অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইৰানৰ পৰ্যটন

ইৰাণৰ পৰ্যটন দেশখনৰ অৰ্থনীতিৰ এটা প্ৰধান খণ্ড, ই ২০২৩ চনত ৰাষ্ট্ৰীয় জিডিপিৰ প্ৰায় ৩% অৰিহণা যোগাইছিল। ২০২৪ চনত ৭০ লাখতকৈ অধিক পৰ্যটকে দেশখন ভ্ৰমণ কৰিছিল।

হালনাগাদ: ৯ জুন ২০২৬ ৬৫৫ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ইৰাণৰ পৰ্যটন দেশখনৰ অৰ্থনীতিৰ এটা প্ৰধান খণ্ড, ই ২০২৩ চনত ৰাষ্ট্ৰীয় জিডিপিৰ প্ৰায় ৩% অৰিহণা যোগাইছিল। ২০২৪ চনত ৭০ লাখতকৈ অধিক পৰ্যটকে দেশখন ভ্ৰমণ কৰিছিল।১২৩৪ পৰ্যটকৰ বাবে প্ৰধান গন্তব্যস্থানসমূহ হ'ল আলবৰ্জ আৰু জাগ্ৰ'ছ পৰ্বতমালা, যিয়ে অসংখ্য হাইকিং আৰু স্কিইঙৰ সুযোগ প্ৰদান কৰে আৰু পাৰ্চী উপসাগৰ আৰু কাস্পিয়ান সাগৰৰ বিলসমূহ পৰ্যটকৰ আকৰ্ষণৰ স্থলী। এই পৰ্যটকসকলৰ এটা বৃহৎ অংশ চীন, ৰাছিয়া, আফগানিস্তান, পাকিস্তান আৰু ইৰাকৰপৰা আহে। আন্তঃৰাষ্ট্ৰীয় পৰ্যটন খণ্ড ৰাজনৈতিক অস্থিৰতাৰ প্ৰতি সংবেদনশীল আৰু প্ৰতি বছৰে ইয়াৰ ব্যাপক উঠা-নমা হয়। আন সমস্যাসমূহৰ ভিতৰত আন্তঃগাঁথনিৰ অভাৱ (ৰাস্তা, শৌচাগাৰ আৰু হোটেল), ইছলামিক আইন বলবৎ কৰা,বিশেষকৈ মহিলাৰ বাবে সাজ-পোছাকৰ ক্ষেতত, মুদ্ৰা বিনিময়ত অসুবিধা, ইণ্টাৰনেটৰ অভাৱ, আৰু নিৰাপত্তাৰ চিন্তা।

প্ৰথম শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ দিনত ইৰাণে এটা ডাঙৰ পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ তীব্ৰ অৱনতি ঘটিছিল আৰু তাৰ পিছৰ দশকবোৰত ই ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২৩ চনৰ পিছত ইৰাণত বিদেশী নাগৰিকক আটক কৰাকে ধৰি নিৰাপত্তাজনিত চিন্তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন পুনৰ যথেষ্ট হ্ৰাস পায় (পণবন্দী কূটনীতি)।

মুক্তিপণৰ বাবে ইৰাণ চৰকাৰে স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ বাবেই আমেৰিকাৰ বিদেশ মন্ত্ৰ্যালয়ে পশ্চিমীয়া লোকসকলক ইৰাণলৈ নাযাবলৈ পৰামৰ্শ দিছে। ৫

বিদেশী পৰ্যটক

কীছ দ্বীপ
কীছ দ্বীপছবি: mohamad hosein tabatabaeian · CC BY-SA 4.0
date=4 September 2019 }}</ref>
date=4 September 2019 }}</ref>ছবি: PersianDutchNetwork · CC BY-SA 3.0

]]

ইৰানত বিদেশী পযটকৰ সংখ্যা
ইৰানত বিদেশী পযটকৰ সংখ্যাছবি: Max Roser · CC BY 4.0

১৯৯৯ চনত ইৰাণত প্ৰৱেশ কৰা লোকসকলৰ প্ৰায় তিনি চতুৰ্থাংশই ইউৰোপৰপৰা আহিছিল। নিউয়ৰ্ক টাইমছৰ মতে, বিপ্লৱৰ পিছত বেছিভাগ আমেৰিকান লোকে ইৰাণ ভ্ৰমণ বন্ধ কৰি দিয়াৰ বিপৰীতে বিপ্লৱৰ পিছতো ইউৰোপীয় পৰ্যটকে মোটামুটি একেসংখ্যকে দেশখন ভ্ৰমণ কৰি থাকিল। ইয়াৰ মূল কাৰণ আছিল যে বিপ্লৱটো ইমান ইউৰোপীয় বিৰোধী নাছিল, ই আমেৰিকা যুক্তৰাষ্ট্ৰ বিৰোধী আছিল।৬

