অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেগান ইয়ং

মেগান লিন টাল্ডে ইয়ং-ডেইজ (Megan Lynne Talde Young-Daez; জন্ম: ২৭ ফেব্ৰুৱাৰী, ১৯৯০) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ২০১৩ চনৰ মিছ ৱৰ্ল্ড লাভ কৰে। ফিলিপাইনছ আৰু দক্ষিণ-পূব এছিয়াৰপৰা মিছ ৱৰ্ল্ড বিজয়ী হোৱা তেওঁ প্ৰথমগৰাকী প্ৰতিনিধি।

হালনাগাদ: ২৪ জুলাই ২০২৬ ৫৩৭ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মেগান লিন টাল্ডে ইয়ং-ডেইজ (Megan Lynne Talde Young-Daez; জন্ম: ২৭ ফেব্ৰুৱাৰী, ১৯৯০) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ২০১৩ চনৰ মিছ ৱৰ্ল্ড লাভ কৰে।১২৩৪ ফিলিপাইনছ আৰু দক্ষিণ-পূব এছিয়াৰপৰা মিছ ৱৰ্ল্ড বিজয়ী হোৱা তেওঁ প্ৰথমগৰাকী প্ৰতিনিধি।৪

ইয়াৰ পূৰ্বে তেওঁক ২০১৩ চনৰ মিছ ৱৰ্ল্ড ফিলিপাইনছৰ মুকুট পিন্ধোৱা হৈছিল।৫ ইয়ঙে ৰিয়েলিটি টেলিভিছন শ্ব’ ষ্টাৰষ্ট্ৰকত প্ৰতিযোগী হিচাপে আৰম্ভ কৰিছিল।৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯০ চনৰ ২৭ ফেব্ৰুৱাৰীত ভাৰ্জিনিয়াৰ আলেকজেণ্ড্ৰিয়াত৭ফিলিপাইনছ আৰু আমেৰিকান পিতৃ-মাতৃ ভিক্টোৰিয়া টাল্ডে, এণ্টিকৰ পাণ্ডান আৰু কেলভিন ক'ল ইয়ং তৃতীয়ৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰে।৮

ইয়ঙৰ পৰিয়াল তেওঁৰ ১০ বছৰ বয়সত জাম্বালেছৰ কেষ্টিলেজছলৈ গুচি যায়। ২০০২ চনৰপৰা ২০০৫ চনলৈকে তেওঁ চুবিক বে ফ্ৰীপ'ৰ্ট জ'নৰ ভিতৰৰ আঞ্চলিক বিজ্ঞান হাইস্কুল তৃতীয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে, তাৰ পিছত অভিনয় কেৰিয়াৰ গঢ়িবলৈ মেট্ৰ' মেনিলালৈ যায়। ইয়ঙে চেণ্ট বেনিল্ডৰ ডি লা ছাল-কলেজৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ ডিগ্ৰী লাভ কৰিছে।

কেৰিয়াৰ

২০০৪–০৭: প্ৰাৰম্ভিক অভিনয় জীৱন

ইয়ঙে প্ৰথম শ্ব'বিজ ব্ৰেক লাভ কৰে প্ৰতিভা ৰিয়েলিটি চাৰ্চ ষ্টাৰষ্ট্ৰকৰ দ্বিতীয় ছিজনৰ জৰিয়তে,৯য'ত তেওঁ শীৰ্ষ ছয়ৰ ভিতৰত স্থান লাভ কৰে। জিএমএত তেওঁৰ অভিনয়ৰ আত্মপ্ৰকাশ আছিল লাভ টু লাভ প্ৰেজেণ্টছ: লাভ কো উৰকত, য'ত তেওঁ মেগৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত এছিয়ান ট্ৰেজাৰ্ছত আন্নাৰ চৰিত্ৰত অভিনয় কৰে আৰু এমগা কুৱেণ্টো নি লোলা বাছিয়াঙত পৰী চৰিত্ৰত অভিনয় কৰে।

২০০৭–১৫: ABS-CBN আৰু TV5-লৈ বদলি

জিএমএ আৰ্টিষ্ট চেণ্টাৰৰ সৈতে দুবছৰতকৈ অধিক সময়ৰ পাছত তেওঁ ভগ্নী লৰেন ইয়ঙৰ পিছত এবিএছ-চিবিএনলৈ গুচি যায়। জিএমএৰ প্ৰতিদ্বন্দ্বী ষ্টেচন এবিএছ-চিবিএনলৈ বদলি হোৱা প্ৰথমগৰাকী ষ্টাৰষ্ট্ৰক প্ৰাক্তন ছাত্ৰী।

