এলনাজ নৌৰুজি ( Elnaaz Norouzi); জন্ম: ৯ জুলাই ১৯৯২)১২৩ এগৰাকী ইৰানীমূলীয় জাৰ্মান অভিনেত্ৰী।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
এলনাজ নৌৰুজীৰ জন্ম হৈছিল ইৰানৰ তেহৰাণত।৪ জন্মৰ কিছুসময়ৰ পাছতে তেওঁৰ পৰিয়ালটো জাৰ্মানীৰ হানোভাৰলৈ গুচি যায়। নোৰুজীয়ে জাৰ্মান নাগৰিকত্ব লাভ কৰিছে।৫ চৈধ্য বছৰ বয়সৰপৰাই অভিনেত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। স্কুলত পঢ়াৰ সময়ত ছুটিৰ দিনত ফটোশ্বুট কৰাটো দৈনন্দিন কাম হৈ পৰিছিল। ১৯ বছৰ বয়সলৈকে তাই সমগ্ৰ এছিয়া আৰু ইউৰোপ ভ্ৰমণ কৰিছিল। হেনোভাৰৰ গ’থেছচুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তাই ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লয়। ৬
কৰ্মজীৱন
১৪ বছৰ বয়সত জাৰ্মানীত মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৭ ২০১৭ চনত তেওঁ পাকিস্তানী ছবি মান জাও নাত এগৰাকী কণমানি ছোৱালী ৰানিয়াৰ চৰিত্ৰত অভিনয় কৰে। ৮ নেটফ্লিক্স বলীউডৰ ৱেব ধাৰাবাহিক ছেক্ৰেড গেমছত জোয়াৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।৯ পিছলৈ নোৰুজীয়ে হেলো চাৰ্লি, চুট্জপাহ, তেহৰাণ, অভয়, খিডো খুণ্ডি আৰু মেড ইন হেভেন আদি বহুতো চিনেমা আৰু ধাৰাবাহিকত কাম কৰে।১০১১
কৰণ জোহৰৰদ্বাৰা প্ৰযোজিত ৰাষ্ট্ৰ কাৱচ ওম আৰু জগ জগ জীয়ো ছবিত তেওঁ নৃত্যৰ সংখ্যা পৰিৱেশন কৰিছিল।১২ ২০২২ চনৰ জুলাই মাহত তেওঁ "লা লা লাভ" গীতটোৰ জৰিয়তে গীতৰ অভিষেক ঘটায়।১৩ ২০২২ চনৰ মিলিন্দ কাভাডেৰ পৰিচালনাত নিৰ্মিত টাকাটক ২ ছবিৰ আইটেম নম্বৰ মাৰাঠী গীত "হৃদয়ী বসন্ত ফুলতানা"ত তেওঁ বিশেষভাৱে অংশগ্ৰহণ কৰে।১৪
২০২৫ চনৰ জুন মাহত প্ৰাইম ভিডিঅ' শ্ব' "দ্য ট্ৰেইটাৰ্ছ"ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে; ৭ম দিনত বাহিৰ হৈ ১১ নম্বৰ স্থান লাভ কৰে। ১৫
ব্যক্তিগত জীৱন
এলনাজ নৰুজীৰ জন্ম হৈছিল ইৰানত।১৬ তেওঁৰ পৰিয়াল জাৰ্মানীলৈ স্থানান্তৰিত হয়, য'ত তেওঁ ডাঙৰ হয় আৰু কিশোৰ বয়স তাতেই কটায়। ১৭ ২০১৫ চনত ভাৰতত নতুন ঘৰ বিচাৰি পায়।১৮ নৌৰুজীয়ে ইংৰাজী ভাষা, জাৰ্মান, ফৰাচী ভাষা, পাৰ্চী, হিন্দী ভাষা, পঞ্জাবী ভাষা আৰু উৰ্দু ভাষা ভাষা ক'ব পাৰে, যাৰ ফলত তেওঁ বিভিন্ন চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাত সহায় কৰিছে।১৯
২০১৮ চনত তেওঁ পৰিচালক বিপুল শ্বাহৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।২০২১
২০২২ চনত মাহছা আমিনিৰ প্ৰতিবাদৰ সময়ত নোৰুজীয়ে বলপূৰ্বক মূৰ ঢাকি ৰখাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সমৰ্থন জনাইছিল।২২ ২০২৬ চনৰ জানুৱাৰী মাহত তেওঁ ২০২৫–২০২৬ চনৰ ইৰাণৰ প্ৰতিবাদ আৰু ৰেজা পাহলৱীৰ সমৰ্থনত তেওঁৰ গীত "জাভিদ শ্বাহ" ২৩ মুকলি কৰে।
ফিল্মগ্ৰাফী
| + | বছৰ | শীৰ্ষক | ভূমিকা | ভাষা |
| 2018 | মান জাও না | ৰাণিয়া | ঊৰ্দূ | |
| খিদো খুন্দি | নাজ গ্ৰেৱাল | পাঞ্জাৱী ভাষা | ||
| ২০২১ | হেল্ল চাৰ্লি | মনা মালহোত্ৰা | হিন্দী ভাষা | |
| ২০২২ | জুগজুগ জীয়ো | ৰাছিয়ান পাৰ্টি গাৰ্ল | ||
| ৰাষ্ট্ৰ কৱচ ওম | নৰ্তকী | |||
| তাকাটাক ২ | "হৃদয়ী বসন্ত ফুলতানা" গীতটিত অতিথি হিচাপে উপস্থিতি। " | মাৰাঠী | ||
| ২০২৩ | কান্দাহাৰ(২০২৩ ফিল্ম) | শিনা আছাদি | ইংৰাজী | |
| ডেভিল: ব্ৰিটিছ ছিক্ৰেট এজেণ্ট | ৰজি | তেলেগু | ||
| ২০২৫ | তেহৰাণ (২০২৫ চনৰ ছবি) | লায়লা | হিন্দী | |
| মস্তি ৪ | বিন্দিয়া সক্সেনা | |||
| TBA | হোটেল তেহৰাণ | জাৰা | ইংৰাজী |
দূৰদৰ্শন
| + | বছৰ | শীৰ্ষক | ভূমিকা | ভাষা | টোকা |
| ২০১৮-২০১৯ | চেক্ৰেড গেমছ | জোয়া মিৰ্জা | হিন্দী | ||
