আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
৩১৭ প্ৰবন্ধ
-
জোৱানা হফমেন
জোৱানা কেৰিন হফমেন (জন্ম ২৭ জুলাই, ১৯৫৫) এগৰাকী পোলেণ্ড-আমেৰিকান বিপণন কাৰ্যবাহী। তেওঁ এপল মেকিনটছ দল আৰু নেক্সট দল দুয়োটাৰে অন্যতম মূল সদস্য আছিল। এপল কম্পিউটাৰত আৰম্ভ কৰাৰ সময়ত মেক "এতিয়াও এটা গৱেষণা প্ৰকল্প" আছিল।
-
ঝা ঝা গাবৰ
ঝা ঝা গাবৰ (জন্ম: চাৰি গাবৰ; ৬ ফেব্ৰুৱাৰী ১৯১৭ – ১৮ ডিচেম্বৰ ২০১৬) এগৰাকী হাংগেৰীয়ান-আমেৰিকান ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু অভিনেত্ৰী আছিল। তেওঁৰ ভনীয়েকসকল আছিল ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ মাগদা গাবৰ আৰু অভিনেত্ৰী তথা ব্যৱসায়ী ইভা গাবৰ।
-
টেম অ’চনাছি
টেম এলিজাবেথ অ’চনাছি (ইংৰাজী: Tam Elizabeth O'Shaughnessy; জন্ম: ২৭ জানুৱাৰী, ১৯৫২) এগৰাকী আমেৰিকান শিশু বিজ্ঞান লেখিকা, স্কুল চাইক’লজীৰ এমিৰিটাছ সহযোগী অধ্যাপিকা আৰু প্ৰাক্তন পেছাদাৰী টেনিছ খেলুৱৈ।
-
ডলৰেছ বাৰ্গ’স্কি
ডলৰেছ বাৰ্গ'স্কি (Dolores Bargowski(১৯৪৩–২০০৮) দ্বিতীয় ঢৌৰ নাৰীবাদৰ প্ৰথম বছৰবোৰত সক্ৰিয় হৈ থকা এগৰাকী আমেৰিকান নাৰীবাদী আৰু লেছবিয়ান কৰ্মী আছিল।
-
ডি জে খালিদ
খালিদ মহম্মদ খালিদ (Khaled Mohamed "DJ" Khaled) (জন্ম: ২৬ নবেম্বৰ, ১৯৭৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিখ্যাত সংগীতকাৰ, ৰেকৰ্ড লেবেল সঞ্চালক, ৰেডিঅ' ব্যক্তি, ডি:জে আৰু লেখক। তেওক সাধাৰণতে ডি:জে খালিদ বুলি জনা যায়।
-
ডি. ৰায় হোৱাইট
ডোনাল্ড ৰায় হোৱাইট (১৭ এপ্ৰিল ১৯২৭ – ২ জুলাই ১৯৮৫) এজন আমেৰিকান পাহাৰীয়া নৃত্যশিল্পী আৰু মনোৰঞ্জনকাৰী আছিল। তেওঁ হোৱাইট পৰিয়ালৰ মুৰব্বী আছিল। হোৱাইট পৰিয়ালৰ বিষয়ে সবিশেষ বৰ্ণনা কৰা কেইবাখনো আমেৰিকান তথ্যচিত্ৰত তেওঁক প্ৰদৰ্শন কৰা হৈছে।
-
তাৰানা বাৰ্ক
তাৰানা বাৰ্ক (ইংৰাজী: Tarana Burke, জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৭৩) হৈছে নিউয়ৰ্ক চহৰৰ এগৰাকী আমেৰিকান কৰ্মী যিয়ে মী-টু আন্দোলন আৰম্ভ কৰিছিল। ২০০৬ চনত বাৰ্কে কনিষ্ঠ আৰু উচ্চ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুৱ কাৰ্যসূচী হিচাপে মি-টু আৰম্ভ কৰিছিল যাৰ লক্ষ্য আছিল সমাজত ব্যাপক যৌন হিংসাৰ মোকাবিলা কৰা।
-
নীটা ক্ৰ'ফ'ৰ্ড
