অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডন পালাথাৰা

ডন পালাথাৰা (Don Palathara; জন্ম: ২২ আগষ্ট ১৯৮৬) হৈছে কেৰালাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। কম বাজেটত কাম কৰাৰ বাবে পৰিচিত তেওঁৰ চলচ্চিত্ৰসমূহ স্থানীয় কেৰালাৰ সংস্কৃতিৰ প্ৰদৰ্শন আৰু মানৱ প্ৰকৃতিৰ অধ্যয়ন।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৯৫ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ডন পালাথাৰা (Don Palathara; জন্ম: ২২ আগষ্ট ১৯৮৬) হৈছে কেৰালাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা।১২৩ কম বাজেটত কাম কৰাৰ বাবে পৰিচিত তেওঁৰ চলচ্চিত্ৰসমূহ স্থানীয় কেৰালাৰ সংস্কৃতিৰ প্ৰদৰ্শন আৰু মানৱ প্ৰকৃতিৰ অধ্যয়ন।১৪ পালাথাৰাৰ চলচ্চিত্ৰসমূহে মস্কো,৫ ৰটাৰডেম৬ আৰু তিৰুৱনন্তপুৰমকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা লাভ কৰিছে।৭

প্ৰাৰম্ভিক জীৱন

ডন পালাথাৰাৰ জন্ম হৈছিল কেৰালাৰ ইডুক্কি জিলাৰ কৰুণাপুৰমত।৮৯ ইয়াৰ পিছত তেওঁ অষ্ট্ৰেলিয়াৰ চিডনিলৈ প্ৰব্ৰজন কৰে, য'ত তেওঁ চিডনিৰ একাডেমী অৱ ফিল্ম, থিয়েটাৰ এণ্ড টেলিভিছনৰপৰা ডিপ্লমা লাভ কৰে। এই প্ৰতিষ্ঠানখন একত্ৰীকৰণৰ পূৰ্বে ইণ্টাৰনেশ্যনেল ফিল্ম স্কুল চিডনি নামেৰে জনাজাত আছিল।১০১১

কেৰিয়াৰ

পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ জগতত খোজ পেলোৱাৰ পূৰ্বে পালাথাৰাই কেইবাখনো চুটি ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।১২ ২০১৫ চনত তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ শৱম মুক্তি পায়। অতি কম বাজেটত নিৰ্মিত এই চলচ্চিত্ৰখন ইয়াৰ ব্যতিক্ৰমী চলচ্চিত্ৰ নিৰ্মাণ শৈলীৰ বাবে বিশেষভাৱে চৰ্চিত হৈছিল, কাৰণ সমগ্ৰ ছবিখন ক'লা-বগা মাধ্যমত নিৰ্মাণ কৰা হৈছিল। ইয়াত স্থানভিত্তিক শব্দ গ্ৰহণ (লোকেশন ৰেকৰ্ডিং) কৰা হৈছিল (যিটো ভাৰতীয় চিনেমাৰ বাবে অস্বাভাৱিক) আৰু ইয়াত বহুসংখ্যক অনভিজ্ঞ অভিনয় শিল্পীয়ে অভিনয় কৰিছিল।১৩ এটা শৱযাত্ৰাক কেন্দ্ৰ কৰি মানৱ চৰিত্ৰৰ বিভিন্ন দিশক লৈ নিৰ্মিত এই ব্যংগাত্মক চলচ্চিত্ৰ শৱম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱসমূহৰ লগতে স্থানীয়ভাৱেও সমাদৃত হৈছিল।১৪ ছবিখনৰ মুক্তিৰ বাবে কাজছা চলচ্চিত্ৰ মঞ্চৰ চিনেমা গাড়ী ব্যৱহাৰ কৰা হৈছিল, যি আছিল এক বৈকল্পিক চলচ্চিত্ৰ বিতৰণ ব্যৱস্থা।১৫১৬ পৰৱৰ্তী সময়ত শৱম নেটফ্লিক্স আৰু মুবী প্লেটফৰ্মত সম্প্ৰচাৰিত হয়।১৭

