নৌৰুজ (ইৰাণী ফাৰ্চী: نوروز নোৰুজ; আক্ষৰিক অৰ্থত "নতুন দিন") হৈছে ইৰাণী নৱবৰ্ষৰ নাম, যাক পাৰ্চী নৱবৰ্ষ বুলিও কোৱা হয়, যিটো প্ৰধানকৈ বিশ্বজুৰি ইৰাণীসকলে উদযাপন কৰে। ই মূলতঃ প্ৰকৃতিৰ উদযাপন, প্ৰকৃতিৰ উত্থান, ফুল, সতেজতা, সেউজীয়া আৰু উচ্ছলতাৰ এক দৰ্শনীয় দৃশ্য প্ৰদান কৰে। প্ৰাচীন পৰম্পৰা আৰু ৰীতি-নীতিৰে নৌৰুজ কেৱল ইৰানতে নহয়, চুবুৰীয়া কিছুমান দেশতো উদযাপন কৰা হয়। আন কিছুমান নৃতাত্ত্বিক ভাষিক গোট যেনে ভাৰতৰ পাৰ্চী সম্প্ৰদায়েও ইয়াক নতুন বছৰৰ আৰম্ভণি হিচাপে উদযাপন কৰে। পশ্চিম এছিয়া, মধ্য এছিয়া, ককেছাছ, ক’লা সাগৰৰ অৱবাহিকা আৰু বাল্কনত ৩,০০০ বছৰতকৈও অধিক সময় ধৰি ইয়াক উদযাপন কৰা হৈছে। ইয়াৰ উপৰিও ইৰাণী পঞ্জিকাৰ প্ৰথম মাহৰ (ফাৰৱাৰ্ডিন) প্ৰথম দিন।
অধিক পঢ়ক
- Mozaffari, Ali; Akbar, Ali. (20 August 2023). Heritage Diplomacy and Soft Power Competition Between Iran and Turkey: Competing Claims over Rumi and Nowruz. International Journal of Cultural Policy. পৃ. 597–614
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৌৰুজ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩১৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।