ভিক্টোৰিয়া এমেলিনা ( Viktoria Amelina; ইউক্ৰেইনীয়: Вікторія Юріївна Амеліна; জন্ম: ১ জানুৱাৰী ১৯৮৬ – ১ জুলাই ২০২৩), এগৰাকী ইউক্ৰেনিয়ান ঔপন্যাসিক আৰু যুদ্ধ সম্পৰ্কীয় অপৰাধৰ গৱেষক আছিল। তেওঁ দুখন উপন্যাস আৰু এখন শিশু গ্ৰন্থ লেখিছে। ভিক্টোৰিয়াই জোছেফ কনৰাড সাহিত্য বঁটা১ জয় কৰিছিল আৰু ইউৰোপীয়ান ইউনিয়ন প্ৰাইজ ফ’ৰ লিটাৰেচাৰৰ চূড়ান্ত প্ৰতিযোগী শাখাত তালিকাভুক্ত হৈছিল।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ভিক্টোৰিয়াৰ জন্ম হৈছিল লুভিভত। চৈধ্য বছৰ বয়সত তেওঁ পিতৃৰ সৈতে কানাডালৈ প্ৰব্ৰজন কৰে যদিও কিছু বছৰৰ পিছতে তেওঁলোক ইউক্ৰেইনলৈ উভতি যায়।৩ লুভিভত কম্পিউটাৰ বিজ্ঞানত ডিগ্ৰী লাভ কৰাৰ পিছত৪ এমেলিনাই আই টি চেক্টৰত কৰ্মজীৱনৰ পাতনি মেলিছিল। ২০১৫ চনত তেওঁ পূৰ্ণকালীন লেখিকা আৰু কবি হিচাপে আত্মপ্ৰকাশ কৰে।৫
লেখক জীৱন
২০১৫ চনত তেওঁৰ প্ৰথম উপন্যাস "Синдром листопаду, або Homo Compatiens" (ফ’ল চিণ্ড্ৰম বা হ’ম’ কম্পেটিয়েন্স) প্ৰকাশ পোৱাৰ পিছৰে পৰা এমেলিনাই লিখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দ্য ফ’ল চিণ্ড্ৰম বা হ’ম’ কম্পেটিয়েন্সত (ইউৰি ইজড্ৰিকৰ প্ৰস্তাৱনা) ২০১৪ চনত মেইডানত হোৱা ঘটনা বিষয়ত আলোকপাত কৰা হৈছে। উপন্যাসখনে কেইবাটাও সাহিত্যিক বঁটা লাভ কৰাৰ উপৰিও ইউক্ৰেইন আৰু বিদেশী সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।৬৭
২০১৬ চনত এমেলিনাই Хтось, або Водяне серце (ছামবডি অ'ৰ ৱাটাৰ হাৰ্ট) শীৰ্ষক এখন শিশু গ্ৰন্থ প্ৰকাশ কৰে।৪
২০২২ চনত তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে।৮ কবিতা লেখিবলৈ কেনেকৈ প্ৰভাৱিত হৈছিল, এই লৈ এমেলিনাই কৈছে;
"যুদ্ধই তোমাক ইয়াকে দিয়ে। বাক্যবোৰ যিমান পাৰি চুটি, বিৰাম চিহ্নবোৰত লুকাই থকা আশ্বৰ্য বিলাসীতা, অস্পষ্ট কাহিনী, কিন্তু প্ৰতিটো শব্দই বহন কৰে বিপুল অৰ্থ। এই সকলোবোৰ কবিতা আৰু যুদ্ধ, দুয়োক্ষেত্ৰতে প্ৰযোজ্য"।৯
তেওঁৰ গদ্য আৰু কবিতা আন বহুতো ভাষালৈ অনূদিত হৈছে।৪
২০২৩ চনৰ জুন মাহত পেৰিছে এমেলিনাক বছৰজোৰা বাসস্থান প্ৰদান কৰি সন্মান যাঁচিছিল। স্থানচ্যুত ইউক্ৰেইনৰ লেখকসকলৰ বাবে তেওঁলোকে এই সন্মান আগবঢ়াইছিল।১০ এই বাসস্থানত থাকি এমেলিনাই তেওঁৰ শেহতীয়া কিতাপ লুকিং এট উইমেন লুকিং এট ৱাৰ শেষ কৰাৰ পৰিকল্পনা কৰিছিল। কিতাপখন তেওঁ তেওঁকে ধৰি ন্যায় অভিলাষী বাৰ গৰাকী মহিলাৰ জীৱন ডায়েৰী ৰূপে লিখাৰ সপোন দেখিছিল।১১১০ কিন্তু তাৰ আগতেই তেওঁক হত্যা কৰা হয়।১০ তেওঁৰ সম্পাদকসকলৰ মতে, মৃত্যুৰ সময়ত তেওঁ কিতাপখনৰ প্ৰায় ৬০ শতাংশ লিখি শেষ কৰিছিল। ২০২৫ চনত ছেইণ্ট মাৰ্টিন প্ৰেছে ইয়াক প্ৰকাশ কৰিছিল। শূন্য স্থানসমূহ পূৰণ কৰিবলৈ সম্পাদকসকলে এমেলিনাৰ টোকা আৰু পৰ্যবেক্ষণসমূহ অনুচ্ছেদৰ মাজে-মাজে সুমুৱাই দি কিতাপখন সম্পূৰ্ণ কৰিছিল।১২
ব্যক্তিগত জীৱন আৰু মৃত্যু
১৯১০ চনৰ আৰম্ভণিতে এমেলিনা এটি পুত্ৰ সন্তানৰ মাতৃ হৈছিল।
২০২২ চনলৈকে এমেলিনা কিয়ভত আছিল।১৩ ২০২৩ চনৰ জুন মাহত পেৰিছত বাসগৃহ লাভ কৰাৰ পিছত এমেলিনাই ১২ বছৰীয়া সন্তানৰ সৈতে তালৈ যোৱাৰ কথা চিন্তা কৰিছিল।১০
কিন্তু ২০২৩ চনৰ ২৭ জুনত হেক্টৰ আবাদ, চাৰ্জিঅ’ জাৰমিলো আৰু কেটলিনা গোমেজৰ সৈতে একেলগে আৰ আই এ পিজ্জাত খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে ৰাছিয়াৰ মিছাইল আক্ৰমণত এমেলিনা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়১৪১৫ আৰু আঘাতৰ বাবে ১ জুলাইত ৩৭ বছৰ বয়সত ড্নিপ্ৰ’ৰ মেচনিক’ভ চিকিৎসালয়ত এমেলিনাৰ মৃত্যু হয়।১৬১৭ লুভিভত তেওঁক সমাধিস্থ কৰা হৈছিল।১০
২০২৩ চনত এমেলিনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এৰ’স্মিথ প্ৰেছে নাথিং বেড হেজ এভাৰ হেপেণ্ড গ্ৰন্থখনি প্ৰকাশ কৰে। ইয়াত এমেলিনাৰ আন্তঃৰাষ্ট্ৰীয় অৱদান আৰু পূৰ্বে প্ৰকাশিত ইংৰাজী অনুবাদৰ কাম অন্তৰ্ভুক্ত কৰা হৈছিল।১৮
