অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতাঞ্জলি শ্ৰী

গীতাঞ্জলি শ্ৰী (Geetanjali Shree) (তেখেত গীতাঞ্জলি পাণ্ডে নামেৰেও জনাজাত, আৰু তেখেতে মাকৰ প্ৰথম নাম শ্ৰীক শেষ নাম হিচাপে লৈছে।) ) (জন্ম ১৯৫৭) ভাৰতৰ নতুন দিল্লীত বাস কৰা এগৰাকী হিন্দী ঔপন্যাসিক আৰু চুটিগল্পকাৰ। গীতাঞ্জলি শ্ৰী কেইবাটাও চুটিগল্প আৰু পাঁচখন উপন্যাসৰ লেখিকা।

হালনাগাদ: ২৯ মে’ ২০২২ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

গীতাঞ্জলি শ্ৰী (Geetanjali Shree) (তেখেত গীতাঞ্জলি পাণ্ডে নামেৰেও জনাজাত, আৰু তেখেতে মাকৰ প্ৰথম নাম শ্ৰীক শেষ নাম হিচাপে লৈছে।) ১) (জন্ম ১৯৫৭) ভাৰতৰ নতুন দিল্লীত বাস কৰা এগৰাকী হিন্দী ঔপন্যাসিক আৰু চুটিগল্পকাৰ। গীতাঞ্জলি শ্ৰী কেইবাটাও চুটিগল্প আৰু পাঁচখন উপন্যাসৰ লেখিকা। ২০০০ চনত লিখা তেখেতৰ উপন্যাস মাইক ক্ৰছৱৰ্ড বুক বঁটা,২০০১ বাবে চৰ্টলিষ্ট কৰা হয়।২ গ্ৰন্থখনক ইংৰাজীলৈ অনুবাদ কৰিছিল নীতা কুমাৰে। অনূদিত এই গ্ৰন্থখন ২০১৭ চনত নিয়োগী বুকছে পুনৰ প্ৰকাশ কৰিছিল। তেখেতৰ পঞ্চমখন উপন্যাস ৰেত সমাধিৰ (২০১৮) ইংৰাজীলৈ অনুবাদ কৰিছে ডেইজি ৰকৱেলে। Tomb of Sand শিৰোনামৰ এই উপন্যাসখনে ২০২২ চনত আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে।৩৪ তেখেতে প্ৰেমচান্দৰ সমালোচনাত্মক গ্ৰন্থও ৰচনা কৰিছে।

ব্যক্তিগত জীৱন

গীতাঞ্জলি উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰত ডাঙৰ-দীঘল হৈছিল, কাৰণ তেখেতৰ পিতৃ এজন প্ৰশাসনিক বিষয়া আছিল। উত্তৰ প্ৰদেশৰ এই প্ৰতিপালনৰ সময়ছোৱাত তেখেতে ইংৰাজী ভাষাত লিখিত শিশু-উপযোগী গ্ৰন্থ পঢ়াৰ সুযোগ-সুবিধা নাপাইছিল। ইংৰাজী গ্ৰন্থৰ এই অভাৱটোৱে তেখেতৰ লগত হিন্দী ভাষাৰ এক চহকী সংযোগ স্থাপন কৰা বুলি দাবী কৰে। ১

সাহিত্যিক কৰ্মৰাজি

গীতাঞ্জলি শ্ৰীৰ প্ৰথম গল্প বেলপত্ৰ (১৯৮৭) সাহিত্যিক আলোচনী হান্সত প্ৰকাশ পাইছিল আৰু তাৰ পিছতে এখন চুটিগল্প সংকলন অনুগুঞ্জ (১৯৯১) প্ৰকাশ পাইছিল। ১৫৬

তেখেতৰ উপন্যাস মাইৰ ইংৰাজী অনুবাদে তেখেতক খ্যাতিৰ দিশে আগুৱাই লৈ যায়। উপন্যাসখনত উত্তৰ ভাৰতীয় মধ্যবিত্ত পৰিয়ালৰ তিনিটা প্ৰজন্মৰ নাৰী আৰু তেওঁলোকৰ চৌপাশৰ পুৰুষসকলৰ বিভিন্ন অনুষংগ সামৰি লোৱা হৈছে। ছাৰ্বিয়ান আৰু কোৰিয়ানকে ধৰি কেইবাটাও ভাষালৈ 'মাই' অনূদিত হৈছে। সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰা নীতা কুমাৰেও গ্ৰন্থখনক ইংৰাজীলৈ অনুবাদ কৰিছে আৰু বছিৰ উনৱানে ইংতিজাৰ হুছেইনৰ প্ৰস্তাৱনাৰে মাইক উৰ্দু ভাষালৈ অনুবাদ কৰিছে।১ উপন্যাসখনৰ আন আন অনুবাদসমূহৰ ভিতৰত আছে এনি মণ্টাউটৰ ফৰাচী, আৰু ৰেইনহল্ড শ্বেইনৰ জাৰ্মান অনুবাদ।

