জৰ্জ জোচেফ কে (George Joseph K., জন্ম:১৯৫৫), এগৰাকী ভাৰতীয় গল্পকাৰ, ঔপন্যাসিক, কবি আৰু সাংবাদিক, যি মালয়ালম ভাষাত লিখে। বৰ্তমানলৈ তেওঁৰ ৯ খন কিতাপ প্ৰকাশ হৈছে। কিতাপসমূহ হৈছে; অনন্থৰাম সন্ধ্যায়েয়ী উষাআয়ী, চেভিতাৰ্মা, স্বয়ম্বৰম, নীলাভুৰিয়ুন্নু, আভান মাৰনায়গ্যান, মাৰিয়াম্মা এন্না মাৰিমায়া, কুঞ্জুন্নি পুৰাঞ্জা য়েয়াতী ভাৰালিন্তি কথা, আলথাৰা ভিকানুন্দু আৰু থিৰাঞ্জেদুথা কথাকাল। কেৰালা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে জোচেফে টি. পি. কিশোৰ এৱাৰ্ড, কে. এ. কডুংগালৰ এৱাৰ্ড, ললিতাঞ্জলি লিটাৰেৰী এৱাৰ্ড আদি সন্মান লাভ কৰিছে।
সংক্ষিপ্ত জীৱনী
১৯৫৫ চনৰ ১০ জুনত দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এৰ্নাকুলাম জিলাৰ কালুৰত জৰ্জ জোচেফ কেৰ জন্ম হৈছিল।১ মংগলম পাব্লিকেচনত যোগদান কৰি সাংবাদিক হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াত দুবছৰ কাম কৰাৰ পিছত তেওঁ পেন বুকছত প্ৰকাশন পৰিচালক হিচাপে যোগদান কৰে। পৰৱৰ্তী সময়ত জোচেফে জননী অনলাইন আলোচনীত কনচালটেণ্ট এডিটৰ হিচাপে কাম কৰিবলৈ লয়।২ এই সময়ছোৱাতে তেওঁ সাহিত্য অকাডেমী আৰু কেৰেলা সাহিত্য অকাডেমীৰ সমিতিসমূহতো কাৰ্যনিৰ্বাহ কৰিছে।১
লেখক ৰূপে জৰ্জ জোচেফে কেইবাখনো গল্প সংকলন আৰু কাব্যগ্ৰন্থৰ৩৪ উপৰিও মাৰিয়াম্মা এন্না মাৰিমায়া (এন ইল্যুউচন বাই নেইম মাৰিয়াম্মা) শীৰ্ষক এখন স্মৃতিকথা লিখি উলিয়াইছে আৰু বৰ্তমান ধাৰাবাহিক ৰূপত মালয়াল মনোৰমাত সাপ্তাহিকভাৱে তেওঁ তেওঁৰ স্মৃতিকথাৰ দ্বিতীয়খন গ্ৰন্থ Athmahathyamunanpu (চুইচাইড নোট) লিখি আছে।৫ ডিচি বুকচে ২০২৫ চনত থিৰাঞ্জেদুথা কথাকাল (চিলেক্টেড ষ্ট ’ৰিজ) নামে জোচেফৰ চুটি গল্পসমূহৰ এটি সংকলন প্ৰকাশ কৰি উলিয়াইছে।৬ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ে তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত জৰ্জ জোচেফ কেৰ উপন্যাস আভান মাৰনায়গ্যানক অন্তৰ্ভুক্ত কৰিছে।৭
জৰ্জ জোচেফে লাভ কৰা সাহিত্যিক বঁটাৰ ভিতৰত প্ৰথমটো আছিল কে. এ. কডুংগালৰ বঁটা। পৰৱৰ্তী সময়ত তেওঁ টি. পি. কিশোৰ বঁটা লাভ কৰে।৫ ললিতাম্বিকা অন্তৰ্জনম সাহিত্যবেদীয়ে মালয়ালম ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে জৰ্জ জোচেফক তেওঁলোকৰ প্ৰথমটো ললিতাঞ্জলি সাহিত্য বঁটা (ললিতাঞ্জলি লিটাৰেৰী এৱাৰ্ড) প্ৰদান কৰিছিল।৮৯ জোচেফে সাংস্কৃতিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ ফেল’শ্বিপও লাভ কৰিছে। এই ফেল’শ্বিপৰ অংশ ৰূপে তেওঁ বিখ্যাত মালয়ালম ভাষা লেখিকা চেতুৰ সাহিত্য সম্পৰ্কীয় গৱেষণা কৰিছিল। গৱেষণাৰ বিষয় আছিল; চেতুৰ ৰচনাত মহিলা আৰু মাটি। ১
মালয়ালম সাহিত্য মহলৰ এগৰাকী সক্ৰিয় লেখক আৰু সাংবাদিক ৰূপে জনাজাত জৰ্জ জোচেফৰ১০১১১২১৩ পত্নীৰ নাম লাভলী। বিবাহ সূত্ৰে জোচেফ দম্পতীৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ। পুত্ৰৰ নাম আপ্পু আৰু কন্যাৰ নাম হান্না।১
নিৰ্বাচিত গ্ৰন্থপঞ্জী
| শীৰ্ষক | বৰ্ষ | প্ৰকাশক | শৈলী |
|---|---|---|---|
