
আৰ্গো ফেক্টৰী (Argo Factory)ইৰানৰ তেহৰাণত অৱস্থিত এটা সমসাময়িক কলা সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ, যিটো পূৰ্বৰ ৱাইন কাৰখানাত অৱস্থিত। আৰ্গো ফেক্টৰী পেজমেন ফাউণ্ডেশ্যন ছাইটৰ এটা অংশ। ১
ইতিহাস
১৯২০ চনৰ আৰম্ভণিতে নিৰ্মিত আৰ্গো কাৰখানা ইৰানৰ প্ৰথম ঔদ্যোগিক কাৰখানাসমূহৰ ভিতৰত অন্যতম কাৰাখানা আছিল। ১৯৬০ চনত এইটো এটা ডাঙৰ পানীয় কাৰখানাত পৰিণত হয়, ১৯৭০ চনত পৰিৱেশজনিত সমস্যাৰ কাৰণে ইয়াক স্থায়ীভাৱে বন্ধ কৰিবলৈ বাধ্য নকৰে।২৩৪
২০১৬ চনত পেজমেন ফাউণ্ডেচনে কাৰখানাটো ক্ৰয় কৰি সংস্কাৰ কৰে। "এসময়ত তাত বনোৱা বিয়েৰৰ নাম"ৰপৰাই এই কাৰখানাটোৰ নাম আৰ্গো হৈছে। ৫২
স্থাপত্য
ইয়াৰ অনন্য স্থাপত্য বৈশিষ্ট্য যেনে ওখ চিমনি আৰু চহৰৰ মাজ-মজিয়াত কৌশলগত ভৌগোলিক অৱস্থানত অৱস্থিত থকা স্বতেও বছৰ বছৰ ধৰি এই কাৰখানাটো অৱহেলিত হৈ পৰিছিল আৰু শেষত প্ৰায় চাৰি দশক ধৰি এটা জৰাজীৰ্ণ অট্টালিকাত পৰিণত হৈছিল।
পুনৰুদ্ধাৰ
গাঁথনিগত ভেটি
গাঁথনি অভিযন্তা বেহৰাং বানি আদমে ডিজাইন কৰা নতুন ভেটিৰ গঠনে স্থাপত্যৰ প্ৰকাশভংগীক তেহৰাণৰ ঘৰৰ পুৰণি ধাতুৰ (হালাবী) চাল আৰু সংগ্ৰহালয়ৰ নতুন ভাসমান (কংক্ৰিটৰ) চালৰ মাজত এক সংযত ধাৰা বজাই ৰখাত সহায় কৰিছে; এই নতুন চালবোৰেই হৈছে মূল কাৰখানাৰ বাহিৰৰ অংশত একমাত্ৰ নতুন সংযোজন। এই নতুন ডিজাইনটোৱে পৰম্পৰাগত স্থানীয় ধাতুৰ চালৰ আৰ্হিৰপৰা প্ৰেৰণা লাভ কৰিছে আৰু ইয়াক পাঁচটা গতিশীল, ভাসমান চাল হিচাপে পুনৰ সংযোজন কৰা হৈছে: প্ৰত্যেকেই ইয়াৰ তলত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানসমূহৰ বাবে এক অনন্য পোহৰৰ পৰিৱেশ সৃষ্টি কৰে।৬ আৰ্গো কাৰখানাটোৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ হৈছিল ইয়াৰ জৰাজীৰ্ণ গঠনৰ মেৰামতিৰপৰা। ভৱনটোক সুস্থিৰ কৰিবলৈ দলটোৱে নতুন গাঁথনিগত ভেটি স্থাপন কৰিছিল, যিবোৰ ইয়াৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। স্থপতিসকলে মূল বোজা বহনকাৰী ইটাৰ দেৱালবোৰ ধৰি ৰাখিছিল, যিয়ে কাৰখানাটোৰ ঔদ্যোগিক চৰিত্ৰক প্ৰতিফলিত কৰিছিল। ৭
উচ্চ কংক্ৰিটৰ চাল
আৰ্গো কাৰখানাত ৫০ চে.মি. উচ্চতাৰ পাঁচখন কংক্ৰিটৰ চাল মূল ইটাৰ বেৰৰ ওপৰেৰে ওপৰলৈ উঠিছে, য’ত জলবায়ু নিয়ন্ত্ৰণ আৰু যান্ত্ৰিক ব্যৱস্থা আছে। এই ডিজাইনে আধুনিক আন্তঃগাঁথনিক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰাত সহায় কৰাই নহয়, ৮.৫ মিটাৰ উচ্চতাৰ গেলেৰীসমূহত প্ৰাকৃতিক পোহৰ প্ৰৱেশ কৰিবলৈও অনুমতি দিয়ে। তেহৰাণৰ পৰম্পৰাগত হালাবি (ধাতুৰ) চালৰপৰা অনুপ্ৰাণিত হৈ নতুন সংযোজনে ঐতিহাসিক গঠনৰ সৈতে এক কৃপাময় বৈপৰীত্য সৃষ্টি কৰাৰ বিপৰীতে কংক্ৰিটৰ ব্যৱহাৰে নিৰ্মাণৰ নিষেধাজ্ঞাৰ বাবে স্থানটোৰ ঔদ্যোগিক পৰিচয়ক শক্তিশালী কৰে। ৮
আৰ্গো কাৰখানাৰ স্থানীয় সম্প্ৰসাৰণ
