আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
৩১৭ প্ৰবন্ধ
-
ক্লডিয়া গোল্ডিন
ক্লডিয়া ডেল গোল্ডিন (Claudia Dale Goldin; জন্ম: ১৪ মে', ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰম অৰ্থনীতিবিদ। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ হেনৰী লী অধ্যাপক পদত অধিষ্ঠিত।
-
ক্লোয়ি কাৰ্ডাশিয়ান
ক্লোয়ি আলেকজেণ্ড্ৰা কাৰ্ডাশিয়ান (জন্ম: ২৭ জুন ১৯৮৪) এগৰাকী আমেৰিকান সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট আৰু ব্যৱসায়ী। ২০০৭ চনৰ পৰা ২০২১ চনলৈ ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছত নিজৰ পৰিয়ালৰ সৈতে অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
ক্ৰিছ জেনাৰ
ক্ৰিষ্টেন মেৰী জেনাৰ (ইংৰাজী: Kristen Mary Jenner; জন্ম ৫ নৱেম্বৰ, ১৯৫৫) এগৰাকী আমেৰিকান মিডিয়া ব্যক্তিত্ব, চচিয়েলিটি আৰু ব্যৱসায়ী মহিলা। তেওঁ নিজৰ পৰিয়ালৰ সৈতে ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্দাশিয়ানছ (২০০৭–২০২১)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।
-
কৰ্টনী কাৰ্ডাশিয়ান
কৰ্টনী কাৰ্ডাশিয়ান বাৰ্কাৰ (জন্ম: ১৮ এপ্ৰিল ১৯৭৯) এগৰাকী আমেৰিকান সংবাদ মাধ্যমৰ ব্যক্তিত্ব, চচিয়েললাইট আৰু ব্যৱসায়ী। ২০০৭ চনত তেওঁ আৰু তেওঁৰ পৰিয়ালে ৰিয়েলিটী টেলিভিছন ধাৰাবাহিক কিপিং আপ উইথ দ্য কাৰ্ডাশিয়ানছত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
গীতাঞ্জলি ৰাও (বিজ্ঞানী)
গীতাঞ্জলী ৰাও (Gitanjali Rao; জন্ম ২০০৫) এগৰাকী ভাৰতীয়-আমেৰিকান আৱিষ্কাৰক, বৈজ্ঞানিক, লেখিকা আৰু ষ্টেম (STEM; বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত) প্ৰবন্ধক। তেওঁ ২০১৭ চনত ডিস্ক'ভাৰি এড্যুকেশ্বন 3M ইয়ং বিজ্ঞানী চেলেঞ্জ বিজয়ী।
-
গেৰী ৰছিংটন
গেৰী ৰবাৰ্ট ৰ 'ছিংটন (ইংৰাজী: Gary Robert Rossington, ৪ ডিচেম্বৰ ১৯৫১-৫ মাৰ্চ ২০২৩) এগৰাকী আমেৰিকান সংগীতজ্ঞ আছিল যিজন দক্ষিণৰ ৰক বেণ্ড লিনাৰ্ড স্কাইনাৰ্ড প্ৰতিষ্ঠাপক গীটাৰিষ্ট হিচাপে জনাজাত আছিল, যাৰ সৈতে তেওঁ মৃত্যুপৰ্যন্ত অনুষ্ঠান পৰিৱেশন কৰিছিল।
-
চাৰ্লিজ থেৰন
চাৰ্লিজ থেৰন ( Charlez Theronজন্ম-৭ আগষ্ট ১৯৭৫) এগৰাকী দক্ষিণ আফ্ৰিকান আৰু আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বিশ্বৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী৷ তেওঁ একাডেমী বঁটা আৰু গোল্ডেন গ্ল'ব বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে।
