অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেভিয়াৰ পুলপাট

জেভিয়াৰ পুলপাট হৈছে এজন ভাৰতীয় নাট্য ব্যক্তিত্ব যিয়ে নাটকৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াইছে। তেওঁ ২০২৪ চনৰ কেৰেলা সংগীত নাটক একাডেমী ফেলোশ্বিপ, নাট্য ৰচনা, পৰিচালনা আৰু উপস্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ বঁটা, নাট্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত কেৰেলা সংগীত নাটক একাডেমী বঁটা, শ্ৰেষ্ঠ…

হালনাগাদ: ২৭ জুলাই ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

জেভিয়াৰ পুলপাট হৈছে এজন ভাৰতীয় নাট্য ব্যক্তিত্ব যিয়ে নাটকৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াইছে। তেওঁ ২০২৪ চনৰ কেৰেলা সংগীত নাটক একাডেমী ফেলোশ্বিপ, নাট্য ৰচনা, পৰিচালনা আৰু উপস্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ বঁটা, নাট্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত কেৰেলা সংগীত নাটক একাডেমী বঁটা, শ্ৰেষ্ঠ অপেছাদাৰী নাটকৰ বাবে কেৰেলা সংগীত নাটক একাডেমী বঁটা, আবু ধাবি শক্তি বঁটা, কেৰেলা কেথলিক বিচপ কাউন্সিল বঁটা আৰু ফোকান গ্ল’বেল লিটাৰেৰী বঁটা (আমেৰিকা যুক্তৰাষ্ট্ৰ)কে ধৰি কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

জীৱনী

১৯৫১ চনৰ ২৬ মে’ত কেৰেলাৰ এৰ্নাকুলাম জিলাৰ অলুৱাত জেভিয়াৰ পুলপাটৰ জন্ম হৈছিল।১। তেওঁ অলুৱাৰ এছ এন পুৰমত বাস কৰে২

ব্যক্তিগত জীৱন

জেভিয়াৰে নাট্য অভিনেত্ৰী লীলম্মা (কেপিএচি লতা)ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২। তেওঁলোকৰ দুটা সন্তান আছে, ডুবাইৰ এগৰাকী সাংবাদিক আৰু কবি এডভোকেট ছোনিয়া শ্বিনয় পুলপাট আৰু চফ্টৱেৰ অভিযন্তা চেমছন জেভিয়াৰ২

কৰ্মজীৱন

পেছাদাৰী নাট্য সমাজ অলুৱা মৈত্ৰী কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক জেভিয়াৰে কেৰেলা সাহিত্য একাডেমীৰ সদস্য, কেৰেলা সংগীত নাটক একাডেমীৰ উপ-সভাপতি তথা পুৰোগমনা কলা সাহিত্য সংঘৰ জিলা সম্পাদক, সভাপতি আৰু ৰাজ্যিক সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।২ তেওঁ বৰ্তমান কলা সাহিত্য সংঘ ৰাজ্যিক পৰিষদৰ এজন সদস্য।২ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী সংগঠন নানমাৰ ৰাজ্যিক সভাপতিৰ পদো অলংকৃত কৰিছিল।৩‌ তেওঁ যেতিয়া কেৰেলা সংগীত নাটক একাডেমীৰ কাৰ্যবাহী সভাপতি হিচাপে দায়িত্বত আছিল, তেতিয়া ক’ভিড ১৯ৰ বাবে সংকটত পৰা নাট্য সমিতিসমূহক পুনৰুজ্জীৱিত কৰিবলৈ আৰ্থিক সাহায্য আঁচনি আৰু অন্যান্য ব্যৱস্থা ৰূপায়ণ কৰিছিল যিয়ে বহুতো নাট্য শিল্পীক সহায় কৰিছিল।৩

অৱদান

তেওঁ নাট্যকাৰ, পৰিচালক, অভিনেতা আৰু নাট্য সংগঠক হিচাপে পেছাদাৰী আৰু অপেছাদাৰী দুয়োটা নাট্য ক্ষেত্ৰতে পঞ্চাশ বছৰতকৈও অধিক সময় ধৰি কাম কৰি আহিছে।২ তেওঁ ৬৫খন নাটক ৰচনা কৰিছে, ১০০খন নাটক পৰিচালনা কৰিছে আৰু ১৭খন নাটক গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছে।২

জেভিয়াৰে ১৫ বছৰ বয়সতে বেদনকুন্না আত্মাক্কল নামৰ নাটকখনৰ জৰিয়তে মঞ্চত আত্মপ্ৰকাশ কৰিছিল।২ ২০২৫ চনলৈকে তেওঁ ৬০০তকৈও অধিক মঞ্চত অভিনয় প্ৰদৰ্শন কৰিছে।২

বঁটা আৰু সন্মান

২০২৫ চনত জেভিয়াৰে কেৰেলা সংগীত নাটক একাডেমী ফেলোশ্বিপ লাভ কৰে।৪ ইয়াৰ উপৰি তেওঁ নাট্য ৰচনা, পৰিচালনা আৰু উপস্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ বঁটা, নাট্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত কেৰেলা সংগীত নাটক একাডেমী বঁটা, শ্ৰেষ্ঠ অপেছাদাৰী নাটকৰ বাবে কেৰেলা সংগীত নাটক একাডেমী বঁটা, আবু ধাবি শক্তি বঁটা, কেৰেলা কেথলিক বিচপ কাউন্সিল বঁটা আৰু ফোকান গ্ল’বেল লিটাৰেৰী বঁটা (আমেৰিকা যুক্তৰাষ্ট্ৰ)কে ধৰি ২৩টাতকৈও অধিক অন্যান্য বঁটা লাভ কৰিছে।২

তথ্যসূত্ৰ

  1. ↑ (2017-10-14). സേവ്യര്‍ പുല്പാട്ട്. Keralaliterature.com
  2. ↑ നാടകകലയിലെ ബഹുമുഖ പ്രതിഭ. Deshabhimani
  3. ↑ (2023-04-22). നാടകരംഗത്ത് അരനൂറ്റാണ്ട് പിന്നിട്ട് സേവ്യർ പുൽപാട്ട് · Xavier Pulpatt · Madhyamam. www.madhyamam.com
  4. ↑ Kerala Sangeetha Nataka Akademi fellowships and awards announced. www.thehindu.com

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিঅভিনেতানাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেভিয়াৰ পুলপাট” প্ৰবন্ধৰ সংশোধন ৬২০৩১১ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।