মৰিয়ম চেম্বাৰলেন (Mariam Chamberlain; ২৪ এপ্ৰিল, ১৯১৮ – ১ এপ্ৰিল, ২০১৩) এগৰাকী নাৰীবাদী কৰ্মী আছিল।
জীৱনী
১৯১৮ চনৰ ২৪ এপ্ৰিলত মেছাচুচেটছৰ চেলচিয়াত জন্মগ্ৰহণ কৰা মৰিয়মে ১৯৫০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত পি এইচ ডি লাভ কৰে (তেওঁৰ গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল "বৃহৎ নিগমৰ বিনিয়োগ নীতি")৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কৌশলগত সেৱাৰ কাৰ্যালয়ৰ বিশ্লেষক হিচাপে কাম কৰিবলৈ অধ্যয়নত থমকি ৰয়। ১৯৪২ চনত তেওঁ ইয়েল বিশ্ববিদ্যালয় আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞানৰ অধ্যাপনা কৰা নীল ডব্লিউ চেম্বাৰলেনক বিয়া কৰায়৷ ১৯৬৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়৷
১৯৭১ চনৰ পৰা ১৯৮১ চনলৈকে তেওঁ ফৰ্ড ফাউণ্ডেশ্যনৰ এগৰাকী প্ৰগ্ৰেম ডাইৰেক্টৰ আছিল৷ সেইবাবেই তেওঁ কেইবা ডজন শৈক্ষিক অধ্যয়ন, সমাজবিজ্ঞানসন্মত প্ৰকল্প আৰু পৰিসংখ্যাগত জৰীপলৈ প্ৰায় ৫০ লাখ ডলাৰ বীজৰ ধন অনুদান দিছিল যিয়ে মহিলা অধ্যয়ন বিভাগ আৰু ৰাজহুৱা নীতি গৱেষণা কাৰ্যসূচী প্ৰতিষ্ঠা কৰাৰ সূচনা কৰিছিল। ১৯৭২ চনত তেওঁৰ এটা অনুদানৰ জৰিয়তে ৱাশ্বিংটনত চেণ্টাৰ ফৰ ৱমেন পলিচি ষ্টাডিজ প্ৰতিষ্ঠা কৰা হয়। ১৯৭৭ চনত তেওঁ নেচনেল উইমেন ষ্টাডিজ এছ'চিয়েচন স্থাপন কৰাত সহায় কৰিবলৈ সৰু অনুদান দিয়ে।১ তেখেতে দ্য ফেমিনিষ্ট প্ৰেছৰ বাবেও ধন আগবঢ়াইছিল।২
১৯৮২ চনত চেম্বাৰলেনে ফৰ্ড ফাউণ্ডেশ্যন এৰি ৰাছেল ছেজ ফাউণ্ডেশ্যনৰ টাস্ক ফ’ৰ্চ অন ৱমেন ইন হাইয়াৰ এডুকেশ্যনৰ নেতৃত্ব দিয়ে, যি ৱমেন ইন একাডেম: প্ৰগ্ৰেছ এণ্ড প্ৰস্পেক্টছ প্ৰকাশ কৰে। মহিলা গৱেষণা কেন্দ্ৰৰ এটা দলৰ এখন বৈঠকৰ বাবেও তেওঁ ধন আগবঢ়াইছিল৷ এই বৈঠকত নেচনেল কাউন্সিল ফৰ ৰিচাৰ্চ অন ৱমেন গঠন কৰা হয়, যিয়ে সৰ্বসন্মতিক্ৰমে তেওঁক প্ৰথম সভানেত্ৰী নিৰ্বাচিত কৰে।৩ ১৯৮৯ চনত তেওঁ সভানেত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে, কিন্তু প্ৰতিষ্ঠাপক সভানেত্ৰী আৰু আৱাসী পণ্ডিত হিচাপে কাম কৰি থাকে।৩ইনষ্টিটিউট ফৰ ৱমেনছ পলিচি ৰিচাৰ্চৰ প্ৰতিষ্ঠাপক সদস্যও আছিল, আৰু প্ৰায় ২০ বছৰ ধৰি ইয়াৰ পৰিচালনা সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল৷ পৰৱৰ্তীসময়ত তেওঁৰ সন্মানত মহিলা আৰু ৰাজহুৱা নীতিৰ মৰিয়ম কে চেম্বাৰলেন ফেল'শ্বিপ প্ৰদান কৰে।৩
তথ্যসূত্ৰ
- ↑ Paul Vitello. (8 April 2013). Mariam Chamberlain, Women's Champion, Dies at 94. The New York Times
- ↑ Feminist Daily News 4/8/2013: Mariam Chamberlain, Pioneer for Women's Studies, Dies. Feminist.org
- ↑ (2013-04-03). In Memoriam: Mariam K. Chamberlain, 1918–2013 |. Iwpr.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিয়ম চেম্বাৰলেইন” প্ৰবন্ধৰ সংশোধন ৫০৬৫৬৭ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।