গ্ৰন্থপঞ্জী
- «Синдром листопаду, або Homo Compatiens, The Fall Syndrome or Homo Compatiens» (Discursus, ২০১৪)১৯
- «Синдром листопаду, або Homo Compatiens, The Fall Syndrome or Homo Compatiens» (Віват, ২০১৫)১৯
- «Хтось, Або Водяне Серце, Somebody or Waterheart» (Видавництво Старого Лева, ২০১৬)১৯
- «Дім для Дома, Dom's Dream Kingdom» (Видавництво Старого Лева, ২০১৭)১৯
- «Е-е-есторії екскаватора Еки, Stories of Eka the Excavator» [Архівовано 28 липня 2021 у Wayback Machine.] (Львів: Видавництво Старого Лева, 2021)১৯ .
এন্থথ্লজিছ
- «Це зробила вона, She Did It» (Видавництво «Видавництво», ২০১৭)১৯
- «Лялька, Doll» (Видавництво Старого Лева, ২০১৮)১৯
- «Мости замість стін, Bridges Instead of Walls» (Видавництво Старого Лева, ২০২০)১৯
- «Що дасть нам силу?, What Gives Us Strength» (Дух і літера, ২০২০)১৯
- «Ковчег „Титанік". 20 есеїв про людство зразка 2020–го, The Arc Called Titanic. 20 Essays on Humanity of 2020» (онлайн-антологія 27 Bookforum, ২০২০)১৯
স্বীকৃতি
- অৰ্ডাৰ অৱ মেৰিট
তথ্যসূত্ৰ
- ↑ (17 December 2021). The Conrad Literary Award granted by the Polish Institute in Kyiv. The Polish Book Institute
- ↑ (31 March 2022). Eurozine
- ↑ (July 7, 2023). Colgate Mourns Death of Ukrainian Writer Victoria Amelina · Colgate University. www.colgate.edu
- ↑ (April 2022). Amelina Victoria. PEN Ukraine
- ↑ (3 July 2023). Victoria Amelina, war crimes researcher, killed in missile attack. www.aljazeera.com
- ↑ (16 March 2016). Eastern partnership literary review 2015/ 2. Issuu.com
- ↑ (1 December 2015). Empathy – the only thing that will save us: anthropology of Homo Compatiens in the novel of Victoria Amelina. Aesthetic-potential.com
- ↑ Higgins, Charlotte. (9 December 2022). For Ukrainians, poetry isn't a luxury, it's a necessity during war. The Guardian
- ↑ Simon, Scott. (July 8, 2023). Opinion: Remembering Ukrainian poet Victoria Amelina. NPR
- ↑ Kakissis, Joanna; Harbage, Claire; Palamarenko, Hanna. (July 15, 2023). She saved the diary of a Ukrainian writer killed by Russia. Then she was killed, too. NPR
- ↑ Higgins, Charlotte. (2023-07-14). Stalin erased one generation of Ukraine's artists. Now Putin is killing another – including my friend. The Guardian
- ↑ Donner, Rebecca. (18 February 2025). She Gathered Evidence of War Crimes. Then She Became a Victim of One.. The New York Times
- ↑ Devlin, Martina. (21 October 2022). An unshakable resolve persists in Ukraine, says Kyiv writer Victoria Amelina as she shares horrific war truths. independent
- ↑ (29 June 2023). Ukrainian writer Victoria Amelina in hospital after Kramatorsk missile strike. Yahoo! News
- ↑ Graham-Harrison, Emma. (30 June 2023). Ukrainian author Victoria Amelina critically injured in Kramatorsk strike. The Guardian
- ↑ (2 July 2023). Victoria Amelina, a Ukrainian writer, and our dearest colleague, passed away. PEN Ukraine
- ↑ (2 July 2023). Ukrainian writer dies after Kramatorsk strike. BBC News
- ↑ Books. ARROWSMITH
- ↑ (1 April 2022). Amelina Victoria. PEN Ukraine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টোৰিয়া এমেলিনা” প্ৰবন্ধৰ সংশোধন ৫০৯৩৬৭ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।