অসমৰ স্বাধীনতা সংগ্ৰামী
৭০ প্ৰবন্ধ
-
হেমৰাম বৰা
হেমৰাম বৰা( Hemaram Bora) (জন্ম ১৫ অক্টোবৰ, ১৯০০, মৃত্যু ২৬ আগষ্ট, ১৯৪২) ভাৰতৰ এগৰাকী স্বাধীনতা সেনানী আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ শ্বহীদ। তেখেতৰ জন্মস্থান নগাঁও জিলাৰ হাতীগড় গাৱঁত। পিতৃৰ নাম বৃকোদৰ গাঁওবুঢ়া
-
স্বৰ্ণলতা বৰুৱা
স্বৰ্ণলতা দেৱী বা স্বৰ্ণলতা বৰুৱা(Swarnalata Barua; ১৮৭১ – ১৯৩২) মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলন, সত্যাগ্ৰহ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদিত যোগদান কৰিছিল। বিদ্ৰোহৰ অভিযোগত তেখেতেক কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছিল।
-
হেম বৰুৱা (ত্যাগবীৰ)
হেমচন্দ্ৰ বৰুৱা (Hemchandra Barua; ১৮৯৩ – ১৯৪৫) অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক আছিল। অসমীয়া সমাজ জীৱনত তেখেতে আগবঢ়াই যোৱা সমাজ সেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল।
-
গমধৰ কোঁৱৰ
গমধৰ কোঁৱৰ (ইংৰাজী ভাষা:Gamadhar Konwar) অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনজয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।
-
নিবাৰণ বৰা
নিবাৰণ বৰা (Nibaran Bora) অসমৰ এজন ৰাজনীতিবিদ, লেখক, সাংবাদিক, শিক্ষক, খেলুৱৈ, বক্তা, সমাজকৰ্মী শ্ৰমিক নেতা তথা কৃষক নেতা আছিল। তেওঁক কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী আগশাৰীৰ অসমপ্ৰেমী আৰু জনমুখী ৰাজনীতিবিদ বুলি গণ্য কৰা হয়। তেওঁ অসমত হোৱা ছবছৰীয়া গণ আন্দোলনৰো অন্যতম হোতা আছিল।
-
যোগেশ্বৰ বৰুৱা
যোগেশ্বৰ বৰুৱা (১৯১৭-১৯৫৮) ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী আছিল। লখিমপুৰ জিলাত যোগ বৰুৱা নামেৰে প্ৰখ্যাত যোগেশ্বৰ বৰুৱাক বিহপুৰীয়া নগৰৰ স্বপ্নদ্ৰষ্টা আখ্যা দিয়া হয়।
-
হেম ভৰালী
হেম ভৰালী (১৯১৯-২০২০) এগৰাকী ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সেৱিকা, সৰ্বোদয়া নেত্ৰী আৰু গান্ধিবাদী কৰ্মী। তেওঁক বিশেষকৈ নাৰী সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে পিছপৰা সকলৰ বাবে কৰি অহা প্ৰচেষ্টাৰ বাবে জনা যায়।
-
কমলা মিৰি
কমলা মিৰি ওৰফে কমলা লুইং (? -২২ এপ্ৰিল ১৯৪৩) অসমৰ মিচিং সম্প্ৰদায়ৰ এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। কমলা মিৰিৰ ঘৰ আছিল গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱত।
-
কৃষ্ণনাথ শৰ্মা
কৃষ্ণনাথ শৰ্মা (Krishna Nath Sharma) অসমৰ যোৰহাট জিলাৰ এগৰাকী গান্ধীবাদী নেতা, সমাজ-সংস্কাৰক আৰু স্বাধীনতা সেনানী। পেচাত তেওঁ আছিল এগৰাকী অধিবক্তা। যোৰহাটৰ এটি ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শৰ্মা ১৯২৬ চনত অসমত অনুষ্ঠিত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ৰ পাণ্ডু মহাসভাৰ মূল আয়োজক আছিল।
-
কৃষ্ণানন্দ ব্ৰহ্মচাৰী
কৃষ্ণানন্দ ব্ৰহ্মচাৰী (Krishnananda Brahmachari, ১৮৯৬–১৯৯১) অসমৰ এগৰাকী সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু আছিল।
-
তীৰ্থেশ্বৰ হাজৰিকা