ইয়ঙে প্ৰথমবাৰৰ বাবে এবিএছ-চিবিএনত যুৱমুখী অনুষ্ঠান "ষ্টাৰ মেজিক প্ৰেজেণ্টছ" এষ্টিগছ আৰু এবট উৰ লুভত অভিনয় কৰিছিল। ইয়াৰ উপৰি কোকেই ছবিত শ্বেনৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ বিপৰীতে আছিল জাঞ্জো মাৰুডো। পিনয় বিগ ব্ৰাদাৰ: চেলিব্ৰিটি এডিচন ২ ত "দ্য প্ৰিন্সেছ অৱ চাৰ্ম" নামেৰে অভিহিত কৰা চেলিব্ৰিটি হাউছমেট হিচাপে অভিনয় কৰাৰ পাছত তেওঁ সুপৰিচিত হৈছিল।১০১১ পিবিবিৰ পিছত এবিএছ-চিবিএনৰ ৰিমেক আই লাভ বেটী লা ফেয়াত জন লয়ড ক্ৰুজৰ বিপৰীতে খলনায়ক মাৰ্চেলাৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৯ চনত চেনেল -V ফিলিপাইনছৰ পুনৰ আৰম্ভণিৰ বাবে ভিডিঅ' জকী হিচাপে পৰিচয় কৰাই দিয়া চাৰিজন ব্যক্তিত্বৰ ভিতৰত তেওঁ অন্যতম।১২ইয়ঙে ষ্টুডিঅ' ২৩ৰ কেইবাটাও অনুষ্ঠানৰ মাজে মাজে আয়োজকো হৈছিল। ২০১২ চনত ইয়ঙে হিয়াছত মুখ্য অভিনেত্ৰী হিচাপে গুৰুত্বপূৰ্ণ পৰিচিতি লাভ কৰে। তেওঁ প্ৰেমৰ আগ্ৰহ হিচাপে জাঞ্জো মাৰুডোৰ সৈতে পুনৰ মিলিত হৈছিল। ২০১৩ চনত টিভি-৫লৈ সলনি হয় যদিও কাপামিলিয়া নেটৱৰ্কত অংশগ্ৰহণ কৰে।

টেলিভিছনৰ বাহিৰেও ইয়ঙে কেইখনমান ছবিতো অভিনয় কৰিছে। ইয়াৰে এখন আছিল দ্য ৰিইউনিয়ন, য'ত তেওঁ জিয়ান লিমৰ বিপৰীতে টয়ঙৰ চৰিত্ৰত অভিনয় কৰিছিল।১২ ইয়ঙক ২০১৪ চনৰ দহচত্ন্য বঁটাত অসাধাৰণ অতিথি তাৰকা হিচাপে মনোনীত কৰা হয়।

সৌন্দৰ্য প্ৰতিযোগিতা

২০১৪ চনৰ নিউয়ৰ্ক ফিলিপাইনছ স্বাধীনতা দিৱসৰ পেৰেডত মেগান ইয়ং
২০১৪ চনৰ নিউয়ৰ্ক ফিলিপাইনছ স্বাধীনতা দিৱসৰ পেৰেডত মেগান ইয়ংছবি: Marktanoja78 · CC BY-SA 3.0

মিছ ৱৰ্ল্ড ফিলিপাইনছ ২০১৩

২০১৩ চনৰ ১৮ আগষ্টত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চুড়ান্ত নিশা মেগান ইয়ঙক মিছ ৱৰ্ল্ড ফিলিপাইনছ ২০১৩ৰ মুকুট পিন্ধোৱা হয়।১৩ তেওঁ প্ৰতিযোগিতাখনত 'বেষ্ট ইন ফেশ্বন ৰাণৱে', 'মিছ স্পৰ্টছ', 'মিছ ৰিডিউচিন', 'মিছ অলে', 'মিছ লাগুনা', 'মিছ ফিগ্লিয়া' আৰু 'মিছ বেঞ্চ বডী' বঁটাও লাভ কৰে।১৪

২০১৪ চনৰ ১২ অক্টোবৰত ফিলিপাইনছৰ পাছে চহৰৰ 'মল অৱ এছিয়া এৰিনা'ত অনুষ্ঠিত মিছ ৱৰ্ল্ড ফিলিপাইনছ ২০১৪ প্ৰতিযোগিতাত মেগান ইয়ঙে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ভ্যলেৰী ৱিগমেনক মুকুট পিন্ধাই দিয়ে।১৫১৬