-
চিণ্ডি মেৰিনা
চিণ্ডি মেৰিনা (ইংৰাজী: Cindy Marina; জন্ম: ১৮ জুলাই ১৯৯৮) এগৰাকী আলবেনিয়ান-আমেৰিকান টেলিভিছন পৰিচালিকা, মডেল, প্ৰাক্তন ভলীবল খেলুৱৈ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
চিয়া ঝৌ
জিয়া ঝৌ (ইংৰাজী: Xia Zhou) কলম্বিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ এগৰাকী সহযোগী অধ্যাপক। তেওঁৰ গৱেষণা ম'বাইল কম্পিউটিং আৰু ইয়াৰ সৈতে অন্যান্য শাখাৰ সংযোগৰ ওপৰত কেন্দ্ৰিত। কলম্বিয়ালৈ অহাৰ পূৰ্বে তেওঁ ডাৰ্টমাউথ মহাবিদ্যালয়ৰ এগৰাকী সহযোগী অধ্যাপক আছিল।
-
চিষ্টাৰ ডোৰা
ড’ৰথী উইণ্ডল' পেটিছন, যাক চিষ্টাৰ ড’ৰা নামেৰে বেছিকৈ জনা যায় (১৬ জানুৱাৰী ১৮৩২ – ২৪ ডিচেম্বৰ ১৮৭৮) এগৰাকী এংলিকান নান আৰু নাৰ্ছ, যিয়ে ষ্টাফৰ্ডশ্বাইৰৰ ৱালছলত কাম কৰিছিল।
-
চুজান বাৰ্ণ
চুজান বাৰ্ণ (ইংৰাজী: Suzanne Berne; জন্ম ১৭ জানুৱাৰী, ১৯৬১) এগৰাকী আমেৰিকান ঔপন্যাসিকা। তেওঁ গ্ৰাম্য চহৰত ঘটা অপ্ৰত্যাশিত পাৰিবাৰিক আৰু মনস্তাত্ত্বিক নাটকৰ আধাৰত চৰিত্ৰৰ বিশ্লেষণ কৰাৰ বাবে জনাজাত। বাৰ্ণৰ প্ৰথম উপন্যাস, এ ক্ৰাইম ইন দা নেইবাৰহুড-এ ১৯৯৯ চনৰ অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।
-
চেণ্ড্ৰা কেৰন
চেণ্ড্ৰা এল. ক'গান (২৭ আগষ্ট ১৯৩৬ – ১ ছেপ্টেম্বৰ ২০২৫), চেণ্ড্ৰা কেৰন নামেৰে পৰিচিত, এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। পূব লণ্ডনৰ ষ্টেপনীত জন্মগ্ৰহণ কৰা তেওঁ আইডা ফষ্টাৰ থিয়েটাৰ স্কুলত প্ৰশিক্ষণ লৈছিল।
-
ছাচা ফাইফাৰ
ছাচা ফাইফাৰ (ইংৰাজী: Sacha Pfeiffer; জন্ম ৭ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী আমেৰিকান পুলিৎজাৰ বঁটা বিজয়ী তদন্তকাৰী সাংবাদিক আৰু ৰেডিঅ’ আয়োজক। ২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁ এনপিআৰত তদন্ত সংবাদদাতা হিচাপে যোগদান কৰে। তেওঁ বিশেষকৈ দ্য বষ্টন গ্ল'বৰ স্পটলাইট তদন্তকাৰী দলৰ সৈতে কাম কৰাৰ বাবে পৰিচিত।
-
ছালমা আৰাস্তু
ছালমা আৰাস্তু (Salma Arastu; জন্ম: ১৯৫০) এগৰাকী শিল্পী যাৰ কৰ্মৰাজি তেওঁৰ সাংস্কৃতিক পটভূমি আৰু অভিজ্ঞতাৰদ্বাৰা অনুপ্ৰাণিত। ভাৰতৰ ৰাজস্থানৰ এটা সিন্ধী পৰিয়ালত জন্মগ্ৰহণ কৰা ছালমা হিন্দু ধৰ্মত ডাঙৰ-দীঘল হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু ১৯৮৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায়।
