অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লেহেতি শাক

লেহেতি বা লেহেতি শাক (, বৈজ্ঞানিক নাম: Sphenoclea zeylanica) জেকা বা বোকাময় ঠাইত গজা এবিধ তৃণজাতীয় উদ্ভিদ। লেহেতিকে ধৰি Sphenoclea গণত মূলতঃ দুবিধ প্ৰজাতি আছে। বছৰি হোৱা এই উদ্ভিদবিধ ঘাইকৈ গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত দেখা যায়।

হালনাগাদ: ১৫ আগষ্ট ২০২৫ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লেহেতি বা লেহেতি শাক (১, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Sphenoclea zeylanica) জেকা বা বোকাময় ঠাইত গজা এবিধ তৃণজাতীয় উদ্ভিদ। লেহেতিকে ধৰি Sphenoclea গণত মূলতঃ দুবিধ প্ৰজাতি আছে।২ বছৰি হোৱা এই উদ্ভিদবিধ ঘাইকৈ গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত দেখা যায়। দক্ষিণ তথা দক্ষিণ-পূব এচিয়াৰ বাংলাদেশ, কম্বোডিয়া, ভাৰত, ইণ্ডোনেচিয়া, লাওছ, মালয়েচিয়া, ম্যানমাৰ, নেপাল, পাকিস্তান, ফিলিপাইনছ, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনাম আদিৰ লগতে বলিভিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইৰাণ, মাদাগাস্কাৰ, নাইজেৰিয়া, টাঞ্জানিয়া, পেৰু আদি দেশত প্ৰাকৃতিকভাৱে লেহেতি গজে। বাৰিষা কালত অসমৰ পথাৰ, কঁ‌ঠিয়াতলী আদিত লেহেতি প্ৰচুৰ পৰিমাণে দেখা যায়।৩৪ ইয়াক অসমৰ অঞ্চলভেদে তেলমৌ বা দুদলি বুলিও কোৱা হয়। মিচিং ভাষাত ইয়াৰ নাম আৰৌগ অয়িং।

বিৱৰণ

লেহেতিৰ ভিতৰভাগ ফোঁপোলা আৰু ই ৭-১৫০ ছেমিলৈকে ওখ হ'ব পাৰে। ইয়াৰ মূল গা-গছডাল পোন আৰু ই বহুকেইটা শাখাত বিভক্ত। ইয়াৰ শিপাসমূহ শুকুলা ৰঙৰ আৰু গুচ্ছ আকৃতিৰ। লেহেতিৰ পাত নিমজ, দীঘলীয়া আৰু মূৰ অংশ জোঙা। ই দীঘলে প্ৰায় ০.৭৫-৭.৫ ছেমি আৰু বহলে প্ৰায় ০.৫-১.৫ ছেমি। মূল গা-গছ আৰু শাখাসমূহৰ মূৰত থকা পুষ্পবৃন্তসমূহৰ আকৃতি গোমধানৰ দৰে আৰু ই প্ৰায় ৭.৫ ছেমি পৰ্যন্ত দীঘল হয়। বৃন্ত অংশত থোপাথোপিকৈ ফুলা ফুলৰ ৰঙ বগা বা ইষৎ সেউজীয়া। লেহেতিৰ গুটিসমূহ ইষৎ হালধীয়া-মটিয়া বৰণৰ।৩

ব্যৱহাৰ

ভাৰত, ইণ্ডোনেচিয়া আদি বিভিন্ন ঠাইত লেহেতিৰ কুমলীয়া গা-গছ আৰু আগ অংশ খাদ্য হিচাপে গ্ৰহণ কৰা হয়।৩ অসমতো লেহেতিক শাক হিচাপে ভাজি বা মঙহ আদিৰ লগত ৰান্ধি খোৱা হয়।

অপকাৰিতা

লেহেতিক কৃষিক্ষেত্ৰৰ অপতৃণ হিচাপে গণ্য কৰা হয় আৰু ই শস্যৰ উৎপাদন ২৫-৫০% কমাই দিব পাৰে।৪

তথ্যসূত্ৰ

  1. ↑ Gooseweed. Krishi Mala
  2. ↑ Christenhusz, M. J. M.; Byng, J. W. (2016). The number of known plants species in the world and its annual increase. Phytotaxa. Magnolia Press. পৃ. 201–217
  3. ↑ Sphenoclea zeylanica (wedgewort). CABI, Invasive Species Compendium
  4. ↑ Sphenoclea zeylanica. Rice Knowledge Bank

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেহেতি শাক” প্ৰবন্ধৰ সংশোধন ৫৩২৬০০ (১৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।