হেম ভৰালী (১৯১৯-২০২০) এগৰাকী ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সেৱিকা, সৰ্বোদয়া নেত্ৰী আৰু গান্ধিবাদী কৰ্মী। তেওঁক বিশেষকৈ নাৰী সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে পিছপৰা সকলৰ বাবে কৰি অহা প্ৰচেষ্টাৰ বাবে জনা যায়।১২ ১৯৫০ চনৰ ভূমিকম্প আৰু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পৰৱৰ্ত্তীসময়ত পুনৰ্গঠন আৰু সাহায্য অভিযানত তেওঁ অগ্ৰণী ভূমিকা লৈছিল।৩ ২০০৫ চনত ভাৰত চৰকাৰে তেওঁক সমাজ সেৱাৰ স্বীকৃতিস্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।৪ ২০০৬ চনত নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰমনি নামৰ সংগঠনে তেওঁক জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা (National Communal Harmony Award) প্ৰদান কৰে।
চমু জীৱনী
১৯১৯ চনৰ ১৯ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ ঢকুৱাখনাত হেম ভৰালীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত ধনীৰাম ভৰালী আৰু মাতৃৰ নাম আছিল অম্বিকা ভৰালী।২৫ তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ১৯৫০ চনৰ ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত বিশেষকৈ উত্তৰ লখিমপুৰত সাহায্য অভিযানতো তেওঁ অগ্ৰণী ভূমিকা লয়।৩৬ ১৯৫১ চনত বিনোৱা ভাৱেৰ নেতৃত্বত আৰম্ভ হোৱা ভূদান আন্দোলনত তেওঁ যোগদান কৰে।৭ এইসময়ত তেজপুৰত মৈত্ৰেয়ী আশ্ৰমত থাকি তেওঁ কাম কাজ চলাই যায়।৮২৯ ১৯৬৭ চনৰ ২৫ অক্টোবৰত উদ্বোধন সম্পন্ন হোৱা অখিল ভাৰত মহিলা লোকযাত্ৰাৰ অসমৰ যাত্ৰী দলৰ নেত্ৰী হিচাপে ভৰালীয়ে বাৰ বছৰ ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ পদব্ৰজে ভ্ৰমণ কৰাৰ উপৰিও নেপাল আৰু সিংহললৈকে খোজ কাঢ়ি যাত্ৰা কৰিছিল।৫ ভৰালীয়ে স্বইচ্ছাৰে আজীৱন অবিবাহিতা হৈ ৰয় আৰু তেওঁ গুৱাহাটীত বাস কৰিছিল।১০১১১২ ২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে গুৱাহাটীৰ পূৱ-শৰণীয়াস্থিত নিজ বাসগৃহ হেম ভৰালীৰ দেহাৱসান ঘটে।১৩১৪ মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ শৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ হাস্পতালত দান দি থৈ গৈছিল।৫
বঁটা আৰু সন্মান
- কনকলতা বৰুৱা বঁটা, অসম চৰকাৰ (২০০৪)৫
- পদ্মশ্ৰী, ভাৰত চৰকাৰ (২০০৫)৪
- জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা, নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰমনি (২০০৬)১৫
- কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় সম্প্ৰীতি বঁটা (২০০৬)৫
- ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা, অসম চৰকাৰ (২০০৯)১৬
- ৰাষ্ট্ৰীয় কৃতী বঁটা, কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয় (২০১৪)৫
তথ্যসূত্ৰ
- ↑ (18 February 2011). PM's Speech on Presentation of Fakhruddin Ali Ahmed Memorial Award 2008 & 2009. Government of India
- ↑ (2015). Hema Bharali - Zoom Info profile. Zoom Info
- ↑ (18 December 2010). Hema Bharali to be felicitated at AICC session. Assam Tribune
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ চৌধুৰী, গৌতম. (3 May 2020). পদ্মশ্ৰী হেম ভৰালীঃ এক শ্ৰদ্ধাঞ্জলি. মণিকূট (অসমীয়া ই-আলোচনী)
- ↑ (30 April 2006). Kalam to present Communal Harmony awards. One India
- ↑ (6 June 2011). Hema Bharali - Assam News. Assam News
- ↑ (2010). Threads Woven Ideals, Principles and Administration. Allied Publishers
- ↑ (2015). Our History. Ask Guwahati
- ↑ (October 2010). Other nonagenarian Gandhians. Ashta Bharati
- ↑ (19 December 2013). Financial aid to ailing Gandhian Hema Bharali. Tarun Gogoi
- ↑ (2015). MS. HEMA BHARALI. Government of India
- ↑ (৩০ এপ্ৰিল ২০২০). বৰ্ষীয়ান গান্ধীবাদী, মুক্তিযোদ্ধা, পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান
- ↑ Freedom Fighter Hema Bharali Passes Away in Guwahati
- ↑ (1 May 2006). Award for Hema Bharali. The Hindu
- ↑ (2015). PM Confers Fakruddin Ali Ahmed Award to MJ Akbar, Hema Bharali. Radiance Weekly
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেম ভৰালী” প্ৰবন্ধৰ সংশোধন ৬৪০৩৩৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।