আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
৩১৭ প্ৰবন্ধ
-
মাৰিয়ানা ৰাইট ছেপমেন
মাৰিয়ানা ৰাইট ছেপমেন (Mariana Wright Chapman; ১৪ মাৰ্চ, ১৮৪৩ – ৯ নৱেম্বৰ, ১৯০৭) এগৰাকী আমেৰিকান সমাজ সংস্কাৰক আৰু নাৰী অধিকাৰ কৰ্মী আছিল৷ তেওঁৰ আটাইতকৈ সক্ৰিয় কাম আছিল কাৰাগাৰৰ সংস্কাৰ আৰু মহিলাৰ সম অধিকাৰৰ দিশত।
-
মাৰ্গাৰেট থেচাৰ
মাৰ্গাৰেট হিল্ডা থেচাৰ, বেৰনেছ থেচাৰ (জন্ম ৰবাৰ্টছ; ১৩ অক্টোবৰ ১৯২৫ – ৮ এপ্ৰিল ২০১৩), এগৰাকী ব্ৰিটিছ ৰাষ্ট্ৰনেতা যিয়ে ১৯৭৯ চনৰপৰা ১৯৯০ চনলৈকে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী আৰু ১৯৭৫ চনৰপৰা ১৯৯০ চনলৈকে কনজাৰ্ভেটিভ পাৰ্টিৰ নেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু এই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা।
-
মাৰ্থা মে এলিয়ট
মাৰ্থা মে এলিয়ট (Martha May Eliot; জন্ম: ৭ এপ্ৰিল, ১৮৯১ – ১৪ ফেব্ৰুৱাৰী, ১৯৭৮) এগৰাকী আমেৰিকান শিশু ৰোগ বিশেষজ্ঞ আছিল। তেওঁ জনস্বাস্থ্যৰ এগৰাকী বিশেষজ্ঞ, বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী সহকাৰী সঞ্চালক আৰু মাতৃ তথা শিশু স্বাস্থ্যৰ বাবে ‘নিউ ডিল’ আৰু উত্তৰ-যুদ্ধকালীন কাৰ্যসূচীসমূহৰ এগৰাকী স্থপতি আছিল।
-
মিডজ কষ্টাঞ্জা
মাৰ্গাৰেট "মিডজ" কষ্টাঞ্জা (Midge Costanza) সমকামী আৰু মহিলাৰ অধিকাৰৰ আজীৱন সমৰ্থক আছিল৷ তেওঁৰ বুদ্ধিমত্তা, স্পষ্টবাদী আচাৰ-ব্যৱহাৰ আৰু নিজৰ বিশ্বাসৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত আছিল।
-
মিয়া লাভ
মিয়া লাভ (Mia Love), সম্পূৰ্ণ নাম Ludmya Bourdeau "Mia" Love এগৰাকী আমেৰিকান ৰাজনীতিবিদ, আমেৰিকাৰ ইউটা (Utah) ষ্টেটৰ সাংসদ। তাৰোপৰি তেখেত ইউটাৰ চাৰাটংগা স্প্ৰিংছ (Saratong Springs)ৰ প্ৰাক্তন মেয়ৰ।
-
মিৰিয়াম ছিলভাৰবাৰ্গ
মিৰিয়াম ছিলভাৰবাৰ্গ (Miriam Silverberg; ১৯ জানুৱাৰী, ১৯৫১ – ১৬ মাৰ্চ, ২০০৮) এগৰাকী আমেৰিকান ইতিহাসবিদ। ১৯৯৩ চনৰ গুগেনহাইম ফেলো হিচাপে তেওঁ চেঞ্জিং ছং: দ্য মাৰ্ক্সিষ্ট মেনিফেষ্টছ অৱ নাকানো শ্বিগেহাৰু (১৯৯০) আৰু ইৰ'টিক গ্ৰ'টেস্ক ননচেন্স (২০০৬) গ্ৰন্থৰ লেখিকা আছিল, প্ৰথমটোৰ বাবে ১৯৯০ চনত জন কে…
-
মুভিং ৰ’ব ৱ’মেন
মুভিং ৰ’ব ৱ’মেন (ছিউক্স নাম: Tȟašína Máni), যাক মেৰী ক্ৰ'লাৰ, হাৰ ঈগল ৰ’ব, শ্বি ৱাকছ উইথ হাৰ শ্ব'ল, ৱাকিং ব্লেংকেট ৱ’মেন, মুভছ ৰ’ব ৱ’মেন, ৱাকছ উইথ হাৰ ৰ’ব এণ্ড তাশ্বেনামনি আদি নামেৰেও জনা যায়; তেওঁ আছিল লিটিল বিগ হৰ্ণ যুদ্ধৰ সময়ত জেনেৰেল জৰ্জ কাষ্টাৰৰ বিৰুদ্ধে যুঁজি ভাতৃ ৱান হকৰ হত্যাৰ প্ৰতিশোধ…
