ঔপন্যাসিক
৬৮ প্ৰবন্ধ
-
ইমাৰ মেকব্ৰাইড
ইমাৰ মেকব্ৰাইড (ইংৰাজী: Eimear McBride; জন্ম ৬ অক্টোবৰ ১৯৭৬) এগৰাকী আইৰিছ ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস, এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিং-এ ২০১৩ চনত প্ৰথম গ'ল্ডস্মিথ বঁটা আৰু ২০১৪ চনত বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল। তেওঁ ২০১৮ চনত ৰয়েল ছচাইটি অৱ লিটাৰেচাৰৰ ফেলো নিৰ্বাচিত হয়।
-
ইমুনা ইলন
ইমুনা ইলন (Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।
-
ইয়ন ফ'ছে
ইয়ন অলাভ ফ'ছে (Jon Olav Fosse,; জন্ম ২৯ ছেপ্টেম্বৰ ১৯৫৯) এগৰাকী নৰৱেৰ লেখক, অনুবাদক আৰু নাট্যকাৰ। ২০২৩ চনত তেওঁ "অব্যক্ত কথাবোৰক কণ্ঠদান কৰা উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে" সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
-
ইয়েমোদিছ বেকেলে
ইয়েমোদিছ বেকেলে (Yemodish Bekele, জন্ম-১৯৬০) কবিতা, চুটিগল্প আৰু এখন উপন্যাসকে ধৰি সাতখনতকৈও অধিক গ্ৰন্থৰ প্ৰকাশিত লেখিকা আৰু নিজাকৈ চুটিগল্প সংকলন প্ৰকাশ কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান মহিলা।
-
এন এইচ ডিনি
নূৰহায়তী শ্ৰীহাৰ্দিনী ছিতি নুকাটিন কফিন (ইংৰাজী: Nurhayati Srihardini Siti Nukatin Coffin; জন্ম: ২৯ ফেব্ৰুৱাৰী ১৯৩৬ – ৪ ডিচেম্বৰ ২০১৮), তেওঁৰ ছদ্মনাম এন এইচ ডিনি হিচাপেই অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু নাৰীবাদী আছিল।
-
গীতাঞ্জলি শ্ৰী
গীতাঞ্জলি শ্ৰী (Geetanjali Shree) (তেখেত গীতাঞ্জলি পাণ্ডে নামেৰেও জনাজাত, আৰু তেখেতে মাকৰ প্ৰথম নাম শ্ৰীক শেষ নাম হিচাপে লৈছে।) ) (জন্ম ১৯৫৭) ভাৰতৰ নতুন দিল্লীত বাস কৰা এগৰাকী হিন্দী ঔপন্যাসিক আৰু চুটিগল্পকাৰ। গীতাঞ্জলি শ্ৰী কেইবাটাও চুটিগল্প আৰু পাঁচখন উপন্যাসৰ লেখিকা।
-
চু টং
টং ঝংগুই (Tong Zhonggui; চীনা: 童忠贵; জন্ম: ২৩ জানুৱাৰী, ১৯৬৩) এগৰাকী চীনা ঔপন্যাসিক। তেওঁ সাধাৰণতে চু টং নামেৰেহে পৰিচিত। চু টং তেওঁৰ কলম নাম। টঙে চুঝৌত জন্মগ্ৰহণ কৰিছিল আৰু বৰ্তমান তেওঁ নানজিঙত বাস কৰে। ১৯৮০ চনত তেওঁ বেইজিং নৰ্মাল বিশ্ববিদ্যালয়ৰ চীনা বিভাগত আছিল।
-
চুজান বাৰ্ণ
