চনত লিজো জোচে পেলিচেৰী পৰিচালিত চুৰুলী চলচ্চিত্ৰত জীপ চালকৰ চৰিত্ৰত অভিনয় কৰাটো সাজিন গোপুৰ অভিনয় জীৱনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে পৰিগণিত হয়।৫ একে বছৰতে তেওঁ Jan.E.Man চলচ্চিত্ৰত সাজি ভাইপিনৰ চৰিত্ৰত অভিনয় কৰে। এই চৰিত্ৰত তেওঁৰ অভিনয়ে সমালোচকসকলৰ প্ৰশংসা লাভ কৰে।৬ ২০২৩ চনত সাজিন গোপুৱে হৰৰ-ক’মেডি চলচ্চিত্ৰ ৰোমাঞ্চমত অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰে। ৭ চলচ্চিত্ৰখনত তেওঁৰ অভিনীত নিৰূপ চৰিত্ৰটো দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হয়। ২০২৪ চনত Jithu Madhavan পৰিচালিত গেংষ্টাৰ-একচন কমেডি চলচ্চিত্ৰ আৱেশমত আম্বানৰ চৰিত্ৰত অভিনয় কৰি সাজিন গোপুৱে বিশেষ প্ৰশংসা লাভ কৰে।৮ তেওঁৰ অভিনয় সমালোচক আৰু দৰ্শক উভয়ৰে মাজত সমাদৃত হয়। দ্য নিউ ইণ্ডিয়ান এক্মপ্ৰেছৰ সমালোচক ভিগণেশ মধুৱে আম্বান চৰিত্ৰটোক শক্তিশালী অথচ শিশুসুলভ মনৰ এক হাস্যৰসাত্মক চৰিত্ৰ হিচাপে উল্লেখ কৰি সাজিন গোপুৰ অভিনয়ক প্ৰশংসা কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে সাজিনৰ অভিনয়ে Fahadh Faasilৰ উচ্ছৃংখল অভিনয়ৰ সৈতে সুন্দৰভাৱে সামঞ্জস্য ৰাখিছিল।৯

ফিল্ম'গ্ৰাফী

+বছৰশীৰ্ষকভূমিকাNotes
২০১৫মুম্বাই টেক্সি সন্ত্ৰাসবাদী জিয়া থাকবীৰচলচ্চিত্ৰত আত্মপ্ৰকাশ
থিলোথামা ৰবি
২০১৬মাৰুভূমিয়িলে আনা সুঘুৰ বন্ধুUncredited fole
২০২১চুৰুলীজীপ ড্ৰাইভাৰ১০
জান.ই.মেন সাজী ভাইপিন১০
২০২৩ৰোমাঞ্চমনিৰূপ১১
নেইমাৰ (চলচ্চিত্ৰ) কান্নান১২
চাভেৰ আচিফ১৩
২০২৪ আৱেশম (২০২৪ চনৰ ছবি) অম্বন১৪
২০২৫পোনমানমাৰিয়ানো১৫
পাইনকিলি সুকু সুজিঠকুমাৰ১৬
ওৰু দুৰূহা সাহাচাৰ্যাথিল ৰাজেন প্ৰসাদ১৭
১৮১৯

সন্মান

বছৰপুৰস্কাৰশ্ৰেণীচলচ্চিত্ৰফলাফলউৎস
২০২৪মাঝাভিল মনোৰঞ্জন বঁটাবছৰৰ মনোৰঞ্জকআৱেশম (২০২৪ চলচ্চিত্ৰ)২০

তথ্যসূত্ৰ

  1. ↑ 'പുതപ്പിക്കും ഞാൻ': അർജുനെ കാണുമ്പോഴേ ചിരി വരും: രോമാഞ്ചത്തിലെ 'നിരൂപ്' അഭിമുഖം. www.manoramaonline.com
  2. ↑ 'ഇനി ചെയ്യുന്ന വേഷങ്ങൾ വ്യത്യസ്തമായിരിക്കും; നെഗറ്റീവും ഹ്യൂമറും സീരിയസ്സുമെല്ലാം ചെയ്യും': അഭിമുഖം: സജിൻ ഗോപു - ജൂട്ടു. Samayam Malayalam
  3. ↑ Desk, M. V. (20 April 2023). സജിന്‍റെ സിനിമാവഴികൾ... Metrovaartha
  4. ↑ അനു. (2023-03-26). ടീമിനൊപ്പമായാലും ഒറ്റയ്ക്ക് നിന്നാലും സീനില്‍ ശരിക്കും ഡോമിനേറ്റ് ചെയ്യും!! !. Malayalam Film News Portal
  5. ↑ ചുരുളിയിലെ ജീപ്പ് ഡ്രൈവർ, ജാനേമന്നിലെ സജിയണ്ണൻ; സജിൻ ഗോപുവിന് ഇത് ഡബിൾ ലോട്ടറി. ManoramaOnline
  6. ↑ (22 November 2021). Sajin Gopu: Lijo Jose Pellissery is on every actor's bucket list. Cinema Express
  7. ↑ വിതരണക്കാർപോലും തഴഞ്ഞ ചിത്രം; 5 കോടിയിൽ താഴെ മുതൽ മുടക്ക്; 'രോമാഞ്ചം' 50 കോടി ക്ലബ്ബിൽ. ManoramaOnline
  8. ↑ M, Athira. (2024-04-25). Sajin Gopu on 'Aavesham': 'Playing Ambaan was a tightrope walk'. The Hindu
  9. ↑ Madhu, Vignesh. (2024-04-12). 'Aavesham' movie review: Fahadh & Sajin Gopu scream through this laugh riot. The New Indian Express
  10. ↑ (23 November 2021). Lijo Jose Pellissery is on every actor's bucket list: Churuli actor Sajin Gopu. The New Indian Express
  11. ↑ (27 February 2023). Director Jithu Madhavan wants to see his blockbuster Romancham remade in other languages I Exclusive. India Today
  12. ↑ (2023-05-04). Hit duo Mathew Thomas and Naslen K Gafoor set to return with Neymar. The Indian Express
  13. ↑ (2023-09-22). Chaaver trailer: Kunchacko Boban promises a high-energy, tension-filled actioner. The Indian Express
  14. ↑ (2024-01-26). 'Aavesham' teaser: Fahadh Faasil, Jithu Madhavan promise a wacky ride. The Hindu
  15. ↑ (2024-08-19). 'Ponman' first look unveiled: Basil Joseph continues to shine after recent success. The Times of India
  16. ↑ (2024-12-02). Sajin Gopu-Anaswara Rajan Film Title, First Look Revealed!. Times Now
  17. ↑ Madhu, Vignesh. (2025-03-08). It's a wrap for Kunchacko Boban's Oru Durooha Saahacharyathil. Cinema Express
  18. ↑ (2025-12-01). Title poster of ‘Dhoomakethu’ revealed, with Nikhila Vimal, Shine Tom and Sajin Gopu leading the cast
  19. ↑ (2025-12-01). Nikhila Vimal, Shine Tom Chacko, Sajin Gopu and others to lead Dhoomakethu. Cinema Express
  20. ↑ Mazhavil Entertainment Awards 2024: Jagathy is ultimate entertainer; Urvashi, Sathyan Anthikad honoured. Mazhavil Entertainment Awards 2024: Jagathy is ultimate entertainer; Urvashi, Sathyan Anthikad honoured

সম্পৰ্কিত শ্ৰেণী

অভিনেতাকেৰালাৰ ব্যক্তিভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাজিন গোপু” প্ৰবন্ধৰ সংশোধন ৬২৭৩৯১ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।