অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আলভাণ্ড

আলভাণ্ড (Alvand) হৈছে পশ্চিম ইৰাণৰ জাগ্ৰ'ছ পৰ্বতমালাৰ এটা উপশ্ৰণী। এই পৰ্বতমালা হামাদান প্ৰদেশৰ হামাদান চহৰৰপৰা ১০ কিলোমিটাৰ দক্ষিণে অৱস্থিত। ইয়াৰ শিখৰৰ উচ্চতা হৈছে 3580 মিটাৰ.

হালনাগাদ: ২৫ মে’ ২০২৬ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ
আলভাণ্ডৰ শিখৰ, হামেদান, ইৰাণ
আলভাণ্ডৰ শিখৰ, হামেদান, ইৰাণছবি: Safa.daneshvar · CC BY-SA 4.0
আলভাণ্ড পৰ্বত
আলভাণ্ড পৰ্বতছবি: Behzad Zolfaghari · CC BY 3.0

আলভাণ্ড (Alvand) হৈছে পশ্চিম ইৰানৰ জাগ্ৰ'ছ পৰ্বতমালাৰ এটা উপশ্ৰণী। এই পৰ্বতমালা হামাদান প্ৰদেশৰ হামাদান চহৰৰপৰা ১০ কিলোমিটাৰ দক্ষিণে অৱস্থিত। ইয়াৰ শিখৰৰ উচ্চতা হৈছে 3580 মিটাৰ.১ আলভাণ্ড পৰ্বতমালাৰ মূল অংশ পূবৰপৰা পশ্চিমলৈ প্ৰায় ৫০ কিলোমিটাৰ বিস্তৃত, আনহাতে উত্তৰৰপৰা দক্ষিণলৈ ইয়াৰ সৰ্বোচ্চ প্ৰস্থ প্ৰায় ৩০ কিলোমিটাৰ। .১ জুৰাছিকৰ শেষৰফালে আৰু ক্ৰিটেচিয়াছৰ আৰম্ভণিৰ যুগত জাগ্ৰ'ছ পৰ্বতমালা গঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে গঠিত এই পৰ্বতবোৰ চাৰিওফালৰ সমভূমিৰপৰা হঠাতে ওপৰলৈ উঠি যায় আৰু বহুতো গভীৰ উপত্যকাৰদ্বাৰা বিভক্ত। ১ পৰ্বতবোৰ মূলতঃ গ্ৰেনাইট আৰু ডাইঅ’ৰাইটৰদ্বাৰা গঠিত, যিবোৰ একপ্ৰকাৰৰ অন্তঃজাত শিল বা পাতলীয়া শিলাৰে গঠিত।১

এসময়ত এই অঞ্চলটো লঘু ওক গছৰ অৰণ্যৰে আবৃত আছিল, ১ কিন্তু ঐতিহাসিক কালত ব্যাপক বনাঞ্চল ধ্বংসৰ বাবে এতিয়া ইয়াক সৰু অঞ্চলত সীমাবদ্ধ কৰি ৰখা হৈছে, বেছিভাগেই উপত্যকাত অৱস্থিত।২ বৰ্তমানে ওখ অঞ্চলত ঘাঁহৰ আৱৰণ যথেষ্ট পাতল, আনহাতে বসন্ত আৰু নৈৰ চাৰিওফালে ঘাঁহ অধিক ঘন হয়।১ আলভাণ্ড উপত্যকাত সাধাৰণতে খেতি কৰা এটা গুৰুত্বপূৰ্ণ উদ্ভিদ হ’ল ‘গাৱাৰ’ বা ‘এষ্ট্ৰাগেলাছ উদ্ভিদ ’। এই উদ্ভিদৰপৰা পৰা ‘ট্ৰেগাকেন্থ’ নামৰ আঠা উৎপন্ন হয়। এই আঠাবিধ চিকিৎসা আৰু উদ্যোগত ব্যৱহাৰ কৰা হয়। ২

যদিও এই পাহাৰত কোনো বসতি নাই। কিন্তু উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা সমভূমি অঞ্চলত অসংখ্য নগৰ আৰু গাঁও আছে।১ আলভাণ্ড পৰ্বতমালাৰ তলত কেইবাখনো বৃহৎ চহৰ অৱস্থিত, য'ত হামাদান, মালেয়াৰ আৰু টুইচেৰকান আদিও আছে।১ এই বসতিসমূহ অতি উৎপাদনশীল কৃষি ভিত্তিৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলত ঘেঁহু খেতি আৰু ভেড়া, ছাগলী,গৰু আদি পশুপালন কৰা হয়। ১ এই অঞ্চলৰ কৃষি সমৃদ্ধিৰ এটা ভাল কাৰক হৈছে হাইলেণ্ডৰ অনুকূল জলবায়ু আৰু আলভাণ্ড পৰ্বতৰপৰা বৈ অহা প্ৰচুৰ পানীৰ সমন্বয়। ১