তীৰ্থেশ্বৰ হাজৰিকা (Tirtheswar Hazarika; জন্ম:১৯০১-মৃত্যু:১৯৮৬) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯২১চনৰ ১৮ আগষ্টত তেওঁ মহাত্মা গান্ধীক লগ পাবলৈ উত্তৰ লক্ষীমপুৰৰ পৰা যোৰহাট জিলালৈকে বাইচাইকেল চলাই গৈছিল। অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে তিনিমাহ কাৰাবাস খাটিছিল আৰু সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।
-
বাহাদুৰ গাঁওবুঢ়া
বাহাদুৰ গাঁওবুঢ়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম ১৮১৯ চনত হৈছিল। তেখেতৰ প্ৰকৃত নাম শ্বেইখ বাহদিল। তেখেতৰ পৰিয়ালে পৰম্পৰাগতভাৱে "আখৰকটা বৰুৱা"ৰ পদবী পাইছিল আৰু সত্ৰসমূহৰ অধিকাৰ বা সত্ৰাধিকাৰসমূহক মাটিৰ অনুমোদন জনোৱা তাম্ৰফলি লিখাৰ দায়িত্ব এই পৰিয়ালৰ ওপৰত ন্যস্ত আছিল।
-
অৰুণ কুমাৰ চন্দ
অৰুণ কুমাৰ চন্দ (১৮৯৯–১৯৪৭) অসমৰ কাছাৰ জিলাৰ এগৰাকী সমাজসেৱক, সাহিত্যিক তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল৷ ভাৰত চৰকাৰে তেওঁৰ সন্মানত এখন ডাকটিকট জাৰি কৰে।
-
কমলাকান্ত দাস
কমলাকান্ত দাস ( Kamalakanta Das) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগাৰকী সংগ্ৰামী আছিল৷ তেওঁ এগৰাকী সমাজ সেৱক, ৰাজনৈতিক সংগঠক আৰু মহাত্মা গান্ধীৰ অনুগামী লোক আছিল৷ ১৯২৮ চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগ দি তেওঁ স্বাধীনতা সংগ্ৰামৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছিল আৰু ইয়াৰ বাবে তেওঁ কাৰাবৰণ কৰিবলগীয়া…
-
কলাই কোঁচ
কলাই কোঁচ (১৯১৭, - ১৯৪২) ভাৰতৰ এগৰাকী স্বাধীনতা সেনানী। তেখেতৰ জন্মস্থান নগাঁও চহৰৰ ৩ মাইল পশ্চিমে শেনচোৱা কুমাৰ গাঁৱত। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনে নগাঁও জিলাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। কলাই কোঁচ আৰু হেমৰাম বৰাই এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।
-
কিৰণ বালা বড়া
কিৰণ বালা বড়া (১৯০৪ - ৮ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।
-
কুমলী দেৱী
কুমলী দেৱী ( Kumali Devi) আছিল ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলিত ভাৰতৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ যাওঁঁতে পুলিচৰ গুলিত প্ৰাণ আহুতি দি শ্বহীদ হয়।
-
খহুলী দেৱী
খহুলী দেৱী ( Khahuli devi) বা খহুলী নাথ বিয়াল্লিছৰ গণ আন্দোলনত শ্বহীদ হোৱা অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। মহাত্মা গান্ধীৰ আহ্বানত সঁহাৰি দি তেওঁ বিয়াল্লিছৰ গণ-আন্দোলনত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ গৰ্ভৱতী অৱস্থাতে পুলিচৰ গুলীত নিহত হৈছিল।
-
চক্ৰেশ্বৰ শইকীয়া
চক্ৰেশ্বৰ শইকীয়া (Chakreswar Saikia) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সমাজকৰ্মী আৰু সাহিত্যিক। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনতো যোগদান কৰিছিল। চক্ৰেশ্বৰ শইকীয়াই তিতাবৰৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নত অগ্ৰণী ভূমিকা পালন কৰিছিল।
-
তৈয়বউল্লা
তৈয়বুউল্লা ওৰফে মৌলানা তৈয়বুল্লাহ( Moulana Taybullah) এগাৰকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মী আৰু স্বাধীনতা আন্দোলনৰ সংগ্ৰামী আছিল৷ স্বাধীনোত্তৰ অসমত বিধানসভালৈ নিৰ্বাচিত হৈ তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব পায়ো পালন কৰা নাছিল৷ তদুপৰি এগৰাকী লেখক হিচাপেও তেওঁ খ্যাতি লাভ কৰিছিল৷ গুৱাহাটীৰ চৰকাৰী হাকিম…
