চুজান বাৰ্ণ (ইংৰাজী ভাষা: Suzanne Berne; জন্ম ১৭ জানুৱাৰী, ১৯৬১) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন ঔপন্যাসিকা। তেওঁ গ্ৰাম্য চহৰত ঘটা অপ্ৰত্যাশিত পাৰিবাৰিক আৰু মনস্তাত্ত্বিক নাটকৰ আধাৰত চৰিত্ৰৰ বিশ্লেষণ কৰাৰ বাবে জনাজাত। বাৰ্ণৰ প্ৰথম উপন্যাস, এ ক্ৰাইম ইন দা নেইবাৰহুড-এ ১৯৯৯ চনৰ অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।১
জীৱন
বাৰ্ণে জৰ্জটাউন ডে স্কুলত অধ্যয়ন কৰিছিল। তেওঁ ৱেছলিয়ান বিশ্ববিদ্যালয় আৰু আইৱা ৰাইটাৰ্ছ ৱৰ্কশ্বপত শিক্ষা গ্ৰহণ কৰিছিল আৰু নেশ্যনেল এনডাউমেণ্ট ফৰ দা আৰ্টছৰ ফেলোশ্বিপ লাভ কৰিছিল। বাৰ্ণে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু ৱেলেছলী কলেজ দুয়োখনতে অধ্যাপনা কৰিছে।২ তেওঁ বষ্টন কলেজৰ ইংৰাজী বিষয়ৰ এগৰাকী সহযোগী অধ্যাপিকা।৩
বাৰ্ণ বৰ্তমান তেওঁৰ স্বামী আৰু দুই জীয়ৰীৰ সৈতে বষ্টনত বাস কৰে।৪
কেৰিয়াৰ
বাৰ্ণৰ প্ৰথম উপন্যাস এ ক্ৰাইম ইন দা নেইবাৰহুড-এ অৰেঞ্জ প্ৰাইজ লাভ কৰিছিল।১ ১৯৭২ চনৰ পটভূমিত ৰচিত এই উপন্যাসখন দহবছৰীয়া মাৰ্শাৰ চকুৰে বৰ্ণনা কৰা হৈছে। ইয়াত ৱাশ্বিংটন ডি.চি.ৰ এখন শান্ত চহৰত এজন কিশোৰৰ হত্যাকাণ্ড আৰু সেই সময়ত সংঘটিত হোৱা ৱাটাৰগেট কেলেংকাৰীৰ ঘটনাৱলী দাঙি ধৰা হৈছে।
দ্য ঘোষ্ট এট দা টেবল নামৰ উপন্যাসখনে দুগৰাকী ভগ্নীৰ জীৱনৰ একেটা ইতিহাসৰে দুটা ভিন্ন সংস্কৰণৰ মাজত থকা নাটকীয়তাক অন্বেষণ কৰিছে।
এ পাৰফেক্ট এৰেঞ্জমেণ্টত এটা সাধাৰণ চহৰীয়া পৰিয়াল আৰু তেওঁলোকৰ অত্যন্ত নিপুণ আয়াগৰাকীৰ মাজত থকা জটিল আৰু ক্ৰমান্বয়ে আমনিদায়ক হৈ পৰা সম্পৰ্কৰ কথা কোৱা হৈছে।
কৰ্মৰাজি
- লেডিছ, জেণ্টলমেন, ফ্ৰেণ্ডছ এণ্ড ৰিলেচনছ, আইৱা বিশ্ববিদ্যালয়, ১৯৮৫
- এ ক্ৰাইম ইন দা নেইবাৰহুড° এ নভেল, এলগনকুইন বুকছ, ১৯৯৭,
- দ্য ঘোষ্ট এট দা টেবল, এলগনকুইন বুকছ, ১৯৯৭, (পুনৰ মুদ্ৰণ ২০০৭, )
- এ পাৰফেক্ট এৰেঞ্জমেণ্ট: এ নভেল, এলগনকুইন বুকছ, ২০০১,
- মিচিং লুচিল: মেমৰীজ অৱ দা গ্ৰেণ্ডমাদাৰ আই নেভাৰ নিউ, এলগনকুইন বুকছ অৱ চেপেল হিল, ২০১০,
- দ্য ডগছ অৱ লিটলফিল্ড, চাইমন এণ্ড শ্বুষ্টাৰ, ২০১৬,
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2011-10-22). 'Disturbing and lyrical' first novel wins Orange prize. The Independent
- ↑ Suzanne Berne: Harvard Extension School
- ↑ English Department - Morrissey College of Arts and Sciences - Boston College. www.bc.edu
- ↑ Suzanne Berne
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুজান বাৰ্ণ” প্ৰবন্ধৰ সংশোধন ৫৯৪৪০৬ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।