২০১৭ চনত পালাথাৰাই তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্য ছবি ভিথ ৰচনা, পৰিচালনা, প্ৰযোজনা আৰু সম্পাদনা কৰে। এই চলচ্চিত্ৰখনৰ বাবে প্ৰয়োজনীয় পুঁজি কিকষ্টাৰ্টাৰকে ধৰি বিভিন্ন ক্ৰাউডফাণ্ডিং প্লেটফৰ্ম আৰু শৱমৰপৰা লাভ কৰা ধনেৰে সংগ্ৰহ কৰা হৈছিল।১৮১৯

তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰ ১৯৫৬, চেণ্ট্ৰেল ট্ৰাভাংকুৰ ২০১৯ চনৰ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।১১২০২১২২ ২০২২ চনত এই ছবিখনে ২০২০ চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে এফ এফ এছ আইৰ জন আব্ৰাহাম বঁটা লাভ কৰিবলৈ সক্ষম হয়।২৩

২০২০ চনত পালাথাৰাই ৰিমা কালিংগল আৰু জীতিন পুথানচেৰী অভিনীত সন্তোষথিন্তে ওন্নাম ৰহস্যম নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰে। এই ছবিখন এগৰাকী তৰুণ সাংবাদিক আৰু এগৰাকী উদীয়মান অভিনেতাৰ ৮৫ মিনিটৰ এটা চিংগল-টেক কাৰ যাত্ৰাৰ ওপৰত আধাৰিত আছিল।২৪২৫ এই চলচ্চিত্ৰখন পৰৱৰ্তী সময়ত ৪৩সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ গোল্ডেন জৰ্জ বঁটাৰ বাবে মনোনীত হৈছিল।২৬

শ্বেৰিন কেথেৰিন অভিনীত তেওঁৰ এভ্ৰিথিং ইজ চিনেমা নামৰ সম্পৰ্কভিত্তিক নাট্যধৰ্মী চলচ্চিত্ৰখন প্ৰথম পুৰুষৰ আখ্যানত উপস্থাপন কৰা হৈছিল। এই ছবিখনৰ প্ৰিমিয়াৰ ৫০সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৰটাৰডেমৰ চিনেমা ৰিগেইণ্ড শাখাত প্ৰদৰ্শিত হৈছিল।২৭২৮

২০২৩ চনত তেওঁ ফেমিলি নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে, য'ত বিনয় ফ'ৰ্ট, দিব্যা প্ৰভা, নিল্জা কে বেবী, মেথিউ থমাছ, সজীতা মডাথিল আদিয়ে অভিনয় কৰিছিল। এই চলচ্চিত্ৰখন ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৰটাৰডেমৰ অফিচিয়েল চেলেকচন হিচাপে নিৰ্বাচিত হৈছিল।২৯

২০২৩ চনত ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছে (BAFTA) ভাৰতৰ ব্ৰেকথ্ৰূ কাৰ্যসূচীৰ বাবে আন নজন চলচ্চিত্ৰ পেছাদাৰীৰ সৈতে পালাথাৰাক নিৰ্বাচিত কৰি সন্মানিত কৰে।৩০

চলচ্চিত্ৰপঞ্জী

বৰ্ষচলচ্চিত্ৰৰ নামপৰিচালকপ্ৰযোজকসম্পাদকৰচকতথ্যসূত্ৰ
২০১৫শৱমপ্ৰথমখন চলচ্চিত্ৰ১
২০১৭ভিথ১
২০১৯১৯৫৬, চেণ্ট্ৰেল ট্ৰাভাংকুৰ১
২০২১এভ্ৰিথিং ইজ চিনেমা৩১
২০২১সন্তোষথিন্তে ওন্নাম ৰহস্যম৩২
২০২৩ফেমিলি২৯