| ২০১৯ | অভয় (টিভি ধাৰাবাহিক) | নাটাছা | |||
| ২০২১ | চুট্জপাহ (ৱেব ছিৰিজ) | ছাৰা খান | |||
| ২০২২ | তেহৰাণ (টিভি ধাৰাবাহিক) | ইয়াছামান হাদ্দাদি | পাৰ্চী | ||
| ২০২৩ | মেড ইন হেভেন (টিভি ধাৰাবাহিক) | লেইলা শ্বিৰাজী | হিন্দী | ||
| ২০২৪ | ৰান্নীতি: বালাকোট এণ্ড বিয়ণ্ড | ফাহিমা নাকভি | |||
| ২০২৫ | হাই জুনুন! | গোল্ডি | |||
| ট্ৰেইটাৰ্ছ ইণ্ডিয়া ছিজন ১ | প্ৰতিযোগী | একাদশ স্থান | |||
| ২০২৬ | হুইল অৱ ফৰচুন ইণ্ডিয়া | সহ-আয়োজক | হিন্দী |
মিউজিক ভিডিঅ'
তথ্যসূত্ৰ
- ↑ Elnaaz Norouzi Biography. Bio Talkies
- ↑ Elnaaz Norouzi Durex 2011 advertisement (video). YouTube
- ↑ Instagram post. Instagram.com
- ↑ আৰ্কাইভ কপি. niksho.com
- ↑ (27 July 2019). Elnaaz Norouzi reveals her first job, first crush, first movie - Sacred Games 2. Youtube
- ↑ Perrevoort, Cori. (2019-01-21). (Vom Flüchtlings-Mädchen zum Bollywood-Star - Elnaaz (26) kam als Kind aus dem Iran nach Hannover (From refugee girl to Bollywood star - Elnaaz (age 26) came to Hanover from Iran as a child). www.bild.de
- ↑ (6 October 2021). Elnaaz Norouzi bags a role in Apple TV series Tehran, to star alongside Glenn Close. India Today
- ↑ (2017-03-01). This Iranian actress is set to make her Pakistani film debut. The Express Tribune
- ↑ Mahamood, Neha. Sacred Games' Elnaaz Norouzi opens up on her Bollywood journey. Khaleej Times
- ↑ (2023-04-06). Elnaaz Norouzi shares how it was to work with Gerard Butler in 'Kandahar'. The Times of India
- ↑ (2022-05-25). Elnaaz Norouzi to perform dance number in 'JugJugg Jeeyo'. The Times of India
- ↑ (2022-05-25). Elnaaz Norouzi to perform dance number in 'JugJugg Jeeyo'. The Times of India
- ↑ Elnaaz Norouzi announces new single 'La La Love'; to release on July 27. Free Press Journal
- ↑ (2022-08-16). 'Takatak 2' new song: Elnaaz channels her inner 'Marathi mulgi' in the evergreen chartbuster 'Hridayi Vasant Phultana'- Watch. The Times of India
- ↑ Cyril, Grace. (1 July 2025). The Traitors' Elnaaz Norouzi Says She Was 'Under Pressure' On The Show: 'I Enjoyed But…'. News18
- ↑ (2020-10-26). Nawazuddin Siddiqui to star opposite 'Maan Jao Naa' actor Elnaaz Norouzi. The Express Tribune
- ↑ Sarym, Ahmed. (2018-04-09). Maan Jao Na's Elnaaz Norouzi opens up about Bollywood breakthrough. Images
- ↑ (2023-08-15). Independence Day special · Elnaaz Norouzi: I am from Iran phir bhi dil hai Hindustani. Hindustan Times
- ↑ Randall, Melissa. Elnaaz Norouzi. NYFA
- ↑ (19 October 2018). 'Vipul Shah tried to kiss me, he touched my butt'. Mid-day
- ↑ MeToo Movement: Celebs Accused of Sexual Harassment. News18
- ↑ Elnaaz Norouzi: What happened to Mahsa Amini in Iran could’ve happened to me
- ↑ Elnaz Norouzi - Javid Shah
- ↑ Team, DNA Web. Watch: Guru Randhawa's new single 'Made In India' has him trying everything to woo his lady-love. DNA India
- ↑ Elnaz Norouzi - Javid Shah
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলনাজ নৌৰুজি” প্ৰবন্ধৰ সংশোধন ৬১০৯২৫ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।