আলাদিন টাৱাৰ (Aladdin Tower) , যাক আলাডল টাৱাৰ বুলিও কোৱা হয় আৰু ইয়াক গুণবাদ-ই আলা আল-দিন অৰ্থাৎ আলাদিনৰ গম্বুজ বুলিও কোৱা হয়,১ এয়া আলাদিনৰ সমাধিস্থল। ইৰানৰ তেহৰাণ প্ৰদেশৰ বাৰামিনৰ মাজ-মজিয়াত অৱস্থিত। ১৯৩২ চনত ইলখানিদ যুগত এই টাৱাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।
১৯৩২ চনৰ ৬ জানুৱাৰীত ইৰাণৰ ৰাষ্ট্ৰীয় ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱা এই সমাধিস্থলটো ইৰাণৰ সাংস্কৃতিক ঐতিহ্য, হস্তশিল্প আৰু পৰ্যটন সংস্থাৰদ্বাৰা পৰিচালিত হয়।
ইতিহাস
'আলা আদ-দিন'ৰ সমাধিক্ষেত্ৰ ইলখানিদ যুগত, ১২৮৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। তেহৰাণৰপৰা ৪২ কিলোমিটাৰ (২৬ মাইল) দক্ষিণে অৱস্থিত এখন সৰু চহৰ বাৰামিনৰ উত্তৰত অৱস্থিত। চেলজুক বা চেলুক শৈলীৰ স্থাপত্যই ইৰাণৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থাপত্যৰ এক সুপ্ৰতিষ্ঠিত পৰম্পৰা অব্যাহত ৰাখিছে; এই পৰম্পৰাৰ আদিম উদাহৰণ হৈছে ১০০৬ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হোৱা চেলজুক স্মৃতিসৌধ গুণবাদ-ই কাবুছ। এই বিশেষ ধৰণৰ সমাধিস্থলটো প্ৰথমে এটা উচ্চ গম্বুজ আকৃতিৰ গঠন আছিল যাৰ ওপৰত শংকুৰ দৰে চাল আছিল; ইয়াৰ ওপৰলৈ ঠেক উচ্চতাই স্মৃতিসৌধৰ পৃষ্ঠপোষক (যিজন প্ৰায়ে এজন সৰু বংশৰ শাসক, আমিৰ বা কেপ্তেইন আছিল)ৰ সমাধিস্থল চিহ্নিত কৰিছিল। ইৰাণৰ সমাধি স্থাপত্যৰ আন এটা প্ৰধান ধাৰা হ’ল গম্বুজযুক্ত বৰ্গক্ষেত্ৰৰ সমাধি; ইয়াৰ বিপৰীতে 'সমাধি-স্তম্ভ' বা টাৱাৰ-শৈলীৰ স্থাপত্যই পৱিত্ৰ স্থানৰ ভিতৰৰ অংশতকৈ বাহ্যিক ৰূপত অধিক গুৰুত্ব আৰোপ কৰে।২
স্থাপত্য
সমাধিস্থলৰ ভিতৰত এটা নলাকাৰ ত্ৰিকোণীয় মিনাৰ আৰু বাহিৰত ৩২টা সোঁকোণীয়া ত্ৰিকোণীয় কাষৰ খুঁটা বা স্তম্ভ থাকে। হাজাৰবাফ (সজ্জাগত ইটাৰ কাম, আক্ষৰিক অৰ্থত "হাজাৰ বোৱা") সজ্জাত উচ্চমানৰ জ্বলি যোৱা ইটাৰে নিৰ্মিত এই কাষৰ খুঁটাবোৰে ভিত্তিৰপৰা ওপৰলৈ উঠি এটা কৰ্নিচ লগ পায়, যিয়ে কৰ্বেলযুক্ত গ্ৰ'ইন আৰ্চৰ সৈতে শংকুৰ দৰে চাল এখনক সমৰ্থন কৰে। কাষৰ খুঁটাবোৰৰ ওপৰৰ প্ৰান্ত আৰু ইয়াৰ ওপৰৰ সৰু সৰু গ্ৰ’ইন খিলানবোৰৰ মাজত কাষৰ খুঁটাবোৰৰ জিগজেগ আকৃতিৰ সমান্তৰালভাৱে এটা শাৰী শিলালিপি চলি আছে। কৰ্নিচটো পাতল নীলা অসমান আৰু মসৃণ টেৰাকোটাৰ পৰ্যায়ক্ৰমে মিহি টাইলছেৰে সজাই তোলা হৈছে। বেছিভাগ সমাধি মিনাৰৰ দৰেই আলা আদ-দিনৰ সমাধিস্থলত বৃত্তাকাৰ অভ্যন্তৰীণ ডিজাইনৰ ওপৰত দুটা স্তৰৰ গম্বুজ আছে, বাহিৰৰপৰা শংকুৰ দৰে আৰু ভিতৰৰপৰা ঘূৰণীয়া। ৩
এই টাৱাৰো বাহিৰৰপৰা ২৬.৭১ মিটাৰ (৮৭.৬ ফুট) উচ্চতা আৰু ভিতৰৰপৰা ১৬.১১ মিটাৰ (৫২.৯ ফুট) উচ্চতা। এই গঠনৰ ব্যাস বাহিৰৰফালে ১২.১৪ মিটাৰ (৩৯.৮ ফুট) আৰু ভিতৰৰপৰা ৮ মিটাৰ (২৬ ফুট)।৪
শেহতীয়াকৈ সমাধিস্থলটোৰ সংস্কাৰৰ ফলত ইয়াৰ অভ্যন্তৰীণ ইটো তৈয়াৰী দেৱাল আৰু মজিয়াখন সংৰক্ষিত হৈ আছে; নিম্নবৰ্তী প্ৰান্তভাগ, মূল চাল আৰু উত্তৰ আৰু দক্ষিণ-পশ্চিম প্ৰৱেশদ্বাৰসমূহো পুনৰ নিৰ্মাণ আৰু সংস্কাৰ কৰা হৈছে। উত্তৰ দিশৰ মূল প্ৰৱেশদ্বাৰটো হৈছে এটা জোঙা খোলাযুক্ত নিচৰ ভিতৰত স্থাপন কৰা আছে অৰ্ধবৃত্তাকাৰ খিলানযুক্ত তোৰণ।
অধিক পঢ়ক
- Hillenbrand, Robert. (1999). Islamic Architecture. Edinburgh University Press. পৃ. 280–287
- Michell, George. (1978). Architecture of the Islamic World: Its History and Social Meaning. Thames and Hudson. পৃ. 257
- Wilber, Donald N. (1969). The Architecture of Islamic Iran: The Il-Khanid Period. Greenwood Press. পৃ. 117–118
তথ্যসূত্ৰ
- ↑ (22 June 2017). Gunbad-i 'Ala al-Din. squarekufic.com
- ↑ (n.d.). Gunbad-i 'Ala al-Din. ArchNet.org
- ↑ Blair, Sheila; Bloom, Jonathan. (1994). The Art and Architecture of Islam. Yale University Press. পৃ. 8. ISBN 978-0300064650
- ↑ Gunbad-i Ala al-Din. Iran Archpedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলাদিন টাৱাৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৭৩৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।