মেচাকি বা মেচাকি পাত পূব এচিয়াৰ বিভিন্ন অঞ্চল যেনে দক্ষিণ চীন, ভাৰত, ম্যানমাৰ, থাইলেণ্ড আৰু ইণ্ডোনেছিয়া আদি দেশৰ এবিধ থলুৱা চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মেচাকি সহজলভ্য। উদ্ভিদবিধক খাছি ভাষাত খাজাঠ্চিৰ, মিচিং ভাষাত অম্বে আৰু মিজো ভাষাত লেংঅ'-চি-কাত নামেৰে জনা যায়।১২
বিৱৰণ
জেকা পলসুৱা মাটি মেচাকিৰ বাবে উপযুক্ত। ই এবিধ গুল্মজাতীয় উদ্ভিদ আৰু এজোপা পূৰ্ণাংগ গছ ২-৬ মিটাৰ পৰ্যন্ত ওখ হয়। ধাৰ থকা দীঘলীয়া পাতসমূহৰ মূৰটো জোঙা আৰু ই ১৩-১৭ ছেমি দীঘল হয়। পাতৰ মূল শিৰাৰ সমানে দুডাল অতিৰিক্ত শিৰা থাকে। পাতৰ তল অংশ মিহি শুংযুক্ত আৰু ওপৰফাল মসৃণ। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত গছসমূহত হালধীয়া ৰঙৰ ফুল ধৰে।২
ব্যৱহাৰ
মেচাকিৰ কুমলীয়া কোঁহ, পাত আৰু ফল বনৌষধি তথা খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ পৰম্পৰাগত ৰন্ধন-প্ৰকৰণত মেচাকিৰ ব্যৱহাৰ কৰে। বহু লোকে ডায়েৰীয়া আৰু ডিচেণ্ট্ৰি ৰোগত ইয়াৰ পাত ঔষধি হিচাপে ব্যৱহাৰ কৰে।২
মেচাকিৰ পাত পোহনীয়া তৃণভোজী জন্তুৰ আহাৰ হিচাপেও ব্যৱহাৰ হয়।২
ইয়াৰ গা-গছৰ পৰা আঁহ উলিয়াই ৰছী আদি তৈয়াৰ কৰা হয়। পাত আৰু ঠেঙুলিৰ পৰা প্ৰাকৃতিক ৰং আহৰণ কৰা হয়।১
তথ্যসূত্ৰ
- ↑ Sarcochlamys pulcherrima. Tropical.theferns.info
- ↑ Dogal Tree. s of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেচাকি” প্ৰবন্ধৰ সংশোধন ৩৩৩০৭৬ (১৪ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।