-
ছাশ্বা বেঙ্কস
মাৰ্চিডিচকায়েষ্টনাৰ-ভাৰ্নাডো (Sasha Banks) হ'ল এগৰাকী আমেৰিকান পেশাদাৰ কুস্তিবীৰ। তেওঁ বৰ্তমান ডব্লিউ ডব্লিউ ইত ছাশ্বা বেঙ্কস নামেৰে কু্স্তি কৰে। তেওঁ হ'ল WWE, AEW, আৰু NJPW ৰ চেম্পিয়নশ্বিপ জয় কৰা প্ৰথম আৰু একমাত্ৰ মহিলা পেছাদাৰী মল্লযুঁজাৰু।
-
ছিলভিয়া ফেডেৰিচি
ছিলভিয়া ফেডেৰিচি (জন্ম: ১৯৪২) হৈছে এগৰাকী ইটালী-আমেৰিকান শিক্ষাবিদ, শিক্ষয়িত্ৰী আৰু মাৰ্ক্সবাদী নাৰীবাদী কৰ্মী। তেওঁ নিউয়ৰ্কত বাস কৰে। তেওঁক মাৰ্ক্সবাদী নাৰীবাদী তত্ত্ব, নাৰীৰ ইতিহাস, ৰাজনৈতিক দৰ্শন আৰু কমনছৰ ইতিহাস আৰু তত্ত্বৰ অন্যতম মুখ্য তাত্ত্বিক হিচাপে গণ্য কৰা হয়।
-
জন আডামছ্
জন আডামছ্ (John Adams; ২৬ মাৰ্চ, ১৭০৫ – ২২ জানুৱাৰী, ১৭৪০) এজন আমেৰিকান কবি।
-
জিজি ডলিন
প্ৰিচিলা লি কেলী (ইংৰাজী: Priscilla Lee Kelly; জন্ম: ৫ জুন, ১৯৯৭) এগৰাকী আমেৰিকান পেচাদাৰী মল্লযোদ্ধা আৰু প্ৰাক্তন ৰিয়েলিটী টেলিভিছন ব্যক্তিত্ব। বৰ্তমান তেওঁ নিজৰ প্ৰকৃত নামত (প্ৰিচিলা কেলী হিচাপে) স্বতন্ত্ৰ চাৰ্কিটত প্ৰদৰ্শন কৰি আছে।
-
জিজি হাদিদ
জেলেনা নুৰা "জিজি" হাদিদ (জন্ম: ২৩ এপ্ৰিল ১৯৯৫) এগৰাকী আমেৰিকান ফেশ্বন মডেল আৰু টেলিভিছন ব্যক্তিত্ব। ২০১৬ চনত তেওঁক ব্ৰিটিছ ফেশ্বন কাউন্সিলে “আন্তঃৰাষ্ট্ৰীয় মডেল অৱ দ্য য়েৰ” উপাধি প্ৰদান কৰে। নিজৰ কেৰিয়াৰত হাদিদে আন্তঃৰাষ্ট্ৰীয় ভোগ আলোচনীত অন্ততঃ ৫০ বাৰতকৈ অধিক উপস্থিতি জনাইছে।
-
জুডি বাৰী
জুডিথ বিয়েট্ৰিছ বাৰী (Judith Beatrice Bari; ৭ নৱেম্বৰ, ১৯৪৯ – ২ মাৰ্চ, ১৯৯৭)এগৰাকী আমেৰিকান পৰিৱেশবিদ, নাৰীবাদী আৰু শ্ৰমিক নেত্ৰী আছিল যি মূলতঃ উত্তৰ কেলিফৰ্ণিয়াত সক্ৰিয় আছিল।
-
জুলি ঝুও
জুলি ঝুও এগৰাকী চীনা-আমেৰিকান ব্যৱসায়ী আৰু কম্পিউটাৰ বিজ্ঞানী। তেওঁ ফেচবুকৰ প্ৰডাক্ট ডিজাইনৰ ভাইচ প্ৰেচিডেণ্ট আছিল আৰু বৰ্তমান ছানডিয়ালৰ সহ-প্ৰতিষ্ঠাপক। ঝুও হৈছে দ্য মেকিং অৱ এ মেনেজাৰ (২০১৯) নামৰ গ্ৰন্থখনৰ লেখক।
-
জুলিয়া ৱেষ্ট হেমিল্টন
জুলিয়া ৱেষ্ট হেমিল্টন (১৮৬৬ – ২২ ফেব্ৰুৱাৰী ১৯৫৮) আছিল এগৰাকী আমেৰিকান ক্লাব মহিলা আৰু সম্প্ৰদায়ৰ নেত্ৰী, যি ৱাশ্বিংটন, ডি.চি.ত অৱস্থিত আছিল আৰু "ডিষ্ট্ৰিক্টৰ মাতৃ" হিচাপে পৰিচিত আছিল।
-
জেকলিন চেবালছ
