যখিনী মোনা বা শংকৰ মোনা (Malayan urn vine) বা ডিচচিডিয়া মেজৰ, ডিচচিডিয়া প্ৰজাতিৰ এবিধ পৰাশ্ৰয়ী উদ্ভিদ। এই উদ্ভিদবিধে বিশেষধৰণে পৰিৱৰ্তিত পাত ধাৰণ কৰে আৰু এই পাতসমূহত ডলিকোডেৰিনে পৰিয়ালকে ধৰি বিভিন্ন জাতৰ পৰুৱাই বাস কৰে। ইয়াৰ বিনিময়ত উদ্ভিদজোপাই বৰ্দ্ধিত মাত্ৰাৰ কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন লাভ কৰে আৰু বিষাক্ত প্ৰাণী আৰু উদ্ভিদৰ পৰা কিছু পৰিমাণে সুৰক্ষা লাভ কৰে।১ ই পাৰস্পৰিকতাবাদৰ এক অন্যতম বৈশিষ্ট্য আৰু ইয়াক myrmecophily বুলি জনা যায়। সমগ্ৰ উদ্ভিদ জগততে ই ব্যাপক আৰু স্পষ্টভাৱে পৰুৱা আৰু উদ্ভিদ উভয়ৰে বাবে যথেষ্ট উপকাৰী।২
যখিনী মোনা গছৰ ঠেঙুলি আৰু ডালৰ চাৰিওফালে থাকে। পচি যোৱা ডালত ইয়াক বেছিকৈ দেখা যায়। ইয়াৰ দুবিধ পাত দেখা যায়। এবিধ প্ৰায় ২ চে.মি. ব্যাসৰ বৃত্তাকাৰ মঙহাল পাত, আৰু ফোঁপোলা, মোনাৰ দৰে ১২ চে.মি. দৈৰ্ঘ্যৰ পাত।৩ মোনাৰ দৰে পাতৰ ওপৰৰ মূৰত এটা খোলা থাকে। পৰুৱাৰ জৈৱিক ধ্বংসাৱশেষ আৰু বৰষুণৰ পানী সময়ৰ লগে লগে ফোঁপোলা অংশটোত জমা হৈ পুষ্টিৰ উৎস প্ৰদান কৰে।৪৫
ইয়াৰ ডাঙৰ ফুলবোৰ হালধীয়া আৰু সেউজীয়া ৰঙৰ ৰেখাযুক্ত। ইয়াৰ ফল সাধাৰণ শিঙৰ আকৃতিৰ যোৰা ফোলিকলৰে গঠিত। আনহাতে বীজৰ এটা মূৰত ৰেচমী শুঙযুক্ত গুটি থাকে। পৰুৱাই এই বীজ ভিতৰত বাহলৈ লৈ যায় আৰুূদ্ভিদবিধৰ অংকুৰণ আৰু বৃদ্ধিৰ সম্ভাৱনা অধিক কৰি তোলে।
সহায়ক গ্ৰন্থ
- The Ecology and Evolution of Ant-Plant Interactions - ভিক্টৰ ৰিকো-গ্ৰে আৰু পাউলো এছ অলিভেইৰা (ইউনিভাৰ্চিটি অৱ চিকাগো প্ৰেছ, ২০০৭)
তথ্যসূত্ৰ
- ↑ Absorption of Ant-provided Carbon dioxide and Nitrogen by a Tropical Epiphyte
- ↑ Groom, P. (1893). On Dischidia rafflesiana (Wall.). Annals of Botany. পৃ. 223–241
- ↑ On the Structure of the Ascidia and Stomata of Dischidia rafflesiana Wall.
- ↑ Weir J. S. (1986). A reassessment of the relations in Malaysia between ants (Crematogaster) on trees (Leptospermum and Dacrydium) and epiphytes of the genus Dischidia (Asclepiadaceae) including 'ant-plants'. Biological Journal of the Linnean Society. পৃ. 113–132
- ↑ Griffith William. (1851). XXI. On the Structure of the Ascidia and Stomata of Dischidia Rafflesiana, Wall.. Transactions of the Linnean Society of London. পৃ. 387–390
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যখিনী মোনা” প্ৰবন্ধৰ সংশোধন ৩৬৭৮৪৩ (২ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।