শ্ৰীৰ দ্বিতীয়খন উপন্যাস হামাৰা শ্বাহৰ উছ বৰাছৰ আধাৰ হৈছে বাবৰি মছজিদ ভাঙি পেলোৱাৰ ঘটনা। ১

তেখেতৰ চতুৰ্থখন উপন্যাস খালী জগহ (২০০৬) ইংৰাজীলৈ (নিবেদিতা মেননৰ দ্বাৰা The Empty Space হিচাপে), ফৰাচী (Nicola Pozza দ্বাৰা Une place vide হিচাপে), আৰু জাৰ্মান (Georg Lechner আৰু Nivedita Menon দ্বাৰা Im leeren Raum হিচাপে) অনুবাদ কৰা হৈছে।

তেখেতৰ পঞ্চম আৰু শেহতীয়া উপন্যাস ৰেট সমাধি (২০১৮) পাঠকসকলৰ মাজত ব্যাপক চৰ্চিত। গ্ৰন্থগনত কল্পনা আৰু ভাষাৰ নিৰ্মল শক্তিৰ অনুভূত হৈছে। একাংশৰ মতে, এই ৰচনা অভূতপূৰ্ব।৭ গ্ৰন্থখনক ইংৰাজীলৈ ডেইজী ৰকৱেলে টম্ব অৱ ছেণ্ড হিচাপে। ফৰাচী ভাষালৈ গ্ৰন্থখন এনি মণ্টাউটে ৰেট সমাধি; অউ-ডেলা দে লা ফ্ৰণ্টিয়েৰ নামেৰে অনুবাদ কৰিছে। ২০২২ চনৰ এপ্ৰিল মাহত টম্ব অৱ ছেণ্ডে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰে। ৮

শৈক্ষিক প্ৰকাশন

  • Between Two Worlds: An Intellectual Biography of Premchand৯
  • "Premchand and Industrialism: A Study in Attitudinal Ambivalence", The Indian Economic and Social History Review, XIX(2), 1982 ১০
  • "Premchand and the Peasantry: Constrained Radicalism", Economic and Political Weekly, XVIII(26), 25 June 1983.১১
  • "The North Indian Intelligentsia and the Hindu-Muslim Question"১২

বঁটা আৰু সন্মান

  • গীতাঞ্জলি শ্ৰীয়ে ইন্দু শৰ্মা কথা সন্মান বঁটা লাভ কৰিছে।৬
  • ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়, আৰু জাপান ফাউণ্ডেশ্যনৰ তেখেত সভ্য। তেখেতে থিয়েটাৰত অংশগ্ৰহণ কৰিছে আৰু লেখক, শিল্পী, নৃত্যশিল্পী আৰু চিত্ৰশিল্পীৰে গঠিত নাট্যগোট বিভাদিৰ সৈতেও কাম কৰিছে।১
  • গীতাঞ্জলি শ্ৰীৰ শেহতীয়া উপন্যাস ৰেট সমাধিৰ ইংৰাজী অনুবাদ টম্ব অৱ ছেণ্ড আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা প্ৰথমখন হিন্দী ভাষাৰ উপন্যাস হিচাপে পৰিগণিত হয়১৩১৪ আৰু পৰৱৰ্তী সময়ত গ্ৰন্থখনে উক্ত বঁটা লাভ কৰে।৪১৫

তথ্যসূত্ৰ

  1. ↑ 'I'm Waiting To Write The Book Which Will Slip Out Of My Grasp' Interview with Geetanjali Shree in Outlook India
  2. ↑ Bent Over Backwards excerpts from Mai - Outlook India
  3. ↑ Tomb of Sand · The Booker Prizes. thebookerprizes.com
  4. ↑ (2022-05-26). First novel translated from Hindi wins International Booker prize. The Guardian
  5. ↑ Mai: A Novel, Kali for Women, 2000. Via Google Books
  6. ↑ The past is ever present, realized by us in bits: An interview with Geetanjali Shree Deep Blue Ink
  7. ↑ Geetanjali, Shree. Painting The Ordinary In Myriad Extraordinary Hues. The Book Review India
  8. ↑ Knight, Lucy. (7 April 2022). International Booker prize shortlist delivers 'awe and exhilaration'. The Guardian
  9. ↑ Between Two Worlds Google Books
  10. ↑ The Indian Economic and Social History Review, XIX(2), 1982, Sage Publications
  11. ↑ ICSSR journal of abstracts and reviews Google Books
  12. ↑ "The North Indian Intelligentsia and the Hindu-Muslim Question", Bibliography of Asian studies
  13. ↑ Marshall, Alex. (7 April 2022). Women Dominate Shortlist for International Booker Prize. The New York Times
  14. ↑ (7 April 2022). Geetanjali Shree’s ‘Tomb of Sand’ first Hindi novel on International Booker shortlist. The Indian Express
  15. ↑ Geetanjali Shree and Daisy Rockwell win 2022 International Booker Prize. The Irish Times

সম্পৰ্কিত শ্ৰেণী

ঔপন্যাসিকসাহিত্যিকভাৰতীয় সাহিত্যিকবুকাৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতাঞ্জলি শ্ৰী” প্ৰবন্ধৰ সংশোধন ৩২২৫৯৫ (২৯ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।