জেকলিন "জেকি" মিচোট চেবালছ (জন্ম ৮ ছেপ্টেম্বৰ, ১৯২৫) এগৰাকী আমেৰিকান নাৰীবাদী আৰু সমাজ কৰ্মী। চেবালছ নেচনেল অৰ্গেনাইজেচন ফৰ উইমেনৰ নিউয়ৰ্ক চেপ্টাৰৰ প্ৰাক্তন সভানেত্ৰী আৰু দ্বিতীয় ঢৌৰ নাৰীবাদ আৰু অগ্ৰণী নাৰীবাদীসকলৰ ইতিহাসৰ নথিভুক্ত কৰা ভেটেৰান ফেমিনিষ্টছ অৱ আমেৰিকা সংগঠনৰ প্ৰতিষ্ঠাপক।
-
জেন ফাৰৱেল
জেন ফাৰৱেল (১৮ জানুৱাৰী ১৯১৬ – ৬ এপ্ৰিল ১৯৯৩) এগৰাকী আমেৰিকান লোক-নৃত্য আৰু মনোৰঞ্জন প্ৰশিক্ষক আছিল। তেওঁ বিশেষকৈ স্ক্যাণ্ডিনেভিয়ান নৃত্যত বিশেষজ্ঞ আছিল।
-
জেন মাৰাজো
জেন মাৰিছা মাৰাজো (ইংৰাজী: Jeanne Marisa Marrazzo) এগৰাকী আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু সংক্ৰামক ৰোগ বিশেষজ্ঞ। তেওঁ ইউনিভাৰ্চিটি অৱ আলাবামা এট বাৰ্মিংহাম স্কুল অৱ মেডিচিনৰ সংক্ৰামক ৰোগ বিভাগৰ সঞ্চালিকা আছিল আৰু জৈৱ চিকিৎসা হস্তক্ষেপ ব্যৱহাৰ কৰি এইচআইভি (HIV) সংক্ৰমণ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিছিল।
-
জেনিফাৰ এনিষ্টন
জেনিফাৰ জোৱানা এনিষ্টন (Jennifer Joanna Aniston; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৯) এগৰাকী আমেৰিকীয় অভিনেত্ৰী। ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে টেলিভিছন চিটকম ফ্ৰেণ্ডছত ৰেচেল গ্ৰীণ নামৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে আৰু প্ৰাইমটাইম এমি, গোল্ডেন গ্ল’ব আৰু স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা লাভ কৰে।
-
জেনিফাৰ বেটছ
জেনিফাৰ বেটছ (জন্ম-১৯৭২ বা ১৯৭৩) এগৰাকী আমেৰিকীয় শ্ৰমিক সংগঠক যি বেচেমাৰ আলাবামাৰ আমাজন শ্ৰমিক সংগঠনৰ ভূমিকাৰ বাবে পৰিচিত।
-
জেনেল জেমছ
জেনেল জেমছ (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৭৯) এগৰাকী আমেৰিকান কৌতুক অভিনেতা, অভিনেত্ৰী আৰু লেখিকা। তেওঁ এবিচি টেলিভিছন ধাৰাবাহিক এৰট এলিমেণ্টৰী-ত আভা ক’লমেনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছিকৈ পৰিচিত।
-
জোচেফিন কেছি
জোচেফিন কেছি (Josephine Casey; ১ জানুৱাৰী ১৮৭৮(?) – ২৭ জানুৱাৰী ১৯৫০) এগৰাকী শ্ৰমিক সংগঠক আৰু নেত্ৰী আছিল, আৰু এগৰাকী মহিলা অধিকাৰৰ সমৰ্থক আছিল।
-
জোয়ানা শ্বাফহাউজেন
জোয়ানা শ্বাফহাউজেন এগৰাকী আমেৰিকান ৰহস্য ঔপন্যাসিকা আৰু প্ৰাক্তন বিজ্ঞান সাংবাদিক। তেওঁ মহিলা নায়িকাৰ ওপৰত দুখন ধাৰাবাহিকৰ ৯খন উপন্যাস ৰচনা কৰিছে, য’ত থ্ৰিলাৰ আৰু আৰক্ষীৰ প্ৰক্ৰিয়াগত উপাদান আছে, যিবোৰ চাৰিটা ভাষালৈ অনুবাদ কৰা হৈছে।