এই প্ৰকল্পটোৱে ভৱনটোৰ মূল আকাৰ প্ৰায় ৮৫% যথেষ্ট বৃদ্ধি কৰি ইয়াৰ আয়তন ৪৮০ বৰ্গমিটাৰৰপৰা ১,৮৯০ বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হয়। ১৯৭৯ চনৰ ইৰাণী বিপ্লৱৰ পিছত তেহৰাণত স্থাপিত হোৱা প্ৰথমটো ব্যক্তিগত সমসাময়িক কলা সংগ্ৰহালয় হৈছে আৰ্গো ফেক্টৰী। ইয়াত শিল্পীসকলক বিভিন্ন ধৰণৰ চিলিঙৰ উচ্চতা (১৫ মিটাৰ পৰ্যন্ত উচ্চতা) আৰু বিভিন্ন ধৰণৰ স্থান প্ৰদান কৰা হয়, যিয়ে প্ৰদৰ্শনী আৰু ইনষ্টলেচনৰ বাবে অধিক নমনীয়তা প্ৰদান কৰে। এতিয়া চহৰখনৰ এক বিখ্যাত সাংস্কৃতিক কেন্দ্ৰ, এই কাৰখানাটোৱে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। ইয়াৰ সফল ৰূপান্তৰে চাৰিওফালৰ অট্টালিকাসমূহৰ সংস্কাৰৰ বাবেও অনুপ্ৰাণিত কৰিছে আৰু তেহৰাণৰ ডাউনটাউনৰ সাংস্কৃতিক পুনৰুজ্জীৱিতকৰণত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।৯
দুটা পৰ্যায়ত কাৰখানাটো সংস্কাৰ কৰা হৈছিল আৰু শেষৰখিনি ২০১৮/১৯ চনত সম্পূৰ্ণ হৈছিল। ১০ নিউয়ৰ্কস্থিত স্থাপত্য প্ৰতিষ্ঠান এ এছ এ নৰ্থৰ সহযোগত প্ৰায় চাৰি দশক পৰিত্যক্ত হোৱাৰ পিছত আৰ্গো ফেক্টৰী সম্পূৰ্ণৰূপে ৰূপান্তৰিত হয়; এই কামৰ বাবে ই ২০২২ চনত স্থাপত্যৰ বাবে আগা খান বঁটাকে ধৰি বহুতো বঁটা লাভ কৰে। ১১৪১২৩
পুৰস্কাৰ
বিশেষ ডিজাইনৰ বাবে আৰ্গো কাৰখানাই যথেষ্ট মনোযোগ লাভ কৰিছিল আৰু বিশ্ব পৰ্যায়ত ডাঙৰ ডাঙৰ স্থাপত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
২০২২ চনত এই ভৱনটো ইৰাণৰ আন দুটা প্ৰকল্পৰ সৈতে ১৬খন দেশৰপৰা দাখিল কৰা ৪৬৩টা কামৰ ভিতৰত স্থাপত্যৰ বাবে আগা খান বঁটাৰ বাবে চূড়ান্ত প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় আৰু এই তালিকাৰপৰা ছটা প্ৰকল্পক চূড়ান্ত বিজয়ী হিচাপে নিৰ্বাচিত কৰা হয়। ১১১৩১৪ ইয়াৰে অন্যতম বিজয়ী আছিল আহমদ্ৰেজা শ্ৰীকাৰ (এ এছ এ নৰ্থ)ৰদ্বাৰা পুনৰ নিৰ্মাণ কৰা আৰ্গো ফেক্টৰী। প্ৰতি তিনি বছৰৰ মূৰে মূৰে স্থাপত্যৰ বাবে আগা খান বঁটা প্ৰদান কৰা হয়।
ডেজিন ৱেবছাইটৰদ্বাৰা আয়োজিত ২০২২ চনৰ ডেজিন আৰ্কিটেকচাৰ প্ৰাইজতো আৰ্গো ফেক্টৰীয়ে লাভ কৰে। এই বঁটাত তিনিটা শাখা আছে: স্থাপত্য, অভ্যন্তৰীণ, আৰু ডিজাইন; প্ৰতিটো শ্ৰেণীত ১৪টা উপ-শ্ৰেণী আছে। শেষত প্ৰতিটো শাখাৰপৰা এজনকৈ চূড়ান্ত বিজয়ী নিৰ্বাচিত কৰা হ’ব আৰু ডেজিন স্থাপত্য বঁটাৰ তিনিটা বিশেষ কামৰ ভিতৰত এটা হিচাপে সন্মানিত কৰা হ’ব।
এই বঁটাসমূহৰ পঞ্চম সংস্কৰণত সাংস্কৃতিক অট্টালিকা বিভাগত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায় বা চৰ্টলিষ্টত নিৰ্বাচিত কৰা প্ৰকল্পসমূহৰ ভিতৰত অন্যতম আছিল আৰ্গো ফেক্টৰী; এই শিতানৰ চূড়ান্ত বিজয়ী হয় আৰু ২০২২ চনৰ ডেজিন বঁটাত 'বছৰৰ স্থাপত্য প্ৰকল্প' হিচাপেও ঘোষণা কৰা হয়।১৫
কাৰ্যসূচী
আৰ্গো ফেক্টৰীটো পেজমেন ফাউণ্ডেশ্যনৰ মালিকানাধীন এক বৈচিত্ৰ্যময় গোটৰ ছাইটৰ অংশ। পেজমেন ফাউণ্ডেচনে প্ৰদৰ্শনী, আলোচনা, আৰু অনুষ্ঠানৰ জৰিয়তে কলা আৰু সংস্কৃতিক প্ৰসাৰিত কৰে।
প্ৰদৰ্শনী
- নীল বেলৌফা - ২০১৭ ১৬
