অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুক অৰুদপ্ৰগাশম

অনুক অৰুদপ্ৰগাশম (Anuk Arudpragasam, তামিল ভাষাত:அனுக் அருட்பிரகாசம் জন্ম:১৯৮৮) এগৰাকী শ্ৰী লংকান ঔপন্যাসিক, যি ইংৰাজী আৰু তামিল দুয়োটা ভাষাতে লেখা-মেলা কৰে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ৪৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অনুক অৰুদপ্ৰগাশম (Anuk Arudpragasam, তামিল ভাষাত:அனுக் அருட்பிரகாசம் জন্ম:১৯৮৮) এগৰাকী শ্ৰী লংকান ঔপন্যাসিক, যি ইংৰাজী ভাষা আৰু তামিল ভাষা দুয়োটা ভাষাতে লেখা-মেলা কৰে। দ্য ষ্টৰি অৱ আ ব্ৰিফ মেৰিজ শীৰ্ষক তেওঁৰ প্ৰাৰম্ভিক উপন্যাসখন ২০১৬ চনত ফ্লেটিৰন বুকচ/গ্ৰাণ্টা বুকচে প্ৰকাশ কৰিছিল আৰু পিছত এইখন ফৰাচী, জাৰ্মান, চেক, মান্দাৰিন, ওলন্দাজ ভাষা আৰু ইটালিয়ান ভাষালৈ অনূদিত হৈছিল। ২০০৯ চনত, শ্ৰীলংকাৰ গৃহযুদ্ধৰ অন্তিম পৰ্যায়ত প্ৰকাশ হোৱা তেওঁৰ উপন্যাসখনে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল আৰু ডিলান থমাছ বঁটা১ আৰু জাৰ্মান আন্তঃৰাষ্ট্ৰীয় সাহিত্য বঁটাৰ বাবে চৰ্টলিষ্ট হৈছিল।২ অনুকৰ দ্বিতীয়খন উপন্যাস আ পাছেজ নৰ্থ ২০২১ চনত প্ৰকাশ হয় আৰু উপন্যাসখনে বুকাৰ বঁটাৰ মনোনয়ন লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

শ্ৰীলংকাৰ কলম্বোত ১৯৮৮ চনত অনুক অৰুদপ্ৰগাশমৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাক দুয়োগৰাকী তামিল।৩৪ কলম্বোৰ এটি অৱস্থাপন্ন পৰিয়ালত তেওঁৰ জন্ম হৈছিল।৫৬তেওঁৰ তামিল পৰিয়ালটো প্ৰথমে দেশৰ উত্তৰ-পূবৰ পৰা আহিছিল।৪ ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈকে উত্তৰ-পূবত চলি থকা গৃহযুদ্ধৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অনুক কিন্তু নিজে কেতিয়াও অহা নাছিল।৭ যদিও তেওঁৰ পৰিয়ালটিৰ সাহিত্য ক্ষেত্ৰখনৰ সৈতে কোনো লেন-দেন নাছিল, তেওঁৰ মাক-দেউতাকে সৰুৰেপৰাই তেওঁক বিভিন্ন ধৰণৰ কিতাপ পঢ়িবলৈ উৎসাহিত কৰিছিল। কিন্তু কাষৰে বিজিতা আপ্পা পুথিঘৰত দৰ্শন সাহিত্যৰ কিতাপৰ আমেজ নোলোৱালৈকে ১৫/১৬ বছৰ বয়সলৈ তেওঁৰ মাক-দেউতাকৰ উপদেশ মানি লোৱা নাছিল।৮ ১৮ বছৰ বয়সত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ২০১০ চনত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।৪৯ ষ্টেনফৰ্ডৰপৰা স্নাতক হৈ ওলোৱাৰ পাছত তেওঁ এবছৰ তামিলনাডুত থাকে।১০ পিছত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ কাম আৰম্ভ কৰে আৰু ২০১৯ চনত গৱেষণা সমাপ্ত কৰে।১১