মিছ ৱৰ্ল্ড ২০১৩

ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত প্ৰতিযোগিতাত মেগান ইয়ঙক মিছ ৱৰ্ল্ড ২০১৩ৰ মুকুট পিন্ধোৱা হয়। ইয়াৰ লগে লগে তেওঁ ১৯৫১ চনত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছত এই খিতাপ জয় কৰা প্ৰথমগৰাকী ফিলিপিনো হিচাপে পৰিগণিত হয়।৪ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ "টপ মডেল" প্ৰতিযোগিতাত বিজয়ী হৈছিল, "পিপলছ চেম্পিয়ন"ত দ্বিতীয় স্থান, "মাল্টিমিডিয়া চেলেঞ্জ"ত চতুৰ্থ স্থান আৰু "বিচ বিউটি" প্ৰতিযোগিতাত পঞ্চম স্থান লাভ কৰিছিল।৪

চূড়ান্ত প্ৰশ্নোত্তৰ শিতানত শীৰ্ষ ৬ গৰাকী প্ৰতিযোগীক একেটা প্ৰশ্নই সোধা হৈছিল: "আপুনি কিয় পৰৱৰ্তী মিছ ৱৰ্ল্ড হোৱা উচিত?" ইয়াৰ উত্তৰত ইয়ঙে কৈছিল: ''

মই মানৱতাৰ এক মূল মূল্যবোধক গুৰুত্ব দিওঁ আৰু ইয়েই মানুহক তেওঁলোকৰ কাম-কাজৰ বাবে দিক-দৰ্শন কৰে। মই ইয়াৰ জৰিয়তে আন মানুহক দেখুৱাই দিম যে তেওঁলোকে কেনেকৈ ইজনে সিজনক বুজিব পাৰে। … একগোট হৈ আমি সমাজক সহায় কৰিব পাৰোঁ।

''

ইয়ঙে ২০১৩ চনৰ মিছ ৱৰ্ল্ড এছিয়া হিচাপে 'কণ্টিনেণ্টেল কুইন অৱ বিউটি' খিতাপো লাভ কৰে। এছীয় অঞ্চলৰ প্ৰতিযোগীসকলৰ ভিতৰত তেওঁ সৰ্বোচ্চ স্থানত আছিল।

মিছ ৱৰ্ল্ড ২০১৩ হিচাপে কাৰ্যকালত ইয়ঙে যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, হাইটি, ভাৰত, জাপান, দক্ষিণ কোৰিয়া আৰু নিজৰ দেশ ফিলিপাইনছকে ধৰি বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছিল। ২০১৪ চনৰ ১৪ ডিচেম্বৰত যুক্তৰাজ্যৰ লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৪ প্ৰতিযোগিতাত তেওঁ উত্তৰাধিকাৰী হিচাপে ৰোলিন ষ্ট্ৰাউছক মুকুট পিন্ধাই দিয়ে।১৭

পৰৱৰ্তী ঘটনাসমূহ

২০২৪ চনৰ ৯ মাৰ্চত ভাৰতৰ মুম্বাইত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত মেগান ইয়ঙে সহ-উপস্থাপিকা হিচাপে অংশগ্ৰহণ কৰিছিল (য’ত চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিছকোভাই বিজয়ীৰ খিতাপ অৰ্জন কৰে)। প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডৰ সময়ত ইয়ঙক মিছ বটচোৱানা 'লেছেগো চম্বো'ৰ চুলি ঠিক কৰি দিয়া দেখা গৈছিল। এই কাৰ্যৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যক্তিগত স্থান দখল আৰু সাংস্কৃতিক সংবেদনশীলতাহীনতাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁ ৰাজহুৱাকৈ ক্ষমা বিচাৰিবলগীয়া হৈছিল।১৮

ব্যক্তিগত জীৱন

ভগ্নী ল'ৰেন ইয়ঙৰ সৈতে মেগান ইয়ং (বাঁওফালে), ২০১৩ চনৰ কেণ্ডী ষ্টাইল বঁটা-প্ৰদান অনুষ্ঠানত
ভগ্নী ল'ৰেন ইয়ঙৰ সৈতে মেগান ইয়ং (বাঁওফালে), ২০১৩ চনৰ কেণ্ডী ষ্টাইল বঁটা-প্ৰদান অনুষ্ঠানতছবি: Chareze Stamatelaky from Sta. Rosa, Philippines · CC BY 2.0

ইয়ং অভিনেত্ৰী আৰু মডেল লৰেন ইয়ঙৰ জ্যেষ্ঠ ভগ্নী।১৯

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত মাইকেল ডেজে নিশ্চিত কৰে যে তেওঁ ইয়ঙৰ লগত ছয় বছৰ ধৰি ডেটিং কৰি আছে।২০ ২০২০ চনৰ ২৫ জানুৱাৰীত তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰে।২১ তেওঁলোকৰ প্ৰথম সন্তান লিঅ'ন এজন ল'ৰা।২২ তেওঁ ২০২৫ চনত জন্মগ্ৰহণ কৰে।২৩