নীটা চি. ক্ৰ'ফ'ৰ্ড (জন্ম: ১৯৬১) হৈছে এগৰাকী আমেৰিকান ৰাজনৈতিক বিজ্ঞানী। তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মণ্টেগু বাৰ্টন অধ্যাপিকা আৰু বেলিয়ল কলেজত প্ৰফেছৰিয়েল ফেল'শ্বিপ ধাৰণ কৰিছে, ইয়াৰ পূৰ্বে তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপিকা আৰু বিভাগীয় মুৰব্বী…
-
নেলী ৱেভাৰ গ্ৰীণ
নেলী ৱেভাৰ গ্ৰীণ (১৮৭০ চনৰ দশক – ৬ অক্টোবৰ, ১৯৫৭) এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু ক্লাব মহিলা আছিল। ১৯২৪ চনৰ পৰা ১৯২৮ চনলৈকে তেওঁ অকলাহোমা ফেডাৰেচন অৱ কলাৰ্ড উইমেনছ ক্লাবছৰ সভানেত্ৰী আছিল।
-
নৰ্মা চিনচিলা
নৰ্মা চিনচিলা (Norma Chinchilla; জন্ম: ১৯৪৫) এগৰাকী আমেৰিকান সমাজবিজ্ঞানী। চিনচিলাই মহিলা, লিংগ আৰু যৌনতা অধ্যয়নৰ পাঠদান কৰিছিল আৰু লেটিন আমেৰিকাৰ অধ্যয়নৰ ক্ষেত্ৰত মধ্য আমেৰিকাৰ গৱেষণাক অন্তৰ্ভুক্ত কৰাত সহায় কৰিছিল।
-
নৰ্মান লিৱিছ (বৈয়াকৰণিক)
নৰ্মান লিৱিছ (জন্ম ৩০ ডিচেম্বৰ, ১৯১২ – মৃত্যু ৮ ছেপ্টেম্বৰ ২০০৬) এগৰাকী আমেৰিকান লেখক, বৈয়াকৰণিক, অভিধানকাৰ আৰু আৰু শব্দ-বিজ্ঞানী। ইংৰাজী ভাষাৰ দক্ষতাৰ ক্ষেত্ৰত লিৱিছ এজন নেতৃস্থানীয় লোক আছিল।
-
পʼষ্ট মেলʼন
অষ্টিন ৰিচাৰ্ড পʼষ্ট (Austin Richard Post; জন্ম: ৪ জুলাই, ১৯৯৫), এগৰাকী আমেৰিকীয় কণ্ঠশিল্পী, ৰেপাৰ, গীতিকাৰ, সংগীতজ্ঞ, ৰেকৰ্ড প্ৰযোজক আৰু অভিনয়-শিল্পী। তেওঁ পেছাগতভাৱে পʼষ্ট মেলʼন (Post Malone) নামেৰে পৰিচিত।
-
পিটাৰ ডিংকলেজ
পিটাৰ হেইডেন ডিংকলেজ (Peter Hayden Dinklage; জন্ম জুন ১১, ১৯৬৯) এজন আমেৰিকান অভিনেতা আৰু প্ৰযোজক। তেওঁ এইচবিঅ' টেলিভিছন শৃংখলা গেম অফ থ্ৰোনছত (২০১১-২০১৯) টিৰিয়ন লেনিষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে প্ৰশংসা লাভ কৰাৰ লগতে শৃংখলাটোত কৰা অভিনয়ৰ বাবে তেওঁ ড্ৰামা শৃংখলা এখনত অসামান্য সহঅভিনেতাৰ…
-
প্ৰমিলা জয়পাল
প্ৰমিলা জয়পাল (ইংৰাজী: Pramila Jayapal; জন্ম ২১ ছেপ্টেম্বৰ, ১৯৬৫) এগৰাকী আমেৰিকান ৰাজনীতিবিদ যিয়ে ২০১৭ চনৰপৰা ৱাশ্বিংটনৰ ৭ম কংগ্ৰেছ জিলাৰপৰা আমেৰিকাৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
প্ৰেৰণা লাল
