অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুইজ চেলিয়া ফ্লেমিং

লুইজ চেলিয়া "লুলু" ফ্লেমিং জন্ম: ২৮ জানুৱাৰী, ১৮৬২ চন – মৃত্যু: ২০ জুন, ১৮৯৯ চন; এগৰাকী আমেৰিকান চিকিৎসক আছিল। পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম আফ্ৰিকান আমেৰিকানসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

লুইজ চেলিয়া "লুলু" ফ্লেমিং জন্ম: ২৮ জানুৱাৰী, ১৮৬২ চন – মৃত্যু: ২০ জুন, ১৮৯৯ চন; এগৰাকী আমেৰিকান চিকিৎসক আছিল। পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম আফ্ৰিকান আমেৰিকানসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।১ তেওঁৰ দক্ষতা বৃদ্ধিৰ বাবে আফ্ৰিকাৰপৰা উভতি আহিছিল আৰু তেওঁ আছিল প্ৰথম আফ্ৰিকান আমেৰিকান মহিলা যিয়ে মহিলা আমেৰিকান বেপ্টিষ্ট বিদেশী মিছনেৰী ছ'চাইটিৰদ্বাৰা আফ্ৰিকাত কামৰ বাবে নিযুক্তি দিয়া হৈছিল।২

জীৱনী

১৮৬২ চনৰ ২৮ জানুৱাৰীত৩ কৰ্ণেল লুইচ মাইকেল ফ্লেমিঙৰ হাইবাৰ্নিয়া বাগিছাত দাস হিচাপে ৰখা পিতৃ-মাতৃৰ ঘৰত ফ্লেমিঙৰ জন্ম হয়,৪ জন্মস্থান ফ্ল'ৰিডাৰ ক্লে কাউণ্টি।৫৬ লুইজ ফ্লেমিঙৰ পিতৃ-মাতৃৰ পৰিচয় আছিল অনন্য; তেওঁৰ মাক আধা কংগো আৰু দেউতাক আধা শ্বেতাংগ লোক আছিল।৭ ফ্লেমিং সৰু থাকোঁতে আমেৰিকাৰ গৃহ-যুদ্ধৰ সময়ত তেওঁৰ পিতৃয়ে কেন্দ্ৰীয় সেনাৰ সৈতে যুঁজিছিল আৰু দুবছৰ সেৱা আগবঢ়োৱাৰ পিছত তেওঁৰ মৃত্যু হৈছিল।৮

১৮৭৭ চনৰ ডিচেম্বৰ মাহত ফ্লেমিঙে ১৫ বছৰ বয়সত জেকচনভিলৰ বেথেল বেপ্টিষ্ট ইনষ্টিটিউচনেল চাৰ্চত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে।৯৪ ১৮৮৫ চনৰ ২৭ মে'ত শ্ব' বিশ্ববিদ্যালয়ৰপৰা ভেলেডিক্টৰিয়ান হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে।৫১০ ফ্লেমিং ফ্ল'ৰিডাৰ চেণ্ট অগাষ্টিনত ৰাজহুৱা বিদ্যালয়ৰ শিক্ষক হৈছিল।৫১১

১৮৮৬ চনত পশ্চিমৰ উইমেন’ছ বেপ্টিষ্ট ফৰেইন মিছন ছ’চাইটিয়ে ফ্লেমিংক কংগো ফ্ৰী ষ্টেট, বৰ্তমান ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত তেওঁলোকৰ মিছনেৰী প্ৰতিনিধি হ’বলৈ আমন্ত্ৰণ জনায়। ১৮৮৭ চনত তেওঁ কংগোত উপস্থিত হয় আৰু পালাবালাত নিয়োজিত হয়।৬১২ তেওঁ কংগোত ছোৱালীৰ সৈতে কাম কৰিছিল, দেওবাৰৰ বিদ্যালয়, প্ৰাথমিক শ্ৰেণী আৰু ইংৰাজী শ্ৰেণীত পঢ়াইছিল।১২ ১৮৯১ চনত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ফ্লেমিং আমেৰিকালৈ উভতি আহে।৬১২