- ন'জ টু ন'জ -স্লাভ আৰু টাটাৰ -২০১৭
- এলহোৱেৰ ইণ্টাৰেক্টিভ ভি আৰ ইনষ্টলেচন - ২০১৮
- নাজগোল আনছাৰিনিয়া: দ্য ৰুম বিকামচ্ এ ষ্ট্ৰীট-২০২০
- “ফৰ দ্য চেক অৱ চালমনেচ" নিউছা টাভাকোলিয়ান ৰ এটা প্ৰকল্প - ২০২০
- “ইন দ্য মিডষ্ট” ভল্যুম ১ - ২০২১ চন
- ভিডিঅ': পেৰিছ মিউজিয়াম অৱ মডাৰ্ণ আৰ্টৰ সংগ্ৰহৰপৰা ভিডিঅ'ৰ এক বিশাল নিৰ্বাচন - ২০২১
- মোহচেন ভাজিৰি মোগদ্দাম: আনৰিয়েলাইজড প্ৰজেক্ট - ২০২১১৭
- ভেনিছিং পইণ্ট; পেজমেন সংগ্ৰহৰ এটা নিৰ্বাচন - ২০২২
- 'ট্ৰুথ লাইজ নট ইন ৱান ড্ৰিম, বাট ইন মেনি' 'দ্য ৱান থাউজেণ্ড এণ্ড ৱান নাইটছ' অফ পাচলিনিৰ ৰবাৰ্ট' ভিলাৰ ফটোত বৰ্ণিত - ২০২২ ১৮
- ৰিমেম্বেৰেন্স অৱ থিংচ প্ৰেজেণ্ট; ASA-North-2023 ৰ প্ৰৰ্দশনী।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Pejman Foundation: Argo Factory — About. pejman.foundation
- ↑ Esmaili, Yasaman. Argo Factory: Contemporary Art Museum & Cultural Centre by Ahmadreza Schricker Architecture - North. www.architecturalrecord.com
- ↑ (29 March 2022). Argo Contemporary Art Museum & Cultural Centre / Ahmadreza Schricker Architecture North - ASA North
- ↑ (4 March 2022). Tehran's Argo Factory complex reinvents brewery architecture for the arts
- ↑ ARGO FACTORY: Tehran's First Contemporary Art Museum Since the Revolution
- ↑ www.archdaily.com/979255/argo-contemporary-art-m
- ↑ www.architecturalrecord.com/articles/15406-argo-
- ↑ www.archdaily.com/979255/argo-contemporary-art-m
- ↑ www.archdaily.com/979255/argo-contemporary-art-m
- ↑ Pejman Foundation – The Room Becomes A Street · Independent Collectors
- ↑ Argo Factory: Contemporary Art Museum & Cultural Centre by Ahmadreza Schricker Architecture - North | 2021-11-22 | Architectural Record
- ↑ Canvas - Factory Rules, Hannah Jacobi - Press - Green . Art . Gallery
- ↑ Aga Khan Award for Architecture announces 2022 shortlist | Aga Khan Development Network
- ↑ Argo Contemporary Art Museum & Cultural Centre | Aga Khan Development Network
- ↑ Argo Contemporary Art Museum & Cultural Centre · Winners · Dezeen Awards 2022. Dezeen
- ↑ Erdbrink, Thomas. (2017-10-20). Selling the Porsche to Promote Iranian Art. The New York Times
- ↑ (2021-11-26). Preview of a first-of-its-kind exhibition on Mohsen Vaziri Moghaddam at the Italian Embassy in Tehran. IRNA English
- ↑ Il fiore delle mille e una notte. ইণ্টাৰনেট মুভি ডাটাবেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্গো ফেক্টৰী” প্ৰবন্ধৰ সংশোধন ৬০৬৮৬১ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।