শামীম আজাদ (Shamim Azad; জন্ম:১১ নৱেম্বৰ, ১৯৫২)১ এগৰাকী বাংলাদেশী মূলৰ দ্বিভাষিক ব্ৰিটিছ কবি, কাহিনী কথক তথা লেখক।
প্ৰাৰম্ভিক জীৱন
ইষ্ট বেংগল, অৰ্থাৎ বৰ্তমান বাংলাদেশৰ ঢাকাৰ ময়মনসিংহত শামীম আজাদৰ জন্ম হৈছিল। ই আছিল তেওঁৰ দেউতাকৰ কৰ্মস্থান। শামীমৰ গৃহনগৰ আছিল ছিলেট। ১৯৬৭ চনত জামলপুৰ ছোৱালী হাইস্কুলৰপৰা তেওঁ এছ এছ চি পাছ কৰে আৰু ১৯৬৯ চনত তাঙগেইল কুমুদিনী কলেজৰপৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উৰ্ত্তীণ হয়। তাৰপিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ত ভৰ্তি হয় আৰু তাৰপৰা ১৯৭২ চনত স্নাতক আৰু ১৯৭৩ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২
১৯৯০ চনত তেওঁ লণ্ডনলৈ যায়।৩
কৰ্মজীৱন
আজাদৰ সৃষ্টিকৰ্মসমূহ বাংলাদেশৰপৰা ইউৰোপীয় লোককাহিনীলৈকে বিস্তৃত। তেওঁৰ কামে শিক্ষা আৰু মনোৰঞ্জনক একত্ৰ কৰিছে। আজাদৰ কৰ্মশালাবোৰ ঘাইকৈ এছিয়াৰ লোক, মৌখিক পৰম্পৰা আৰু ঐতিহ্য বিষয়ক।৪
উপন্যাস, চুটি গল্প, প্ৰবন্ধ আৰু কবিতাৰ সংকলনকে ধৰি ইংৰাজী আৰু বাংলা দুয়োটা ভাষাতে আজাদৰ মুঠ ৩৭ খন কিতাপ প্ৰকাশ হৈছে৫ আৰু ব্ৰিটিছ চাউথ এছিয়ান পয়েট্ৰি, মাই বাৰ্থ ৱাজ নট ইন ভেইন, ভেল’চিটি, এমলিট প্ৰজেক্ট আৰু মাডাৰ টাং ধৰি বিভিন্ন এন্থ’লজীত তেওঁৰ লেখা অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ হাফ মুন থিয়েটাৰৰ বাবে দুখন নাটক লিখিছিল।৬ তেওঁ কম্পজাৰ ৰিচাৰ্ড ব্লেকফৰ্ড, কেৰী এণ্ড্ৰিউ, নৃত্য পৰিচালক ৰোজমেৰী লী, দৃশ্যশিল্পী ৰবিন হোৱাইটমোৰ আৰু নাট্যকাৰ মেৰী কুপাৰৰ সৈতে কাম কৰিছে।৫
তেওঁ লণ্ডনৰ সংগ্ৰহালয়, এডিনবাৰ্গ ফ্ৰিঞ্জ ফেষ্টিভেল, কেমব্ৰিজ ৱাটাৰ ষ্ট’ন, লিবাৰ্টি ৰেডিঅ’, বেটাৰচি আৰ্টচ চেণ্টাৰ, লডাৰডেল হাউচ, কমনৱেলথ ইনষ্টিটিউট, ব্ৰিটিছ লাইব্ৰেৰী, বাংলাদেশৰ ব্ৰিটিছ কাউন্সিল, পাকিস্তান আৰু নিউয়ৰ্কৰ টাকশিলাকে ধৰি বিভিন্ন স্থানলৈ পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছে।৭ কৰ্মসূত্ৰে তেওঁ টাৱাৰ হেমলেটচ্ চামাৰ ইউনিভাৰচিটি, চাণ্ডাৰলেণ্ড চিটি লাইব্ৰেৰী এণ্ড আৰ্টচ চেণ্টাৰ, ইষ্ট চাইড আৰ্টচ, প’য়েট্ৰি চছাইটি, মেজিক মি, ৰিচ মিক্স, কিনেটিকা, ব্ৰমলী বাই ব’ চেণ্টাৰ, হাফ মুন থিয়েটাৰ, আৰু এপলছ এণ্ড স্নেকচত আদিত থাকি থাকি আহিছে।৫
আজাদ লণ্ডনৰ ‘বিশ্ব সাহিত্য কেন্দ্ৰ, ইউ কে’ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু ‘বেথনাল গ্ৰীণৰ ৰিচ মিক্স’ৰ ট্ৰাষ্টী। ৭ তেওঁ ‘ইষ্ট ষ্ট’ৰি টেলিং গ্ৰুপ’ৰ সদস্য, যিয়ে স্থানীয় বাসিন্দাসকলক ইষ্টেণ্ডৰ প্ৰব্ৰজনৰ সমৃদ্ধ আৰু বিবিধ ইতিহাসৰ দ্বাৰা একত্ৰিত কৰা কিছুমান কাহিনী ভাগ বতৰা কৰিবলৈ আমন্ত্ৰণ জনায়।৮
স্বীকৃতি
আজাদে ১৯৯৪ চনত বাংলাদেশ বিচিত্ৰ বঁটা, ২০০০ চনত লণ্ডন আৰ্টচ্ৰ পৰা ইয়েৰ অৱ দ্য আৰ্টিষ্ট বঁটা, ২০০৪ চনত সংযোজন- আ ৰৌফ বঁটা আৰু ২০০৪ চনত ইউ কে চিভিক এৱাৰ্ড লাভ কৰে। ২০১৪ চনত তেওঁ কেনাৰী ৱাৰ্ফ গ্ৰুপ পিএলচিৰ দ্বাৰা প্ৰদান কৰা কমিউনিটি চেম্পিয়নছ বঁটা লাভ কৰে।৭ ২০১৬ চনত চৈয়দ আজাদক ৱালিউল্লাহ লিটাৰেচাৰ এৱাৰ্ড-এৰে সন্মানিত কৰা হয়, এই সন্মান বাংলা একাডেমীয়ে প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ (11 November 2011). World Literature Centre, London Upcoming Events
- ↑ (22 February 2012). Shamim Azad's birthday to be celebrated in Dhaka. banglanews24
- ↑ (2001). Biographical notes – The Poets. Poetry Magazines. পৃ. 293–305 Shamim Azad
- ↑ Poetry and Translation. The Poetry Society The Poets: Shamim Azad
- ↑ Karim, Mohammed Abdul; Karim, Shahadoth. (October 2013). British Bangladeshi Who's Who. British Bangla Media Group. পৃ. 62
- ↑ Karim, Mohammed Abdul; Karim, Shahadoth. (October 2009). British Bangladeshi Who's Who. British Bangla Media Group. পৃ. 33
- ↑ Mahboob, Mahdin. (12 August 2007). Creative Writing Workshop @ BRAC University by Shamim Azad. The Daily Star Volume 2, Issue 31
- ↑ (16 November 2013). East. BBC Asian Network
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শামীম আজাদ” প্ৰবন্ধৰ সংশোধন ৪১৩৪৬৯ (২২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।