বঁটা আৰু সন্মান

  • ২০২০ চনত ফেডাৰেচন অৱ ফিল্ম চচাইটিজ অৱ ইণ্ডিয়াৰদ্বাৰা শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে জন আব্ৰাহাম বঁটা লাভ কৰে।৩৩
  • ২০২৫ চনত কেৰালা চলচ্চিত্ৰ সমালোচক সংস্থা বঁটাত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ফিল্ম ক্ৰিটিক্স বঁটা লাভ কৰে।৩৪
  • ২০২১ চনত পাত্ৰিকি চলচ্চিত্ৰ মহোৎসৱত 'এভ্ৰিথিং ইজ চিনেমা' চলচ্চিত্ৰখনৰ বাবে চিনেমেট'গ্ৰাফীত ফ্ৰেছ এংগেল এণ্ড নিউ ডিস্কভাৰীজ সন্মান লাভ কৰে।৩৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Don Palathara's Shavam, Vith And 1956, Central Travancore Are Observational Tracts Filled With Gorgeous "Human Landscapes"|website=Film Companion|date=13 October 2020|access-date=2020-10-13
  2. ↑ Don Palathara. nettv4u
  3. ↑ Two movies by filmmaker Don Palathara to be screened at IFFK. The Week
  4. ↑ Wanted to focus on the little things, says 1956, Central Travancore director Don Palathara. Cinestaan
  5. ↑ Don Palathara's 1956, Central Travancore to premiere at MIFF. The New Indian Express
  6. ↑ (4 May 2021). Don Palathara's Everything is Cinema to premiere at Rotterdam festival. Times of India
  7. ↑ (25 December 2020). Don Palathara's two upcoming films selected for 25th IFFK. Cinema Express
  8. ↑ Don Palathara Interviewed by Arun A.K.. bomb magazine
  9. ↑ Vith. tao films – The art of film.
  10. ↑ The International Film School Sydney is now known as AFTT
  11. ↑ Menon, Anasuya. (2019-08-02). The story of a people's psyche. The Hindu
  12. ↑ (26 November 2015). Preview of Shavam on Saturday. The New Indian Express
  13. ↑ Gopalakrishnan, Aswathy. (7 August 2017). Spirit At A Funeral: Indie Filmmaker Don Palathara's 'Shavam' Peeks Into A Grief-Stricken Family. Silverscreen.in
  14. ↑ (2015-11-29). ശവം - മരണവീടിന്‍റെ മരണഡോക്യുമെന്‍റേഷൻ. Samayam Malayalam
  15. ↑ (2015-11-26). Shavam, far from a lifeless affair. The Hindu
  16. ↑ M.K, Nidheesh. (2018-03-19). 'S Durga' makers to crowdsource screenings in Kerala. Livemint
  17. ↑ (19 July 2017). Award winning Malayalam film 'Shavam' by Don Palathara now streams in Netflix. The New Indian Express
  18. ↑ (22 September 2016). Don Palathara's Vith is built on the conflict. The New Indian Express
  19. ↑ Shekar, Anjuna. (2018-05-28). Crowdfunding a dream. www.thenewsminute.com
  20. ↑ Staff Reporter. (2019-11-05). Don Palathara's period movie selected for Film Bazaar. The Hindu
  21. ↑ (19 November 2019). Don Palathara's 1956, Central Travancore heads to Goa. Cinema Express
  22. ↑ '1956, Central Travancore', Malayalam film on early migrants to Idukki, heads to MIFF. The Week
  23. ↑ Staff Reporter. (2022-07-04). FFSI's John Abraham awards announced. The Hindu
  24. ↑ (19 October 2020). Don Palathara's next is Santhoshathinte Onnam Rahasyam. Cinema Express
  25. ↑ (20 October 2020). Rima Kallingal, Jitin Puthanchery star in Don Palathara's new film. The New Indian Express
  26. ↑ JOYFUL MYSTERY:: Film catalogue:: Moscow International Film Festival. www.moscowfilmfestival.ru
  27. ↑ Don Palathara's Everything is Cinema to premiere at Rotterdam festival. Times of India
  28. ↑ Don Palathara's 'Everything is Cinema' to be screened at the International Film Festival Rotterdam. The News Minute
  29. ↑ (30 November 2022). Don Palathara's 'Family' set for world premiere at Rotterdam Int'l Film Fest. The New Indian Express
  30. ↑ (29 November 2023). BAFTA Announces Its Breakthrough 2023 Cohort Across India, UK and USA for the First Time. Netflix
  31. ↑ 'Don Palathara's 'Everything Is Cinema' to premiere at International Film Festival of Rotterdam. The Week
  32. ↑ 'Joyful Mystery'. IMDB
  33. ↑ FFSI’s John Abraham awards announced. The Hindu
  34. ↑ Kerala Film Critics Awards 2024: Here is the full list of winners. Times Entertainment
  35. ↑ INTERNATIONAL JURY SELECTED WINNERS OF THE PATRIKI FILM FESTIVAL. Patriki Film Festival

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিচলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডন পালাথাৰা” প্ৰবন্ধৰ সংশোধন ৬৩৭২০২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।