আচেমেনীড যুগৰ ঐতিহাসিক স্থান গঞ্জ নামেহ হামাদানৰপৰা ১০ কিলোমিটাৰ দক্ষিণে আলভাণ্ড পৰ্বতৰ তলত অৱস্থিত, ইয়াতেই দুখন ত্ৰিভাষিক শিলালিপি পোৱা গৈছিল। ১ আলভাণ্ড পৰ্বতমালাই তুৰ্কী, কুৰ্দি, পাৰ্চী আৰু লুৰি ভাষাৰ মাজত ভাষিক সীমা গঠন কৰে। ১

জলবায়ু

মাউণ্ট আলভাণ্ড ভৌগোলিক অৱস্থানত ভূমধ্যসাগৰীয় জলাবায়ুৰ প্ৰভাৱৰ ফলত বসন্তকালত বৰষুণ হয়।

জলবিজ্ঞান

আলভাণ্ড পৰ্বতমালে হামাদান প্ৰদেশৰ মূল জলভাগ গঠন কৰে; প্ৰদেশখনৰ বেছিভাগ নদী মাউণ্ট আলভাণ্ডত গলি যোৱা বৰফৰপৰা উৎপত্তি হয় আৰু তাৰ পিছত উত্তৰ বা দক্ষিণ দিশলৈ বৈ যায়। ২ সাধাৰণতে পৰ্বতমালাৰ উত্তৰ অংশত বৈ যোৱা নদীবোৰ বেছিভাগেই ঋতুভিত্তিক, আনহাতে দক্ষিণ অংশৰ নদীবোৰ বছৰজুৰি বৈ যায়। ২

টালভাৰ নদীৰ উৎপত্তি উত্তৰ-পশ্চিম কুহ-ই ছাফেদত হয় আৰু শেষত চেফিড্ৰুদৰ সৈতে যোগ হয়; চেফিড্ৰুড ইৰাণৰ আটাইতকৈ দীঘল নদী, এই নদী কাস্পিয়ান সাগৰলৈ বৈ যায়। ২ কুৰিচে নদীৰ উৎপত্তি হামাদান আৰু মালেয়াৰৰ মাজৰ হাইলেণ্ডত।[3] ই আলভাণ্ড পৰ্বতমালাৰ উত্তৰ হাইলেণ্ডৰ মাজেৰে বৈ গৈ শেষত ক’ম হ্ৰদৰ লগত মিলি যায়। ২

যাযাবৰী জীৱন

আলভাণ্ড হাইলেণ্ড কেইবাটাও যাযাবৰী জনগোষ্ঠীৰ পৰম্পৰাগত চৰণীয়া পথাৰ।১ লাকি ভাষী টৰ্কেছভাণ্ডসকলে গ্ৰীষ্মকালীন চৰণীয়া পথাৰলৈ তথা আলভাণ্ডৰ পশ্চিম ঢাললৈ প্ৰব্ৰজন কৰে, আনহাতে ইয়াৰিমেট'গ্লুৱে পূব দিশলৈ প্ৰব্ৰজন কৰে। ১ শ্বাহসেৱানসকলৰ সৈতে সম্পৰ্কিত তৃতীয় এটা গোটেও পূব দিশলৈ প্ৰব্ৰজন কৰে যদিও তেওঁলোকৰ সংখ্যা বহুত কম।১ ২০ শতিকাৰপৰাই পূৰ্বতে যাযাবৰী লোকে বসবাস কৰা অঞ্চলসমূহত বসতিপ্ৰধান কৃষি আৰু পশুপালনৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। ১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ehlers, E. ALVAND KŪH. Encyclopaedia Iranica
  2. ↑ Adka'i, Parviz. HAMADĀN i. GEOGRAPHY. Encyclopaedia Iranica

সম্পৰ্কিত শ্ৰেণী

পৰ্বতমালাইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলভাণ্ড” প্ৰবন্ধৰ সংশোধন ৬০৮৬০৯ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।