অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ইৰানৰ তৈল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ

ইৰাণৰ তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ (nationalization of the Iranian oil industry) ইৰানৰ সংসদ (মজলিছ)ৰ আন্দোলনৰ ফল আছিল। এই আন্দোলনৰ লক্ষ্য আছিল ইৰাণৰ তেল উদ্যোগৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰা, যিটো উদ্যোগ পূৰ্বে ব্যক্তিগত কোম্পানীয়ে পৰিচালনা কৰিছিল আৰু বহুলাংশে বিদেশী শক্তিৰ নিয়ন্ত্ৰণত আছিল।

হালনাগাদ: ২৯ মে’ ২০২৬ ৫০৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ইৰাণৰ তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ (nationalization of the Iranian oil industry) ইৰানৰ সংসদ (মজলিছ)ৰ আন্দোলনৰ ফল আছিল। এই আন্দোলনৰ লক্ষ্য আছিল ইৰানৰ তেল উদ্যোগৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰা, যিটো উদ্যোগ পূৰ্বে ব্যক্তিগত কোম্পানীয়ে পৰিচালনা কৰিছিল আৰু বহুলাংশে বিদেশী শক্তিৰ নিয়ন্ত্ৰণত আছিল। ১৯৫১ চনৰ ১৫ মাৰ্চত এই আইনখন গৃহীত হয় আৰু ১৯৫১ চনৰ ১৭ মাৰ্চত মজলিছে অনুমোদন জনায়। এই আইনখনে এংলো-ইৰাণিয়ান অইল কোম্পানী (AIOC)ক ৰাষ্ট্ৰীয়কৰণ কৰি নেচনেল ইৰানিয়ান অইল কোম্পানী (NIOC) গঠন কৰে। এই আন্দোলনৰ নেতৃত্বত আছিল নেশ্যনেল ফ্ৰণ্টৰ মাজলিছৰ সদস্য মহম্মদ মোছাদ্দেগ আৰু পিছলৈ ইৰাণৰ প্ৰধানমন্ত্ৰী হৈছিল। তেল উদ্যোগক ৰাষ্ট্ৰীয়কৰণৰ আন্দোলনটো ইৰাণে বিদেশী শক্তিসমূহক প্ৰদান কৰা কিছুমান ৰেহাইৰ প্ৰতিক্ৰিয়া আছিল। সেইবিলাক আছিল একাদিক্ৰমে ১৮৭২ চনৰ ৰয়টাৰ ৰেহাই, ১৯০১ চনৰ ডি আৰ্চি ৰেহাই, ইৰাণ চৰকাৰ আৰু এআইঅ’চিৰ মাজত ১৯৩৩ চনত হোৱা চুক্তি আৰু ১৯৪৯ চনৰ গেছ-গুলছিয়ান পৰিপূৰক তেল চুক্তি। ৰাজনৈতিক বিজ্ঞানী মাৰ্ক জে গাচিঅ’ৰ’ভস্কিৰ মতে, এই... তেল ৰাষ্ট্ৰীয়কৰণ আন্দোলনৰ দুটা ডাঙৰ পৰিণতি আছিল: গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা আৰু ইৰাণৰ জাতীয় সাৰ্বভৌমত্ব লাভ।১

পটভূমি

ইৰাণত তেল আৱিষ্কাৰৰ সময়ৰপৰাই বিদেশী শক্তিসমূহে বল প্ৰয়োগ কৰি ইৰাণৰ দুৰ্বলতাৰ শোষণ কৰি ইৰাণ ৰাষ্ট্ৰক জোৰকৈ ৰেহাই দিবলৈ বাধ্য কৰাইছিল যাৰ ফলত বিদেশী কোম্পানীসমূহে তেল নিষ্কাশন নিয়ন্ত্ৰণ কৰিব পাৰিছিল। এই বিদেশী হস্তক্ষেপৰ সঁহাৰি আছিল তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ। বিশেষকৈ তলত দিয়া ৰেহাইসমূহ:

  1. ১৮৭২ চনত ৰয়টাৰৰ ৰেহাই
  2. ১৯০১ ডি আৰ্চি ৰেহাই
  3. ১৯৩৩ চনত ইৰাণ আৰু এআইঅ'চিৰ মাজত চুক্তি ২৩

আন্দোলন

ৰাষ্ট্ৰীয়কৰণৰ পিছত ৰেলী
ৰাষ্ট্ৰীয়কৰণৰ পিছত ৰেলীছবি: Unknown author · Public domain