চুজান বাৰ্ণ (ইংৰাজী: Suzanne Berne; জন্ম ১৭ জানুৱাৰী, ১৯৬১) এগৰাকী আমেৰিকান ঔপন্যাসিকা। তেওঁ গ্ৰাম্য চহৰত ঘটা অপ্ৰত্যাশিত পাৰিবাৰিক আৰু মনস্তাত্ত্বিক নাটকৰ আধাৰত চৰিত্ৰৰ বিশ্লেষণ কৰাৰ বাবে জনাজাত। বাৰ্ণৰ প্ৰথম উপন্যাস, এ ক্ৰাইম ইন দা নেইবাৰহুড-এ ১৯৯৯ চনৰ অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।
-
চেন দুয়ানশ্বেং
চেন দুয়ানশ্বেং (ইংৰাজী: Chen Duansheng; জন্ম: ১৭৫১–১৭৯৬) এগৰাকী চীনা কবি আৰু তানচি ঔপন্যাসিকা আছিল। তেওঁ আটাইতকৈ বিখ্যাত তানচিসমূহৰ ভিতৰত অন্যতম জাইশ্বেংইউয়ান (অসমীয়া অৰ্থ: যুগ যুগান্তৰৰ প্ৰেমিক) নামৰ গ্ৰন্থখনৰ লেখিকা।
-
জেমছ জয়ছ
জেমছ অগাষ্টিন এলয়ছিয়াছ জয়ছ (জন্ম জেমছ অগাষ্টা জয়ছ; ২ ফেব্ৰুৱাৰী ১৮৮২ – ১৩ জানুৱাৰী ১৯৪১) আছিল এজন আইৰিছ ঔপন্যাসিক, কবি আৰু সাহিত্য সমালোচক। আধুনিকতাবাদী আভাংগাৰ্ড আন্দোলনত তেওঁ অৰিহণা যোগাইছিল আৰু বিংশ শতিকাৰ অন্যতম প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ লেখক হিচাপে গণ্য কৰা হয়।
-
জেমছ ৰুফাছ এজি
জেমছ ৰুফাছ এজি (James Rufus Agee; জন্ম: ২৭ নৱেম্বৰ ১৯০৯ – মৃত্যু: ১৬ মে' ১৯৫৫) এজন আমেৰিকান ঔপন্যাসিক, সাংবাদিক, কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ সমালোচক আছিল। তেওঁ ১৯৪০ চনত টাইমৰ বাবে লিখা আমেৰিকাৰ অন্যতম প্ৰভাৱশালী চলচ্চিত্ৰ সমালোচক আছিল।
-
জৰ্জ অৰৱেল
এৰিক আৰ্থাৰ ব্লেয়াৰ( ইংৰাজী; Eric Arthur Blair; (২৫ জুন ১৯০৩ – ২১ জানুৱাৰী ১৯৫০) এজন ইংৰাজ ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সাংবাদিক আৰু সমালোচক আছিল। জৰ্জ অৰৱেল নামেৰে তেওঁ অধিক জনাজাত।
-
জৰ্জ জোচেফ কে
জৰ্জ জোচেফ কে (George Joseph K., জন্ম:১৯৫৫), এগৰাকী ভাৰতীয় গল্পকাৰ, ঔপন্যাসিক, কবি আৰু সাংবাদিক, যি মালয়ালম ভাষাত লিখে। বৰ্তমানলৈ তেওঁৰ ৯ খন কিতাপ প্ৰকাশ হৈছে।
-
টাই নিং
টাই নিং (Tie Ning; জন্ম: ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী চীনা গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ বেইজিঙত থাকে। ২০০৬ চনৰপৰা তেওঁ চীন ৰাইটাৰ্ছ এছ’চিয়েচনৰ সভাপতি আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ ১৮ তম কেন্দ্ৰীয় সমিতিৰ সদস্য।
-
টিমথি মো