-
মেগ ডনেলি
মেগ এলিজাবেথ ডনেলি (Meg Elizabeth Donnelly, জন্ম: ২৫ জুলাই, ২০০০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এবিচিৰ চিটকম আমেৰিকান হাউছৱাইফ (২০১৬–২০২১)ত টেইলৰ অট্টো, ডিজনী চেনেলৰ চলচ্চিত্ৰ ধাৰাবাহিক জম্বিজ (২০১৮–বৰ্তমান)ত এডিচন ওৱেলছ আৰু চিডব্লিউ টেলিভিছন ধাৰাবাহিক দ্য ৱিনচেষ্টাৰছ (২০২২–২০২৩)ত মেৰী কেম্পবেলৰ…
-
মেগান ইয়ং
মেগান লিন টাল্ডে ইয়ং-ডেইজ (Megan Lynne Talde Young-Daez; জন্ম: ২৭ ফেব্ৰুৱাৰী, ১৯৯০) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ২০১৩ চনৰ মিছ ৱৰ্ল্ড লাভ কৰে। ফিলিপাইনছ আৰু দক্ষিণ-পূব এছিয়াৰপৰা মিছ ৱৰ্ল্ড বিজয়ী হোৱা তেওঁ প্ৰথমগৰাকী প্ৰতিনিধি।
-
মেগান মাৰ্কল
মেগান, ডাচেছ অৱ ছাচেক্স (Meghan, Duchess of Sussex, ৪ আগষ্ট, ১৯৮১) ব্ৰিটিছ ৰাজকীয় পৰিয়ালৰ এগৰাকী আমেৰিকান সদস্য, সংবাদ মাধ্যমৰ ব্যক্তিত্ব আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁৰ তৃতীয় চাৰ্লছ ৰজাৰ কনিষ্ঠ পুত্ৰ ছাচেক্সৰ ড্যুক ৰাজকুমাৰ হেৰীৰ সৈতে বিবাহ হয়। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত মেগানৰ জন্ম হৈছিল।
-
মেঘন এলিজাবেথ ট্ৰেইনৰ
মেঘান এলিজাবেথ ট্ৰেইনৰ (Meghan Elizabeth Trainor; জন্ম: ২২ ডিচেম্বৰ, ১৯৯৩) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু টেলিভিছন ব্যক্তিত্ব। ২০১৪ চনত এপিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত আৰু তেওঁৰ প্ৰথম একক গীত "অল এবাউট ডেট বেছ" মুকলি কৰাৰ পিছত তেওঁ বিশিষ্টতা লাভ কৰে, যিয়ে আমেৰিকাত এক নম্বৰ স্থান দখল…
-
মেৰী ওপল ওৱলানিন
মেৰী ওপল ওৱলানিন ( Mary Opal Wolanin);( ১ নৱেম্বৰ, ১৯১০ – ২২ মে', ১৯৯৭) এগৰাকী আমেৰিকান নাৰ্ছ আৰু বাৰ্ধক্যযত্নৰ বিশেষজ্ঞ। আমেৰিকাত জেৰ’ণ্ট’লজিকেল নাৰ্ছিঙৰ অন্যতম পথ প্ৰদৰ্শক আছিল আৰু বৃদ্ধসকলৰ দীৰ্ঘম্যাদী যত্নৰ ওপৰত গৱেষণা কৰিছিল, যাৰ ফলত তেওঁ “ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছিল।” ইউনিভাৰ্চিটি অৱ…
-
মেৰী জেন ৱাৰফিল্ড ক্লে
মেৰী জেন ৱাৰফিল্ড ক্লে (Mary Jane Warfield Clay; ২০ জানুৱাৰী, ১৮১৫ – ২৯ এপ্ৰিল, ১৯০০) আছিল এগৰাকী আমেৰিকান সমাজবাদী, ভোটাধিকাৰবাদী, বিলোপবাদী আৰু ৰাজনৈতিক কৰ্মী। কেণ্টাকিৰ ভোটাধিকাৰ আন্দোলনৰ প্ৰাৰম্ভিক নেত্ৰী হিচাপে ১৮৭৯ চনত ঘৰতে ভোটাধিকাৰ ক্লাব গঠন কৰি আৰম্ভ কৰিছিল।
-
মেৰী টড লিংকন
