অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টাই নিং

টাই নিং (Tie Ning; জন্ম: ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী চীনা গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ বেইজিঙত থাকে। ২০০৬ চনৰপৰা তেওঁ চীন ৰাইটাৰ্ছ এছ’চিয়েচনৰ সভাপতি আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ ১৮ তম কেন্দ্ৰীয় সমিতিৰ সদস্য।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

টাই নিং (Tie Ning; জন্ম: ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী চীনা গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ বেইজিঙত থাকে। ২০০৬ চনৰপৰা তেওঁ চীন ৰাইটাৰ্ছ এছ’চিয়েচনৰ সভাপতি আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ ১৮ তম কেন্দ্ৰীয় সমিতিৰ সদস্য। তেওঁৰ গল্প সংকলনসমূহ হৈছে; ‘আহ্‌, চিয়াংচু’, ‘দ্য ৰেড চাৰ্ট উইডাউট বাটনচ্‌’, ‘জুনচ্‌ বিগ টপিক’, ‘হুইট ষ্ট্ৰ’ ষ্টেক’, ‘কটন ষ্টেক’, ‘দ্য ভিলেজ ৰড টেকচ্‌ মি হ’ম’, ‘ৰ’জ দ’ৰ’, ‘হাও লং ইজ ফৰেভাৰ’ আৰু ‘দা ইউ নু’।

২০২৩ চনৰ ১০ মাৰ্চ তাৰিখে টাই ১৪ তম নেচনেল পিপলচ্‌ কংগ্ৰেছৰ উপাধ্যক্ষ নিৰ্বাচিত হয়।

সংক্ষিপ্ত জীৱনী

হেবেই আছিল টাইৰ পূৰ্ব্বপুৰুষৰ বসতি স্থল। টায়ে এই কথা উদ্ধাৰ কৰিছিল আৰু গ্ৰাম্য জীৱনৰ অভিজ্ঞতা লবলৈ হেবেইলৈ গৈছিল। ১৯৭৫ চনত বাওডিঙৰ উচ্চ বিদ্যালয়ৰপৰা মেট্ৰিকুলেচন পাছ কৰাৰ পিছত টাই হেবেইলৈ গৈছিল। ১৯৭৯ চনত তেওঁ বাওডিঙলৈ উভতি আহে আৰু চীনা কলা আৰু সাহিত্য সংস্থাৰ বাওডিং শাখাত উপন্যাস সম্পাদক (novel editor) হিচাপে কাম কৰে। ১৯৮৪ চনত, তেওঁ হেবেইৰ সৃষ্টিশীল লেখক কৰ্মশালাত অংশ গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ চীনা লেখক সংস্থাৰ অধ্যক্ষ। এই পদত অধিষ্ঠিত হোৱা টাই নিং প্ৰথমগৰাকী মহিলা।১ পৰৱৰ্তী সময়ত, পুনৰবাৰৰ বাবে টাই চীনা লেখক সংস্থাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হোৱাৰ লগতে ২০১৬ চনৰ ৪ ডিচেম্বৰত, নিঙক চান জিয়াজেঙৰ ঠাইত ‘চাইনা ফেডাৰেচন অৱ লিটাৰেৰী এণ্ড আৰ্ট চাৰ্কোলচ্‌’ৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয়।২

পুৰস্কাৰ আৰু স্বীকৃতি

১৯৭৫ চনৰপৰা টায়ে তেওঁৰ লেখাসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৮২ চনত তেওঁৰ গল্প সংকলন ‘আহ্‌, চিয়াংচু’ৱে (চীনা: 哦,香雪) ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মধ্যম দৈৰ্ঘ্যৰ উপন্যাস ‘দ্য ৰেড চাৰ্ট উইডাউট বাটনচ্‌’ (চীনা: 沒有紐扣的紅襯衫) আৰু তেওঁৰ চুটি গল্প ‘জুনচ্‌ বিগ টপিক’-এ (চীনা: 六月的話題) ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। ১৯৮০ চনৰপৰা টাই নিঙে ‘পাথ ইন দ্য নাইট’কে ধৰি তেওঁৰ চুটি গল্প আৰু উপন্যাসৰ অন্যান্য সংকলনসমূহ প্ৰকাশ কৰি আহিছে। তেওঁৰ ‘হুইট ষ্ট্ৰ’ ষ্টেক’ কিতাপখনে ১৯৮৬/৮৭ চনৰ মধ্যম দৈৰ্ঘ্যৰ অফপ্ৰিণ্ট উপন্যাসৰ বঁটা লাভ কৰিছিল। তেওঁ ২০০০ আৰু ২০০২ চনত লাও চি লিটাৰেৰী বঁটা লাভ কৰিছিল। ২০১৫ চনত, ফ্ৰান্স চৰকাৰে টাই নিঙক ফ্ৰান্সৰ অৰ্ড্ৰে ডেছ আৰ্টছ এট ডেচ লেট্ৰেছ সন্মান প্ৰদান কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Tie Ning. China.org.cn. China Internet Information Center
  2. ↑ Wang, Jiguo. Tie Ning elected leader of China's artists, writers. Xinhua News Agency
  3. ↑ Li Xiaochen. (2015-05-17). 铁凝获法国文学艺术骑士勋章. China Writers Association

সম্পৰ্কিত শ্ৰেণী

ঔপন্যাসিকগল্পকাৰচীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই নিং” প্ৰবন্ধৰ সংশোধন ৬৩৭১৯২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।