প্ৰেৰণা লাল (জন্ম ১৪ ডিচেম্বৰ ১৯৮৪) হৈছে এগৰাকী আমেৰিকাৰ নাগৰিক, যি ফিজি দ্বীপপুঞ্জত জন্ম আৰু ডাঙৰ হৈছিল আৰু ছান ফ্ৰান্সিস্কো বে এৰিয়াৰ সৈতে সম্পৰ্ক আছে। লাল হৈছে ড্ৰিম এক্টিভিটিচ নামৰ অনলাইন অধিকাৰ সমৰ্থন নেটৱৰ্কৰ প্ৰতিষ্ঠাপকসকলৰ এজন, যাক নথিভুক্ত নোহোৱা যুৱসকলে পৰিচালনা কৰে।
-
ফিডেলিয়া এডামছ জনছন
ফিডেলিয়া অলিন এডামছ জনছন (১৭ এপ্ৰিল, ১৯০৫ – ১৪ মে’, ১৯৯৬) আছিল এগৰাকী আমেৰিকান খেলুৱৈ আৰু শিক্ষাবিদ। তেওঁ ১৯২৯ চনৰপৰা ১৯৭০ চনলৈকে গ্ৰেম্বলিং ষ্টেট ইউনিভাৰ্চিটিত ঘৰুৱা অৰ্থনীতিৰ অধ্যাপনা কৰিছিল আৰু মহিলা বাস্কেটবল দলৰ প্ৰশিক্ষক আছিল।
-
ফিলিছ ফ্ৰেজাৰ
ফিলিছ চাৰ্ফ ৱাগনাৰ (জন্ম হেলেন ব্ৰাউন নিকলছ; ১৩ এপ্ৰিল ১৯১৬ – ২৪ নৱেম্বৰ ২০০৬), যাক ফিলিছ ফ্ৰেজাৰ নামেও জনা যায়, এগৰাকী আমেৰিকান সমাজপ্ৰতিষ্ঠিত মহিলা, লেখিকা, প্ৰকাশক আৰু অভিনেত্ৰী আছিল। তেওঁ বিগিনাৰ বুকছৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
ফ্লোৰেন্স ব্লেক
ফ্ল'ৰেন্স গিনিজ ব্লেক এগৰাকী আমেৰিকাৰ নাৰ্ছ আছিল। ১৯৫৪ চনত ব্লেকে তেওঁৰ ক্লাছিক গ্ৰন্থ দ্য চাইল্ড, হিজ পেৰেণ্টছ এণ্ড দ্য নাৰ্ছ লিখিছিল। তেওঁ আন দুখন শিশু নাৰ্চিং পাঠ্যপুথি এচেন্সিয়েলছ অৱ পেডিয়াট্ৰিক নাৰ্চিং আৰু নাৰ্চিং কেয়াৰ অৱ চিলড্ৰেনৰ সহ-লেখক আছিল।
-
ফ্লৰেন্স ভ্যান লিয়াৰ আৰ্ল কোটছ
ফ্ল'ৰেন্স ভ্যান লিয়াৰ নিকোলছন কোটছ (Florence Van Leer Nicholson Coates, ১ জুলাই, ১৮৫০ – ৬ এপ্ৰিল, ১৯২৭) আছিল এগৰাকী আমেৰিকান কবি, আৰু মহিলা অধিকাৰৰ সমৰ্থক যাৰ সৃষ্টিৰাজি বহু সাহিত্যিক আলোচনীত প্ৰকাশ পাইছিল৷ ইয়াৰে কিছুমান সংগীতৰ দ্বাৰা প্ৰকাশ পাইছিল।
-
বাৰ্বাৰা স্লেট
বাৰ্বাৰা স্লেট ( Barbara Slate; জন্ম: ৯ মে', ১৯৪৭) এগৰাকী আমেৰিকান শিল্পী, কাৰ্টুনকাৰ, গ্ৰাফিক ঔপন্যাসিক, কমিক বুক সৃষ্টিকৰ্তা আৰু লেখিকা। ডিচি আৰু মাৰ্ভেল কমিক্স দুয়োটাৰে বাবে কমিকছ সৃষ্টি, লিখা আৰু অংকন কৰা কেইগৰাকীমান মহিলা শিল্পীৰ ভিতৰত তেওঁ অন্যতম।
-
বেলা পোৱাৰ্চ
ডেনৰী বাটিষ্টা টেলৰ (জন্ম: বেলিন্ডা মেৰী মাকাডেংডেং বাতুম্বাকল;), পেছাদাৰীভাৱে বেলা পোৱাৰ্চ (ইংৰাজী: Bella Poarch; জন্ম: ১৯৯৭) নামেৰে জনাজাত এগৰাকী আমেৰিকান চচিয়েল মিডিয়া ব্যক্তিত্ব আৰু গায়িকা।
-
ভাৰ্জিনিয়া কাৰ্টাৰ
ভাৰ্জিনিয়া কাৰ্টাৰ(Virginia Carter; ১৮ নৱেম্বৰ ১৯৩৬ – ১৭ অক্টোবৰ ২০২৪)কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী পদাৰ্থবিজ্ঞানী আৰু মনোৰঞ্জনৰ কাৰ্যবাহী আছিল।