টিমথি পিটাৰ মো (Timothy Mo; জন্ম ৩০ ডিচেম্বৰ ১৯৫০) এগৰাকী ব্ৰিটিছ এছিয়ান ঔপন্যাসিক আৰু সাহিত্যকাৰ। তেওঁৰ মাতৃ এগৰাকী ব্ৰিটিছ আৰু দেউতাক হংকঙৰ। মোৱে জন্মৰ পিছত দহ বছৰ বয়সলৈকে হংকঙত বাস কৰিছিল। তাৰপিছত তেওঁ পৰিয়ালৰ সৈতে ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰে। মো আছিল বিদ্ৰোহী আৰু প্ৰতিভাশালী।
-
ড° মালিনী
ড০ নীলিমা শইকীয়া (Dr Neelima Saikia) বা ড০ মালিনী (Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা…
-
তু তু থা
তু তু থা (জন্ম ২৮ আগষ্ট ১৯৭১) এজনী বাৰ্মাৰ মহিলা সাংবাদিক আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হৈছিল ১৯৭১ চনৰ ২৮ আগষ্ট তাৰিখে। তেওঁ পিতৃ আ নাউং এজন বিশিষ্ট কাৰ্টুনিষ্ট। তেওঁ আৰম্ভণিতে গভৰ্ণমেণ্ট টেকনিকেল ইনষ্টিটিউটত অভিযান্ত্ৰিক শিক্ষাৰ প্ৰশিক্ষণ লৈছিল।
-
দিনেশ নন্দিনী ডালমিয়া
দিনেশ নন্দিনী ডালমিয়া (Dinesh Nandini Dalmia; ১৬ ফেব্ৰুৱাৰী ১৯২৮ – ২৫ অক্টোবৰ, ২০০৭), বা দিনেশনন্দিনী ডালমিয়া হিন্দী সাহিত্যৰ এগৰাকী ভাৰতীয় কবি, গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ ডালমিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামকৃষ্ণ ডালমিয়াৰ পঞ্চম পত্নী।
-
ধীৰুবেন গোৰ্ধনভাই পেটেল
ধীৰুবেন গোৰ্ধনভাই পেটেল (Dhiruben Gordhanbhai Patel, ২৯ মে' ১৯২৬ – ১০ মাৰ্চ ২০২৩) এগৰাকী ভাৰতীয় ঔপন্যাসিক, নাট্যকাৰ আৰু অনুবাদক আছিল৷
-
নন্দিনী বাজপাই
নন্দিনী বাজপাই ভাৰতীয় মূলৰ এগৰাকী বষ্টন-ভিত্তিক লেখিকা। তেওঁৰ প্ৰথম যুৱ প্ৰাপ্তবয়স্ক উপন্যাস "ৰেড টাৰ্বান হোৱাইট হৰ্চ: মাই চিষ্টাৰ হাৰিকেন ৱেডিং" ২০১৩ চনত স্কলাষ্টিক ইণ্ডিয়াই প্ৰকাশ কৰিছিল।
-
নাটালিয়া মেটলিনেটছ
নাটালিয়া মেটলিনেটছ (ইউক্ৰেনিয়ান: Наталія Матолінець; জন্ম:২০ ডিচেম্বৰ, ১৯৯০) এগৰাকী ইউক্ৰেনিয়ান ঔপন্যাসিক আৰু গল্প লেখক। তেওঁ ২০২৩ চনত ইএছএফএছ ক্ৰিচেলাছ বঁটা লাভ কৰিছিল।
-
বলৱন্ত গাৰ্গী
বলৱণ্ত গাৰ্গী ( জন্ম, ৪ ডিচেম্বৰ ১৯১৬ –মৃত্যু, ২১ এপ্ৰিল ২০০৩) এজন ভাৰতীয় পাঞ্জাবী ভাষাৰ নাট্যকাৰ, নাট্য পৰিচালক, ঔপন্যাসিক, চুটিগল্প লেখক, আৰু শিক্ষাবিদ আছিল।
-
বিলাল তনৱীৰ
বিলাল তনৱীৰ (Bilal Tanweer উৰ্দু, পঞ্জাৱী:; জন্ম:১৯৮৩) লাহোৰত বসবাস কৰা এগৰাকী পাকিস্তানী লেখক আৰু অনুবাদক। তেওঁৰ দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেট উপন্যাসখনে ২০১৪ চনত শক্তি ভট্ট ফাৰ্ষ্ট বুক প্ৰাইজ লাভ কৰিছিল আৰু ২০১৫ চনত দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ আৰু Chautauqua Prizeৰ…