মহম্মদ মোছাদেগ (১৮৮২–১৯৬৭) ইৰাণৰ এজন ৰাজনীতিবিদ আৰু ইৰাণৰ তেল উদ্যোগক ৰাষ্ট্ৰীয়কৰণৰ আন্দোলনৰ নেতা আছিল।৪ইউৰোপত শিক্ষা গ্ৰহণ কৰি ১৯০৫–১৯০৭ চনৰ ইৰাণৰ সাংবিধানিক বিপ্লৱৰ পিছত ৰাজনীতিৰ লগত জড়িত হৈ পৰে। তেওঁ সংসদৰ সদস্য, ফাৰ্চ প্ৰদেশৰ গৱৰ্ণৰ, বিত্তমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আদি বিভিন্ন পদত অধিষ্ঠিত আছিল।৫ ১৯৪৩ চনত চতুৰ্দশ মাজলিছ নিৰ্বাচনত তেহৰাণৰপৰা নিৰ্বাচিত হোৱা তেখেতে ৰাষ্ট্ৰীয় তেল আন্দোলনৰ নেতা হিচাপে স্বীকৃতি পোৱাৰ পূৰ্বে ট্ৰেন্স ইৰাণ ৰেলৱে প্ৰকল্প আৰু আদালত আৰু ন্যায়পালিকাৰ পুনৰ্গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১

ৰাষ্ট্ৰীয়কৰণ

১৬ নং মজলিছত নেশ্যনেল ফ্ৰণ্টৰ একাংশ সদস্য, যেনে মোছাদেগৰ সদস্যও আছিল। চুক্তিৰ চৰ্ত অনুসৰি এআইঅ’চিয়ে ইৰাণক ৰয়েল্টি দিছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ আৰু ইৰাণৰ তেল মজুতৰ ওপৰত কোম্পানীটোৰ নিয়ন্ত্ৰণ সীমিত কৰিবলৈ এআইঅ’চিৰ ৰেকৰ্ডৰ অডিটৰ দাবী মোছাদেগে। এআইঅ’চিয়ে ইৰাণ চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰে।৩ ১৯৫০ চনৰ নৱেম্বৰ মাহত মোছাদেগৰ অধ্যক্ষতাত মজলিছৰ তেল সমিতিয়ে তেল পৰিপূৰক চুক্তি নাকচ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। এই পদক্ষেপৰ বিৰোধিতা কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী হাজী আলী ৰাজমৰাই। ১৯৫১ চনৰ ৭ মাৰ্চত ফেদায়িন-ই ইছলামৰ সদস্য খলিল তাহমাছাবীয়ে ৰাজমৰাক হত্যা কৰে। ৬ ৰাজমাৰাৰ মৃত্যুৰ পাছত মাজলিছে ইৰাণৰ তেল উদ্যোগক ৰাষ্ট্ৰীয়কৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।১৭

১৯৫১ চনৰ ১৫ মাৰ্চত মজলিছে সংখ্যাগৰিষ্ঠ ভোটত তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণৰ আইন প্ৰণয়ন কৰে। ১৭ মাৰ্চত মাজলিছে ইৰাণৰ তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ নিশ্চিত কৰে আৰু এআইঅ’চি ৰাষ্ট্ৰীয়কৰণ হয়। ১

ইয়াৰ পাছৰ পৰিণতি

এপ্ৰিল মাহত মজলিছৰ প্ৰচণ্ড হেঁচাত শ্বাহ মহম্মদ ৰেজা পাহলৱীয়ে মোছাদেগক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।৬

১৯৫১ চনৰ মাৰ্চ মাহৰ পিছত অৰ্থনৈতিক সংকট গভীৰ হৈ পৰে আৰু আন দেশসমূহে ইৰাণৰ তেল ক্ৰয় কৰা বন্ধ কৰি দিয়ে। তেতিয়া বিশ্বৰ অন্যতম বৃহৎ শোধনাগাৰ বন্ধ কৰি দিয়া হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাজ্যৰ তীব্ৰ বিৰোধিতা সত্ত্বেও ইৰাণৰ তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ অব্যাহত আছিল।

ৰাষ্ট্ৰীয়কৰণৰ প্ৰথম বছৰত ইৰানৰ তেলৰ একমাত্ৰ বিদেশী বিক্ৰী আছিল ইটালীৰ এখন বণিক জাহাজক ৩০০ বেৰেল। গ্ৰাহক দেশসমূহৰ ওপৰত ইৰাণৰ তেলৰ নাটনিৰ প্ৰভাৱ কম কৰিবলৈ বিদেশী তেল কোম্পানীসমূহে অন্য ঠাইত উৎপাদন বৃদ্ধি কৰিছিল। বি পি আৰু আৰামকোৱে চৌদি আৰব, কুৱেইট, ইৰাকত তেল উৎপাদন বৃদ্ধি কৰে। ১৯৫১, ১৯৫২ আৰু ১৯৫৩ চনত মধ্যপ্ৰাচ্যত প্ৰতি বছৰে প্ৰায় ১০% তেল উৎপাদন বৃদ্ধি পায়। তেলৰ ৰপ্তানিৰ ক্ষতিৰ ফলত অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পৰে, ১৯৫০ চনত ইৰাণৰ তেল উৎপাদন ২৪২ মিলিয়ন বেৰেলৰপৰা ১৯৫২ চনত ১০.৬ মিলিয়ন বেৰেললৈ হ্ৰাস পায়। ৮

