অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এন এইচ ডিনি

নূৰহায়তী শ্ৰীহাৰ্দিনী ছিতি নুকাটিন কফিন (ইংৰাজী: Nurhayati Srihardini Siti Nukatin Coffin; জন্ম: ২৯ ফেব্ৰুৱাৰী ১৯৩৬ – ৪ ডিচেম্বৰ ২০১৮), তেওঁৰ ছদ্মনাম এন এইচ ডিনি হিচাপেই অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু নাৰীবাদী আছিল।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ৪৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নূৰহায়তী শ্ৰীহাৰ্দিনী ছিতি নুকাটিন কফিন (ইংৰাজী ভাষা: Nurhayati Srihardini Siti Nukatin Coffin; জন্ম: ২৯ ফেব্ৰুৱাৰী ১৯৩৬ – ৪ ডিচেম্বৰ ২০১৮), তেওঁৰ ছদ্মনাম এন এইচ ডিনি হিচাপেই অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু নাৰীবাদী আছিল। তেওঁ ডিকপিকেবল মি ফ্ৰেঞ্চাইজিৰ বাবে পৰিচিত ফৰাচী পৰিচালক তথা এনিমেটৰ পিয়েৰ কফিনৰ মাতৃ আছিল। ২০০৩ চনত তেওঁ এছইএ ৰাইট এৱাৰ্ডৰপৰা সাহিত্য বঁটা লাভ কৰা অন্যতম ব্যক্তি আছিল।

জীৱন

ডিনিৰ জন্ম ১৯৩৬ চনৰ ২৬ ফেব্ৰুৱাৰীত চামাৰাঙত শালজোৱিলিজো আৰু কুচামিনাহৰ ঘৰত হৈছিল। তেওঁ জাভানিজ আৰু বুগিছ বংশোদ্ভূত আছিল আৰু তেওঁৰ চাৰিজন ভাই-ভনী আছিল।১২ ডিনিয়ে কৈছিল যে দ্বিতীয় শ্ৰেণীত পঢ়ি থকাৰপৰাই তেওঁ লিখিবলৈ ভাল পাইছিল। তেওঁৰ মাতৃ এগৰাকী বাটিক শিল্পী আছিল, যি জাভানিজ সংস্কৃতিৰদ্বাৰা অনুপ্ৰাণিত আছিল। তেওঁ ডিনিক পৰম্পৰাগত জাভানিজ বৰ্ণমলাত লিখা কাহিনী আৰু কবিতা পঢ়ি শুনাইছিল। তেওঁৰ কল্পকাহিনী লিখাৰ প্ৰতিভা সোনকালেই প্ৰমাণিত হৈছিল। পোন্ধৰ বছৰ বয়সতে তেওঁ চামাৰাঙৰ ৰেডিঅ' ৰিপাব্লিক ইণ্ডোনেছিয়াত (ৰাষ্ট্ৰীয় ৰেডিঅ' নেটৱৰ্ক) নিজৰ কবিতা পাঠ কৰিছিল।

১৯৫৬ চনত গৰুড় ইণ্ডোনেছিয়ান এয়াৰৱেজৰ বিমান সেৱিকা হিচাপে কাম কৰি থকাৰ সময়তে তেওঁ দুৱা দুনিয়া (দুখন পৃথিৱী) নামৰ এটা গল্প সংকলন প্ৰকাশ কৰে। তেওঁ কিছুসময় ৰেডিঅ' ঘোষক হিচাপেও কাম কৰিছিল।

১৯৬০ চনত তেওঁ জাপানৰ কোবেত থকা ফৰাচী ভাষা কনচুল ইভছ কফিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ সংসাৰত দুটা সন্তানৰ জন্ম হয়: মেৰী-ক্লেয়াৰ লিণ্টাং আৰু পিয়েৰ-লুই পাডাং, যি ডিকপিকেবল মি ফ্ৰেঞ্চাইজিৰ আটাইকেইখন ছবিৰ সহ-পৰিচালনাৰ বাবে বহুলভাৱে পৰিচিত। তেওঁ প্ৰথমতে স্বামীৰ সৈতে জাপানত বাস কৰিছিল; তাৰ পিছত তেওঁলোকক নম পেনলৈ বদলি কৰা হয়। ১৯৬৬ চনত তেওঁলোক ফ্ৰান্সলৈ উভতি আহে। পৰৱৰ্তী সময়ত তেওঁলোকক মেনিলা আৰু ১৯৭৬ চনত ডেট্ৰয়টলৈ পঠিওৱা হয়।

১৯৮৪ চনত এই দম্পতীৰ বিবাহ বিচ্ছেদ হয়। তেওঁ ইণ্ডোনেছিয়ালৈ উভতি আহে আৰু পিছলৈ ইণ্ডোনেছিয়ান নাগৰিকত্ব পুনৰ লাভ কৰে। বহু বছৰ ধৰি তেওঁ কিশোৰ-কিশোৰীৰ সাক্ষৰতাৰ বাবে উৎসৰ্গিত এটা অলাভজনক সংস্থা পৰিচালনা কৰিছিল।৩