চৰকাৰী পৰিসংখ্যা অনুসৰি ২০০৪ চনত অনুমাণিক ১,৬৫৯,০০০ বিদেশী পৰ্যটকে ইৰান ভ্ৰমণ কৰিছিল। যদিও চৰকাৰী পৰিসংখ্যাত পৰ্যটক, ব্যাৱসায়িক আৰু ধৰ্মীয় তীৰ্থযাত্ৰীৰ মাজত পাৰ্থক্য নাই। এই দৰ্শনাৰ্থীসকলৰ অধিকাংশই মধ্য এছিয়াৰ গণৰাজ্যকে ধৰি এছিয়াৰ দেশসমূহৰপৰা আহিছিল, আনহাতে ইয়াৰ আটাইতকৈ কম অংশ (প্ৰায় ১০%) উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানী,ইটালী, বুলগেৰিয়া, ফ্ৰান্স আৰু বেলজিয়ামকে ধৰি ইউৰোপীয় সংঘৰপৰা আহিছিল। আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলসমূহ আছিল মাজান্দৰান প্ৰদেশ, ইয়াজদ, ইছফাহান,৭ মাছহাদ, গিলান প্ৰদেশ আৰু ফাৰ্চ প্ৰদেশ। ইৰানে যিবোৰ অমুছলমান দেশৰ সৈতে বাণিজ্যিক আৰু ৰাজনৈতিক সম্পৰ্ক গঢ়ি তুলিছে সেই দেশবিলাকৰপৰাও যেনে চীন আৰু ভাৰতৰপৰাও পৰ্যটক আহে।

২০০৪ চনৰপৰা ২০০৮ চনৰ মাজভাগলৈকে দেশখনত বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা ১০০ শতাংশ বৃদ্ধি পাইছিল আৰু বিদেশী পৰ্যটকৰ সংখ্যা ২৫ লাখলৈ বৃদ্ধি পাইছিল। বিশেষকৈ ইৰাণলৈ যোৱা জাৰ্মান পৰ্যটকৰ সংখ্যা বিপুলভাৱে বৃদ্ধি পালে।৮

বিশ্ব ভ্ৰমণ আৰু পৰ্যটন পৰিষদে দাবী কৰিছে যে ২০০৭ চনত বাস্তৱিকভাৱে ব্যাৱসায়িক আৰু ব্যক্তিগত পৰ্যটন ক্ৰমে ১১.৩% আৰু ৪.৬% বৃদ্ধি পাইছে। অৱশ্যে ব্যক্তিগত পৰ্যটনৰ বৃদ্ধি পূৰ্বৰ বছৰৰ তুলনাত সামান্য কম।

২০১১ চনত ইৰাণলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ অধিকাংশই বিনোদনৰ উদ্দেশ্যে আহিছিল। এই বিদেশী পৰ্যটকসকল বেছিভাগেই ইৰাণী নাগৰিকৰ আত্মীয়, বা বিদেশত বাস কৰা প্ৰবাসী ইৰাণী নাগৰিক আছিল। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ আন এটা উল্লেখযোগ্য অংশ হ’ল দেশৰ পৱিত্ৰ স্থানসমূহ ভ্ৰমণ কৰা তীৰ্থযাত্ৰীসকল।৯ ইৰাণৰ প্ৰদেশসমূহৰ ভিতৰত পৰ্যটনস্থলীৰ মুখ্য আকৰ্ষণ আছিল মাজান্দৰান। ২০২৩ চনত বছৰৰ প্ৰথম ৯ মাহত ১০ কোটিতকৈ অধিক লোকে এই প্ৰদেশ ভ্ৰমণ কৰিছিল।১০

ভীছাৰ প্ৰয়োজনীয়তা

ইৰাণে নিজৰ জটিল আৰু সময়সাপেক্ষ ভিছা আবেদন প্ৰক্ৰিয়া উন্নত কৰাৰ চেষ্টা কৰিছে আৰু ৬৮খন দেশৰ নাগৰিকৰ বাবে বিমানবন্দৰত এসপ্তাহৰ ভিছা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।১১