| চেভিতাৰ্মা১৪ | ১৯৮৫ | সাহিত্য প্ৰভাৰ্থকা কোপাৰটিভ চ’ছাইটী | উপন্যাস |
| অনন্থৰাম সন্ধ্যায়েয়ী উষাআয়ী১৫ | ১৯৯০ | ডিচি বুকচ্ | ঔপন্যাস |
| আভান মাৰনায়গ্যান১৬ | ১৯৯৭ | সাহিত্য প্ৰভাৰ্থকা কোপাৰটিভ চ’ছাইটী | চুটি গল্প সংকলন |
| স্বয়ম্বৰম | ২০০৩ | ডিচি বুকচ্ | Novel |
| নীলাভুৰিয়ুন্নু | ২০০৬ | ডিচি বুকচ্ | Novel |
| মাৰিয়াম্মা এন্না মাৰিমায়া১৭ | ২০১১ | ডিচি বুকচ্ | স্মৃতিকথা |
| কুঞ্জুন্নি পুৰাঞ্জা য়েয়াতী ভাৰালিন্তি কথা১৮ | ২০১২ | ডিচি বুকচ্ | চুটি গল্প সংকলন |
| আলথাৰা ভিকানুন্দু১৯ | ২০২১ | ল’গ’জ বুকচ্ | চুটি গল্প সংকলন |
| থিৰাঞ্জেদুথা কথাকাল২০ | ২০২৫ | ডিচি বুকচ্ | চুটি গল্প সংকলন |
তথ্যসূত্ৰ
- ↑ (March 30, 2026). Author Bio. DC Books
- ↑ (February 1, 2021). About US - Janani. Janani Online
- ↑ George Joseph Forgotten Writer. ManoramaOnline
- ↑ Manorama Hortus - Art & Literature Festival Speaker Profile. www.manoramahortus.com
- ↑ George Joseph K Author Profile University of Calicut. University of Calicut
- ↑ (March 30, 2026). Thiranjedutha Kathakal DC Books. DC Books
- ↑ KLF 2027 Kerala Literature Festival Speaker Profile. keralaliteraturefestival.com
- ↑ (March 31, 2026). The ultimate value of Lalithambika Antharjanam's literature was the consciousness of freedom. — K. Jayakumar. www.keralasabdam.in
- ↑ Manorama News. (March 24, 2026). The first Lalithanjali Literary Award awarded to George Joseph and Ee Sandhya
- ↑ Sahitya Akademi Kathasandhi. sahitya-akademi.gov.in
- ↑ (January 10, 2024). George Joseph K pays homage to Joseph Vyttila and Victor Leenus. @mathrubhumi
- ↑ George Joseph K remembering writer Thomas Joseph. ‘അവന്റെ ഓർമകളുടെ വേദന ഒരു നീറ്റലായി മനസ്സിൽ നിറയുന്നു’
- ↑ Manorama Hortus Art & Literature Festival Nov 27–30, 2025. www.manoramahortus.com
- ↑ (March 30, 2026). Chevittorma - Audiobook - George Joseph.K - ISBN 9789395334303 - Storytel International. www.storytel.com
- ↑ K., George Joseph. (March 30, 2026). Anantharam Sandhyayayi, Ushassayi. University of Calicut
- ↑ George Joseph K. (2012). Avan maranayogyan. Sahitya Pravarthaka Co-operative Society Ltd. ISBN 978-81-7130-747-0
- ↑ (March 30, 2026). Mariyamma Enna Marimaya. University of Calicut Library Catalog
- ↑ Kunjunni Paranja Yayathi Varalinte Katha. University of Calicut Library Catalog
- ↑ K., George Joseph. (March 30, 2026). Althara Vilkkanundu. Amazon
- ↑ K., George Joseph. (March 30, 2026). Thiranjedutha Kathakal. DC Books
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ জোচেফ কে” প্ৰবন্ধৰ সংশোধন ৬২৬৫১১ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।