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বৰ্ষনামচৰিত্ৰটোকাসংগ্ৰহ
২০০৫চে দ্যাট ইউ লাভ মিআন্না
২০০৯পাংগাৰাপ কং জেকপটইউলা
শ্বেক, ৰেটল এণ্ড ৰ'ল ১১লুচিয়া কাষ্টিলিয়ানোখণ্ড: "উকায়-উকায়"১০১১
২০১০এষ্ট্ৰো মায়াবাং
ৱাইট হাউচ (চলচ্চিত্ৰ)|ৱাইট হাউচমাইকী ত্ৰিনিদাদ
চিগুৱাডলীবিশেষ ভূমিকা (কেমিঅ')
বেব, আই লাভ ইউগাইতা ভেনেৰাচিয়ন বৰোমিঅ'
২০১১এনটেং এন ইনা মোইনা আজুল
ৱণ্ট লাষ্ট এ ডে উইদাউট ইউমেলিব্ছা
২০১২দ্য ৰিউনিয়ন (২০১২ চলচ্চিত্ৰ)|দ্য ৰিউনিয়নএন্টোনিয়া "টন্যাং" কাষ্ট্ৰো১২
২০১৩বেং বেং এলিএবে
২০১৭আৱাৰ মাইটি ইয়ায়ামনিক

সংগীত ভিডিঅ'

বৰ্ষগীতৰ শীৰ্ষকশিল্পী
২০০৭"নাগমামাহাল নাঙ টুনায়"পিঅ'ল' পাস্কুৱাল
২০১২"আমাটছ"ৰিকো ব্লাংকো

তথ্যসূত্ৰ

  1. ↑ (September 28, 2013). Miss Philippines Megan Young crowned as Miss World 2013. BIHARPRABHA
  2. ↑ Miss Philippines crowned the new Miss World. CNN
  3. ↑ (September 28, 2013). Megan Young crowned Miss World 2013. GMA News. GMA Network
  4. ↑ (September 28, 2013). Megan Young crowned Miss World 2013. Philippine Daily Inquirer
  5. ↑ (August 19, 2013). Megan Young is Miss World PH 2013. ABS-CBN News
  6. ↑ MEGAN YOUNG. Star Magic
  7. ↑ Chelo Aestrid. (September 29, 2013). Miss World Megan Young – Get To Know Her (Video). Las Vegas Guardian Express
  8. ↑ Ira Agting. (September 29, 2013). 8 fun facts about Megan Young. Rappler
  9. ↑ Ed Uy. (August 24, 2013). Her time, her throne. The Manila Times
  10. ↑ Tinna S. Bonifacio. (January 2009). Young, but not restless. JobsDB.com
  11. ↑ (December 23, 2011). Megan Young enjoys playing Kontrabida roles. ABS-CBN News
  12. ↑ Vittorio Hernandez. (September 29, 2013). Miss World 2013: A Look Back at Megan Young from Starstruck to Most Beautiful Woman in the World (VIDEOS & PHOTOS). International Business Times
  13. ↑ (August 18, 2013). Megan Young is Miss World PH 2013. ABS-CBN News
  14. ↑ (August 18, 2013). WINNERS: Miss World Philippines 2013. Rappler
  15. ↑ (October 12, 2014). Valerie Weigmann wins Miss World Philippines 2014. Rappler
  16. ↑ (October 12, 2014). Model and TV host Valerie Weigmann crowned new Miss World Philippines. Inquirer Lifestyle
  17. ↑ Grinberg, Emanuella. (December 14, 2014). Miss South Africa Rolene Strauss crowned Miss World 2014. CNN
  18. ↑ (March 11, 2024). Megan Young apologizes for fixing Miss Botswana's hair on Miss World stage. GMA News
  19. ↑ Lauren Young says sister Megan will be the best mom because 'at one point you were also mine'. GMA News
  20. ↑ Mikael Daez confirms relationship with Megan Young. Rappler
  21. ↑ Megan Young ties the knot with Mikael Daez. cnn
  22. ↑ Editorial Circle, GMA Integrated News. Megan Young, Mikael Daez gear up for future travels with son Leon. GMA Lifestyle. GMA News
  23. ↑ Megan Young, isinilang na ang first baby nila ni Mikael Daez. GMA News

সম্পৰ্কিত শ্ৰেণী

সৌন্দৰ্য প্ৰতিযোগীবিশ্বসুন্দৰীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান অভিনয় শিল্পীঅভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেগান ইয়ং” প্ৰবন্ধৰ সংশোধন ৬১৯০৮৬ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।