২০০৩ চনত যেতিয়া তেওঁ জাকাৰ্টাৰ ওচৰৰ শ্লেমানত বাস কৰিছিল, তেতিয়া তেওঁ এছ.ই.এ. ৰাইট এৱাৰ্ড লাভ কৰিছিল। জীৱনৰ শেষৰফালে তেওঁ এটা নাৰ্চিং হোমলৈ গুচি যায়, য’ত তেওঁ ভাৰ্টিগোৰ আক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এখন উপন্যাস আৰু নিজৰ স্মৃতিগ্ৰন্থৰ কাম স্থগিত ৰাখিবলগীয়া হৈছিল।৪ শেষৰ কেইবছৰমান তেওঁ চামাৰাঙৰ এটা কেথলিক জিৰণি ঘৰত অতিবাহিত কৰিছিল।

মৃত্যু

২০১৮ চনৰ ৪ ডিচেম্বৰত চামাৰাঙৰ এক ঘাইপথত ডিনিয়ে আৰোহণ কৰা টয়োটা আভাঞ্জা টেক্সি আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তেওঁৰ মৃত্যু হয়।৫৬ পাছদিনা আম্বাৰাৱাত তেওঁৰ মৃতদেহ সৎকাৰ কৰা হয়।

উত্তৰাধিকাৰ

২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত গুগলে তেওঁৰ ৮৪সংখ্যক জন্মদিনত এটা গুগল ডুডলেৰে সন্মান যাচিছিল।৭

প্ৰকাশিত গ্ৰন্থসমূহ

ইণ্ডোনেচিয়ান

উপন্যাস

  • হাতী ইয়াং দামাই (দ্য পিচফুল হাৰ্ট) (১৯৬১) ৮
  • পাদা চেবুৱাহ কাপাল (ৱান্স আপন এ শ্বিপ৯) (১৯৭৩)১০
  • লা বাৰ্কা (১৯৭৫)
  • নামাকু হিৰোকো (মাই নেম ইজ হিৰোকো) (১৯৭৭)
  • কেবেৰাংকাতান (ডিপাৰচাৰ্ছ১১) (১৯৭৭)
  • অৰাং-অৰাং ট্ৰান্স (দ্য ট্ৰান্সমিগ্ৰেণ্টছ) (১৯৮৫)
  • পাৰ্টেমুৱান দুৱা হাতি (দ্য মিটিং অৱ টু হাৰ্টছ) (১৯৮৬)

ইংৰাজী

  • এ জাৰ্নি (চুটি গল্প), "ব্লেক ক্লাউডছ অভাৰ দা আইল অৱ গডছ"ত প্ৰকাশিত, ডেভিদ ৰস্কিজৰদ্বাৰা সম্পাদিত। এম. ই. শাৰ্প (১৯৯৭)
  • দা চিকেন (চুটি গল্প), "ডাইভাৰ্ছ লাইভছ"ত প্ৰকাশিত, জেনেট লিংগাৰ্ডৰদ্বাৰা সম্পাদিত, অক্সফৰ্ড এছিয়া (১৯৯৫)
  • Hill, D.T. (1993). The Factory by Nh. Dini (Translated by David T. Hill, Includes Translator's introductory comments). Southeast Asia Program, Cornell University

তথ্যসূত্ৰ

  1. ↑ (29 February 2024). Mengenal Nh Dini, Sastrawan Indonesia yang Lahir di Tahun Kabisat. Detik.com
  2. ↑ (5 December 2018). Obituary: NH Dini, Indonesian feminist literary figure. The Jakarta Post
  3. ↑ Biographical sketch by David Roskies
  4. ↑ Ary Hermawan. (27 December 2008). NH Dini: Struggling against the odds. Jakarta Post
  5. ↑ Muthi Achadiat Kautsar; Suherdjoko. (5 December 2018). Author NH Dini dies following car crash in Semarang. Jakarta Post
  6. ↑ Suherdjoko; Ganug Nugroho Adi. (5 December 2018). Literary legend NH Dini killed in car crash. Jakarta Post
  7. ↑ (29 February 2020). NH Dini's 84th Birthday. Google
  8. ↑ Dini, Nh. (1976). Hati yang damai. Pustaka Jaya
  9. ↑ Novel: Once Upon A Ship. The Lontar Foundation
  10. ↑ Dini, Nh (Nurhayati). (1973). Pada sebuah kapal. Pustaka Jaya
  11. ↑ Novel: Departures. The Lontar Foundation

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়ান নাৰীবাদীলেখিকাঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন এইচ ডিনি” প্ৰবন্ধৰ সংশোধন ৬০২০০৮ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।