১৯৫১ চনৰ ২৬ মে’ত যুক্তৰাজ্যই ১৯৩৩ চনৰ সন্ধি ৰক্ষা কৰি যুক্তৰাজ্যত পঞ্জীয়নভুক্ত কোম্পানী এটাৰ লাভত বাধা দিয়াৰ বাবে ইৰাণৰপৰা ক্ষতিপূৰণ বিচাৰি আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সন্মুখত গোচৰ তৰে। ১৯৫২ চনৰ ২২ জুলাইত আই চি জেই ৰায় দিয়ে যে এই গোচৰত তেওঁলোকৰ কোনো অধিকাৰ নাই।

১৯৫৩ চনৰ আগষ্ট মাহত চিআইএ অৰ্থাৎ চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেঞ্চি আৰু এমআই৬ৰ (MI6) নেতৃত্বত সামৰিক অভ্যুত্থানত মোছাদেগৰ চৰকাৰখন ওফৰাই দিয়া হয়। মোছাদেগক তিনি বছৰৰ কাৰাদণ্ড বিহা হয় আৰু তাৰ পিছত ১৯৬৭ চনত মৃত্যুৰ আগলৈকে গৃহবন্দী কৰি ৰখা হয়। ৯১০

অভ্যুত্থানৰ পিছত ইৰাণৰ তেল সংকটৰ অন্ত পৰে আৰু এআইঅ’চিয়ে তেল উৎপাদন বন্ধ কৰাত ব্যৰ্থ হয়। নেচনেল ইৰাণী অইল কোম্পানী নামৰ এটা আন্তঃৰাষ্ট্ৰীয় কনচৰ্টিয়াম স্থাপন কৰা হয় আৰু এআইঅ’চি সদস্য হৈ পৰে। তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ হোৱাৰ পিছতো অভ্যুত্থানৰ পিছতো কেইবাবছৰ ধৰি ব্ৰিটিছ আৰু আমেৰিকাৰ ৰাজনৈতিক প্ৰভাৱ অব্যাহত আছিল। ১

তথ্যৰ উৎস

অধিক পঢ়ক

  • Biglari, Mattin. (2023). Iran and Global Decolonisation: Politics and Resistance After Empire. Gingko. পৃ. 101–133. ISBN 9781914983085
  • Biglari, Mattin. (2025). Nationalising Oil and Knowledge in Iran: Labour, Decolonisation and Colonial Modernity, 1933–51. Edinburgh Historical Studies of Iran and the Persian World. Edinburgh University Press

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Fadaee, Simin. (2012). Social Movements in Iran: Environmentalism and Civil Society. Routledge. ISBN 978-0415693578
  2. ↑ Oil Agreements in Iran. Encyclopaedia Iranica. EI Foundation
  3. ↑ Kressin, Wolfgang K. (May 1991). Prime Minister Mossaddegh and Ayatullah Kashani From Unity to Enmity: As Viewed from the American Embassy in Tehran, June 1950 – August 1953. University of Texas at Austin
  4. ↑ Hilsum, Lindsey. (February 5, 2012). Patriot of Persia: Muhammad Mossadegh and a Very British Coup by Christopher de Bellaigue – review. The Guardian
  5. ↑ ADST. (August 18, 2015). The CIA's Coup Against Iran's Mohammad Mossadegh. huffingtonpost
  6. ↑ (2015). Iran Country Study Guide. International Business Publications. ISBN 978-1514513675
  7. ↑ Vassiliou, M. S. (2009). Historical Dictionary of the Petroleum Industry. Scarecrow Press. ISBN 978-0810859937
  8. ↑ McKern, Bruce. (1993). Transnational Corporations and the Exploitation of Natural Resources, Volume 10. Routledge; Set Only edition. ISBN 978-0415085434
  9. ↑ The Modern Middle East:A Political History Since the First World War, University of California Press, January 3, 2011, by Mehran Kamrava, page 148
  10. ↑ (March 2024). Mohammad Mosaddeq. Encyclopædia Britannica

সম্পৰ্কিত শ্ৰেণী

উদ্যোগইৰানচৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰানৰ তৈল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ” প্ৰবন্ধৰ সংশোধন ৬০৯৬৯৮ (২৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।