শ্বেৰন বাৰ্কাৰ (Sharon Barker; ২৯ জুলাই, ১৯৪৯ – ১৮ নৱেম্বৰ, ২০২৩)১এগৰাকী কানাডিয়ান-আমেৰিকান মহিলা অধিকাৰ কৰ্মী, মহিলা স্বাস্থ্যৰ সমৰ্থক আৰু নাৰীবাদী আছিল। মেইন বিশ্ববিদ্যালয়ৰ মহিলা সম্পদ কেন্দ্ৰৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালিকা আৰু বেংগ’ৰৰ মেবেল চাইন ৱাডছৱৰ্থ মহিলা স্বাস্থ্য কেন্দ্ৰৰ অন্যতম প্ৰতিষ্ঠাপক আৰু প্ৰথম সভানেত্ৰী আছিল। ৩০ বছৰতকৈও অধিক সময় ধৰি তেওঁ স্বাস্থ্যসেৱা, লিংগ সমতা, যৌন নিৰ্যাতন, আৰু প্ৰজনন অধিকাৰৰ ক্ষেত্ৰত মহিলা আৰু কিশোৰীৰ হকে নিজৰ মত ৰাখিছিল। ২০০৯ চনত তেওঁ মেইন ৱমেনছ হল অৱ ফেমত(Maine Women's Hall of Fame) অন্তৰ্ভুক্ত হয়।
জীৱন
শ্বেৰন বাৰ্কাৰৰ কানাডাৰ নিউ ব্ৰান্সৱিকত জন্ম হৈছিল৷ তেওঁৰ দুগৰাকী ভগ্নী আছিল।২ ৮ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে মেইনৰ ফ'ৰ্ট ফেয়াৰফিল্ডলৈ গুচি যায়।২ তৃতীয় শ্ৰেণীত তেওঁ ৰুথ লকহাৰ্টৰ সৈতে বন্ধুত্ব কৰে, যাৰ সৈতে তেওঁ মেবেল চাইন ৱাডছৱৰ্থ মহিলা স্বাস্থ্য কেন্দ্ৰৰ সহ-প্ৰতিষ্ঠাপক হয়।২ তেওঁ মেইন বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত স্নাতক আৰু ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৩ বাৰ্কাৰ পেন'বস্কট ভেলী আমেৰিকান এছ'চিয়েচন অৱ ইউনিভাৰ্চিটি ৱমেন, মেইন ৱমেনছ ফাণ্ড, ইষ্টাৰ্ন ৰিজিঅ'নেল কমিছন ফৰ ৱমেন, গুড চেমাৰিটান এজেন্সী, বেংগ'ৰ কিউৰেছ প্ৰজেক্ট, বেংগ'ৰ ৰেপ ক্ৰাইছিছ চেণ্টাৰ, ৱমেনছ বিজনেছ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন, কোমেন ফাউণ্ডেশ্যন আৰু মেইন জবছ কাউন্সিলকে ধৰি বহুতো ৰাজ্যিক অ-লাভজনক ব'ৰ্ড আৰু কমিটিৰ সদস্য আছিল।১৪ তেখেতক ৰিপাব্লিকান জন বাল্ডাচিৰ কিশোৰ অপৰাধ, ঘৰুৱা হিংসা, ড্ৰাগছ সেৱন আৰু ঘৃণাজনিত অপৰাধৰ পৰামৰ্শদাতা সমিতিলৈ নিযুক্তি দিয়া হয়।১৪ ১৯৯৫ চনত তেওঁক এটা পেনেলত অন্তৰ্ভুক্ত কৰা হয় যিয়ে ৰাজ্যিক গৰ্ভপাতৰ ক্লিনিকত হিংসাৰ ভাবুকি হ্ৰাস কৰাৰ ধাৰণা বিকশিত কৰে।৫ তেওঁ নেচনেল এবৰ্চন ৰাইটছ একচন লীগৰ মেইন অধ্যায় স্থাপন কৰে।.৬
বাৰ্কাৰ আৰু তেওঁৰ জীৱন সংগী জন এছ হ'ইটৰ দুজন পুত্ৰ সন্তান আছিল।৪
২০২৩ চনৰ ১৮ নৱেম্বৰত বাৰ্কাৰৰ মৃত্যু হয়।৭
তথ্যসূত্ৰ
- ↑ Bloch, Jessica. (20 March 2009). Founder of UM center to join Maine Women's Hall of Fame. Bangor Daily News
- ↑ Weber, Tom. (9 September 1997). A Foray Into Feminism: Sharon Barker devotes her life to advancing women's rights. Bangor Daily News. পৃ. A1, A7
- ↑ (23 December 1991). Women's center open. Bangor Daily News. পৃ. 12
- ↑ (2016). Maine Women's Hall of Fame: Honorees – Sharon Barker. University of Maine at Augusta
- ↑ (31 January 1995). Panel picked to meditate abortion woes. Lewiston Sun Journal. Associated Press. পৃ. 3
- ↑ (23 December 1991). Women's Resource Center open at UM. Bangor Daily News. পৃ. 13
- ↑ Remembering the life of Sharon Barker
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰন বাৰ্কাৰ” প্ৰবন্ধৰ সংশোধন ৪৯৫২২৭ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।