টং ঝংগুই (Tong Zhonggui; চীনা: 童忠贵; জন্ম: ২৩ জানুৱাৰী, ১৯৬৩) এগৰাকী চীনা ঔপন্যাসিক। তেওঁ সাধাৰণতে চু টং নামেৰেহে পৰিচিত। চু টং তেওঁৰ কলম নাম। টঙে চুঝৌত জন্মগ্ৰহণ কৰিছিল আৰু বৰ্তমান তেওঁ নানজিঙত বাস কৰে।১
১৯৮০ চনত তেওঁ বেইজিং নৰ্মাল বিশ্ববিদ্যালয়ৰ চীনা বিভাগত আছিল। ১৯৮৩ চনৰপৰা তেওঁৰ উপন্যাসসমূহ প্ৰকাশ পায়। বৰ্তমান তেওঁ জিয়াংচু ৰাইটাৰ্ছ এছ’চিয়েচনৰ উপ-সভাপতি।২ নিজৰ বিতৰ্কিত লেখন শৈলীৰ বাবে জনাজাত চু চীনৰ এগৰাকী অন্যতম প্ৰশংসিত ঔপন্যাসিক।৩
কৰ্মজীৱন
চুৱে সাতখন পূৰ্ণ দৈৰ্ঘ্যৰ উপন্যাস লিখিছে আৰু তেওঁৰ প্ৰায় ২০০ গল্প ইতিমধ্যে প্ৰকাশ পাইছে। তেওঁৰ লেখনি ইংৰাজী ভাষা, জাৰ্মান, ইটালিয়ান আৰু ফৰাছী ভাষালৈ অনুবাদ হৈছে।৪
চু পশ্চিমত, ১৯৯০ চনত প্ৰকাশ পোৱা তেওঁৰ উপন্যাস ‘ৰেইজ দ্য ৰেড লেটাৰ্ণ’ৰ বাবে বিখ্যাত। এই কিতাপখনৰ আধাৰত পৰিচালক জেং ইমওৱে একে নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। কিতাপখন তেতিয়াৰেপৰা ইংৰাজী সংস্কৰণত আৰু অন্য কিছু সংস্কৰণত চলচ্চিত্ৰখনক দিয়া নামেৰে প্ৰকাশ হৈ আহিছে। ইংৰাজী অনুবাদত উপলব্ধ তেওঁৰ অন্যান্য ৰচনাসমূহ হৈছে ৰাইচ (উপন্যাস), মাই লাইফ এজ এম্পেৰ’ৰ, পেটুলিয়াজ ৰুজ টিন (চীনা ভাষাত হংফেন), বিনু এণ্ড দ্য গ্ৰেট ৱাল (অনুবাদ: হাৱাৰ্ড গ’ল্ডব্লাট), মেডৱুমেন অন দ্য ব্ৰিজ এণ্ড আদাৰ ষ্ট’ৰিজ, টেটু: থ্ৰী নভেলাছ আৰু দ্য ব’ট টু ৰিডেমচন; এই কিতাপখনো গ’ল্ডব্লাটে অনুবাদ কৰিছে।
তেওঁৰ উপন্যাস ‘পেটুলিয়াজ ৰুজ টিন’, ১৯৪৯ চনৰ লিবাৰেচনৰ সময়ৰ দুগৰাকী পতিতাৰ কাহিনীৰ ওপৰত আধাৰিত আছিল আৰু এই উপন্যাসখনৰ আলমত দুখনকৈ চিনেমা নিৰ্মিত হৈছিল। এই চলচ্চিত্ৰ দুখনৰ প্ৰথমখন হ’ল; ‘লি চাওহংচ্ ব্লাছ’ (হংফেন, ১৯৯৪) আৰু আনখন ‘হুৱাং চুকিনজ্ ৰুজড বিউটিজ’ (হংফেন জিয়াৰেন, ১৯৯৫)।৫
২০০৯ চনত ‘দ্য ব’ট টু ৰিডেমচন’ উপন্যাসখনৰ বাবে চু টঙলৈ ‘মেন এছিয়ান লিটাৰেৰী প্ৰাইজ’ আগবঢ়োৱা হয়। এই বঁটা পোৱা তেওঁ আছিল দ্বিতীয়গৰাকী চীনা লেখক।৬
২০১১ চনত তেওঁ মেন বুকাৰ ইণ্টাৰনেচনেল পুৰস্কাৰৰ মনোনয়ন লাভ কৰে।৭ ‘য়েল্লবাৰ্ড ষ্ট’ৰি’ৰ বাবে ২০১৫ চনত চুক যুটীয়াকৈ মাও ডুন লিটাৰেচাৰ প্ৰাইজেৰে সন্মানিত কৰা হৈছিল। ৮
বিভিন্ন ভাষালৈ অনূদিত চুৰ কিতাপসমূহ হৈছে; ৰাইচ, ৰেইজ দ্য ৰেড লেটাৰ্ণ, মাই লাইফ এজ এম্পেৰ’ৰ, বিনু এণ্ড দ্য গ্ৰেট ৱাল অৱ চাইনা, মেডৱুমেন অন দ্য ব্ৰিজ, দ্য ব’ট টু ৰিডেমচন, পেটুলিয়াজ ৰুজ টিন, চেড’ অৱ দ্য হাণ্টাৰ, অপেন এয়াৰ চিনেমা আৰু মিছিভ ফ্ৰম দ্য মাছেচ।
তথ্যসূত্ৰ
- ↑ Hua Li, Contemporary Chinese Fiction by Su Tong and Yu Hua: Coming of Age in Troubled Times (BRILL, 2011) p90
- ↑ 苏童_中国作家网. www.chinawriter.com.cn
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ Davis, Edward L. (2009). Encyclopedia of Contemporary Chinese Culture. Taylor & Francis. পৃ. 790. ISBN 978-0-415-77716-2
- ↑ Lam, Tiffany (18 November 2009). "Road to Redemption: Su Tong's literary smash ", CNNGo
- ↑ (April 5, 2011). Three Asian authors make the Man Booker International Prize shortlist. Asia Pacific Arts
- ↑ (August 17, 2015). Winners of 2015 Mao Dun Literature Prize announced. GBTimes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চু টং” প্ৰবন্ধৰ সংশোধন ৩৯৪২২৫ (১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।