পলি সেনগুপ্তা (Poile Sengupta; জন্ম: অম্বিকা গোপালকৃষ্ণন; জন্ম ১৯৪৮) ইংৰাজী ভাষাৰ এগৰাকী ভাৰতীয় লেখক।[1] বিশেষকৈ শিশুৰ বাবে নাট্যকাৰ আৰু লেখিকা হিচাপে তেওঁ সুপৰিচিত। তেওঁৰ আনুষ্ঠানিক প্ৰথম নাম অম্বিকা যদিও তেওঁৰ পলি সেনগুপ্তা নামেৰেহে অধিক পৰিচিত। সেনগুপ্তাই কলেজৰ প্ৰবক্তা, জ্যেষ্ঠ বিদ্যালয়ৰ শিক্ষক, শৈক্ষিক পৰামৰ্শদাতা, যোগাযোগ আৰু ভাষা দক্ষতাৰ পৰামৰ্শদাতা, বজাৰ গৱেষণা প্ৰতিষ্ঠানৰ পৰামৰ্শদাতা সম্পাদক, মণ্টেছৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষক হিচাপে কাম কৰি আহিছে। শিশুৰ বাবে সেনগুপ্তাই লিখা কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে, যাৰ ভিতৰত নিম্নোক্ত কেইখন উল্লেখনীয়-
'দ্য এক্সকুইজিট বেলেন্স১ (১৯৮৫),
দ্য ৱে টু মাই ফ্ৰেণ্ডছ হাউচ (১৯৮৮)'',
দ্য ষ্ট’ৰী অৱ দ্য ৰোড (১৯৯৩),
হাউ দ্য পাথ গ্ৰ’ (১৯৯৭)- (সকলো শিশু বুক ট্ৰাষ্ট, নতুন দিল্লী),
চতুৰ কাঠমিস্ত্ৰী আৰু অন্যান্য কাহিনী,
''দুষ্ট কুকুৰ আৰু অন্যান্য কাহিনী, আৰু
দ্য ব্লেক স্নেক এণ্ড অদাৰ ষ্ট’ৰীজ (সকলো ফ্ৰেংক ব্ৰাদাৰ্ছ, নতুন দিল্লী, ১৯৯৩)'',
জলফুল (স্কোলাষ্টিক, ২০০০),
''বিক্ৰম আৰু ভেটাল (২০০৬) আৰু
বিক্ৰমাদিত্যৰ সিংহাসন(২০০৭)(পাফিন)''।২
তেওঁৰ দ্বাৰা লিখিত ৰ'ল কলক ইণ্ডোনেছিয়া ভাষালৈ অনুবাদ কৰা হৈছে।৩ আনহাতে বিক্ৰম আৰু বেতালক ফৰাচী ভাষালৈ অনুবাদ কৰা হৈছে।৪ তেওঁ 'দ্য লাইটছ চেঞ্জড'ও লিখিছে। এই চুটি ছবিখন ৬ষ্ঠ শ্ৰেণীৰ বাবে এনচিইআৰটিৰ নাগৰিক বিজ্ঞানৰ কিতাপত লিখা হৈছে।
২০১৪ চনৰ অক্তোবৰত তেওঁৰ দ্বাৰা লিখিত উপন্যাস ইংগা প্ৰকাশিত হয়।৫
তথ্যসূত্ৰ
- ↑ Amazon's listing. Amazon
- ↑ Poile Sengupta - Penguin Books India
- ↑ Poile Sengupta. Goodreads
- ↑ UniCat-Search
- ↑ Inga
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পলি সেনগুপ্তা” প্ৰবন্ধৰ সংশোধন ৫৯২০০৩ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।