-
ভিক্টোৰিয়া এমেলিনা
ভিক্টোৰিয়া এমেলিনা ( Viktoria Amelina; ইউক্ৰেইনীয়: Вікторія Юріївна Амеліна; জন্ম: ১ জানুৱাৰী ১৯৮৬ – ১ জুলাই ২০২৩), এগৰাকী ইউক্ৰেনিয়ান ঔপন্যাসিক আৰু যুদ্ধ সম্পৰ্কীয় অপৰাধৰ গৱেষক আছিল। তেওঁ দুখন উপন্যাস আৰু এখন শিশু গ্ৰন্থ লেখিছে।
-
মিখাইল শ্বলখভ
মিখাইল শ্বলখভ (সম্পূৰ্ণ নাম: মিখাইল আলেক্সাণ্ডাৰভিচ শ্বলখভ,, ৰাছিয়ান: Михаил Александрович Шолохов), জন্ম ১৯০৫ – মৃত্যু ১৯৮৪) এজন ৰাছিয়াৰ ঔপন্যাসিক আৰু ১৯৬৫ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী আছিল।
-
মিগেল দে চেৰ্ভানটেচ
মিগেল দে চেৰ্ভানটেচ (Miguel de Cervantes Saavedra; ২৯ ছেপ্টেম্বৰ ১৫৪৭ – ২২ এপ্ৰিল ১৬১৬) আছিল এজন স্পেনিছ ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁক স্পেনৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়। তেওঁৰ অমৰ ৰচনা "ডন কিহ’ত" (Don Quixote) বিশ্বসাহিত্যৰ প্ৰথম আধুনিক উপন্যাস হিচাপে স্বীকৃত।
-
মিয়েক' কাৱাকামি
মিয়েক' কাৱাকামি (Mieko Kawakami; জন্ম: ২৯ আগষ্ট, ১৯৭৬) অ’ছাকাৰ এগৰাকী জাপানীজ লেখক আৰু কবি। সাহিত্যৰ কেইবাটাও ধাৰাত তেওঁ সন্মানীয় জাপানী সাহিত্য বঁটা লাভ কৰিছে।
-
মোহন ৰাকেশ
মোহন ৰাকেশ (৮ জানুৱাৰী ১৯২৫ – ৩ ডিচেম্বৰ ১৯৭২) ১৯৫০ চনত ভাৰতৰ হিন্দী সাহিত্যৰ ‘নয়ী কাহিনী’ সাহিত্য আন্দোলনৰ পুৰোধা লেখকসকলৰ ভিতৰত অন্যতম। সংগীত নাটক অকাডেমীৰ আয়োজন কৰা প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম আধুনিক হিন্দী নাট আছাধ কা এক দিন (১৯৫৮) ৰচনা কৰে।
-
যশপাল
যশপাল সিং আছিল হিন্দী ভাষাৰ, একাধাৰে এগৰাকী লেখক, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, সমাজবাদী আদৰ্শত বিশ্বাসী লোক। যশপালৰ জন্ম হৈছিল ১৯০৩ চনৰ ৩ ডিচেম্বৰত আৰু মৃত্যু হৈছিল ১৯৭৬ চনৰ ২৬ ডিচেম্বৰত।
-
য়'হান ৱল্ফগাং ফন গ্যটে
য়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল এজন জাৰ্মান কবি, ঔপন্যাসিক, নাট্যকাৰ, বিজ্ঞানী আৰু চিন্তাবিদ। তেওঁ ইউৰোপৰ সাহিত্য, দৰ্শন, আৰু বিজ্ঞানৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।