ইৰাণৰ স্থল সীমাই চুবুৰীয়া দেশ ইৰাক, তুৰস্ক, আফগানিস্তান, পাকিস্তান, তুৰ্কমেনিস্তান, আৰ্মেনিয়া, আৰু আজেৰবাইজানৰ সৈতে সংযোগ কৰে। তুৰস্ক আৰু তুৰ্কমেনিস্তানৰপৰা ৰেলপথ ব্যৱহাৰ কৰি ইৰাণত প্ৰৱেশ কৰিব পাৰি। ২০০২ চনত প্ৰায় ৭০% পৰ্যটক স্থলপথেৰে, প্ৰায় ২৯% বিমানযোগে আৰু ১%তকৈও কম সাগৰীয় পথেৰে আহিছিল। ২০০৫ চনৰ এপ্ৰিল মাহত ইমাম খোমেইনী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চাৰিটা স্থানীয় বিমান সংস্থাই সেৱা আগবঢ়াই।

বুনিয়াদী সুবিধা আৰু অৰ্থনীতি

শীতকালত ডামাভাণ্ড পৰ্বত
শীতকালত ডামাভাণ্ড পৰ্বতছবি: Hamed Khorramyar · Public domain

২০০০ চনৰ আৰম্ভণিতে উদ্যোগটোৱে আন্তঃগাঁথনি, যোগাযোগ, নিয়ন্ত্ৰণমূলক নীতি আৰু কৰ্মী প্ৰশিক্ষণৰ ক্ষেত্ৰত গুৰুতৰ সীমাবদ্ধতাৰ সন্মুখীন হৈছিল।১২ ২০০৩ চনৰ শেষৰফালে ইৰাণত প্ৰায় ৬৪০খন হোটেল আৰু প্ৰায় ৬৩,০০০ বিছনা আছিল। শেহতীয়া বছৰবোৰত সমগ্ৰ দেশতে ২৩৫খন হোটেল, হোটেল এপাৰ্টমেণ্ট, মোটেল, অতিথিশালা আদি কাৰ্যক্ষম হৈ পৰিছে। ২০১০ চনলৈকে সমগ্ৰ দেশতে ৪০০খন হোটেল আৰু ২০০খন হোটেল এপাৰ্টমেণ্ট নিৰ্মাণৰ কাম চলি আছে। এই প্ৰকল্পসমূহৰ প্ৰায় ৬৬ শতাংশ তেহৰাণ, গিলান, মাজাণ্ডাৰান, ৰাজাভি খোৰাছান আৰু ইছফাহান প্ৰদেশত উন্নয়ন চলি আছে।১৩

অধিক পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2024-04-29). Revival rhythm: Iran’s tourism blooms by 21%. Tehran Times
  2. ↑ rezayi, zahra. (2025-11-15). Iran Sees Tourism Rebound Just Two Months After the War. WANA
  3. ↑ TOURISM WATCH: Quarterly Report: Q1 2024. World Bank Group
  4. ↑ (25 October 2023). Tourist arrivals in Iran estimated to hit six million by yearend
  5. ↑ Norman-Diamond, Greg. (2026-01-13). 'Leave Iran now': US Embassy posts warning to Americans still in the country. Fox News
  6. ↑ Glusac, Elaine. (2016-02-08). Sanctions Lifted, American Tourists Head to Iran. The New York Times
  7. ↑ (26 September 2019). Traveling to Iran with Jacki & Kach (Episode 2: Isfahan)
  8. ↑ (2008-11-15). Herald Globe. Story.heraldglobe.com
  9. ↑ Ayse, Valentine; Nash, Jason John; Leland, Rice. (January 2013). The Business Year 2013: Iran. The Business Year. পৃ. 166. ISBN 978-1-908180-11-7
  10. ↑ 90m people visit Mazandaran in nine months
  11. ↑ Iran-daily
  12. ↑ COUNTRY PROFILE: IRAN Retrieved 12 February 2008
  13. ↑ (2010-11-02). No. 3816 | Front page | Page 1. Irandaily

সম্পৰ্কিত শ্ৰেণী

ইৰানপৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰানৰ পৰ্যটন” প্ৰবন্ধৰ সংশোধন ৬১১৫৭৪ (৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।