কৰ্মজীৱন

দ্য ষ্টৰি অৱ আ ব্ৰিফ মেৰিজ (২০১৬)

২০১১ চনৰপৰা ২০১৩ চনৰ ভিতৰত লিখা কিতাপখনত উত্তৰ-পূব উপকূলৰ শিবিৰত শ্ৰীলংকাৰ সেনাই বোমাবৰ্ষণ তীব্ৰতৰ কৰাৰ বাবে বিয়া পাতিবলৈ জোৰ কৰা দুজন তামিল যুৱক দীনেশ আৰু গংগাৰ জীৱনৰ এটা দিন আৰু এটা ৰাতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে; বোমাবৰ্ষণৰ সময়ত তেওঁলোক তাতে আশ্ৰয় লৈ আছিল। গোৱেৰ্ণিকা আলোচনীত দিয়া এটা সাক্ষাৎকাৰত অনুকে কৈছে যে; এই উপন্যাসখন এক সমন্বয়ৰ সেঁতু হিচাপে ৰচনা কৰা হৈছিল, য’ত দেশৰ উত্তৰ অঞ্চলত থকা কিছু মানুহ, যি নিজকে ছিন্নমূল বুলি অনুভৱ কৰিবলৈ লৈছিল, তেওঁলোক আৰু নিজৰ মাজত থকা পাৰ্থক্যক অতিক্ৰম কৰাৰ উদ্দেশ্যে নিহিত হৈ আছিল।১২

দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটি আলোচনাত ইতিহাসত নিৰীহসকলক স্থান দিয়া আৰু পাঠকক মানৱ আত্মাৰ সুন্দৰতাৰ সমুখত আঁঠু লবলৈ উদগনি দিয়াৰ বাবে উপন্যাসখনক প্ৰশংসা কৰা হৈছে।১৩ দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল১৪ আৰু ঔপন্যাসিক কম তৈবিনেও উপন্যাসখন প্ৰশংসা কৰি নিজা মতামত আগবঢ়াইছে।১৫ দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল১৬, এনপিআৰ৬ তথা ফিনেঞ্চিয়েল টাইমছত কিতাপখনক ২০১৬ চনত প্ৰকাশিত শ্ৰেষ্ঠ কিতাপসমূহৰ ভিতৰত এখন ৰূপে স্থান দিয়া হৈছে।১৭

দ্য পাচেজ নৰ্থ (২০২১)

অৰুদপ্ৰগাশমৰ দ্বিতীয়খন উপন্যাস আ পাচেজ নৰ্থ (গ্ৰান্টা বুকচ্‌)ক ২০২১ চনৰ বুকাৰ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হয়।১৮ শ্ৰীলংকাৰ ৩০ বছৰীয়া গৃহযুদ্ধৰ ধ্বংসলীলাৰ পাছত জীৱনৰ সৈতে সহবাসৰ পৰিপ্ৰেক্ষিতত এই উপন্যাসখন ৰচিত হৈছে। এই বিষয়ত লেখকে কৈছে যে, হিংসাক ওচৰৰপৰা অনুভৱ কৰাক লৈ নহৈ এই উপন্যাসখন হিংসাক দূৰৰপৰা প্ৰত্যক্ষ কৰাক লৈহে, যিটো তেওঁৰ নিজা অভিজ্ঞতা ভিত্তিক।৮

তৃতীয় উপন্যাস

অৰুদপ্ৰগাশমে বৰ্তমান তেওঁৰ তৃতীয়খন উপন্যাসৰ কাম কৰি আছে। আংশিকভাৱে নিউয়ৰ্ক আৰু আংশিকভাৱে টৰণ্টোৰ পৰিৱেশত, তামিল প্ৰব্ৰজনকাৰীৰ মাতৃ আৰু কন্যাক বিষয় ৰূপে লৈ উপন্যাসখন ৰচনা কৰা হৈছে।৮