-
ভি. ভি. গণেশানন্তন
ভি. ভি. গণেশানন্তন (ইংৰাজী: V. V. Ganeshananthan; জন্ম ১৯৮০) এগৰাকী আমেৰিকান কল্পকাহিনী লেখিকা, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেওঁৰ লেখাসমূহ গ্ৰাণ্টা, দ্য আটলাণ্টিক মান্থলী আৰু দ্য ৱাশ্বিংটন পোষ্টকে ধৰি বহুতো আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে।
-
ভিক্টোৰিয়া জয়ছ এলি
ভিক্টোৰিয়া জয়ছ এলি ( Victoria Joyce Ely) এগাৰকী নাৰ্ছ আছিল আৰু ১৯২০ চনত ফ্ল’ৰিডাত শিশু আৰু মাতৃৰ মৃত্যুৰ উচ্চ হাৰৰ সমাধানৰ বাবে তেওঁ বক্তৃতা প্ৰদান কৰিছিল আৰু ৰাজ্যিক স্বাস্থ্য কাৰ্যালয়ত কাম কৰিছিল। তেওঁৰ কামৰ বাবে প্ৰসূতি পৰিচাৰিকাসকলৰ প্ৰশিক্ষণৰ উন্নতি ঘটিছিল আৰু মৃত্যুৰ হাৰ কমিছিল।
-
ভিডা চামাদজাই
ভিডা চামাদজাই (ইংৰাজী: Vida Samadzai; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী আফগান-আমেৰিকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আফগানিস্তান ২০০৩ ৰ খিতাপ অৰ্জন কৰিছিল।
-
ভেদনিটা কাৰ্টাৰ
ভেদনিটা কাৰ্টাৰ (Vednita Carter) এগৰাকী আমেৰিকাৰ যৌন সৰবৰাহৰ বিৰোধী আৰু বেশ্যাবৃত্তি বিৰোধী কৰ্মী। কাৰ্টাৰ এগৰাকী লেখক আৰু ব্ৰেকিং ফ্ৰীৰ কাৰ্যবাহী সঞ্চালক, যিটো সংস্থাই বেশ্যাবৃত্তি এৰিব বিচৰা মহিলাসকলক সহায় কৰে।
-
ভেলমা বেল হেমিল্টন
ভেলমা ফাৰ্ন বেল হেমিল্টন (২৮ ফেব্ৰুৱাৰী ১৯১০ – ৯ জুলাই ২০০৯) উইচকনচিনত অৱস্থিত এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু সম্প্ৰদায় সংগঠক আছিল। ১৯৪৩ চনত তেওঁ এন এ এ চি পি-ৰ মেডিচন শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।
-
মাইয়া দ্য ডন
মাইয়া আৰ্লি, পেছাদাৰীভাৱে মাইয়া দ্য ডন নামেৰে পৰিচিত, এগৰাকী আমেৰিকান ৰেপাৰ আৰু গীতিকাৰ। তেওঁ তেওঁৰ গীত "টেলফি"ৰ বাবে বেছিকৈ পৰিচিত।
-
মাইয়া ৱিলিয়ামছ
মাইয়া ৱিলিয়ামছ (জন্ম ১৮ ডিচেম্বৰ ১৯৬২) এগৰাকী আমেৰিকান লেখিকা, টেলিভিছন প্ৰযোজক, আৰু চিত্ৰনাট্যকাৰ।
-
মাইৱা ৱিনষ্টক
মাইয়া ৱিনষ্টক (Maia Weinstock) এগৰাকী আমেৰিকান বিজ্ঞান লেখিকা আৰু লেগ' উৎসাহী। তেওঁ কেমব্ৰিজৰ মেছাচুছেটছত বাস কৰে। ১৯৯৯ চনত তেওঁ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ বৰ্তমান এম আই টি নিউজৰ উপসম্পাদক।