বেলুন ফুল ইংৰাজীত সাধাৰণতে হেয়াৰি বলছ্ (hairy balls), বেলুনপ্লাণ্ট (balloonplant), বেলুন কটন−বুশ্ব (balloon cotton-bush), বিছপ্ছ বলছ্ (bishop's balls), নেইলহেড (nailhead), বা ছোৱান প্লাণ্ট (swan plant), জনা যায়। ই হৈছে মিল্কৱিডৰ এটা প্ৰজাতি। ই দক্ষিনপূৱ আফ্ৰিকাৰ থলুৱা প্ৰজাতি যদিও বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতেই আলংকাৰিক উদ্ভিদ হিচাপে ৰোপন কৰা দেখা যায়। ইয়াৰ বেলুনৰ দৰে ফলটোৰ ভিতৰত বীজ পৰিপূৰ্ণ হৈ থাকে।
বিৱৰণ
Gomphocarpus physocarpus প্ৰায় ছয় ফুট পৰ্যন্ত ওখ হয়। গ্ৰীষ্মকালত ইয়াৰ ফুল ফুলে সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ২৮০০ৰ পৰা ৫০০০ ফুট উচ্চতাত এই উদ্ভিদ গজে। কিছু সেমেকা অঞ্চল, বালিয়া আৰু পানী জমা নোহোৱা ৰ’দ ঘাই ঠাই এই উদ্ভিদৰ বাবে উপযুক্ত।
ফুলবোৰ বগা আৰু প্ৰায় ১ ছেমিমান হয়। ফলবোৰ সেউজ−হালধীয়া, ফোপোলা আকৃতিৰ প্ৰায় ৩ ছেমি ব্যাসাৰ্ধৰ হয়। ফলবোৰত সৰু সৰু নোম থাকে। পাতবোৰ পাতল সেউজীয়া, ৩ৰ পৰা ৪ ছেমি দীঘল আৰু ১.২ ছেমি বহল। ফলৰ ভিতৰত বীজ থাকে।১২
এই উদ্ভিদক Gomphocarpus fruticosusৰ সৈতে বৰ্ণসংকৰ কৰা হৈছে।৩
পখিলা
Gomphocarpus physocarpus হৈছে Monarch butterflyকে ধৰি Danaus গণৰ অন্তৰ্গত পখিলাৰ পলুৰ খাদ্যৰ উৎস।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Llamas, Kirsten Albrecht. (2003). Tropical Flowering Plants: A Guide to Identification and Cultivation. Timber Press. পৃ. 73. ISBN 0-88192-585-3
- ↑ Iremonger, Susan. (2002). A Guide to the Plants of the Blue Mountains of Jamaica. The University of West Indies Press. পৃ. 47. ISBN 976-640-031-8
- ↑ Gurib-Fakim, A. (2011). Prota 11(2): Medicinal plants/Plantes médicinales 2. PROTA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেলুন ফুল” প্ৰবন্ধৰ সংশোধন ৬৩০৮৫২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।