গ্ৰন্থপঞ্জী

  • দ্য ষ্টৰি অৱ আ ব্ৰিফ মেৰিজ. ফ্লেটিৰন বুকচ্‌. ISBN 978-1-250-07240-5১৯
    • দ্য ষ্টৰি অৱ আ ব্ৰিফ মেৰিজ. গ্ৰাণ্টা বুকচ্‌. ISBN 978-1-78378-237-6২০
    • দ্য ষ্টৰি অৱ আ ব্ৰিফ মেৰিজ. ফৰ্থ ষ্টেট /হাৰপাৰ কলিন্স পাব্লিচাৰ্ছ ইণ্ডিয়া. ISBN 978-9352640829২১
  • আ পাছেজ নৰ্থ. হগাৰ্থ প্ৰেছ. ISBN 978-0-593-23070-1২২
    • আ পাছেজ নৰ্থ. হামিছ হেমিলণ্টন / পেংগুইন ইণ্ডিয়া. ISBN 978-0-670-09489-9২৩
    • আ পাছেজ নৰ্থ. গ্ৰাণ্টা বুকচ্‌. ISBN 978-1-78378-694-7২৪

তথ্যসূত্ৰ

  1. ↑ (March 28, 2017). Dylan Thomas prize: Shortlist for 2017 award announced
  2. ↑ The 2018 List
  3. ↑ (9 December 2016). Q&A with author Anuk Arudpragasam. Financial Times
  4. ↑ (16 September 2016). 'A Small Window of Consciousness': An Interview With Anuk Arudpragasam. Pacific Standard
  5. ↑ (October 6, 2016). Los Angeles Review of Books. Los Angeles Review of Books
  6. ↑ (September 7, 2016). The Story Of A Brief Marriage' Provides Intimate Look At Sri Lanka's Civil War. NPR
  7. ↑ What is Tamil for Loss? Remembering the Sri Lankan Civil War. Department of African American Studies
  8. ↑ Anuk Arudpragasam Q&A · The Booker Prizes. thebookerprizes.com
  9. ↑ Nair, Nandini. (9 November 2016). A War in Memory. Open
  10. ↑ Filgate, Michele. (28 September 2016). A Body in Common: Anuk Arudpragasam. The Barnes & Noble Review
  11. ↑ (15 May 2020). The Institute for Ideas and Imagination Announces Third Class of Fellows. news.columbia.edu
  12. ↑ Hoenicke, Sarah. (January 24, 2017). Anuk Arudpragasam: Within the Bounds of the Body. Guernica
  13. ↑ Freeman, Ru. (October 7, 2016). A Brave Debut Novel About the Sri Lankan Civil War. The New York Times
  14. ↑ Sacks, Sam. (September 3, 2016). Sam Sacks on Jonathan Safran Foer's New Novel. The Wall Street Journal
  15. ↑ (August 2017). Love in Wartime
  16. ↑ Sacks, Sam. (December 29, 2016). And the Best Novel of the Year Is... The Wall Street Journal
  17. ↑ (December 2, 2016). Best books of 2016: Fiction. Financial Times
  18. ↑ Flood, Alison. (14 September 2021). Nadifa Mohamed is sole British writer to make Booker prize shortlist. The Guardian
  19. ↑ (11 July 2016). Fiction Book Review: The Story of a Brief Marriage by Anuk Arudpragasam. Flatiron, $24.99 (224p) ISBN 978-1-250-07240-5. Publishers Weekly
  20. ↑ (7 October 2016). Find out some of the best new books released this week. The Mail Barrow
  21. ↑ (29 October 2016). October Picks: Five Indian New Releases for Your Bookshelf. HarperCollins Publishers India
  22. ↑ A Passage North by Anuk Arudpragasam: 9780593230701. Penguin Random House
  23. ↑ A Passage North. Penguin Random House India
  24. ↑ A Passage North. Granta

সম্পৰ্কিত শ্ৰেণী

ঔপন্যাসিকসাহিত্যিকশ্ৰীলংকাৰ সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুক অৰুদপ্ৰগাশম” প্ৰবন্ধৰ সংশোধন ৫৭২৬৯৫ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।