কংগোত অসুস্থতা দূৰ কৰাৰ ধাৰণা লৈ ফ্লেমিঙে ১৮৯১ চনত ফিলাডেলফিয়াৰ পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয় (WMCP)ত নামভৰ্তি কৰে। ডব্লিউ এম চি পি আছিল মহিলাৰ শিক্ষাৰ বাবে স্থাপিত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় য’ত প্ৰচলিত সামাজিক নীতি-নিয়মক অৱজ্ঞা কৰি মহিলাসকলক উচ্চ পৰ্যায়ৰ শিক্ষা অৰ্থাৎ চিকিৎসক ডিগ্ৰী লাভ কৰাৰ সুযোগ দিয়া।১৩ ১৯২৫ চনলৈকে আঠাইশগৰাকী আফ্ৰিকান আমেৰিকান মহিলাই ডব্লিউ এম চি পিৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল; ইয়াৰে এগৰাকী আছিল লুইজ ফ্লেমিং যিয়ে ১৮৯৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে।১৪৫

ফ্লেমিং কংগোত নিজৰ মিছনলৈ ঘূৰি আহি দেশখনৰ একমাত্ৰ আফ্ৰিকান আমেৰিকান মহিলা চিকিৎসক হিচাপে পৰিগণিত হয়।৫ ১৮৯৮ চনত আফ্ৰিকান ট্ৰাইপেন’ছমিয়াছিছত আক্ৰান্ত হয়২ আৰু আমেৰিকালৈ উভতি যায়।৩ ১৮৯৯ চনৰ ২০ জুনত৩ ফিলাডেলফিয়াৰ চেমাৰিটান হাস্পতালত ৩৭ বছৰ বয়সত ফ্লেমিঙৰ মৃত্যু হয়।৬১২

তথ্যসূত্ৰ

  1. ↑ (2005). Black women in America. Oxford University Press. ISBN 9780195156775
  2. ↑ LuLu Fleming, medical missionary. African American Registry
  3. ↑ This Day in Black History: Jan. 28, 1862. BET.com. BET Networks
  4. ↑ Kurian, George Thomas. (2016). Encyclopedia of Christianity in the United States, Volume 5. Rowman & Littlefield. পৃ. 897. ISBN 978-1442244320
  5. ↑ (10 February 2014). Fleming, Louise Celia "Lulu" (1862-1899). BlackPast.org
  6. ↑ (February 2017). Lulu Cecilia Fleming, M.D.. American Baptist Churches USA
  7. ↑ Scruggs, Lawson Andrew. Women of Distinction: Remarkable in Works and Invincible in Character. United States: L. A. Scruggs, 1893. pg. 197
  8. ↑ Scruggs, Lawson Andrew. Women of Distinction: Remarkable in Works and Invincible in Character. United States: L. A. Scruggs, 1893. pg. 197-198
  9. ↑ Scruggs, Lawson Andrew. Women of Distinction: Remarkable in Works and Invincible in Character. United States: L. A. Scruggs, 1893. pg.198
  10. ↑ Scruggs, Lawson Andrew. Women of Distinction: Remarkable in Works and Invincible in Character. United States: L. A. Scruggs, 1893. p.198
  11. ↑ Van Broekhoven, Deborah. (2013). Women's History Month. American Baptist Historical Society (ABHS)
  12. ↑ Fleming, Louise Cecelia. dacb.org. Center for Global Christianity and Mission at Boston University School of Theology
  13. ↑ Gamble, Vanessa Northington. "“Sisters of a Darker Race”: African American Graduates of the Woman’s Medical College of Pennsylvania, 1867–1925." Bulletin of the History of Medicine, vol. 95 no. 2, 2021, p. 169-197. Project MUSE, doi:10.1353/bhm.2021.0029. pg.169-170
  14. ↑ Gamble, Vanessa Northington. "“Sisters of a Darker Race”: African American Graduates of the Woman’s Medical College of Pennsylvania, 1867–1925." Bulletin of the History of Medicine, vol. 95 no. 2, 2021, p. 169-197. Project MUSE, doi:10.1353/bhm.2021.0029. pg. 170-171

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকাৰ মহিলা চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুইজ চেলিয়া ফ্লেমিং” প্ৰবন্ধৰ সংশোধন ৬৩৭৭২৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।