-
দুতিৰাম বৰুৱা
দুতিৰাম বৰুৱা (Dutiram Baruah) অসমৰ এজন স্বাধীনতা সংগ্ৰামী তথা এগৰাকী চাহখেতিয়ক আছিল। ১৮৫৭ চনৰ ব্ৰিটিছ বিৰুদ্ধ আন্দোলনত তেওঁ সক্ৰিয় অংশগ্ৰহণ কৰি আজীৱন কাৰাবাস খাটিছিল।
-
ষ্টেন বৰুৱা
ষ্টেন বৰুৱা (১৯১৮ - ১৯৮৯)ৰ প্ৰকৃত নাম হৰি বৰুৱা। শিৱসাগৰ জিলাৰ হাঁহচৰাত জন্ম লাভ কৰা হৰি বৰুৱাই বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামত যোগ দিছিল। এই সূত্ৰে হাতত ষ্টেনগান লোৱা হেতু ষ্টেন বৰুৱা নামেৰে জনাজাত আছিল।
-
উমাকান্ত ৰাজখোৱা
উমাকান্ত ৰাজখোৱা ( Umakanta Rajkhowa) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁৰ জন্ম ১৯০৬ চনৰ ২৯ নবেম্বৰত, মাজুলীৰ জানগুৰি গাওঁত। উমাকান্ত ৰাজখোৱাই ১৯১৮ চনত উত্তৰ লক্ষীমপুৰৰ পৰা ৪ৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিয়ে।
-
কান্দুৰা ডেকাফুকন
কান্দুৰা ডেকাফুকন (Kandura Deka Phukan) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ আন এগৰাকী বিদ্ৰোহী নেতা গমধৰ কোঁৱৰৰ মুখ্য সহযোগী আছিল। তেওঁ নিজকে ৰজা হিচাপে ঘোষণা কৰি কেঁকোৰা দোলা, আৰোৱাণ আদি ব্যৱহাৰ কৰিছিল।
-
কোহিৰাম দাস
কোহিৰাম দাস (Kuhiram Das) এজন শিক্ষাবিদ, সমাজসেৱক, মুক্তি যুঁজাৰু, লিখক আৰু অভিধান প্ৰণেতা আছিল।
-
খগেন্দ্ৰনাথ নাথ
খগেন্দ্ৰনাথ নাথ (২০ শতিকা)ৰ গোৱালপাৰা অঞ্চলৰ মানুহ। ভাৰতীয় মুক্তি আন্দোলনৰ তেওঁ অন্যতম যুঁজাৰু আছিল। তেওঁ ১৯২১ চনত বিদ্যালয় এৰি ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলনত যোগ দিছিল। ইয়াৰ বাবে তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল।
-
গুণেশ্বৰী দেৱী
গুণেশ্বৰী দেৱী (Guneswari Devi) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিপ্লৱী৷ তেওঁ অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত কাৰাবৰণ কৰা প্ৰথম মহিলা৷ গুণেশ্বৰী দেৱীৰ স্বামী জখলাবন্ধাৰ গণেশ বৰঠাকুৰ, যি নিজেও এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁ তেওঁৰ দোকান তুলি দি সেই ঘৰটো “ভলণ্টিয়াৰ’’ কেম্প কৰিবলৈ সংগ্ৰামীসকলক…
-
গোলোক চন্দ্ৰ বৰা
গোলোক চন্দ্ৰ বৰা ( Golok Chandra Bora; জন্ম: ১৯১৭; মৃত্যু: ৫ ডিচেম্বৰ, ১৯৮৮) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯৩৮ চনত কংগ্ৰেছৰ সক্ৰিয় সদস্য হিচাপে আন্দোলনত জপিয়াই পৰে।
-
ছিদ্দিক আলি
ছিদ্দিক আলি ( Siddique Ali) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সংগ্ৰামী৷ জন্ম দৰং জিলাৰ ৰইনাকুছি মৌজাৰ মুছলিমঘোকাত৷ তেওঁ অসহযোগ আন্দোলনত যোগ দি দুবছৰ সশ্ৰম কাৰাদণ্ড ভোগ কৰিছিল৷ তেওঁৰ জন্ম ১৮৮৮ চনত, মঙলদৈত৷ দেউতাকৰ নাম কেৰকেৰীয়া মোল্লা আৰু মাকৰ নাম কুঠিবিবি৷ মজলীয়া স্কুল উত্তীৰ্ণ হৈয়েই, স্বাধীনতা…
-
জালুকী কছাৰীয়নী
জালুকী কছাৰীয়নী ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। অসমৰ অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰিছিল। ভাৰতবৰ্ষক ব্ৰিটিছ ৰাজৰ পৰা মুক্ত কৰাৰ সংগ্ৰামত কংগ্ৰেছৰ প্ৰতিটো কাৰ্যসূচীতে তেওঁ অংশগ্ৰহণ কৰিছিল৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ গুলীৰ দ্বাৰা…