মেৰী এন টড লিংকন (জন্ম:১৩ ডিচেম্বৰ, ১৮১৮ – মৃত্যু:১৬ জুলাই, ১৮৮২) ১৮৬১ চনৰ পৰা ১৮৬৫ চনত তেওঁৰ স্বামী ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ হত্যালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মৰিয়ম চেম্বাৰলেইন
মৰিয়ম চেম্বাৰলেন (Mariam Chamberlain; ২৪ এপ্ৰিল, ১৯১৮ – ১ এপ্ৰিল, ২০১৩) এগৰাকী নাৰীবাদী কৰ্মী আছিল।
-
য়ুয়ানয়ুয়ান ঝৌ
য়ুয়ানয়ুয়ান (YY) ঝৌ এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু উদ্যোগী। তেওঁ ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা। তেওঁ ম'বাইল কম্পিউটিঙত কোৱালকম এনডাউড চেয়াৰ পদ লাভ কৰিছে।
-
ল'ৰেন বেথেল
ল'ৰেন বেথেল (Lauran Bethell) এগৰাকী আমেৰিকান বেপ্টিষ্ট মিছনেৰীআৰু পূব ইউৰোপত বাস কৰা মানৱ অধিকাৰৰ সমৰ্থক। থাইলেণ্ডৰ নিউ লাইফ চেণ্টাৰ চিয়াং মাইৰ তেওঁ অন্যতম প্ৰতিষ্ঠাপক, য'ত প্ৰাক্তন বেশ্যা বা যৌন সৰবৰাহৰ বলি হোৱা লোকসকলক সাক্ষৰ আৰু নিয়োগযোগ্য কৰি তোলাৰ লক্ষ্যৰে খ্ৰীষ্টান ভিত্তিক শিক্ষা প্ৰদান কৰা…
-
লি গান
লি গান এগৰাকী চীনা-আমেৰিকান স্নায়ুবিজ্ঞানী আৰু ৱেইল কৰ্নেল মেডিকেল কলেজৰ অধ্যাপক। টাউপেথীত ৰোগ সৃষ্টিকাৰী টাউ প্ৰটিন এচিটাইলেচন আৰু স্নায়ুৰ অৱক্ষয়ত মাইক্ৰ’গ্লিয়াৰ অকাৰ্য্যকৰীতাৰ ব্যৱস্থাৰ বাবে তেওঁ পৰিচিত।
-
লি বেজেট
মেৰী ভাৰ্জিনিয়া লি বেজেট (ইংৰাজী: Mary Virginia Lee Badgett; জন্ম: ১৯৬০) মাছাচুচেটছ বিশ্ববিদ্যালয় আমহাৰ্ষ্টৰ এগৰাকী আমেৰিকান অৰ্থনীতিবিদ। লেচবিয়ান, সমকামী পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে জড়িত অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
লিছা এম ডায়মণ্ড
লিছা এম ডায়মণ্ড (ইংৰাজী: Lisa M. Diamond) এগৰাকী আমেৰিকান মনোবিজ্ঞানী আৰু নাৰীবাদী। তেওঁ ইউটাহ বিশ্ববিদ্যালয়ৰ বিকাশমূলক মনোবিজ্ঞান, স্বাস্থ্য মনোবিজ্ঞান আৰু লিংগ অধ্যয়ন বিভাগৰ এগৰাকী অধ্যাপক। তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে যৌন অভিমুখিতাৰ বিকাশ, যৌন পৰিচয় আৰু মানৱীয় সম্পৰ্ক।
-
লিছা গ্ৰাউমলিচ
লিছা জে. গ্ৰাউমলিচ (Lisa J. Graumlich; জন্ম: ১৯৫২) এগৰাকী আমেৰিকান পেলিঅ’ক্লাইমেট’লজিষ্ট (পুৰাকলীয় জলবায়ু বিজ্ঞানী), যিয়ে জলবায়ু, পৰিৱেশ তন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে। তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ কলেজ অৱ দ্য এনভাইৰনমেণ্টৰ প্ৰথমগৰাকী ডিন।
-
লিজা কোশী
এলিজাবেথ শাইলা কোশী (ইংৰাজী: Elizabeth Shaila Koshy; জন্ম: ৩১ মাৰ্চ, ১৯৯৬) এগৰাকী আমেৰিকান ইউটিউবাৰ আৰু অভিনেত্ৰী। তেওঁ চাৰিটাকৈ ষ্ট্ৰীমি বঁটা, চাৰিটা টিন চয়েছ এৱাৰ্ড আৰু এটা কিডছ চয়েছ এৱাৰ্ড লাভ কৰিছে। কোশীয়ে ২০১৩ চনত ইউটিউব চেনেল আৰম্ভ কৰাৰ আগতে 'ভাইন'ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
লিজা ছ’বেৰানো
হোপ এলিজাবেথ ছ'বেৰানো (ইংৰাজী: Hope Elizabeth Soberano; জন্ম: ৪ জানুৱাৰী, ১৯৯৮) এগৰাকী ফিলিপাইনছ আৰু আমেৰিকান অভিনেত্ৰী। কিশোৰী অৱস্থাত নাটক আৰু কমেডীত সহায়ক চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত। তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ নিজৰ ৰেপাৰ্টৰী সম্প্ৰসাৰণ কৰে।
-
লিডিয়া মাৰিয়া চাইল্ড
লিডিয়া মাৰিয়া চাইল্ড (Lydia Maria Child) এগৰাকী আমেৰিকীয় বিলোপবাদী, মহিলা অধিকাৰ কৰ্মী, থলুৱা অধিকাৰ কৰ্মী, ঔপন্যাসিকা, সাংবাদিক আৰু আমেৰিকাৰ সম্প্ৰসাৰণবাদৰ বিৰোধী আছিল৷ তেওঁৰ কল্পকাহিনী আৰু ঘৰুৱা মেনুৱেলসমূহ ১৮২০ চনৰ পৰা ১৮৫০ চনলৈকে বহল পৰিসৰৰ দৰ্শকৰ মাজলৈ গৈছিল।
-
লিলি আলমগ
লিলি আলমগ ( Lili Almog; জন্ম: ১৯৬১) নিউয়ৰ্ক চহৰত বাস কৰা আৰু কাম কৰা এগৰাকী ফটোগ্ৰাফাৰ আৰু মিক্সড মিডিয়া শিল্পী, যিয়ে বিশ্বৰ মহিলা সাংস্কৃতিক পৰিচয়ৰ অন্তৰংগ আধ্যাত্মিক প্ৰতিকৃতি নিৰ্মাণ কৰিছে।
-
লিলি বাৰ্বাৰ
লিলি মেৰী ক্লাইনডিনষ্ট (Lillie Mary Clinedinst; জন্ম:-৩ মাৰ্চ, ১৮৮৫ – ১৮ মে', ১৯৮৫)এগৰাকী আমেৰিকান ভোটাধিকাৰী আৰু শ্ৰমিক কৰ্মী আছিল।
-
লুইজ চেলিয়া ফ্লেমিং
লুইজ চেলিয়া "লুলু" ফ্লেমিং জন্ম: ২৮ জানুৱাৰী, ১৮৬২ চন – মৃত্যু: ২০ জুন, ১৮৯৯ চন; এগৰাকী আমেৰিকান চিকিৎসক আছিল। পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম আফ্ৰিকান আমেৰিকানসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।
-
লেছলি এম. কে
লেছলি এম. কে (ইংৰাজী: Leslie M. Kay) এগৰাকী আমেৰিকান স্নায়ুবিজ্ঞানী আৰু চিকাগো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। তেওঁৰ গৱেষণাই ঘ্ৰাণেন্দ্ৰীয় বাল্বৰ স্নায়ুশৰীৰবিজ্ঞান আৰু আচৰণগত পৰিপ্ৰেক্ষিতে কেনেকৈ সংবেদনশীল প্ৰক্ৰিয়াকৰণত প্ৰভাৱ পেলায় সেই বিষয়ে অধ্যয়ন কৰে।
-
লৰেন এস্পোচিটো
লৰেন এস্পোচিটো (Lauren Esposito) কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সছৰ এৰাকন’লজী (মকৰা আৰু বিছা সম্পৰ্কীয় বিজ্ঞান) বিভাগৰ সহকাৰী কিউৰেটৰ আৰু শ্লিগাৰ চেয়াৰ। তেওঁ ‘৫০০ কুইয়াৰ চাইণ্টিষ্ট’ নামৰ নেটৱৰ্কটোৰ সহ-প্ৰতিষ্ঠাপক।
-
শ্বেৰন বাৰ্কাৰ
শ্বেৰন বাৰ্কাৰ (Sharon Barker; ২৯ জুলাই, ১৯৪৯ – ১৮ নৱেম্বৰ, ২০২৩)এগৰাকী কানাডিয়ান-আমেৰিকান মহিলা অধিকাৰ কৰ্মী, মহিলা স্বাস্থ্যৰ সমৰ্থক আৰু নাৰীবাদী আছিল।